অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

খ্ৰীষ্টধৰ্ম

খ্ৰীষ্টধৰ্ম (Χριστιανισμός; נצרות; المسيحية; ܡܫܝܚܝܘܬܐ) হৈছে এক অবা্ৰহামীয় একেশ্বৰবাদী ধৰ্ম, যি নাচৰতীয়া যীচুৰ জীৱন আৰু শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত। অনুগামীৰ সংখ্যা অনুসৰি ই পৃথিৱীৰ বৃহত্তম ধৰ্ম; ইয়াৰ অনুগামীৰ সংখ্যা প্ৰায় ২৫০ কোটি।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১,৬৪৫ শব্দ · ৯ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

খ্ৰীষ্টধৰ্ম (Χριστιανισμός; נצרות; المسيحية; ܡܫܝܚܝܘܬܐ) হৈছে এক অবা্ৰহামীয় একেশ্বৰবাদী ধৰ্ম, যি নাচৰতীয়া যীচুৰ জীৱন আৰু শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত। অনুগামীৰ সংখ্যা অনুসৰি ই পৃথিৱীৰ বৃহত্তম ধৰ্ম; ইয়াৰ অনুগামীৰ সংখ্যা প্ৰায় ২৫০ কোটি।১ ইয়াৰ অনুগামীসকল—যিসকল খ্ৰীষ্টধৰ্ম হিচাপে পৰিচিত—১৫৭খন দেশ আৰু অঞ্চলৰ সংখ্যাগুৰু জনগোষ্ঠী,২ আৰু তেওঁলোকে বিশ্বাস কৰে যে যীচু হৈছে ঈশ্বৰৰ পুত্ৰ, যাৰ মচীহ বা খ্ৰীষ্ট হিচাপে আগমনৰ বিষয়ে ইব্ৰীয় বাইবেল বা পুৰণি নিয়মত ভৱিষ্যদ্বাণী কৰা হৈছিল আৰু নতুন নিয়মত সেয়া বৰ্ণনা কৰা হৈছে।৩

খ্ৰীষ্টধৰ্ম সাংস্কৃতিকভাবে ইয়াৰ পাশ্চাত্য আৰু প্ৰাচ্য শাখাৰ মাজত আৰু পৰিত্ৰাণৰ প্ৰকৃতি আৰু প্ৰতিপাদন, যাজকাভিষেক, মণ্ডলীতত্ত্ব আৰু খ্ৰীষ্টতত্ত্ব বিষয়ক মতাদৰ্শত বৈচিত্ৰ্যময়। খ্ৰীষ্টানসকলৰ সাধাৰণ ধৰ্মমত অনুসৰি যীচু হৈছে ঈশ্বৰৰ পুত্ৰ আৰু পুত্ৰ ঈশ্বৰৰ অৱতাৰ—মাংসত মূৰ্তিমান বাক্য—যি পৰিচৰ্যা কাৰ্য কৰিছিল, আন্তৰিক যাতনা ভোগ কৰিছিল আৰু ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত মানৱজাতিৰ পৰিত্ৰাণৰ বাবে মৃতসকলৰ মাজৰ পৰা পুনৰুত্থিত হৈছিল, যাক বাইবেলত শুভবাৰ্তা বুলি অভিহিত কৰা হয়। সাধু মথি, মাৰ্ক, লূক আৰু যোহনে লিখা চাৰিখন ধৰ্মসন্মত শুভবাৰ্তাৰ পাশাপাশি ইয়াৰ পটভূমি হিচাপে ইহুদী পুৰণি নিয়ম হ’ল যীচুৰ জীৱন আৰু শিক্ষাৰ বিৱৰণী।

খ্ৰীষ্টীয় ১ম শতিকাত ৰোমান সাম্ৰাজ্যৰ যিহূদিয়া প্ৰদেশত এক দ্বিতীয় মন্দিৰভিত্তিক ইহুদী উপদল হিচাপে খ্ৰীষ্টধৰ্মই যাত্ৰা আৰম্ভ কৰে। প্ৰাৰম্ভিক নিৰ্যাতন সত্ত্বেও যীচুৰ পাঁচনিসকল আৰু তেওঁলোকৰ অনুগামীসকল ল্যৱঁ, ইউৰোপ, আনাত'লিয়া, মিচপতামিয়া, আন্তঃযৰ্দন, মিছৰ আৰু ইথিঅ'পিয়াত বিয়পি পৰে। ই দ্ৰুতভাৱে পৰজাতীয় ঈশ্বৰভীতাসকলক আকৰ্ষণ কৰে, যিয়ে ইয়াক ইহুদী ৰীতি-নীতিৰ পৰা পৃথক পথলৈ পৰিচালিত কৰে। ৭০ খ্ৰীষ্টাব্দত যিৰূচালেমৰ পতনৰ পিছত দ্বিতীয় মন্দিৰভিত্তিক ইহুদী ধৰ্মৰ অৱসান ঘটে আৰু খ্ৰীষ্টধৰ্ম ক্ৰমান্বয়ে ইহুদী ধৰ্মৰ পৰা বিচ্ছিন্ন হৈ পৰে। সম্ৰাট মহান কনষ্টেনটাইনে মিলান ফৰমান (৩১৩ খ্ৰী.) জাৰি কৰাৰ মাধ্যমে ৰোমান সাম্ৰাজ্যত খ্ৰীষ্টধৰ্মক বৈধতা প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেওঁ নিকাইয়াৰ প্ৰথম পৰিষদ (৩২৫ খ্ৰী.) আহ্বান কৰে, য’ত প্ৰাৰম্ভিক খ্ৰীষ্টধৰ্মক সংহত কৰা হয় যি ৰোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰীয় মণ্ডলী (৩৮০ খ্ৰী.) লৈ পৰিণত হয়। প্ৰধান বিচ্ছেদসমূহৰ পূৰ্বে খ্ৰীষ্টধৰ্মৰ সংযুক্ত মণ্ডলীৰ ইতিহাসক প্ৰায়ে "মহামণ্ডলী" বুলি অভিহিত কৰা হয় (যদিও তৎকালে প্ৰচলিত মতৰ বিৰোধী ৰহস্যবাদী খ্ৰীষ্টান আৰু ইহুদী খ্ৰীষ্টানসকলৰ অস্তিত্ব আছিল)। খ্ৰীষ্টতত্ত্বক কেন্দ্ৰ কৰি ইফিচৰ পৰিষদৰ (৪৩১ খ্ৰী.) পিছত পূৰ্ব মণ্ডলী আৰু চেলচিডনৰ পৰিষদৰ (৪৫১ খ্ৰী.) প্ৰাচ্যদেশীয় অৰ্থডক্স মণ্ডলী বিচ্ছিন্ন হৈ পৰে।৪ আনহাতে ৰোমৰ বিশ্বপৰ কৰ্তৃত্বক কেন্দ্ৰ কৰি প্ৰাচ্য অৰ্থডক্স মণ্ডলী আৰু কেথলিক মণ্ডলীৰ মাজত মহাবিচ্ছেদ (১০৫৪ খ্ৰী.) ঘটে। ধৰ্মতাত্বিক আৰু মণ্ডলীতাত্ত্বিক বিতৰ্কক (মুখ্যতঃ আত্মপক্ষ সমৰ্থন আৰু পোপীয় আধিপত্য) কেন্দ্ৰ কৰি সংস্কাৰ যুগত (১৬শ শতিকা) প্ৰটেষ্টাণ্ট মণ্ডলী পূৰ্ব কেথলিক মণ্ডলীত সমূহৰ পৰা বিচ্ছিন্ন হৈ অসংখ্য উপদলত বিভক্ত হৈ পৰে। পাশ্চাত্য সভ্যতাৰ বিকাশত, বিশেষকৈ ইউৰোপত প্ৰাচীন যুগৰ শেষভাগৰ পৰা মধ্যযুগলৈ, খ্ৰীষ্টধৰ্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।৫৬৭৮৯ আৱিষ্কাৰৰ যুগৰ (১৫শ–১৭শ শতিকা) পিছত প্ৰচাৰাভিযানৰ মাধ্যমে খ্ৰীষ্টধৰ্ম দুয়োখন আমেৰিকা, ওচেনিয়া, উপ-চাহাৰীয় আফ্ৰিকা আৰু বিশ্বৰ আন স্থানতো বিয়পি পৰে।১০১১১২

খ্ৰীষ্টধৰ্মৰ চাৰিটা বৃহত্তম শাখা হৈছে কেথলিক মণ্ডলী (১৩০ কোটি/৫০.১%), প্ৰটেষ্টাণ্ট মণ্ডলী (৯২ কোটি/৩৬.৭%), অৰ্থডক্স মণ্ডলী (২৩ কোটি) আৰু প্ৰাচ্য অৰ্থডক্স মণ্ডলী (৬ কোটি ২০ লাখ/১১.৯%),১৩১৪ যাৰ মাজত ঐক্যৰ (বিশ্বব্যাপীবাদ) বিভিন্ন প্ৰচেষ্টা অব্যাহত আছে।১৫ প্ৰতিষ্ঠানগতভাৱে পাশ্চাত্যত খ্ৰীষ্টধৰ্মৰ অনুগামীৰ সংখ্যা শেহতীয়াকৈ হ্ৰাস পালেও ই এতিয়াও অঞ্চলটোৰ আটাইতকৈ প্ৰভাৱশালী ধৰ্ম, য’ত প্ৰায় ৭০% জনসাধাৰণে নিজকে খ্ৰীষ্টান বুলি চিনাক্ত কৰে। বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ আফ্ৰিকা আৰু এছিয়াত খ্ৰীষ্টানসকলৰ সংখ্যা বৃদ্ধি পাইছে। কিছু প্ৰতিবেদন অনুসৰি পৃথিৱীৰ কিছু অঞ্চলত, বিশেষকৈ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, পূৰ্ব এছিয়া আৰু দক্ষিণ এছিয়াত খ্ৰীষ্টান ধৰ্মালম্বীসকলৰ এক গুৰুত্বপূৰ্ণ অংশ নিৰ্যাতনৰ স্বীকাৰ হৈছে।১৬১৭১৮

আৰু চাওক

তথ্যসূত্ৰ

General references:

  • American Heritage Dictionary of the English Language, Houghton Mifflin Company (2006).
  • Catechism of the Catholic Church.
  • Columbia Electronic Encyclopedia.
  • Encyclopedia of Religion.
  • New Dictionary of Cultural Literacy.
  • editors, Sinclair B. Ferguson, David F. Wright; consulting editor, J.I. Packer. (1988). New Dictionary of Theology. Inter-Varsity Press. ISBN 0851106366
  • Barrett, David; Kurian, Tom and others. (ed.). World Christian Encyclopedia. Oxford University Press (2001).

Monographies and articles:

  • Ahlstrom, Sydney E.
  • Albright, William F. From the Stone Age to Christianity.
  • Alexander, T. Desmond. New Dictionary of Biblical Theology.
  • Anidjar, 2001.
  • Bahnsen, Greg. A Reformed Confession Regarding Hermeneutics (article 6) .
  • Martin Luther, Augustinian''.
  • Ball, Bryan; Johnsson, William (ed.). The Essential Jesus. Pacific Press (2002). ISBN 0-8163-1929-4.
  • Barry, John F. One Faith, One Lord: A Study of Basic Catholic Belief. William H. Sadlier (2001). ISBN 0-8215-2207-8
  • Bettenson, Henry (ed.). Documents of the Christian Church. Oxford University Press (1943).
  • Bokenkotter, Thomas. A Concise History of the Catholic Church . Doubleday (2004). ISBN 0-385-50584-1
  • Bruce, F.F. The Canon of Scripture.
  • Chambers, Mortimer; Crew, Herlihy, Rabb, Woloch. The Western Experience. Volume II: The Early Modern Period. Alfred A. Knopf (1974). ISBN 0-394-31734-3.
  • Coffey, John. Persecution and Toleration in Protestant England 1558–1689. Pearson Education (2000).
  • Cross, F. L.; Livingstone, E. A. (ed.). The Oxford Dictionary of the Christian Church. Oxford University Press (1997). ISBN 0-19-211655-X.
  • Deppermann, Klaus. Melchior Hoffman: Social Unrest and Apocalyptic Vision in the Age of Reformation. ISBN 0-567-08654-2.
  • Dilasser, Maurice. The Symbols of the Church. Collegeville, MN: Liturgical Press (1999). ISBN 0-8146-2538-X
  • Duffy, Eamon. Saints and Sinners, a History of the Popes. Yale University Press (1997). ISBN 0-300-07332-1
  • Elwell, Walter A.; Comfort, Philip Wesley. Tyndale Bible Dictionary, Tyndale House Publishers (2001). ISBN 0-8423-7089-7.
  • Esler, Phillip F. The Early Christian World. Routledge (2004).
  • Farrar, F.W. Mercy and Judgment. A Few Last Words On Christian Eschatology With Reference to Dr. Pusey's, "What Is Of Faith?". Macmillan, London/New York (1904).
  • Foutz, Scott. [http://www.quodlibet.net/luther.shtml Martin Luther and Scripture) Martin Luther and Scripture.
  • Fowler, Jeaneane D. World Religions: An Introduction for Students, Sussex Academic Press (1997). ISBN 1-898723-48-6.
  • ((Reginald H. Fuller|Fuller, Reginald H.)) ((The Foundations of New Testament Christology)) Scribners (1965). ISBN 0-684-15532-X.
  • Froehle, Bryan; Gautier, Mary, Global Catholicism, Portrait of a World Church, Orbis books; Center for Applied Research in the Apostolate, Georgetown University (2003) ISBN=157075375x
  • Funk, Robert. The Acts of Jesus: What Did Jesus Really Do?. Polebridge Press (1998). ISBN 0-06-062978-9.
  • Glenny, W. Edward. Typology: A Summary Of The Present Evangelical Discussion.
  • Gonzalez, Justo L. The Story of Christianity: The Early Church to the Dawn of the Reformation, Harper Collins Publishers, New York (1984).
  • Hanegraaff, Hank. Resurrection: The Capstone in the Arch of Christianity. Thomas Nelson (2000). ISBN 0-8499-1643-7.
  • Harnack, Adolf von. (www.ccel.org/ccel/harnack/dogma1.ii.iii.iii.html History of Dogma] (1894).
  • Hickman, Hoyt L. and others. Handbook of the Christian Year. Abingdon Press (1986). ISBN 0-687-16575-X
  • Hinnells, John R. The Routledge Companion to the Study of Religion (2005).
  • Hitchcock, Susan Tyler. Geography of Religion. National Geographic Society (2004) ISBN 0-7922-7313-3
  • Kelly, J.N.D. Early Christian Doctrines.
  • Kelly, J.N.D. The Athanasian Creed. Harper & Row, New York (1964).
  • Kirsch, Jonathan. God Against the Gods.
  • Kreeft, Peter. Catholic Christianity. Ignatius Press (2001) ISBN 0-89870-798-6
  • Letham, Robert. The Holy Trinity in Scripture, History, Theology, and Worship. P & R Publishing (2005). ISBN 0-87552-000-6.
  • Lorenzen, Thorwald. Resurrection, Discipleship, Justice: Affirming the Resurrection Jesus Christ Today. Smyth & Helwys (2003). ISBN 1-57312-399-4.
  • McLaughlin, R. Emmet, Caspar Schwenckfeld, reluctant radical: his life to 1540, New Haven: Yale University Press (1986). ISBN 0-300-03367-2.
  • MacCulloch, Diarmaid, The Reformation: A History. Viking Adult (2004).
  • MacCulloch, Diarmaid, A History of Christianity: The First Three Thousand Years. London, Allen Lane. 2009. ISBN 978-0-7139-9869-6
  • Marber, Peter. Money Changes Everything: How Global Prosperity Is Reshaping Our Needs, Values and Lifestyles. FT Press (2003). ISBN 0-13-065480-9
  • Marthaler, Berard. Introducing the Catechism of the Catholic Church, Traditional Themes and Contemporary Issues. Paulist Press (1994). ISBN 0-8091-3495-0
  • Mathison, Keith. The Shape of Sola Scriptura (2001).
  • McClintock, John, Cyclopaedia of Biblical, Theological, and Ecclesiastical Literature. Harper &Brothers, original from Harvard University (1889)
  • McGrath, Alister E. Christianity: An Introduction. Blackwell Publishing (2006). ISBN 1-4051-0899-1.
  • McGrath, Alister E. Historical Theology.
  • McManners, John. Oxford Illustrated History of Christianity. Oxford University Press (1990). ISBN 0-19-822928-3.
  • Meconi, David Vincent. "Pagan Monotheism in Late Antiquity", in: Journal of Early Christian Studies.
  • Metzger, Bruce M., Michael Coogan (ed.). Oxford Companion to the Bible. Oxford University Press (1993). ISBN 0-19-504645-5.
  • Mullin, Robert Bruce. A short world history of Christianity. Westminster John Knox Press (2008).
  • Norman, Edward. The Roman Catholic Church, An Illustrated History. University of California (2007) ISBN 978-0-520-25251-6
  • Olson, Roger E., The Mosaic of Christian Belief. InterVarsity Press (2002). ISBN 978-0-8308-2695-7.
  • Orlandis, Jose, A Short History of the Catholic Church. Scepter Publishers (1993) ISBN 1-85182-125-2
  • Ott, Ludwig. Grundriß der Dogmatik. Herder, Freiburg (1965).
  • Pelikan, Jaroslav; Hotchkiss, Valerie (ed.) Creeds and Confessions of Faith in the Christian Tradition. Yale University Press (2003). ISBN 0-300-09389-6.
  • Putnam, Robert D. Democracies in Flux: The Evolution of Social Capital in Contemporary Society. Oxford University Press (2002).
  • Riley-Smith, Jonathan. The Oxford History of the Crusades. New York: Oxford University Press, (1999).
  • Robinson, George. Essential Judaism: A Complete Guide to Beliefs, Customs and Rituals. New York: Pocket Books (2000).
  • Schama, Simon . A History of Britain. Hyperion (2000). ISBN 0-7868-6675-6.
  • Servetus, Michael. Restoration of Christianity. Lewiston, New York: Edwin Mellen Press (2007).
  • Simon, Edith. Great Ages of Man: The Reformation. Time-Life Books (1966). ISBN 0-662-27820-8.
  • Smith, J.Z. (1998).
  • Spitz, Lewis. The Protestant Reformation. Concordia Publishing House (2003). ISBN 0-570-03320-9.
  • Sproul, R.C. Knowing Scripture.
  • Spurgeon, Charles. A Defense of Calvinism .
  • Sykes, Stephen; Booty, John; Knight, Jonathan. The Study of Anglicanism. Augsburg Fortress Publishers (1998). ISBN 0-8006-3151-X.
  • Talbott, Thomas. ''Three Pictures of God in Western Theology" (1995).
  • Ustorf, Werner. "A missiological postscript", in: McLeod, Hugh; Ustorf, Werner (ed.). The Decline of Christendom in Western Europe, 1750–2000. Cambridge University Press (2003).
  • White, Howard A. The History of the Church .
  • Woodhead, Linda. An Introduction to Christianity.

অধিক তথ্য

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ World's largest religion by population is still Christianity. Countrymeters
  2. ↑ The Pew Forum on Religion and Public Life. December 2012. "The Global Religious Landscape: A Report on the Size and Distribution of the World's Major Religious Groups as of 2010." DC: Pew Research Center. Article
  3. ↑ Woodhead 2004, পৃ. n.p
  4. ↑ S. T. Kimbrough. (2005). Orthodox and Wesleyan Scriptural understanding and practice. St Vladimir's Seminary Press. ISBN 978-0-88141-301-4
  5. ↑ Religions in Global Society. p. 146, Peter Beyer, 2006
  6. ↑ Cambridge University Historical Series, An Essay on Western Civilization in Its Economic Aspects, p. 40: Hebraism, like Hellenism, has been an all-important factor in the development of Western Civilization; Judaism, as the precursor of Christianity, has indirectly had had much to do with shaping the ideals and morality of western nations since the christian era
  7. ↑ Caltron J.H Hayas, Christianity and Western Civilization (1953), Stanford University Press, p. 2: "That certain distinctive features of our Western civilization—the civilization of western Europe and of America—have been shaped chiefly by Judaeo – Graeco – Christianity, Catholic and Protestant."
  8. ↑ Horst Hutter, University of New York, Shaping the Future: Nietzsche's New Regime of the Soul And Its Ascetic Practices (2004), p. 111: three mighty founders of Western culture, namely Socrates, Jesus, and Plato
  9. ↑ Fred Reinhard Dallmayr, Dialogue Among Civilizations: Some Exemplary Voices (2004), p. 22: Western civilization is also sometimes described as "Christian" or "Judaeo- Christian" civilization
  10. ↑ (2006). Muslim-Christian Relations. Amsterdam University Press. ISBN 978-90-5356-938-2
  11. ↑ Fred Kammer. (1 May 2004). Doing Faith Justice. Paulist Press. পৃ. 77. ISBN 978-0-8091-4227-9
  12. ↑ (March 1994). Christian Church Women: Shapers of a Movement. Chalice Press. ISBN 978-0-8272-0463-8
  13. ↑ (19 December 2011). Christian Traditions. Pew Research Center's Religion & Public Life Project
  14. ↑ Status of Global Christianity, 2019, in the Context of 1900–2050. Center for the Study of Global Christianity
  15. ↑ Peter, Laurence. (2018-10-16). Orthodox Church split: Five reasons why it matters. BBC News
  16. ↑ (2019-05-03). Christian persecution 'at near genocide levels'. BBC News
  17. ↑ (2019-05-02). Persecution of Christians 'coming close to genocide' in Middle East – report. the Guardian
  18. ↑ (2019-01-16). One in three Christians face persecution in Asia, report finds. the Guardian

সম্পৰ্কিত শ্ৰেণী

খ্ৰীষ্টান ধৰ্মধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খ্ৰীষ্টধৰ্ম” প্ৰবন্ধৰ সংশোধন ৬৩১৯২০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।