অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (Citizenship (Amendment) Act, 2019; চমুকৈ কা (CAA), পূৰ্বতে কেব (CAB) ) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২,৬০৪ শব্দ · ১৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (Citizenship (Amendment) Act, 2019; চমুকৈ কা (CAA), পূৰ্বতে কেব (CAB) ) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন। এই আইনখন নাগৰিকত্ব আইন, ১৯৫৫-ৰ সংশোধিত ৰূপ আৰু ইয়াৰ দ্বাৰা ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব।১২ ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই।৩৪ এই আইনখনত প্ৰথমবাৰৰ বাবে ধৰ্মক ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত এক প্ৰমুখ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে।৫

হিন্দুবাদী শাসক দল ভাৰতীয় জনতা পাৰ্টী (বিজেপি)-এ নিৰ্বাচনী ইস্তাহাৰত সংকল্প কৰিছিল যে ই ভাৰতৰ চুবুৰীয়া দেশৰ নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব।৬৭ ২০১৯ চনৰ সংশোধৰ দ্বাৰা, ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীসকল, যিসকলে তেওঁলোকৰ নিজৰ দেশত "ধৰ্মীয় নিৰ্যাতন ভোগ কৰিছে বা ধৰ্মীয় নিৰ্যাতন ভোগ কৰাৰ ভয় আছে", ভাৰতীয় নাগৰিকত্বৰ বাবে যোগ্যতা লাভ কৰিব।১ তদুপৰি এই আইনখনে ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যূনতম সময় ১১ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰিছে।৮ ভাৰতৰ ইণ্টেলিজেন্স ব্যুৰৰ তথ্য অনুসৰি, এই বিলখনৰ প্ৰথমতেই সুবিধা লাভ কৰিব ৩১,৩১৩ জন শৰণাৰ্থীয়ে: ইয়াৰে ২৫,৪৪৭ জন হিন্দু, ৫,৮০৭ শিখ, ৫৫ জন খ্ৰীষ্টান, ২ জন বৌদ্ধ আৰু ২ জন পাৰ্চী ধৰ্মৰ লোক।৯

এই আইনখন বিপুলভাৱে সমালোচনাৰ সন্মুখীন হৈছে, আৰু কোৱা হৈছে যে আইনখনে প্ৰধানতঃ ইছলাম ধৰ্মৰ লোকসকলক বাদ দি ধৰ্মৰ নামত বৈষম্য কৰিছে।৩৪ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আইনখন "মৌলিকভাবে বৈষম্যমূলক" বুলিছে আৰু কৈছে যে "ভাৰতে নিৰ্যাতিত লোকসকলক সুৰক্ষা দিব বিচৰা প্ৰচেষ্টাটো আদৰণীয়", পিছে ইয়াক কোনো ধৰণৰ বৈষম্য নকৰাকৈ "বলিষ্ঠ ৰাষ্ট্ৰীয় ৰাজনৈতিক আশ্ৰয় ব্যৱস্থা"ৰ দ্বাৰা ৰূপায়ণ কৰা উচিত।১০ সমালোচকসকলে কৈছে যে এই আইনখন আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী দুয়োটা মিলি বহুতো ইছলাম ধৰ্মীয় লোকক ৰাষ্ট্ৰবিহীন কৰি পেলাব কিয়নো তেওঁলোকে সম্ভৱতঃ জন্ম আৰু পৰিচয়ৰ বাবে প্ৰয়োজনীয় কঠোৰ প্ৰমাণ জমা দিব নোৱাৰিব।১১১২ তিব্বত স্বায়ত্তশাসিত অঞ্চল, শ্ৰীলংকা আৰু ম্যানমাৰত ধৰ্মীয় নিৰ্যাতন ভোগলোকসকলক এই আইনখনত অন্তৰ্ভুক্ত নকৰাক লৈয়ো সমালোচকসকলে প্ৰশ্ন তুলিছে।১১১৩ ভাৰত চৰকাৰৰ অনুসৰি যিহেতু পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ গৰিষ্ঠসংখ্যক লোক ইছলাম ধৰ্মী, সেয়ে সেইবোৰ দেশত ইছলাম ধৰ্মীয় লোকসকলে "ধৰ্মীয় নিৰ্যাতন ভোগাৰ সম্ভাৱনা কম"।৭১৪ কিন্তু, তথ্য অনুসৰি কেতবোৰ ইছলাম ধৰ্মীয় গোট, যেনে হাজাৰা আৰু আহমদিসকলে সেইবোৰ দেশত ধৰ্মীয় নিৰ্যাতন ভোগ কৰিছে।১৫১৬১৭

এই আইনখন গৃহীত হোৱাৰ ফলত ভাৰতত দেশজুৰি বহৎ সংখ্যক প্ৰতিবাদ সাব্যস্ত হৈছে।১৮ আইনত পৰিণত হোৱাৰ পূৰ্বেই অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ কেউখন ৰাজ্যতে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছতো উত্তৰ-পূব ভাৰতৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ প্ৰতিবাদকাৰীসকলৰ অনুসৰি বিদেশী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিলে স্থানীয় খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ "ৰাজনৈতিক অধিকাৰ, সংস্কৃতি আৰু ভূমিৰ অধিকাৰ" হেৰুৱাই পেলোৱাৰ লগতে বাংলাদেশৰ পৰা অধিক অবৈধ অনুপ্ৰৱেশক উদগণি যোগাব।১৯২০২১ ভাৰতৰ আনৰ প্ৰান্তত প্ৰতিবাদৰ মূল কাৰণ ইছলাম ধৰ্মী শৰণাৰ্থীসকলৰ বিৰুদ্ধে কৰা বৈষম্যতা।২২ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰসকলৰ প্ৰতিবাদক আৰক্ষীয়ে নিৰ্মম আৰু বলপূৰ্বকভাবে দমন কৰাৰ অভিযোগো উঠিছে।২৩ এনে প্ৰতিবাদসমূহৰ ফলত কেইবাজন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰতিবাদকাৰী আৰু আৰক্ষী আহত হৈছে, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষয়-ক্ষতি হৈছে, হেজাৰজন মানুহক আটক কৰা হৈছে, আৰু লগতে বহুতো অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।২৪২৫ ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে জনাইছে যে তেওঁলোকে নিজৰ ৰাজ্যত এই আইনখন বলৱৎ নকৰে। পিছে ভাৰতৰ গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে ৰাজ্যসমূহৰ এই আইনখন ৰোধ কৰাৰ ন্যায়িক অধিকাৰ নাই।২৬ ১০ জানুৱাৰী ২০২০-ৰ পৰা এই আইনখন কাৰ্যকৰী হয়।২৭২৮

মূল কথা

ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ অনুসৰি ভাৰতীয় নাগৰিকত্ব বিচাৰ কৰা হয়। এজন ব্যক্তিয়ে জন্মসূত্ৰে বা পিতৃ-মাতৃ ভাৰতীয় হ'লে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিয়া নহয়। অবৈধ অনুপ্ৰৱেশকাৰী হ'ল সেইসকল যিয়ে বৈধ নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছে বা নথিপত্ৰত থকা সময় উকলি যোৱাৰ পিছতো ভাৰতত আছে।২৯

অবৈধ অনুপ্ৰৱেশকাৰীক বিদেশী আইন, ১৯৪৬ আৰু পাছপৰ্ট আইন, ১৯২০-ৰ জৰিয়তে ভাৰতৰ পৰা বাহিৰ কৰি পঠোৱা হয়। এই দুখন আইনে বিদেশীৰ ভাৰতত প্ৰৱেশ, বসতি আৰু প্ৰস্থান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰক ক্ষমতা প্ৰদান কৰে। কিন্তু উক্ত সংশোধনী বিধেয়কে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব।৩০ মানে তেওঁলোকৰ ক্ষেত্ৰত উপৰোক্ত আইন দুখন প্ৰযোজ্য নহব।৩১ ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই।৩০

তদুপৰি এই বিধেয়ক অনুসৰি ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যূনতম সময় ১১ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰিছে।

২০১৯ত এই আইনখন গৃহীত হোৱাৰ সময়ত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ লগতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থকা ৰাজ্যসমূহ এই আইনৰ আওঁতাৰ পৰা আতৰত ৰখা হয়।৩২

প্ৰেক্ষাপট

ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তেই চুবুৰীয়া ৰাষ্ট্ৰত নিৰ্যাতিত হিন্দুসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণাক বাস্তৱত পৰিণত কৰিবলৈ বিধেয়কখন ২০১৬ চনৰ ১৯ জুলাইত লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন কৰা হয়।৩০ তাৰ পিছত সেই বছৰৰে ১১ আগষ্টত যুটীয়া সংসদীয় সমিতি গঠন কৰি বিধেয়কখনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হয়। কমিটিয়ে ২০১৯ চনৰ ৭ জানুৱাৰীত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল। ৮ জানুৱাৰী ২০১৯-ত বিধেয়কখন লোকসভাত গৃহীত হৈছিল যদিও ৰাজ্যসভাত ইয়াৰ ওপৰত আলোচনা হোৱা নাছিল। ১৬তম লোকসভা ভংগ হোৱাৰ লগে লগেই বিধেয়কখনো কালাতীত হৈছিল।৩৩ সপ্তদশ লোকসভাৰ গঠনৰ পাছত ২০১৯ চনৰ ৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰায় আনিছিল। ১০ ডিচেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হয় ৩১১-৮০ৰ ভোটেৰে।৩৪৩৫ ২০১৯ চনৰ ১১ ডিচেম্বৰত বিধেয়কখন ৰাজ্যসভাতো গৃহীত হয়, ১২৫-১০৫ ভোটেৰে।৩৬ ডিচেম্বৰৰ ১২ তাৰিখে ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ হস্তাক্ষৰৰ পাছত বিধেয়কখন আইনত পৰিণত হয়।

যুটীয়া সংসদীয় সমিতি

ৰাজেন্দ্ৰ আগৰৱালে সভাপতিত্ব কৰা সমিতিখনত মুঠতে ৩০ জন সদস্য আছিল। তাৰে লোকসভাৰ সদস্য আছিল ২০ জন আৰু ৰাজ্যসভাৰ ১০ জন।৩৭ সভাপতিৰ বাহিৰেও ১৪ জন সদস্য বিজেপিৰ পৰা আছিল। বাকীসকল সদস্যৰ ভিতৰত কংগ্ৰেছৰ ৪ জন, টিএমচি আৰু বিজেডিৰ ২ জনকৈ আৰু শিৱসেনা, টি.আৰ.এচ, টি.ডি.পি, এ.আই.এ.ডি.এম.কে, এচ.পি আৰু বি.এচ.পিৰ এজনকৈ সদস্য আছিল।৩৮ সমিতিৰ ১৬ জনকৈ সদস্যৰ এটা দলে ২০১৮ চনৰ ৭ মে'ৰ পৰা ১০ মে'লৈ অসম আৰু মেঘালয় ভ্ৰমণ কৰে। লগতে ৭ মে'ৰ দিনা খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰি বিভিন্ন দল-সংগঠনৰ মতামত গ্ৰহণ কৰে।৩৯

যুটীয়া সংসদীয় সমিতিয়ে ৭ জানুৱাৰী ২০১৭ত বিধেয়কখন অনুমোদন জনাই লোকসভাত প্ৰতিবেদন দাখিল কৰে।৪০

প্ৰথম উত্থাপন, জানুৱাৰী ২০১৯

লোকসভাত গৃহীত (জানুৱাৰী ২০১৯) ৮ জানুৱাৰী ২০১৯ৰ দুপৰীয়া ২:১০ বজাত সেইসময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন লোকসভাত উত্থাপন কৰে।৪১ ইয়াৰ পিছত শাসক আৰু বিৰোধীৰ মাজত তুমুল তৰ্ক-বিতৰ্ক হয়। তাৰ পিছতেই বিৰোধী দলৰ সাংসদসকলে সদন ত্যাগ কৰাৰ সুযোগতেই শাসক দল বিজেপি আৰু মিত্ৰদলসমূহৰ সমৰ্থনত বিধেয়কখন গৃহীত হয়।৪২

ৰাজ্যসভা (জানুৱাৰী ২০১৯) ২০১৯ চনৰ ১১ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰাজ্যসভাত উপস্থাপন কৰাৰ পৰিকল্পনা কৰা হয়৪৩ আৰু সেই সময়তেই সমগ্ৰ উত্তৰ পুবত প্ৰতিবাদৰ জোঁৱাৰ উঠে। ইম্ফলত ১২ ফেব্ৰুৱাৰীত পৰৱৰ্তী আদেশ নোপোৱালৈ ১৪৪ ধাৰা লগোৱা হয়। মিজোৰামত 'ক'লা দিৱস' পালন কৰি বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয়। ১০ ফেব্ৰুৱাৰীৰ দিনা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিধেয়কখন গৃহীত হ'লে তেওঁৰ দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব বুলি ভাবুকি দিয়ে।৪৪ ১১ ফেব্ৰুৱাৰীৰ দিনাখন উত্তৰ পূবৰ গোটেইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী ৰাজনাথ সিং বিধেয়কখনৰ প্ৰসংগত আলোচনাত মিলিত হোৱাৰ কথা আছিল যদিও সেই সভাখন বাতিল কৰা হয়।

কিন্তু চৰকাৰে বিধেয়কখন ৰাজ্যসভাত উপস্থাপন নকৰিলে আৰু ১৩ ফেব্ৰুৱাৰীৰ দিনা ৰাজ্যসভাৰ অধিৱেশনৰ সমাপ্তি ঘোষণা কৰা হয়। যাৰ ফলত বিধেয়কখন আইনত পৰিৱৰ্ত্তিত হোৱাৰ আশা সাময়িকভাৱে স্থগিত হৈ পৰে।৪৫

দ্বিতীয় উত্থাপন, ডিচেম্বৰ ২০১৯

লোকসভাত গৃহীত (ডিচেম্বৰ ২০১৯) সপ্তদশ লোকসভাৰ গঠনৰ পাছত ২০১৯ চনৰ ৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিছিল। ১০ ডিচেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হয় ৩১১-৮০ৰ ভোটেৰে।

ৰাজ্যসভাত গৃহীত (ডিচেম্বৰ ২০১৯) ডিচেম্বৰৰ ১১ তাৰিখে বিধেয়কখন ৰাজ্যসভাতো গৃহীত হয়। ১২৫ ভোট সপক্ষে আৰু ১০৫ ভোট বিপক্ষে পৰিল। ভাৰতীয় জনতা পাৰ্টী আৰু জে ডি (ইউ), এ অই এ ডি এম কে, বিজু জনতা দল, টি ডি পি আদিৰ দৰে মিত্ৰদলে এই বিধেয়কৰ পক্ষত ভোটদান কৰিছিলে।৪৬

আইনত পৰিণত

২০১৯ চনৰ ডিচেম্বৰৰ ১২ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ হস্তাক্ষৰৰ পাছতেই বিধেয়কখন আইনত পৰিণত হয়। আইনখন বলৱৎ হ'ব চৰকাৰে ধাৰ্য্য কৰা তিথিৰপৰা।৪৭ আইনখনৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ৬০খন আবেদন দাখিল কৰা হৈছিল। প্ৰথম শুনানিত উচ্চতম ন্যায়ালয়ে আইনখনৰ সন্দৰ্ভত স্থগিতাদেশ দিয়াত অমান্তি হ'ল আৰু ২২ জানুৱাৰী ২০২০ পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য্য কৰিলে।

প্ৰতিক্ৰিয়া

বিধেয়কখন লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন হোৱাৰ পৰাই বিতৰ্ক অব্যাহত আছে। আইনখন গৃহীত হোৱাৰ পাছৰে পৰা ইয়াৰ বিপক্ষে বিভিন্ন ধৰণৰ প্ৰতিবাদ আৰু সমালোচনা সৰৱ হৈ উঠিছে। আইনখন বিৰোধিতা কৰাৰ কাৰণ অঞ্চলভেদে ভিন্ন। অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰতিবাদকাৰীসকলৰ যিকোনো ধৰ্মৰে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ অনুসৰি নাগৰিকত্ব দিব বিচৰা যিকোনো আইনেই "নাগৰিকত্বৰ সম্ভাৱনাত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশক আৰু অধিক উৎসাহিত কৰিব। "১৯ প্ৰতিবাদকাৰীসকলে কৈছে যে দশকযোৰা অনুপ্ৰৱেশকাৰীৰ ফলত ইতিমধ্যেই থলুৱা লোকসকলে "ৰাজনৈতিক অধিকাৰ আৰু সংস্কৃতি হেৰুৱাইছে" আৰু লগতে ভূমিৰ অধিকাৰো হেৰুৱাইছে। ইয়াৰোপৰি তেওঁলোকৰ অনুসৰি আইনখনে অসম চুক্তিৰ উলংঘা কৰিছে। ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো অনুপ্ৰৱেশকাৰী অবৈধ হিচাপে পৰিগণিত হব। কিন্তু সংশোধনী বিধেয়কখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা অমুছলমানসকলক নাগৰিকত্ব দিব। যিটো অসম চুক্তিৰ পৰিপন্থী হ'ব।১৯২০ আইনখন গৃহীত হোৱাৰ পাছত অসমক ইয়াৰ আওঁতাৰ বাহিৰত ৰাখিব বাবে আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰা হৈছে।৪৮৪৯

অন্যহাতে ভাৰতৰ আন প্ৰান্তত হোৱা বিতৰ্ক প্ৰধান কাৰণ হৈছে আইনখনৰ দ্বাৰা ভাৰতৰ সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদৰ উলংঘা। ১৪ নং অনুচ্ছেদে সমতাৰ অধিকাৰ প্ৰদান কৰে। কিন্তু বিধেয়কখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দি বৈষম্য আনিব।৫০ ৰাজনৈতিক আৰু ছাত্ৰ কৰ্মীসকলে আইনখনৰ সমালোচনত কৈছে যে ই "মুছলমানসকলক একাষৰীয়া কৰে, আৰু মুছলমানসকলৰ বিৰুদ্ধে কুসংস্কাৰমূলক", তেওঁলোক বিচাৰে যে আন ধৰ্মালম্বী লোকসকলৰ দৰে মুছলমান অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীসকলোকো ধৰ্মনিৰপেক্ষ ভিত্তিত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে।

অসমত প্ৰতিবাদ

ত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বিৰোধী প্ৰতিবাদী সমদল]]

ত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ]]

আৰম্ভণিৰ পৰাই বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমত বিভিন্নধৰণে প্ৰতিবাদ হৈ আহিছে। ৭ জানুৱাৰী ২০১৯ত অসমত বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰে।৫১ ৭ জানুৱাৰীৰ দিনাখনেই ১৩ জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই দিল্লীত নগ্ন হৈ অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰে।৫২৫৩ ৮ জানুৱাৰীৰ দিনা উত্তৰ পূব ছাত্ৰ সংগঠনৰ সহযোগত গোটেই উত্তৰ পূৰ্বাঞ্চলত ১১ ঘণ্টীয়া বন্ধ পালন কৰা হয়।৫৪ সংগীতজ্ঞ জুবিন গাৰ্গৰ নেতৃত্বত ১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনা "শিল্পীৰ সংকল্প" নামৰ অনুষ্ঠান পাতি বহুকেইজন শিল্পীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে।৫৫ জুবিন গাৰ্গে বিধেয়কখনৰ বিৰোধিতাৰে "পলিটিক্স নকৰিবা বন্ধু" নামৰ গীত এটা ৰচনা কৰে।৫৬৫৭ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰে।৫৮ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে প্ৰকাশ পোৱা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপি পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰিব বুলি ঘোষণা কৰা হয়।৫৯ বিধেয়কখনৰ প্ৰতিবাদত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা অসম গণ পৰিষদে লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰে।৬০

২০১৯ চনৰ শেষৰপিনে আইনখন গৃহীত হোৱাৰ আগৰ পৰা অসমত তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। অসমৰ কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সাধাৰণ ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ অংশগ্ৰহণে এই আন্দোলন তীব্ৰ কৰি তোলে। প্ৰতিবাদকাৰীসকলে গণ সমদল, জোঁৰ সমদল, অনশন, বিক্ষোভ আদিৰ লগতে প্ৰতিবাদী গীত, কবিতা আদি বিভিন্ন পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।৬১

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৯খন দ্বিতীয় বাবৰ বাবে লোকসভাৰ মজিয়াত উত্থাপনৰ কিছুদিন পূৰ্বে ইয়াৰ বিৰোধিতা কৰি অসমত প্ৰতিবাদ আৰম্ভ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ২৯ নৱেম্বৰত তেওঁলোকে বিশ্ববিদ্যালয়ৰ চৌহদত মৌন প্ৰতিবাদ সাব্যস্ত কৰে।৬২৬৩ ৪ ডিচেম্বৰত বিধেয়কখন কেন্দ্ৰীয় কেবিনেটৰ মঞ্জুৰী লাভ কৰাৰ পাছতে গুৱাহাটীৰ লগতে অসমৰ আন অঞ্চলত প্ৰতিবাদৰ সূচনা হয়, যি অঞ্চলভেদে হিংসাত্মকৰূপো লয়।৬৪

আইনখনে ২০১৪ চনটোক অবৈধ বিদেশীৰ চিনাক্তকৰণৰ সময়সীমা ধাৰ্য কৰিছে কিন্তু অসমৰ প্ৰতিবাদকাৰীসকলৰ অনুসৰি ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অসমে অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা অকলেই বহন কৰি আছিছে, যিটো ভাৰতৰ আন ৰাজ্যবোৰে কৰা নাই।৬৫৬৬৬৭ প্ৰতিবাদকাৰীসকলে এই আইনখনৰ যোগেদি সহস্ৰ বঙালী ভাষী অনা-মুছলমান অবৈধ অনুপ্ৰৱেশকাৰীক সাংবিধানিক পদ্ধতিৰে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব কৰিব বিছৰাতোকলৈ ক্ষোভ প্ৰকাশ কৰে,৬৮৬৯ যাৰ ফলত অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ পৰিবৰ্তন ঘটাৰ সম্ভাৱনা আছে।৭০ সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ সহস্ৰাধিক সদস্য আৰু কৰ্মীৰ লগতে অসমৰ আন ৩০টা থলুৱা সংগঠন, শিল্পী, কলা-কুশলী, সাংস্কৃতিক কৰ্মী আদিয়ে গুৱাহাটিৰ লতাশিল খেলপথাৰত জমা হৈ ১৬, ১৭ আৰু ১৮ ডিচেম্বৰত আইনখনৰ বিৰুদ্ধে সত্যাগ্ৰহ কাৰ্যসূচী অনুষ্ঠিত কৰে।৭১৭২ পাছত গুৱাহাটীত ১৮ ডিচেম্বৰৰ এক প্ৰতিবাদী সমদলৰ সময়ত অসম আৰক্ষীয়ে আছুৰ সাধাৰণ সম্পাদক, উপদেষ্টাৰ লগতে প্ৰায় ২,০০০ জনতকৈ অধিক লোকক আটক কৰে।৭৩৭৪

১২ ডিচেম্বৰত চিআৰপিএফ-ৰ জোৱান আৰু আন সুৰক্ষা কৰ্মীয়ে লাঠী আৰু ঢালৰ সৈতে সশস্ত্ৰে প্ৰাগ নিউজ নামৰ ব্যক্তিগত টেলিভিছন ছেনেলৰ কাৰ্যালয়ত বিনা অনুমতিৰে প্ৰৱেশ কৰি ছেনেলটোৰ কৰ্মীসকলক আইনখনৰ বিৰোধে প্ৰতিবাদ কৰি থকাৰ সময়ত লাঠীৰে প্ৰহাৰ কৰে।৭৫ ২০ ডিচেম্বৰত অসমীয়া বাতৰিকাকতসমূহে প্ৰতিবাদৰ সময়ত ৰাজ্যজুৰি ঘটা হিংসাত্মক ঘটনাৰ প্ৰতিবেদন দিয়াৰ লগতে আৰক্ষীৰ দ্বাৰা কৰা অত্যধিক বলপ্ৰয়োগ কৰাৰ কথাও প্ৰকাশ পায়।৭৬ ডিব্ৰুগড়ত আছুৰ সদস্যই অসম গণ পৰিষদ (অগপ)-ৰ কাৰ্যালয় নষ্ট কৰে, কিয়নো অগপৰ সাংসদে আইনখনৰ সপক্ষে ভোট প্ৰদান কৰিছিল।৭৭৭৮

চৰকাৰে প্ৰতিৰোধমূলক ব্যৱস্থাৰূপে ১২ ডিচেম্বৰত যোৰহাটৰ পৰা কৃষক নেতা অখিল গগৈক আটক কৰে যাতে তেওঁ কোনো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰে। গুৱাহাটীত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)-ৰ এক বিশেষ ন্যায়ালয়ে তেওঁৰ ওপৰত "মাওবাদীৰ লগত থকা সংযোগ"ৰ বাবে ৰাজদ্ৰোহৰ অভিযোগ আৰোপ কৰে আৰু ১০ দিনৰ বাবে এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰে। অসমৰ চৰকাৰৰ সংগঠন অসম মানৱ অধিকাৰ আয়োগে অখিল গগৈৰ ওপৰত কৰা উৎপীড়নৰ অভিযোগক বিচাৰ কৰিবৰ সিদ্ধান্ত লয়।৭৯৮০ অসম চৰকাৰৰ অনুসৰি অসম আৰক্ষীয়ে আটক কৰা লোকসকল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ লগত জড়িত হোৱাৰ অভিযুক্ত।৮১৮২

দিছপুৰত সহস্ৰাতিক প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ প্ৰতিবন্ধকতা ৰোধ কৰি অসম সচিবালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।৮৩৮৪ ১৫ ডিচেম্বৰত অসমৰ শিল্পীসকলে গুৱাহাটীৰ অসম অভিযান্ত্ৰীক প্ৰতিষ্ঠান খেলপথাৰত আইনখনৰ বিৰুদ্ধে "অসমৰ শিল্পী সমাজৰ শৈল্পিক প্ৰতিবাদ" নামৰ এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।৮৫৮৬ এই প্ৰতিবাদী অনুষ্ঠানত জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়া আদিকে ধৰি বহুতো নবীন-প্ৰবীন শিল্পীয়ে অংশগ্ৰহণ কৰে। সংগীত, পাইণ্টিং আদিৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

কা বিৰোধী বেনাৰ, গুৱাহাটীত
কা বিৰোধী বেনাৰ, গুৱাহাটীতছবি: Ankur Jyoti Dewri · CC BY-SA 4.0

অসম চৰকাৰে ৰাজ্যখনৰ কেতবোৰ জিলাত ইণ্টাৰনেট সেৱাৰ বন্ধ কৰা হৈছিল।২৪ অসম আৰু ত্ৰিপুৰাত কাৰ্ফিউ বা সান্ধ্য আইন জাৰি কৰা হৈছিল,৬৯ কিন্তু প্ৰতিবাদকাৰীসকলে সান্ধ্য আইন নমানৰ বাবে ভাৰতীয় সেনাক নিয়োজন কৰা হৈছিল। ৰেলসেৱা আৰু বিমানসেৱা বাতিল কৰা হৈছিল।৮৭ চৰকাৰী প্ৰতিবেদনৰ অনুসৰি গুৱাহাটিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও চাৰিজন লোক নিহত হৈছিল।৮৮৮৭ ১২ ডিচেম্বৰত দীপাঞ্জল দাস আৰু চেম ষ্টেফৰ্ড আৰক্ষীৰ গুলীত নিহত হয়।৮৯৯০ ইয়াৰে চেম ষ্টেফৰ্ড এজন হাইস্কুলৰ ছাত্ৰ আৰু দীপাঞ্জল দাস গুৱাহাটী সৈনিক ভৱনৰ এজন অস্থায়ী কৰ্মচাৰী আছিল।৯১ ১৫ ডিচেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধিকাৰীয়ে জনায় যে ঈশ্বৰ নায়কৰ ১৪ ডিচেম্বৰৰ নিশা আৰু আব্দুল মালিকৰ মৃত্যু হয় ১৫ ডিচেম্বৰৰ পুৱা। দুয়োজনকে গুলীৰ আঘাতৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।৯২ প্ৰতিবেদন অনুসৰি ১৫ ডিচেম্বৰলৈ আৰক্ষীৰ গুলীত অতিকমেও ৬ জন প্ৰতিবাদকাৰী নিহত হৈছে।৯৩ ১০ দিনলৈ অসমত ইণ্টাৰনেট সেৱাৰ বন্ধ হৈ থকাৰ পাছত ২০ ডিচেম্বৰৰ পৰা ইণ্টাৰনেট সেৱা পুনৰাই কাৰ্যক্ষম হয়; উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক ১৯ ডিচেম্বৰৰ সন্ধ্যাৰ ৫ বজাৰ পৰা ইণ্টাৰনেট সেৱা প্ৰত্যৰ্পণ কৰাৰ আদেশ দিছিল।৯৪ ২২ ডিচেম্বৰ পৰ্যন্ত গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীৰ সংখ্যা ৩৯৩ জন হয়গৈ; সামজিক মিডিয়াত আপত্তিকৰ আৰু উত্তেজক প'ষ্ট কৰাৰ আৰোপত ২৮টা গোচৰ ৰুজু কৰা হয়।৯৫

২১ ডিচেম্বৰত মহিলাসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যজুৰি আয়োজন কৰা হয়।৯৬ বয়োজ্যেষ্ঠ নাগৰিকসকলেও ২৩ ডিচেম্বৰত প্ৰতিবাদ সাব্যস্ত কৰে।৯৭ ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত আছুৰ দ্বাৰা ২৪ ডিচেম্বৰত বিশাল গণ আন্দোলন আয়োজন কৰা হয়।৯৮

প্ৰতিবাদৰ ফলত ১০ জানুৱাৰী ২০২০ৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব লগা খেল' ইণ্ডিয়া য়ুথ গেমছলৈ আহিব লগা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ ৮ জানুৱাৰীত বাতিল কৰা হয়।৯৯ আছুৱে মোডীৰ ভ্ৰমণৰ সময়ত বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।১০০১০১ গুৱাহাটী, ডিব্ৰুগড়ৰ লগতে অসমৰ বিভিন্ন অঞ্চলত সহস্ৰাধীকলোকে কা বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰে।১০২ প্ৰতিবাদকাৰীসকলে অসমৰ গামোচাৰ লগতে অসমৰ অন্যান্য স্বকীয় সাজপোচাক পৰিধান কৰি, অসমৰ জাতীয় গীত আৰু আন জাতীয়তাবাদী গীত গাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকৰীসকলে অখিল গগৈৰ মুক্তিৰ দাবীও জনায় আৰু মোডী চৰকাৰক স্বৈৰতন্ত্ৰীক চৰকাৰ বুলি অভিহিত কৰে।১০৩ ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীসকলে জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।১০৪১০৫

দুলীয়াজানৰ আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শাখাৰ নেতৃত্বত অঞ্চলটোৰ কেইবাটাও সংস্থা গোট খাই ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত শিল্পীসকলক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে।১০৬ এইসকল শিল্পীৰ ভিতৰত আইমী বৰুৱা, গায়ত্ৰী মহন্ত, কৃষ্ণমণি চুতীয়া, আকাশদ্বীপ আৰু পবিত্ৰ মাৰ্ঘেৰিটা উল্লেখযোগ্য।১০৬ ৯ জানুৱাৰীত আছুৰ লগতে ৩০টা থলুৱা সংগঠন আৰু শিল্পী সমাজে গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰাজ্যজুৰি 'ৰণশিঙা' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী চলায়।১০২১০৭

২০২০ চনৰ জানুৱাৰীত মাঘ বিহুৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা ভেলাঘৰসমূহৰ বেৰত কা বিৰোধী শ্ল'গান, যেনে "কা আমি নামামো", "No CAA", "জয় আই অসম" আদি, লিখা গামোচা আঁৰি দিয়া হয়।১০৮১০৯ আছুৱে অসমৰ ৰাইজক মেজিৰ জুইত নাগৰিকত্ব সংশোধনী আইনৰ এখন প্ৰতিলিপিও দহন কৰিবলৈ আহ্বান জনায়।১১০১১১

আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া

  • ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আইনখন "মৌলিকভাবে বৈষম্যমূলক" বুলিছে আৰু কৈছে যে "ভাৰতে নিৰ্যাতিত লোকসকলক সুৰক্ষা দিব বিচৰা প্ৰচেষ্টাটো আদৰণীয়", পিছে ইয়াক কোনো ধৰণৰ বৈষম্য নকৰাকৈ "বলিষ্ঠ ৰাষ্ট্ৰীয় ৰাজনৈতিক আশ্ৰয় ব্যৱস্থা"ৰ দ্বাৰা ৰূপায়ণ কৰা উচিত।১১২
  • ভাৰতলৈ ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূত উগ' আস্তুটোৱে মন্তব্য কৰে যে তেওঁ বিশ্বাস কৰে, নাগৰিকত্ব (সংশোধনী) আইনৰ আলোচনাৰ ফলাফল ভাৰতীয় সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত উচ্চ মানদণ্ডৰ সৈতে সামঞ্জস্য থাকিব।১১৩
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতাৰ কমিচনে আইনখন গৃহীত কৰাৰ বাবে অমিত শ্বাহকে ধৰি "আন প্ৰমুখ নেতাসকল"ৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা১১৪ আৰোপ কৰে।১১৫ ভাৰতৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰণালয়ে ইয়াৰ প্ৰতিক্ৰিয়াত এক বিবৃত্তিত যোগে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা মন্তব্য সঠিক নহয় আৰু নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ অথবা নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীয়ে ভাৰতীয় নাগৰিকৰ পৰা নাগৰিকত্ব কেতিয়াও কাঢ়ি নলয়।১১৬১১৭১১৮ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰণালয়ে আইনখনৰ অভিপ্ৰায়ক লৈ প্ৰশ্ন তোলি কয়, "নাগৰিকত্বৰ বাবে যিকোনো ধৰ্মীয় পৰীক্ষাই গণতন্ত্ৰৰ প্ৰথমিক সিদ্ধান্তক ক্ষুণ্ণ কৰে। "১১৯ পিছে ১৯ ডিচেম্বৰ ২০১৯ত পুনৰ এক বিবৃত্তিযোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতীয় গণতন্ত্ৰক সম্মান কৰে কিয়নো ই আইনখনক লৈ বলিষ্ঠ অভ্যন্তৰীণ আলোচনাৰ কৰিছে।১২০
  • ভাৰতলৈ ৰাছিয়াৰ উপ-ৰাষ্ট্ৰদূত ৰোমান বাবুস্কিনে মন্তব্য প্ৰকাশ কৰি কৈছে যে ৰাছিয়াই এই আইনখন ভাৰতৰ অভ্যন্তৰীণ বিষয় বুলি বিবেচনা কৰে।১২১
  • ভাৰতলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনে মন্তব্য কৰে ফ্ৰান্সে এই আইনখনক ভাৰতৰ অভ্যন্তৰীণ বিষয় ৰূপে বিবেচনা কৰে আৰু ইয়াক সম্মান কৰে।১২২
  • পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আইনখনৰ সমালোচনা কৰে।১২৩ পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদে এই আইনখনক "বৈষম্যমূলক আইন" হিচাবে চিহ্নিত কৰি এটি প্ৰস্তাৱ পাচ কৰিছে আৰু যুক্তি দিছে যে ই "ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক চুক্তি আৰু বুজাপৰাত, বিশেষকৈ দুয়োখন দেশৰ সংখ্যালঘুসমূহৰ সুৰক্ষা আৰু অধিকাৰৰ অভ্যন্তৰীণ সম্পৰ্ক"ৰ বিৰোধিতা কৰিছে।১২৪
  • বাংলাদেশৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰী এ কে আব্দুল ম'মেনে কৈছে যে আইনখনে ধৰ্মনিৰপেক্ষ জাতি হিচাপে ভাৰতৰ ঐতিহাসিক স্বৰূপ দুৰ্বল কৰিব পাৰে আৰু এয়া অস্বীকাৰ কৰে যে বাংলাদেশত সংখ্যালঘুসকল ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হৈছে।১২৫
  • মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মাহাথিৰ মহম্মদে এই আইনখনক সমালোচনা কৰে কয় যে ই "কিছু মুছলমানক তেওঁলোকৰ নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পাৰে। " ভাৰতে এই সমালোচনা প্ৰত্যাখ্যান কৰি কয় যে আইনখনে "ধৰ্মৰ ওপৰত ভিত্তি কৰি কোনো ভাৰতীয়কে তেওঁৰ নাগৰিকত্বৰ পৰা বঞ্চিত নকৰে। "১২৬
  • সংস্থাটোৱে আইনখন আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীৰ বৰ্তমান পৰিস্থিতিক লৈ উদ্বীগ্নতা প্ৰকাশ কৰে আৰু মুছলমান সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰা আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ দায়বদ্ধতা অনুসৰণ কৰাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰে।১২৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Parliament passes the Citizenship (Amendment) Bill 2019. pib.gov.in
  2. ↑ (2019-01-21). নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ কি, জানেনে?. অসমীয়া প্ৰতিদিন
  3. ↑ Regan, Helen; Gupta, Swati; Khan, Omar. India passes controversial citizenship bill that excludes Muslims. CNN
  4. ↑ Gringlas, Sam. India Passes Controversial Citizenship Bill That Would Exclude Muslims. NPR.org
  5. ↑ Slater, Joanna. (18 December 2019). Why protests are erupting over India's new citizenship law. Washington Post
  6. ↑ Sankalpit Bharat Sashakt Bharat, BJP Sankalp Patra Lock Sabha 2019 (Manifesto, 2019)
  7. ↑ Kaur Sandhu, Kamaljit; Singh, Mausami. (9 December 2019). Citizenship Amendment Bill has public endorsement, was part of manifesto: Amit Shah. India Today
  8. ↑ The Citizenship (Amendment) Bill, 2019. PRS India
  9. ↑ Tripathi, Rahul. (23 December 2019). Citizenship Amendment Act 2019: What it holds for India. The Economic Times
  10. ↑ Spokesperson for the UN High Commissioner for Human Rights, Jeremy Laurence, UNHCHR, Geneva (13 December 2019)
  11. ↑ Chaudhry, Suparna. (13 December 2019). India's new law may leave millions of Muslims without citizenship. Washington Post
  12. ↑ Vishwanath, Apurva; Sheriff, Kaunain. (25 December 2019). India's new law may leave millions of Muslims without citizenship. indian express
  13. ↑ Gettleman, Jeffrey; Raj, Suhasini. (11 December 2019). Indian Parliament Passes Divisive Citizenship Bill, Moving It Closer to Law. New York Times
  14. ↑ (12 December 2019). Is India's claim about minorities true?; Quote: [The Indian government states:] "The constitutions of Pakistan, Afghanistan and Bangladesh provide for a specific state religion. As a result, many persons belonging to Hindu, Sikh, Buddhist, Jain, Parsi and Christian communities have faced persecution on grounds of religion in those countries."
  15. ↑ India's bill purporting to help refugees really seeks to hurt Muslims, India's bill purporting to help refugees really seeks to hurt Muslims. The Economist
  16. ↑ (13 December 2019). What Does India's New Citizenship Law Mean?. The New York Times
  17. ↑ (12 December 2019). Is India's claim about minorities true?
  18. ↑ Samuel, Sigal. (12 December 2019). India just redefined its citizenship criteria to exclude Muslims. Vox
  19. ↑ Saha, Abhishek. (20 January 2019). Explained: Why Assam, Northeast are angry. The Indian Express
  20. ↑ Choudhury, Ratnadip. (21 December 2019). "Want Peace, Not Migrants": Thousands Of Women Protest Citizenship Act Across Assam. NDTV.com
  21. ↑ Gollom, Mark. (17 Dec 2019). Why India's controversial citizenship law has sparked violent protests. CBC News
  22. ↑ Pokharel, Krishna. (17 December 2019). India Citizenship Protests Spread to Muslim Area of Capital. Wall Street Journal
  23. ↑ Ellis-Petersen, Hannah. (17 December 2019). India protests: students condemn 'barbaric' police. The Guardian
  24. ↑ Nath, Hemanta Kumar. (2019-11-12). 1,000 detained as anti-Citizenship Amendment Bill protests intensify in Assam
  25. ↑ Dutta, Prabhash. (19 December 2019). Violent protests against Citizenship Amendment Act: Who will pay for damages?. India Today
  26. ↑ (19 December 2019). Sporadic protests in MP against CAA. outlookindia.com/
  27. ↑ (10 January 2020). MINISTRY OF HOME AFFAIRS NOTIFICATION S.O. 172(E). ভাৰতৰ ৰাজপত্ৰ
  28. ↑ (12 December 2019). The Citizenship (Amendment) Act, 2019. ভাৰতৰ ৰাজপত্ৰ
  29. ↑ Section 2(1)(b) of the Citizenship Act, 1955
  30. ↑ Purkayastha, Debasree. (2018-05-26). What is the Citizenship (Amendment) Bill, 2016?. The Hindu
  31. ↑ G.S.R. 685 (E) and G.S.R. 686 (E), Gazette of India, September 7, 2015; G.S.R. 702(E) and G.S.R. 703(E), Gazette of India, July 18, 2016
  32. ↑ The Gazette of India, Issue 553 of 2015, 8 September 2015
  33. ↑ indianexpress.com/article/explained/explained-wh
  34. ↑ web.archive.org/web/20191211202337/https://liveu
  35. ↑ www.indiatoday.in/india/story/will-citizenship-b
  36. ↑ timesofindia.indiatimes.com/india/cab-set-to-be-
  37. ↑ Committee: Loksabha. 164.100.47.194
  38. ↑ Singh, Bikash. (2018-05-03). Joint Parliamentary Committee on Citizenship Bill to visit Assam. The Economic Times
  39. ↑ (2018-05-07). JPC held public hearing at Khanapara. The Sentinel
  40. ↑ Citizenship Bill report to be tabled in Parliament today amid protests, fear of political fallout. Moneycontrol
  41. ↑ Lok Sabha passes citizenship (amendment) bill. rediff
  42. ↑ Lok Sabha passes Citizenship Bill amid protests, seeks to give citizenship to non-Muslims from 3 countries. India Today
  43. ↑ (13 February, 2019). Citizenship Bill Lapses in Parliament, Here's What Happens Next
  44. ↑ (12February 2019). Citizenship (Amendment) Bill to be tabled in Rajya Sabha: Key Points
  45. ↑ (Feb 13, 2019). Northeast remains restive, Citizenship Bill not tabled in Rajya Sabha. Economic Times
  46. ↑ www.thehindu.com/news/national/parliament-clears
  47. ↑ egazette.nic.in/WriteReadData/2019/214646.pdf
  48. ↑ (৩০ ডিচেম্বৰ ২০১৯). অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত: সমুজ্জ্বল ভট্টাচাৰ্য. দ্য ছেণ্টিনেল
  49. ↑ ইনাৰ লাইন পাৰ্মিট আৰু অসমক বিশেষ মৰ্য্যদা দিয়াৰ বাবে কেন্দ্ৰক আহ্বান সত্ৰাধিকাৰ মঞ্চৰ. দ্য ছেণ্টিনেল
  50. ↑ Explained: The Citizenship Amendment Bill And The Opposition Over It
  51. ↑ AGP quits NDA as Cabinet approves citizenship bill - Times of India. The Times of India
  52. ↑ Citizenship Bill: AGP quits Assam govt; nude protests in Delhi, Tinsukia. United News of India
  53. ↑ Nude protests in Delhi against Citizenship Amendment Bill
  54. ↑ Northeast bandh begins against Citizenship Amendment Bill amid tight security
  55. ↑ (2019-01-18). Xilpi’r Xonkolpo: Zubeen Garg leads artiste protests against Citizenship Bill
  56. ↑ (2019-01-21). Zubeen Garg makes his own song to protest the Citizenship Bill
  57. ↑ (১৬ জানুৱাৰী ২০১৯). পলিটিক্স নকৰিবা বন্ধু! কাইলৈ আহিব। তেজপুৰৰ পৰা আৰম্ভ আমাৰ প্ৰতিবাদ। #StandAgainstCAB2016
  58. ↑ (2019-01-09). Cotton Students to boycott classes for indefinite period, Appeals Government to scrap Citizenship bill
  59. ↑ (Apr 8, 2019). BJP reiterates commitment to enact Citizenship Amendment Bil t. Times Of India
  60. ↑ (13 March,2019). 2019 Lok Sabha election: BJP-AGP alliance back on track in Assam. THE HINDU
  61. ↑ (2020-01-12). A month on, new songs and poems keep anti-CAA protests in Assam kicking. Hindustan Times
  62. ↑ (2019-11-30). Cotton University students stage silent protest against CAB. The Sentinel
  63. ↑ (2019-11-29). TIME8 · Cotton University Students Stage Silent Protest Against Citizenship Bill. TIME8
  64. ↑ (2019-12-12). Anti-CAB stir: People defy curfew, police open fire as Assam
  65. ↑ Singh, Bikash. (2019-12-17). Citizenship Amendment Bill: Why Assam is protesting?. The Economic Times
  66. ↑ Bhattacharya, D. P. (2019-12-17). CAA protests in Assam: Why it is different from the rest of the country. The Economic Times
  67. ↑ December 15, Tania Midha; December 15, 1986 ISSUE DATE; February 20, 1986UPDATED. Citizenship Act: Govt changes criteria qualifying a person as a citizen of India. India Today
  68. ↑ (16 December 2019). India citizenship law protests spread across campuses. Reuters
  69. ↑ (12 December 2019). 'Anti-Muslim' citizenship law challenged in Indian court. BBC
  70. ↑ Singh, Bikash. (2019-12-12). Citizenship Amendment Bill 2019: Why is Assam protesting?. The Economic Times
  71. ↑ 'Anything for Motherland': Thousands Held during Day 1 of AASU's Satyagraha, Assam Govt Defiant. News18
  72. ↑ GuwahatiDecember 16, Hemanta Kumar Nath; December 16, 2019UPDATED; Ist, 2019 20:55. AASU stages Satyagraha against CAA, over 1000 protesters detained in Guwahati. India Today
  73. ↑ Hemanta Kumar Nath. (December 16, 2019). AASU stages Satyagraha against CAA, over 1000 protesters detained in Guwahati. India Today
  74. ↑ (2012-03-14). Union leaders rally protesters. Nursing Standard. পৃ. 5
  75. ↑ GuwahatiDecember 13, Press Trust of India; December 13, 2019UPDATED; Ist, 2019 19:12. CAB protest: Security forces entered office, beat up staffers, claims Assam TV channel official. India Today
  76. ↑ 'Assamese have come out trampling death': How Assam's local dailies covered protests against Citizenship Amendment Act. Firstpost
  77. ↑ All Assam Students' Union members ransack AGP office. telegraphindia.com
  78. ↑ PTI. Protests against Citizenship (Amendment) Act: Rail, road services affected in Bihar; Bengal, Assam, Meghalaya peaceful. @businessline
  79. ↑ AHRC takes note of Akhil 'torture'. www.telegraphindia.com
  80. ↑ (2019-12-18). Akhil Gogoi rules out 'Maoist' links, calls arrest 'ploy to delegitimise movement' against citizenship law. The Indian Express
  81. ↑ (December 12, 2019). Peasant leader Akhil Gogoi arrested in Assam's Jorhat. India Today. Press Trust of India
  82. ↑ Hemanta Kumar Nath. (December 17, 2019). Special NIA court sends Akhil Gogoi to 10-day custody amid anti-Citizenship Amendment Act protests. India Today
  83. ↑ In India's northeast, protesters rally against citizenship bill. aljazeera.com
  84. ↑ Reuters. (2019-12-09). Protests Erupt as India Pushes for Religion-Based Citizenship Bill. The New York Times
  85. ↑ Music, Art Tie Them as Zubeen Garg and a Host of Assamese Artistes Lead Anti-CAA Stir from the Front. News18
  86. ↑ Artistes to stage musical protest. www.telegraphindia.com
  87. ↑ (12 December 2019). Two dead as Indian police clash with protesters. BBC
  88. ↑ Ch, Munish; P, ra; GuwahatiDecember 16, ey. Assam CAA protest: 4 dead in police firing, 175 arrested, more than 1400 detained. India Today
  89. ↑ (2019-12-15). Anti-CAA stir: Violent protests rock Jamia, AMU; Bengal boils, uneasy calm in Assam. The Economic Times
  90. ↑ CAB protest: 1 martyred in CRPF firing at Guwahati. NORTHEAST NOW
  91. ↑ Martyrs of anti-CAA stir remembered, people urged to continue protests. The Sentinel
  92. ↑ (2019-12-15). CAA Unrest: Dozens of Jamia Students Held, No Internet in Aligarh. The Quint
  93. ↑ Anti-Citizenship Act protests: Toll rises to six in Assam; protesters block roads, railway tracks, torch vehicles in West Bengal. Firstpost
  94. ↑ (2019-12-20). Mobile internet ban lifted in Assam. The Hindu
  95. ↑ GuwahatiDecember 23, Hemanta Kumar Nath; December 23, 2019UPDATED:; Ist, 2019 23:05. Anti-CAA protests: 393 people arrested, 244 cases registered in Assam violence. India Today
  96. ↑ Nigam Prusty, Shilpa Jamkhandikar. (December 21, 2019). Hundreds arrested in India during days of protests over citizenship law. Reuters India
  97. ↑ Kalita, Kangkan; Dec 24, Anup Dutta · TNN ·; 2019. CAA Latest News: From Guwahati to Jorhat, state rocked by stir against new law · Guwahati News - Times of India. The Times of India
  98. ↑ Dec 24, PTI · Updated:; 2019; Ist, 21:57. Protests against CAA across Assam · India News - Times of India. The Times of India
  99. ↑ (৮ জানুৱাৰী ২০২০). 'কা' বিৰোধী প্ৰতিবাদ: খেল' ইণ্ডিয়া অনুষ্ঠানলৈ নাহে প্ৰধানমন্ত্ৰী মোডী. অসমীয়া প্ৰতিদিন
  100. ↑ (8 January 2020). Amidst anti-CAA protests, Narendra Modi’s Assam visit cancelled. The New Indian Express
  101. ↑ (8 January 2020). Amid Anti-CAA Protests, PM Modi To Skip Khelo India Youth Games in Assam. outlookindia.com
  102. ↑ (8 January 2020). Protests unabated across Assam. telegraphindia.com
  103. ↑ (8 January 2020). Assam: Thousands join anti-CAA protest rally in Dibrugarh. NORTHEAST NOW
  104. ↑ (১১ জানুৱাৰী ২০২০). টীয়কৰ তামুলীছিগাত ‘কা’ৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল. নিৰ্মলেন্দু পাঠক, নৰ্থ ইষ্ট নাও
  105. ↑ (১১ জানুৱাৰী ২০২০). ডিফুত ছাত্ৰৰ মুখত “নৰেন্দ্ৰ মোদী গ’ বেক” ধ্বনি. নংগী তেৰাং, নৰ্থ ইষ্ট নাও
  106. ↑ Kalita, Kangkan. (2020-01-08). Amid anti-CAA stir, student bodies impose ‘ban’ on artistes with BJP links. The Times of India
  107. ↑ (৯ জানুৱাৰী ২০২০). বৃহস্পতিবাৰে জিলাই জিলাই আছুৰ 'ৰণশিঙা' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী, গুৱাহাটীত ভাগ ল'ব জুবিন গাৰ্গে. অসমীয়া প্ৰতিদিন
  108. ↑ (2020-01-14). Festivity in times of protest: How Magh Bihu will showcase Assam’s opposition to CAA. The Indian Express
  109. ↑ (১৪ জানুৱাৰী ২০২০). এইবাৰ ভোগালীৰ মেজি জ্বলিব 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ-সংকল্পৰ বাবে. অসমীয়া প্ৰতিদিন
  110. ↑ (2020-01-14). Anti-CAA protests amid Magh Bihu festivities in Assam. Hindustan Times
  111. ↑ CAA casts shadow over Bihu celebrations in Assam. The Shillong Times
  112. ↑ (13 December 2019). New citizenship law in India 'fundamentally discriminatory': UN human rights office. UN News. news.un.org
  113. ↑ EU to India: Hope CAB Is in Line with High Standards of Indian Constitution. The Wire
  114. ↑ (9 December 2019). USCIRF Raises Serious Concerns and Eyes Sanctions Recommendations for Citizenship (Amendment) Bill in India, Which Passed Lower House Today. United States Commission on International Religious Freedom
  115. ↑ (10 December 2019). Federal US commission seeks sanctions against Amit Shah if CAB passed in Parliament. India Today
  116. ↑ (10 December 2019). USCIRF statement on CAB 'neither accurate nor warranted': MEA. The Times of India
  117. ↑ (10 December 2019). It has no locus standi: MEA on USCIRF's citizenship bill statement. The Economic Times
  118. ↑ US Commission Statement On Citizenship Bill Not "Accurate": Government. NDTV.com
  119. ↑ Raj, Yashwant; H. Laskar, Rezaul. (11 December 2019). US panel for sanctions over Citizenship Amendment Bill, India says it is biased. Hindustan Times
  120. ↑ (19 December 2019). India has robust domestic debate, says Pompeo on citizenship law. The Hindu
  121. ↑ Chaudhury, Dipanjan Roy. (23 December 2019). India's Citizenship Amendment Act is a domestic matter: Russia. The Economic Times
  122. ↑ (16 December 2019). CAB: India’s key ally France calls CAA country’s internal matter. The Financial Express
  123. ↑ (10 December 2019). Imran Khan blasts Citizenship Amendment Bill, says it violates bilateral agreements. India Today
  124. ↑ NA condemns India over controversial citizenship act, Dawn, 17 December 2019
  125. ↑ (12 December 2019). Citizenship Amendment Bill could weaken India's secular character, says Bangladesh's Foreign Minister. National Herald
  126. ↑ 'People dying': Malaysia's Mahathir slams India's citizenship law, Al Jazeera
  127. ↑ (23 December 2019). OIC expresses concern over CAA; says 'closely' following developments. The Economic Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংবিধানভাৰতীয় নাগৰিকত্ব আইনভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯” প্ৰবন্ধৰ সংশোধন ৬২৪০৯৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।