স্বৰণ লতা (উৰ্দু: سوَرن لتا, হিন্দী: स्वर्न लता, ইংৰাজী: Swaran Lata) ২০ ডিচেম্বৰ ১৯২৪ – ৮ ফেব্ৰুৱাৰী ২০০৮) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ প্ৰথমে ব্ৰিটিছ ভাৰতৰ চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে আৰু পিছলৈ পাকিস্তানলৈ গুচি যায়। ছবিৰ পৰ্দাত আৱেগিক, কৰুণ ভূমিকা আৰু মন চুই যোৱা সংলাপ প্ৰদানৰ ক্ষেত্ৰত তেওঁৰ অভিনয়ৰ বাবে তেওঁক “দ্য ট্ৰেজেডী কুইন” নামেৰে জনা গৈছিল।১ বলীউড আৰু পাকিস্তানী চিনেমা দুয়োটা উদ্যোগতে তেওঁ কাম কৰিছিল।১২
প্ৰাৰম্ভিক জীৱন
১৯২৪ চনৰ ২০ ডিচেম্বৰত ব্ৰিটিছ ৰাজৰ ৰাৱালপিণ্ডিৰ (বৰ্তমান পাকিস্তান) এক শিখ পৰিয়ালত স্বৰণ লতাৰ জন্ম হৈছিল।১৩ দিল্লীৰ পৰা ছিনিয়ৰ কেম্ব্ৰিজ ডিপ্লমা লাভ কৰি তাৰ পিছত লক্ষ্ণৌৰ একাডেমী অৱ মিউজিক এণ্ড আৰ্টছত যোগদান কৰে। ১৯৪০ চনৰ আৰম্ভণিতে তেওঁৰ পৰিয়াল বম্বেলৈ গুচি যায়। ১৯৪২ চনৰ পৰা ১৯৪৮ চনলৈকে ব্ৰিটিছ ভাৰতত মুঠ ২২খন চিনেমাত তেওঁ অভিনয় কৰিছিল।৪
পিছলৈ স্বৰণ লতাই সেই সময়ৰ বিখ্যাত অভিনেতা, পৰিচালক আৰু প্ৰযোজক নাজিৰ আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে। তেওঁৰ নাম সলনি কৰি ছৈয়দা বানো নাম গ্ৰহণ কৰে।১ স্বৰণ-নাজিৰ যুটিটো আছিল অতি সৃষ্টিশীল দম্পতী, ১৯৪৭ চনত ভাৰত বিভাজনৰ পূৰ্বে আৰু পিছত তেওঁলোকে একেলগে বহুতো ছবিত অভিনয় কৰিছিল।১
কৰ্মজীৱন
স্বৰণ লতাই মঞ্চ অভিনেত্ৰী হিচাপে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ১৯৪২ চনত মুক্তি পোৱা তেওঁৰ প্ৰথম ছবি আৱাজ। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত স্বৰণ আৰু নাজিৰে পাকিস্তানলৈ প্ৰব্ৰজন কৰে। বম্বেত থকা সকলোখিনি এৰি তেওঁলোক পাকিস্তানৰ পঞ্জাবৰ লাহোৰলৈ স্থানান্তৰিত হয়। তাৰ পিছত তেওঁলোকে শূন্যৰ পৰা কৰ্মজীৱন আৰম্ভ কৰিবলগীয়া হৈছিল আৰু ইয়াক পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ অন্যতম আৰম্ভণিৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা হৈছিল।১ পঞ্জাবৰ লোককথাৰ আধাৰত নিৰ্মিত ১৯৫৫ চনত মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ হীৰতো তেওঁ অভিনয় কৰিছিল৷৫
ব্যক্তিগত জীৱন
অভিনেতা নাজিৰ আহমেদ খানৰ সৈতে স্বৰণ লতা বিবাহপাশত আবদ্ধ হৈ তিনিগৰাকী কন্যা আৰু এজন পুত্ৰকে ধৰি চাৰিজন সন্তান জন্ম দিয়ে।২১
মৃত্যু
২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত পাকিস্তানৰ লাহোৰত ৮৩ বছৰ বয়সত স্বৰণ লতাৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ (18 September 2010). Profile of Swaran Lata. Cineplot.com website
- ↑ Swaran Lata's profile. Urduwire.com website
- ↑ Swaran Lata's Profile Retrieved 25 April 2022
- ↑ Swaran Lata's filmography
- ↑ Arif Jamshaid. The epic of Heer Ranjha, research paper on epic poem written by Waris Shah in 1766. Academy of the Punjab in North America (APNA) website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰণ লতা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৪৮৭৩১০ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।