অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাৰুকি মুৰাকামি

হাৰুকি মুৰাকামি (Haruki Murakami) এগৰাকী প্ৰখ্যাত জাপানী লেখক তথা সমসাময়িক লেখক।

হালনাগাদ: ২৫ জুন ২০২৩ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হাৰুকি মুৰাকামি (Haruki Murakami) এগৰাকী প্ৰখ্যাত জাপানী লেখক তথা সমসাময়িক লেখক।

জন্ম আৰু পৰিচয়

১৯৪৯ চনৰ ১২ জানুৱাৰীত জাপানৰ কিয়’ট’ত জন্মগ্ৰহণ কৰা মুৰাকামিৰ ৰচনাসমূহে যাদুকৰী বাস্তৱবাদ, অতিবাস্তৱবাদ আৰু দৈনন্দিন জীৱনৰ উপাদানসমূহৰ অনন্য মিশ্ৰণ ঘটাইছে।১ হাৰুকি মুৰাকামিৰ ৰচনাসমূহৰ বৈশিষ্ট্য হৈছে সপোনসদৃশ আখ্যান, য’ত সাধাৰণ চৰিত্ৰবোৰক অসাধাৰণ পৰিস্থিতিলৈ ঠেলি দিয়া হয়। মুৰাকামিয়ে প্ৰায়ে জাপানী সংস্কৃতিৰ লগত পশ্চিমীয়া সাহিত্য, সংগীত আৰু জনপ্ৰিয় সংস্কৃতিৰ উপাদানসমূহ নিখুঁতভাৱে গাঁথি তেওঁৰ গল্পসমূহত এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে।২

বঁটা -সন্মান

লেখক হিচাপে তেওঁ বহুকেইটা আন্তৰ্জাতিক সন্মান আৰু পুৰস্কাৰ লাভ কৰিছে। তাৰে কেইটামান হৈছে

  1. Gunzo Prize for New Writers,
  2. World Fantasy Award,
  3. Frank O'Connor International Short Story Award,
  4. Franz Kafka Prize
  5. Jerusalem Prize ইত্যাদি।

হাৰুকি মুৰাকামিৰ ৰচনাসমূহ বহু ভাষালৈ অনূদিত হৈছে আৰু বিশ্বজুৰি লাখ লাখ কপি বিক্ৰী হৈছে। উপন্যাসৰ বাহিৰে মুৰাকামিৰ চুটিগল্প আৰু প্ৰবন্ধৰ সংকলন প্ৰকাশ পাইছে। তেওঁৰ স্মৃতি ৰোমন্থনমূলক গ্ৰন্থ হৈছে— ‘হোৱাট আই টক এবাউট হোৱেন আই টক এবাউট ৰানিং’।৩

সাহিত্য কৃতি

তেওঁৰ কেইখনমান প্ৰখ্যাত গ্ৰন্থ হৈছে

  • Norwegian Wood (1987)
  • The Elephant Vanishes (1993),

The Wind-Up Bird Chronicle (1994- 95),

  • Underground (1997),
  • Kafka on the Shore (2002)
  • First Person Singular (2020)
  • 1Q84,
  • কলাৰলেছ চুকুৰু তাজাকি এণ্ড হিজ ইয়াৰ্ছ অৱ পিলগ্ৰিমেজ৪

তথ্যসূত্ৰ

  1. ↑ প্ৰকল্প ৰঞ্জন ভাগৱতী. (13 June, 2023). অনুবাদ গল্প. নীলা চৰাই
  2. ↑ প্ৰকল্প ৰঞ্জন ভাগৱতী. (13 June, 2023). অনুবাদ গল্প. নীলা চৰাই
  3. ↑ প্ৰকল্প ৰঞ্জন ভাগৱতী. (13 June, 2023). অনুবাদ গল্প. নীলা চৰাই
  4. ↑ প্ৰকল্প ৰঞ্জন ভাগৱতী. (13 June, 2023). অনুবাদ গল্প. নীলা চৰাই

সম্পৰ্কিত শ্ৰেণী

জাপানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰুকি মুৰাকামি” প্ৰবন্ধৰ সংশোধন ৩৬৯৮৭৫ (২৫ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।