ইণ্টাৰনেট বা অন্তৰ্জাল১ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা। ই নেটৱৰ্ক আৰু ডিভাইচসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট প্ৰ'ট'কল ছুইট (TCP/IP) ব্যৱহাৰ কৰে। ই হৈছে "নেটৱৰ্কৰ নেটৱৰ্ক" যি ৰাজহুৱা, প্ৰশাসনিক, চৰকাৰী, ব্যৱসায় সংক্ৰান্তিয় ডাটাসমূহ ছেটেলাইট, অপ্টিকেল ফাইবাৰ, ওৱায়াৰলেছ বা কেবুল আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে। ইণ্টাৰনেটে ইলেক্ট্ৰনিক মেইল, অনলাইন চ্চেট, ফাইল স্থানান্তৰ (FTP), অনলাইন ভিডিঅ' আৰু অন্যান্য তথ্য World Wide Web (WWW)-ৰ মাধ্যমেৰে যোগান ধৰে। ইণ্টাৰনেট হৈছে বিশ্বব্যাপী যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছ'ফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয়। ইণ্টাৰনেটে হাইপাৰলিংক বা URLৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডাটা কঢ়িয়াই আনে। সহজ ভাষাত এটা নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই ইণ্টাৰনেট।

আজিকালিৰ মানুহে প্ৰায়ে সকলো কাম ইণ্টাৰনেটৰ যোগেদি কৰে। সেয়েহে আজিকালিৰ বেছিভাগ মানুহ ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। সেই মানুহবোৰক কেন্দ্ৰ কৰি আজিকালিৰ মানুহে ইণ্টাৰনেটক নিজৰ জীৱিকাৰ পথ হিচাপে বাছি লৈছে।
ইণ্টাৰনেটৰ বৈশিষ্ট্যসমূহ
তথ্য প্ৰদান: ইণ্টাৰনেট হৈছে সৰ্ববৃহৎ বিশ্বকোষ। ইয়াত ৱেবছাইট, ডিজিটেল লাইব্ৰেৰী, বৈজ্ঞানিক গৱেষণা পত্ৰ, প্ৰবন্ধ আদিৰ জৰিয়তে বিপুল পৰিমাণৰ তথ্য সন্নিবিষ্ট কৰা হয়।।
তথ্য বিনিময়: ই এক মঞ্চ হিচাপে কাম কৰে য’ত বিশ্বৰ যিকোনো প্ৰান্তৰ লোকে তথ্য বিনিময় কৰিব পাৰে।
নেটৱৰ্কিং: ইণ্টাৰনেটে এনে প্লেটফৰ্ম প্ৰদান কৰে য’ত মানুহে আনৰ সৈতে সংযোগ আৰু নেটৱৰ্ক কৰিব পাৰে। ইয়াৰ ফলত নেটৱৰ্ক গঢ়ি তোলা আৰু সামাজিক যোগাযোগত সহায় হয়।
শিক্ষণ আৰু শিক্ষা: ইণ্টাৰনেটৰ জৰিয়তে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন শৈক্ষিক সম্পদ আৰু অনলাইন পাঠ্যক্ৰম উপলব্ধ। ৱেবিনাৰ, অনলাইন ক্লাছ, আৰু ই-লাৰ্নিং প্লেটফৰ্মে শিক্ষাক সুলভ কৰি তোলে।
ব্যৱসায় আৰু ব্যৱসায়িক বিকাশ: ইণ্টাৰনেটে ব্যৱসায়ীসকলক বিশ্বৰ বজাৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাত সহায় কৰে। ই-কমাৰ্চ ৱেবছাইট, ডিজিটেল মাৰ্কেটিং, আৰু অনলাইন বিজ্ঞাপনৰ জৰিয়তে ব্যৱসায়ীসকলে অধিক গ্ৰাহকৰ কাষ চাপিব পাৰে।
মনোৰঞ্জন আৰু সৃষ্টিশীলতা: ইণ্টাৰনেটত মনোৰঞ্জন আৰু সৃষ্টিশীলতাৰ প্ৰধান উৎস। অনলাইন গেমিং, ষ্ট্ৰীমিং সেৱা, আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে মানুহে নিজৰ সৃষ্টিশীলতা প্ৰকাশ কৰিব পাৰে।
সংবাদ আৰু যোগাযোগ: ইণ্টাৰনেটে মানুহক বাতৰিৰ সৈতে আপডেট হৈ থাকিবলৈ আৰু আনৰ সৈতে যোগাযোগ কৰাত সহায় কৰে। ব্লগ, নিউজ ৱেবছাইট, ছ’চিয়েল মিডিয়াই বিভিন্ন বাতৰি আৰু মতামত প্ৰদান কৰে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ xobdo.org/# Search Result
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্টাৰনেট” প্ৰবন্ধৰ সংশোধন ৪৬৭২৩৪ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।