অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাৰ্বাৰ্ট ছাইমন

হাৰ্বাৰ্ট এলেকজেণ্ডাৰ ছাইমন (১৫ জুন ১৯১৬ - ৯ ফেব্ৰুৱাৰী ২০০১) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ৰাজনীতি বিজ্ঞানী আৰু মনোবিজ্ঞানী। তেওঁৰ গৱেষণা মূলতঃ সংগঠনৰ ভিতৰত নিৰ্ণয় গ্ৰহন কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,২৭৪ শব্দ · ৭ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

হাৰ্বাৰ্ট এলেকজেণ্ডাৰ ছাইমন (১৫ জুন ১৯১৬ - ৯ ফেব্ৰুৱাৰী ২০০১) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ৰাজনীতি বিজ্ঞানী আৰু মনোবিজ্ঞানী। তেওঁৰ গৱেষণা মূলতঃ সংগঠনৰ ভিতৰত নিৰ্ণয় গ্ৰহন কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে।১ "পৰিসীমিত তৰ্কসংগতি" (Bounded Rationality) আৰু "উপতুষ্টিকৰণ" (Satisficing) তেওঁৰ দ্বাৰা বিকশিত দুই অতিকৈ জনপ্ৰিয় তত্ত্ব। "অৰ্থনৈতিক সংগঠনৰ ভিতৰত নিৰ্ণয় গ্ৰহণৰ অধ্যয়নৰ বাবে" তেওঁক ১৯৭৮ত অৰ্থনীতিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছিল।২ ১৯৭৫ত তেওঁক কম্পিউটাৰ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান ৰূপে খ্যাত টিউৰিং বঁটাৰে সন্মানিত কৰা হৈছিল "কৃত্ৰিম বুদ্ধিমত্তা, মানৱ চিন্তাৰ মনোবিজ্ঞান আৰু তালিকা প্ৰক্ৰিয়াজাতকৰণ (List Processing)"ৰ অধ্যয়নলৈ অৱদানৰ বাবে।৩

ছাইমনৰ গৱেষণাই কেইবাটাও বিষয় সামৰি লৈছিল, বিশেষকৈ, মানসিক প্ৰক্ৰিয়াৰ অধ্যয়ন, কম্পিউটাৰ বিজ্ঞান, ৰাজহুৱা প্ৰশাসন, ৰাজনীতি বিজ্ঞান আদি।৪ ১৯৪৯ৰ পৰা ২০০১লৈ তেওঁ কাৰ্ণেগি মেলন বিশ্ববিদ্যালয়ত অতিবাহিত কৰিছিল৫ প্ৰশাসন (Administration) বিষয়ৰ অধ্যাপক হিচাপে আৰু কাৰ্ণেগি প্ৰযুক্তি প্ৰতিষ্ঠানত ঔদ্যোগিক পৰিচালনৰ (Industrial Management) অধ্যক্ষ হিচাপে। পাছলৈ, এই বিশ্ববিদ্যালয়তেই তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু মনোবিজ্ঞানো পঢ়াবলৈ লয়।

উল্লেখনীয়ভাৱে, ছাইমনে কেইবাটাও আধুনিক প্ৰযুক্তিৰ বিকাশত অগ্ৰণী ভূমিকা পালন কৰিছিল, যেনে কৃত্ৰিম বুদ্ধিমত্তা, তথ্য প্ৰক্ৰিয়াজাতকৰণ, নিৰ্ণয় গ্ৰহণ, সমস্যা সমাধান, সংগঠন তত্ত্ব আৰু জটিল ব্যৱস্থা। পাৱাৰ ল বিতৰণৰ বিশ্লেষণতো ছাইমনৰ বিশেষ অৱদান আছে।৬৭

জীৱন আৰু শিক্ষা

ছাইমনৰ জন্ম ১৯১৬ চনৰ ১৫ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱিস্কন্সিন ৰাজ্যৰ মিলৱাউকিত হৈছিল। ছাইমনৰ দেউতাক আৰ্থাৰ ছাইমন আছিল এগৰাকী ইহুদী৮ অভিযন্তা৯ আৰু উদ্ভাৱক।১০ ছাইমনৰ মাতৃ এডনা মাৰ্কেল আছিল এগৰাকী নামী পিয়ান'বাদক। ছাইমনৰ পিতৃ জাৰ্মানীৰ আৰু মাতৃ প্ৰাগৰ আছিল।

মিলৱাউকী পাব্লিক স্কুলত অধ্যয়ন কৰি থাকোতেই ছাইমন বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হ'ল। বিধ্যালয়ত পঢ়ি থাকোতেই তেওঁ নিজকে নাস্তিক ঘোষণা কৰিলে আৰু "মিলৱাউকী জাৰ্ণাল"লৈ চিঠি লিখি নাস্তিকসকলৰ ৰাজহুৱা অধিকাৰৰ বিষয়ে যুক্তি দাঙি ধৰিলে।১১

সৰুৰে পৰাই ছাইমনক এই শিক্ষা দিয়া হ'ল যে মানুহৰ ব্যৱহাৰ আৰু চিন্তাকো বৈজ্ঞানিক দৃষ্টিৰে অধ্যয়ন কৰিব পৰা যায়। তেওঁৰ মোমায়েক হেৰল্ড মাৰ্কেল আছিল ৱিস্কন্সিন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ- হেৰল্ডৰ অৰ্থনীতি আৰু মনোবিজ্ঞান বিষয়ক পাঠ্যপুথি পঢ়িয়েই ছাইমনৰ প্ৰথম পৰিচয় হ'ল সমাজ বিজ্ঞানৰ জগতৰ সৈতে। নৰমান এংগেলৰ গ্ৰন্থ "দ্য গ্ৰে'ট ইলিউজন" আৰু হেনৰী জৰ্জৰ গ্ৰন্থ "প্ৰগ্ৰেছ এণ্ড পভাৰ্টি"য়ে তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। উচ্চ-মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ জৰ্জৰ "এক কৰ" (Single Tax) ধাৰণাৰ হৈ তৰ্ক প্ৰতিযোগিতাত মাত মাতিছিল।১২

১৯৩৩ত ছাইমন চিকাগো বিশ্ববিদ্যালয়ত পঢ়িবলৈ গ'ল, সমাজ বিজ্ঞান আৰু গণিতৰ ছাত্ৰ হিচাপে। তেওঁ লগতে জীৱবিজ্ঞান পঢ়াৰ কথাও ভাবিছিল, পিচে তেওঁ চকুৰে ভিন্ন ৰঙৰ মাজত পাৰ্থক্য নুবুজিছিল (colour blindness) আৰু লেবৰেটৰীত কাম কৰাও ভাল নাপাইছিল বাবে সেই চিন্তা ত্যাগ কৰিছিল।১৩ Colour Blindnessৰ বাবেই ছাইমনে সৰুৰে পৰাই বুজি উঠিছিল যে বাহ্যিক জগৎ আৰু মানুহৰ মস্তিষ্কৰ ভিতৰৰ জগৎ পৃথক হ'ব পাৰে। মহাবিদ্যালয়ত অধ্যয়ন কৰোঁতে ছাইমনে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিত গুৰুত্ব দিছিল। ইকনমেত্ৰিচিয়ান আৰু অৰ্থনীতিবিদ হেনৰী শ্বাল্টজ আছিল ছাইমনৰ বাবে এক অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষক আৰু প্ৰভাৱ।১৪ ছাইমনে নিজৰ বি এ (১৯৩৬) আৰু পি এইচ ডি (১৯৪৩) দুয়োৱেই ৰাজনীতি বিজ্ঞানত কৰিছিল। "পৌৰসভাৰ আকাৰ নিৰ্ণয়" (Measuring Municipal Governments)ৰ বিষয়ে অধ্যয়ন কৰিবলৈ লৈ তেওঁ ক্লেৰেন্স ৰিডলে'ৰ ৰিচাৰ্চ এচিষ্টেণ্ট হৈ পৰিল। দুয়োৱে একেলগে "Measuring Municipal Activities: A Survey of Suggested Criteria for Appraising Administration" লিখি উলিয়ালে ১৯৩৮ত।১৫ এনে অধ্যয়নে ছাইমনক সাংগঠনিক নিৰ্ণয় গ্ৰহণৰ অধ্যয়নৰ দিশলৈ লৈ গ'ল, যি তেওঁৰ পি এইচ ডিৰ বিষয়ো হ'ল আৰু যাৰ বাবে পাছলৈ তেওঁ অৰ্থনীতিৰ নোবেল বঁটাৰে সন্মানিত হ'ল।

প্ৰকাশন

হাৰ্বাৰ্ট ছাইমনে ২৭খন গ্ৰন্থ আৰু প্ৰায় ১০০০ গৱেষণা পত্ৰা প্ৰকাশ কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তা আৰু মনোবিজ্ঞান বিষয়ত ছাইমন ২০১৯লৈকে সৰ্বাধিক উদ্ধৃত গৱেষক, গুগল স্কলাৰত১৬ প্ৰায় ১০০০ অতিকৈ উদ্ধৃত প্ৰকাশনেৰে, তেওঁ আছিল বিংশ শতিকাৰ সৰ্বাধিক জনপ্ৰিয় সমাজ বিজ্ঞানীৰ অন্যতম।

গ্ৰন্থ

  • 1947. Administrative Behavior: A Study of Decision-Making Processes in Administrative Organization.

– 4th ed. in 1997, The Free Press

  • 1957. Models of Man. John Wiley. Presents mathematical models of human behaviour.
  • 1958 (with James G. March and the collaboration of Harold Guetzkow). Organizations. New York: Wiley. the foundation of modern organization theory
  • 1969. The Sciences of the Artificial. MIT Press, Cambridge, Mass, 1st edition. Made the idea easy to grasp: "objects (real or symbolic) in the environment of the decision-maker influence choice as much as the intrinsic information-processing capabilities of the decision-maker"; Explained "the principles of modeling complex systems, particularly the human information-processing system that we call the mind."

- 2nd ed. in 1981, MIT Press. As stated in the Preface, the second edition provided the author an opportunity "to amend and expand [his] thesis and to apply it to several additional fields" beyond organization theory, economics, management science, and psychology that were covered in the previous edition. - 3rd ed. in 1996, MIT Press.

  • 1972 (with Allen Newell). Human Problem Solving. Prentice Hall, Englewood Cliffs, NJ, (1972). "the most important book on the scientific study of human thinking in the 20th century"
  • 1977. Models of Discovery: and other topics in the methods of science. Dordrecht, Holland: Reidel.
  • 1979. Models of Thought, Vols. 1 and 2. Yale University Press. His papers on human information-processing and problem-solving.
  • 1982. Models of Bounded Rationality, Vols. 1 and 2. MIT Press. His papers on economics.

- Vol. 3. in 1997, MIT Press. His papers on economics since the publication of Vols. 1 and 2 in 1982. The papers grouped under the category "The Structure of Complex Systems"– dealing with issues such as causal ordering, decomposability, aggregation of variables, model abstraction– are of general interest in systems modelling, not just in economics.

  • 1983. Reason in Human Affairs, Stanford University Press. A readable 115pp. book on human decision-making and information processing, based on lectures he gave at Stanford in 1982. A popular presentation of his technical work.
  • 1987 (with P. Langley, G. Bradshaw, and J. Zytkow). Scientific Discovery: computational explorations of the creative processes. MIT Press.
  • 1991. Models of My Life. Basic Books, Sloan Foundation Series. His autobiography.
  • 1997. An Empirically Based Microeconomics. Cambridge University Press. A compact and readable summary of his criticisms of conventional "axiomatic" microeconomics, based on a lecture series.
  • 2008 (posthumously). Economics, Bounded Rationality and the Cognitive Revolution. Edward Elgar Publishing, . reprint some of his papers not widely read by economists.

প্ৰবন্ধ

– Reprinted in 1982, In: H.A. Simon, Models of Bounded Rationality, Volume 1, Economic Analysis and Public Policy, Cambridge, Mass., MIT Press, 235–44.

তথ্য সংগ্ৰহ

উৎস

  • Barnard, C.I. (1938). The Functions of the Executive. Harvard University Press
  • Lasswell, H.D. (1935). World Politics and Personal Insecurity. Whittlesey House
  • Simon, Herbert. (1976). Administrative Behavior. The Free Press
  • Simon, Herbert. (1991). Models of My Life. Basic Books
  • Simon, Herbert A. 'Organizations and markets', Journal of Economic Perspectives, vol. 5, no. 2 (1991), pp. 25–44.
  • Augier, Mie; March, James. (2001). Remembering Herbert A. Simon (1916-2001). Public Administration Review. পৃ. 396–402

তথ্যসূত্ৰ

  1. ↑ (20 March 2009). Guru: Herbert Simon. The Economist
  2. ↑ The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 1978. NobelPrize.org
  3. ↑ Heyck, Hunter. Herbert A. Simon - A.M. Turing Award Laureate. amturing.acm.org
  4. ↑ Edward Feigenbaum. (2001). Herbert A. Simon, 1916-2001. Science. পৃ. 2107
  5. ↑ Simon, Herbert A. (1978). Nobel Lectures, Economics 1969–1980. World Scientific Publishing Co.
  6. ↑ Simon, H. A., 1955, Biometrika 42, 425
  7. ↑ B. Mandelbrot, "A Note on a Class of Skew Distribution Functions, Analysis and Critique of a Paper by H. Simon", Information and Control, 2 (1959), p. 90
  8. ↑ Herbert A. Simon: The Bounds of Reason in Modern America by Hunter Crowther-Heyck, (JHU 2005), page 25
  9. ↑ Simon 1991, p.3, 23
  10. ↑ Simon 1991 p. 20
  11. ↑ Hunter Crowther-Heyck. (2005). Herbert A. Simon: The Bounds of Reason in Modern America. JHU Press. পৃ. 22. ISBN 9780801880254
  12. ↑ Velupillai, Kumaraswamy. Computable Economics: The Arne Ryde Memorial Lectures. New York: Oxford University Press, 2000
  13. ↑ Simon 1991 p. 39
  14. ↑ Herbert Simon, "Autobiography", in Nobel Lectures, Economics 1969–1980, Editor Assar Lindbeck, World Scientific Publishing Co., Singapore, 1992
  15. ↑ Simon 1991 p. 64
  16. ↑ আৰ্কাইভ কপি
  17. ↑ Newell, A.; Shaw, J. C.; Simon, H. A. (1958). Elements of a Theory of Human Problem Solving. Psychological Review. পৃ. 151–166

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতিবিদমনোবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্বাৰ্ট ছাইমন” প্ৰবন্ধৰ সংশোধন ৬৩১১৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।