দিল্লী (Delhi, दिल्ली), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (National Capital Territory of Delhi, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত।১২ দিল্লীৰ চাৰিসীমাৰ তিনিদিশত হাৰিয়ানা ৰাজ্য (গুড়গাঁও জিলা, ফৰিদাবাদ জিলা, ঝজ্জৰ জিলা আৰু চ'নিপট জিলা) আৰু পূব দিশত উত্তৰ প্ৰদেশ ৰাজ্য (গৌতম বুদ্ধ জিলা, গাজিয়াবাদ জিলা আৰু বাঘপট জিলা) অৱস্থিত। সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ মাটিকালি ১,৪৮৪ বৰ্গ কিলোমিটাৰ (৫৭৩ বৰ্গ মাইল)। ২০১১ চনৰ লোকপিয়ল অনুসৰি কেৱল দিল্লী মূল চহৰাঞ্চলৰ জনসংখ্যা ১.১ কোটিৰো অধিক,৩ এয়া মুম্বাইৰ পিছতে ভাৰতৰ দ্বিতীয় জনবহুল চহৰ।৪ আনহাতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ জনসংখ্যা ১.৬৮ কোটি।৫ দিল্লীৰ নগৰাঞ্চলক বৰ্তমানে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ চাৰিসীমাৰ বাহিৰেও দাতিকাষৰীয়া চহৰসমূহ, যেনে গাজিয়াবাদ, নইডা, বৃহত্তৰ নইডা, ফৰিদাবাদ, গুড়গাঁও, বাহডুৰগড় আৰু চ'নিপটকো অঞ্চলকো অন্তৰ্ভুক্ত কৰি কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (Central National Capital Region, CNCR) নামেৰে নামকৰণ কৰা হয়। ২০১৬ চনৰ অনুমান অনুসৰি এই বৃহত্তৰ অঞ্চলটোৰ জনসংখ্যা ২.৬ কোটিৰো অধিক। এয়া ৰাষ্ট্ৰসংঘৰ অনুসৰি পৃথিৱীৰ দ্বিতীয় জনবহুল নগৰ অঞ্চল।৬ মানৱ উন্নয়ন সূচকৰ ফালৰ পৰা ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীৰ স্থান পঞ্চম আৰু জনমুৰিৰ ফালৰ পৰা দেশখনৰ ভিতৰত দ্বিতীয়।৭ ইয়াৰোপৰি, দিল্লী পৃথিৱীৰ সৰ্বাধিক প্ৰদূষিত চহৰসমূহৰ ভিতৰত অন্যতম।
দিল্লীত মানূ্হৰ বসতি স্থাপন হয় খ্ৰীষ্টপূৰ্ব ৬ শতিকাতে আৰু তেতিয়াৰে পৰা বৰ্মানলৈ ইয়াত মানুহৰ বসবাস চলি আহিছে।৮ ইতিহাসৰ বিভিন্ন সময়ত ভিন ভিন সাম্ৰাজ্যই দিল্লীত নিজৰ ৰাজধানী স্থাপন কৰিছিল। বিশেষকৈ মধ্যযুগৰ সময়ত দিল্লীক বহুবাৰ দখল-বেদখল, নিৰ্মাণ-পুনৰ্নিমান কৰা হৈছিল। আধুনিক যুগৰ দিল্লী হৈছে মহানগৰীয় অঞ্চলটোৰ চুকে-কোনে সিঁচৰিত হৈ থকা কেইবাটাও চহৰৰ সমষ্টি।
যদিও দিল্লী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল, প্ৰশাসনিক ভাবে ইয়াৰ মিল ভাৰতৰ ৰাজ্যসমূহৰ লগতহে বেছি। দিল্লীৰ নিজা বিধানসভা, উচ্চ ন্যায়ালয়, আৰু মুখ্য মন্ত্ৰীৰ নেতৃত্বৰ চলিত মন্তীসভা আছে। নতুন দিল্লী ভাৰতৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰো ৰাজধানী আৰু ইয়াক যুটিয়াভাবে পৰিচালনা কৰে ভাৰত চৰকাৰ আৰু স্থানীয় দিল্লী চৰকাৰে। দিল্লীত ১৯৫১ চনৰ প্ৰথম এছিয় ক্ৰীড়া আৰু ১৯৮২ চনৰ নৱম এছিয় ক্ৰীড়া, ১৯৮২ চনৰ NAM সন্মিলন, ২০১০ চনৰ পুৰুষৰ হকী বিশ্বকাপ, ২০১০ কমনৱেলথ গেমছ, ২০১২ চনৰ চতুৰ্থ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হয়। ২০১১ চনৰ পুৰুষৰ বিশ্বকাপ ক্ৰিকেটৰো দিল্লী এক প্ৰধান আয়োজক চহৰ আছিল।
ইতিহাস
দিল্লী, ইতিহাসৰ বহু উত্থান পতনৰ নীৰৱ সাক্ষী এখন চহৰ, দেশৰ ৰাজনৈতিক স্পন্দন। আজিৰ পৰা এশ বছৰ পূৰ্বে এই মহানগৰ খনকে নতুন ৰূপত সজোৱাৰ বাবে চলিছিল। ব্ৰিটিছ শাসিত ভাৰতৰ ৰাজধানী হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাত সষ্টম হৈ উঠিছিল ব্ৰিটিছ প্ৰশাসন। দেশৰ পূব কোণত থকা ৰাজধানী চহৰ কলিকতাৰ পৰা প্ৰশাসনৰ কাম কাজ চলোৱাত অসুবিধা হোৱাত দিল্লীলৈ ব্ৰিটিছ প্ৰশাসনে ৰাজধানী চহৰ স্থানান্তৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে। তাৰ কিছুদিনৰ পাছতে অৰ্থাত ১৫ ডিচেম্বৰ তাৰিখে পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ উপস্থিতিত নতুন ৰাজধানী চহৰৰ আধাৰশিলা স্থাপন কৰা হয়। আৰম্ভ হয় নতুন দিল্লীৰ নক্সা অংকনৰ প্ৰক্ৰিয়া। নতুন ৰাজধানী চহৰখন নতুন স্থাপত্য শিল্পৰে উজলাই তোলাৰ দায়িত্ব দিয়া হয় মূলতঃ দুজন ব্যক্তিক ব্ৰিটিছ স্থপতিবিদ ছাৰ এডৱিন লুটিয়েনচ আৰু হাৰ্বাৰ্ট বেকাৰক। এওঁলোক দুগৰাকী ব্যক্তিৰ নেতৃত্বতেই চলে নতুন দিল্লীৰ আন্তঃগাঁঠনি তথা ইউৰোপীয় স্থাপত্য শিল্পৰ আধাৰত নতুন নতুন ভৱন তথা পথৰ নিৰ্মাণ কাম কাজ। মোগল সাম্ৰাজ্য স্থাপত্য কীৰ্তিৰে শুৱাই থকা দিল্লীত মূৰ দাঙি উঠে ব্ৰিটিছ ভাস্কৰ্য্য শিল্পৰ নতুন ৰূপ। মূলতঃ ব্ৰিটিছ প্ৰশাসনৰ বিভিন্ন উচ্চখাপৰ বিষয়ববীয়াৰ ভৱন তথা বিভিন্ন প্ৰশাসনিক ভৱনসমূহ নিৰ্মাণতহে অধিক গুৰুত্ব দিছিল। যদিও ১৯১১ চনত নতুন ৰাজধানী হিচাবে দিল্লীৰ আধাৰশিলা স্থাপন কৰা হৈছিল, নতুন চহৰৰ কাম কাজ আৰম্ভ হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পাছতহে। ১৯৩১ চনত এই কাম সম্পূৰ্ণ হয় আৰু সেই সময়ৰ ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড ইৰ্ৱিনে ১৩ ফেব্ৰুৱাৰী ১৯৩১ চনত নতুন ৰূপত দিল্লীৰ শুভ উদ্বোধন কৰে।
স্থাপত্য শিল্প
ব্ৰিটিছ শাসনত যেতিয়া দিল্লী চহৰৰ নৱনিৰ্মাণৰ কাম কাজ চলি আছিল তেতিয়াই ইউৰোপীয় আৰু ভাৰতীয় স্থাপত্য কলাৰ আৰ্হিত মুৰ ডাঙি উঠিছিল বিভিন্ন বিশাল ভৱনে, যিবোৰ আজিও ভাৰত চৰকাৰৰ বিভিন্ন প্ৰশাসনিক কাম কাজত ব্যৱহাৰ হৈ আছে। ব্ৰিটিছ সাম্ৰাজ্যৰ স্থাপত্য শিল্পৰ পৰা বৰ্তমানৰ প্ৰযুক্তিৰ যুগলৈ দিল্লীত থিয় হৈ আছে বহু ভৱন, অট্টালিকা আদি।
ৰাষ্ট্ৰপতি ভৱন


ব্ৰিটিছ সাম্ৰাজ্যৰ ভাইচৰয় আৰু ভাৰতৰ গৱৰ্নৰ জেনেৰেল সকলৰ বাসস্থান হিচাবে নিৰ্মিত ‘ৰাষ্ট্ৰপতি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ভাইচৰয় হাউচ’ হিচাবে। প্ৰায় ১৯ বছৰৰ কাম কাজৰ অন্তত: সম্পূৰ্ণ হোৱা এই বিশালকায় ভৱনটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত ৰাষ্ট্ৰপতি ভৱন নাম দিয়া হয় আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসস্থান হিচাবে চিহ্নিত হয়। প্ৰায় দুইলাখ বৰ্গফুটেৰে আৱৰা আৰু ৩৬০টা কোঠালিৰে ‘ৰাষ্ট্ৰপতি ভৱন’ হৈছে বিশ্বৰ যিকোনো ৰাষ্ট্ৰপ্ৰধানৰ ভৱনসমূহৰ ভিতৰতে বৃহত্তম ভৱন।
নৰ্থ আৰু চাউথ ব্লক (সচিবালয় ভৱন)
ৰাষ্ট্ৰপতি ভৱনৰ সমীপত থকা নৰ্থ আৰু চাউথ ব্লক হৈছে বৰ্তমান ভাৰতীয় প্ৰশাসন যন্ত্ৰৰ প্ৰাণকেন্দ্ৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়কে ধৰি বহুকেইটা গুৰুৰ্ত্বপূৰ্ণ মন্ত্ৰনালয়ৰ কাৰ্য্যালয় হিচাবে ব্যৱহৃত এই ভৱন দুটাৰ আৰ্হি প্ৰস্তুতি কৰিছিল স্থপতিবিদ হাৰ্বাৰ বেকাৰে। চাৰিটা খলপত বিভক্ত এই ভৱনৰ প্ৰতিটো মহলাত কোঠাৰ সংখ্যা প্ৰায় এহাজাৰ।
তিন মূৰ্তি ভৱন
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাসস্থান হিচাবে চিহ্নিত ‘তিন মূৰ্তি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ফ্লেগষ্টাফ হাউচ’(Flagstuff House) হিচাবে। ব্ৰিটিছ শাসনত সেনা প্ৰধানৰ বাসস্থান হিচাবে জনাজাত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল ব্ৰিটিছ স্থপতিবিদ ৰবাৰ্ট ৰাছেলে। বৰ্তমান এই ভৱন জৱাহৰলাল নেহৰুৰ স্মৃতিত উছৰ্গা কৰা হৈছে।
ৰাজপথ আৰু জনপথ
নতুন দিল্লীৰ দুটা উল্লেখযোগ্য মুখ্য পথ হৈছে ৰাজপথ আৰু জনপথ। পূৰ্বে কিংচৱে (Kingsway) নামেৰে জনাজাত এই পথ ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট হৈ ৰাষ্ট্ৰীয় ষ্টেডিয়ামলৈ বিস্তৃত। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা এই পথৰেই আগবাঢ়ে গণতন্ত্ৰ দিৱসৰ পেৰেড। ঠিক সেইদৰে নতুন দিল্লীৰ এটি ব্যস্ততম পথ জনপথো আছিল ব্ৰিটিছ ভাৰতৰ এক উল্লেখযোগ্য পথ, যাক প্ৰথমে জনা গৈছিল কুইনচৱে (Queensway) নামেৰে।
ইণ্ডিয়া গেট


এক কথাত ক’বলৈ হ’লে নতুন দিল্লীৰ পৰিচয়েই হৈছে ইণ্ডিয়া গেট। ১৯৩১ চনত এডৱাৰ্ড লুটিয়েনচৰ আৰ্হিত নিৰ্মিত ইণ্ডিয়া গেট, মূলতঃ নিৰ্মাণ কৰা হৈছিল প্ৰথম বিশ্বযুদ্ধৰত মৃত্যুবৰণ কৰা ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীৰ সোঁৱৰণত। ‘অল ইণ্ডিয়া ৱাৰ মেম’ৰিয়েল’(All India War Memorial) নামেৰে পুৰ্ব পৰিচিত ইণ্ডিয়া গেটত ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হয় ‘অমৰ জোৱান জ্যোতি’। ১৯৭১ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ইন্দিৰা গান্ধীয়ে অমৰ জৱান জ্যোতিত ভাৰতীয় সৈন্যবাহিনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰম্পৰা আজিও প্ৰতি বছৰে চলি আহিছে।
লটাচ টেম্পল
আধুনিক স্থাপত্য শিল্পৰ এক চমকপ্ৰদ নিদৰ্শন হ’ল লটাচ টেম্পল অথবা "বাহাই ধৰ্মাৱলম্বী উপসনা গৃহ"। নতুন দিল্লীৰ জনপ্ৰিয় স্থান সমূহৰ অন্তৰ্গত লটাচ টেম্পল, দৰ্শনৰ বাবে মুকলি কৰা হৈছিল ১৯৮৬ চনত। পদুম ফুলৰ আৰ্হিত নিৰ্মিত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল ফাৰিবৰ্জ চাবা নামৰ ইৰাণৰ স্থাপত্যশিল্পী এগৰাকীয়ে। দৈনিক প্ৰায় তেৰ হাজাৰ দৰ্শনাৰ্থীয়ে দৰ্শন কৰা লটাচ টেম্পল হৈছে নতুন দিল্লীৰ এক অনন্য পৰিচয়।
অক্ষৰধাম মন্দিৰ
যমুনা নদীৰ পাৰত অৱস্থিত নতুন দিল্লীৰ অন্য এক বিস্ময় হৈছে অক্ষৰধাম মন্দিৰ। স্বামীনাৰায়ন হিন্দু সম্প্ৰদায়ৰ আড়ম্বৰ্পূৰ্ণ এই উপসনা ভৱন আছে এক বিশাল এলেকাজুৰি। ছয় নৱেম্বৰ ২০০৬ চনত মুকলি কৰা এই মন্দিৰৰ কাৰুকাৰ্য্য চমকপ্ৰদ। গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডে ইতিমধ্যে বিশ্বৰ বৃহত্তম হিন্দু মন্দিৰ হিচাবে প্ৰমাণ পত্ৰ দিয়া এই মন্দিৰ নতুন দিল্লীৰ সৰ্বাধিক আকৰ্ষিত কৰা পৰ্য্যটকস্থলী সমূহৰ ভিতৰত অন্যতম।
শিক্ষা
দেশৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাবেও নতুন দিল্লী চিৰ পৰিচিত। দেশৰ কেইবাখনো প্ৰখ্যাত শিক্ষানুষ্ঠানে শিক্ষাদানৰ দিশত নতুন দিল্লীক এছিয়া মহাদেশৰ ভিতৰতে এখন উন্নত চহৰ হিচাবে প্ৰতিষ্ঠিত কৰিছে। পোনপ্ৰথমেই নাম ল’ব পাৰি দুখন প্ৰখ্যাত বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ১৯২২ চনত প্ৰতিষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ হৈছিল তিনিখন মহাবিদ্যালয়ৰ সহায়ত। ছেইণ্ট ষ্টিফেঞ্চ কলেজ, হিন্দু কলেজ আৰু ৰামজাচ কলেজ। দিল্লী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বহু পূৰ্বেই এইকেইখন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল যদিও পাছত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত তিনিওখন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হয়। বৰ্তমান বহুকেইখন প্ৰখ্যাত কলেজ এই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। ইয়াৰ উপৰিও এই বিশ্ববিদ্যালয়ৰ বহু বিভাগে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠিছে। দিল্লী স্কুল অব ইকনমিক্স, ফেকাল্টি অব মেনেজমেণ্ট ষ্টাডিজ, ফেকাল্টি অৱ ল’ ইত্যাদি বিভাগবোৰ শিক্ষাৰ সৰ্বোতকৃষ্ট বিভাগ সমূহৰ ভিতৰত অন্যতম। দেশৰ আন এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়েও নতুন দিল্লীৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। স্নাতকোত্তৰ শিক্ষাক মুখ্য উদ্দেশ্য লৈ এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হৈছিল ১৯৬৯ চনত। দেশৰ বিজ্ঞান আৰু সামাজিক গৱেষণাত উত্কৃষ্ট সেৱা আগবঢ়াই অহা এইখন শিক্ষানুষ্ঠানত বৰ্তমান দেশ বিদেশৰ প্ৰায় পাঁচ সহস্ৰাধিক মেধাবী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঠ্যক্ৰম, পাঠদান আদিৰ বাবে এই বিশ্ববিদ্যালয়ে এচিয়াৰ ভিতৰতে এখন উন্নত বিশ্ববিদ্যালয় হিচাবে জনাজাত হৈছে। দেশৰ মুছলমান সম্প্ৰদায়ৰ মাজত উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে স্থাপিত হোৱা জামিয়া মিলিয়া ইচলামিয়া দিল্লীত অৱস্থিত অন্য এখন লেখত লবলগীয়া শিক্ষানুষ্ঠান। ১৯২০ চনত স্থাপিত এই শিক্ষানুষ্ঠানখন ১৯৮৮ চনত ভাৰত চৰকাৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাবে আনুষ্ঠানিকভাবে ঘোষণা কৰে। ইয়াৰ উপৰিও চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত ’এইমচ’(AIIMS), কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ’আই আই টি দিল্লী’ (IIT Delhi),জনসংযোগ আৰু সাংবাদিকতা শিক্ষাত ’ইণ্ডিয়ান ইনষ্টিটিউট অব মাচ কমিউনিকেচন’ (IIMC) আদি প্ৰখ্যাত শিক্ষানুষ্ঠান সমূহে দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত সৰ্বোত্কৃষ্ট সেৱা আগবঢ়াই আছে।
বাণিজ্য
দেশৰ ভিতৰতে এখন উল্লেখযোগ্য বাণিজ্যিক চহৰ হিচাবে নতুন দিল্লীৰ নিজস্ব এক পৰিচয় আছে। বুৰঞ্জীপ্ৰসিদ্ধ কনট প্লেচৰ পৰা আৰম্ভ কৰি নেহৰু প্লেচলৈ বিস্তৃত ৰূপত বিস্তাৰিত হৈ আছে দিল্লীৰ বেপাৰ বাণিজ্য।
ৰাজধানী চহৰ দিল্লীৰ একেবাৰে সোঁমাজত অৱস্থিত এই কনট প্লেচৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল ১৯২৯ চনত আৰু সমাপ্ত হৈছিল ১৯৩৩ চনত। ৰাণী ভিক্টোৰিয়াৰ তৃতীয় পুত্ৰ প্ৰিন্স আৰ্থাৰ তথা ডিউক অব কনাট(Duke of Connaught) ৰ নামেৰে নামকৰণ কৰা এই স্থানডোখৰৰ নাম পাছত "ৰাজীৱ চৌক" নামেৰে নামকৰণ কৰা হয় যদিও দিল্লীবাসীৰ বাবে ই চিপি (CP) হিচাবেহে অধিক জনপ্ৰিয়। এই কনট প্লেচতে ভূ গৰ্ভত অৱস্থিত "পালিকা বজাৰ" হৈছে এক জনপ্ৰিয় বেহা বেপাৰৰ কেন্দ্ৰ।
দিল্লী হাট
দেশৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প সমূহক একেখন মঞ্চলৈ আনিবলৈ কৰা এক প্ৰয়াসৰ ফলস্বৰূপেই প্ৰতিষ্ঠিত হৈছিল দিল্লী হাট(Dilli Haat)। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কাৰুকাৰ্য্য খচিত সামগ্ৰী সমূহৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ প্ৰাণকেন্দ্ৰ দিল্লী হাট প্ৰতিষ্ঠা কৰা হৈছিল ১৯৯৪ চনত। হস্তশিল্পৰ লগতে বিভিন্ন প্ৰদেশৰ পৰম্পৰাগত খাদ্য সম্ভাৰ দিল্লী হাটৰ অইন এক আকৰ্ষণীয় ব্যৱস্থা।
নেহৰু প্লেচ
আশী দশকৰ শেষৰ ফালে প্ৰতিষ্ঠিত নেহৰু প্লেচ হৈছে দক্ষিণ এচিয়াৰ ভিতৰতে এক উল্লেখযোগ্য তথ্য প্ৰযুক্তিৰ ব্যৱসায় কেন্দ্ৰ। বিভিন্ন তথ্য প্ৰযুক্তিমূলক কোম্পানীৰ কাৰ্য্যালয়ৰ লগতে প্ৰযুক্তিমূলক সা সামগ্ৰীৰ বেহা বেপাৰৰ কেন্দ্ৰ নেহৰু প্লেচ দিল্লীৰ ব্যস্ততম ব্যৱসায়িক স্থান সমূহৰ ভিতৰত অন্যতম।
খান মাৰ্কেট
দেশৰ ভিতৰতে আটাইতকৈ খৰচী তথা বিশ্বৰ ২১তম খৰচী বজাৰখনেই হৈছে খান মাৰ্কেট। বিশিষ্ট ৰাজনৈতিক নেতা খান আব্দুল গফৰ খানৰ নামেৰে নামাকৰন কৰা এই বজাৰখনত আছে দেশ বিদেশৰ অজস্ৰ নামী দামী কোম্পানীৰ বিক্ৰী সামগ্ৰী। ইয়াৰ উপৰিও বৰ্তমান দিল্লীৰ আশে-পাশে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বাণিজ্যিক কেন্দ্ৰ সমূহ গঢ়ি উঠিছে।
যাতায়ত ব্যৱস্থা
দিল্লীৰ যাতায়ত ব্যৱস্থাৰ আজি কিছু বছৰৰ ভিতৰতে এক যুগান্তকাৰী ৰূপত পৰিবৰ্তন ঘটিছে। বৰ্তমান বিভিন্ন আধুনিক প্ৰযুক্তিৰ যাতায়তৰ সা সুবিধাই দিল্লীক কৰি তুলিছে দেশৰ ভিতৰতে এক অনন্য মহানগৰ। পোনপ্ৰথমেই নাম লব লাগিব দিল্লী মেট্ৰ’ৰ, যিয়ে আধুনিক প্ৰযুক্তিৰে যাতায়ত আৰু যোগাযোগ মাধ্যমত এক বিপ্লব গঢ়ি তুলিছে। বিশ্বৰ বৃহত্তম মেট্ৰ’ৰেল নেটৱৰ্ক সমূহৰ অন্যতম এই মেট্ৰ সেৱাই ১৪২টা ষ্টেচন (৩৫টা ভূগৰ্ভস্থ) ৰ সৈতে দিল্লীৰ প্ৰায় ১৯০ কি.মি. পথত বিস্তৃত হৈ আছে। দিল্লী মেট্ৰ’ ৰেলসেৱাৰ কাম এতিয়াও চলি আছে। দিল্লীত যাতায়তৰ দ্বিতীয় প্ৰধান ব্যৱস্থাটোৱেই হ’ল দিল্লী পৰিবহণ সেৱাৰ বাচ। বিশ্বৰ বৃহত্তম চি এন জি বাচসেৱা হিচাবে জনাজাত এই সেৱাৰ দ্বাৰা গোটেই দিল্লীতে বৰ্তমান চলি আছে প্ৰায় পাঁচ হাজাৰ সুদৃশ্য সেউজৰঙী বাচ, লগতে প্ৰায় এহাজাৰ শীত তাপ নিয়ন্ত্ৰিত বাচ। যাতায়তৰ ক্ষেত্ৰত দিল্লীৰ উল্লেখযোগ্য পথ সমূহৰ ভিতৰত মুখ্য পথ দুটা হৈছে ‘ৰিং ৰোড’(Ring Road) – বহি: আৰু আন্তঃ ৰিং ৰোড। দুয়োটা ৰিং ৰোডৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৭ কিলোমিটাৰ। গোটেই দিল্লীখনকেই এক বৃত্তাকাৰ ৰূপত আৱৰি থকা এই দুটা পথ হৈছে দিল্লীৰ যাতায়ত ব্যৱস্থাৰ হৃদস্পন্দন স্বৰূপ। দিল্লীক সাধাৰণে ‘উৰণীয়াসেতুৰ মহানগৰী’ হিচাবেও আখ্যা দিয়া হয়,কাৰণ প্ৰায়বোৰ পথতেই অৱস্থিত বৃহতাকাৰৰ উৰণীয়া সেতুসমূহ। খোদ ৰিং ৰোডতেই আছে বিশখনতকৈও অধিক বিশালকায় উৰণীয়া সেতু। বিমানসেৱাৰ ফালৰ পৰাও নতুন দিল্লীয়ে মুৰ ডাঙি উঠিছে শক্তিশালী ৰূপত। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সৰ্বাধুনিক ‘টাৰ্মিনেল ৩’টো হৈছে দক্ষিণ এচিয়াৰ সবাতোকৈ বিশাল টাৰ্মিনেল। ঠিক সেইদৰে দৈনিক ষোল্লটা প্লেটফৰ্মত, তিনি শতাধিক ৰেলৰ আহ যাহেৰে আৰু প্ৰায় তিনি লক্ষাধিক ভ্ৰমণকাৰীৰে নতুন দিল্লী ৰেল ষ্টেচনটো হৈছে দেশৰ দ্বিতীয় ব্যস্ততম ৰেল ষ্টেচন।
কলা সংস্কৃতি
যিহেতু দিল্লীৰ জনগাঁথনি বিভিন্ন ঠাইৰ লোকৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে, সেইবাবে ইয়াৰ সংস্কৃতিও মিশ্ৰিত, যদিও উত্তৰ ভাৰতীয় লোকৰ কলা সংস্কৃতিৰ প্ৰাধান্যতা বেছি। কিন্তু দিল্লীক দেশৰ ভিতৰতে এখন উচ্চ খাপৰ সাংস্কৃতিক কেন্দ্ৰ বুলিও ধৰিলে ভুল কৰা নহ’ব। দেশৰ বিভিন্ন অঞ্চলৰ সংস্কৃতিক ঐতিহ্যক দৰ্শনীয় ৰূপত উপস্থাপন কৰিবলৈ ঘনে ঘনে অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ। চিৰি ফৰ্ট, কামানী, শ্ৰীৰাম চেণ্টাৰ, ইণ্ডিয়ান হেবিটেট চেণ্টাৰ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষগৃহত অনুষ্ঠিত হয় বহুতো উচ্চমানদণ্ডৰ অনুষ্ঠান। ইয়াৰ উপৰিও নাট্য প্ৰদৰ্শনৰ দিশত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় হৈছে দেশৰ অন্যতম নাট্য শিক্ষানুষ্ঠান, য’ত প্ৰতিবছৰে অনুষ্ঠিত হয় দেশ বিদেশৰ কালজয়ী নাটসমূহ।
ইয়াৰ উপৰিও দেশৰ ৰাজনৈতিক আৰু কূটনীতিৰ প্ৰাণকেন্দ্ৰ নতুন দিল্লীতে আছে দেশৰ প্ৰধানমন্ত্ৰী তথা অন্যান্য মন্ত্ৰী,সাংসদ আদিৰ চৰকাৰী বাসগৃহসমূহ। ২৪ আকবৰ ৰোড বুলি ক’লে যেনেদৰে বিৰোধী দল কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয় হিচাবে জনা যায়,ঠিক সেইদৰে ১১ অশোকা ৰোড বুলি কলে শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালয় হিচাবে জনা যায়। ঠিক সেইদৰে নতুন দিল্লীৰ চানক্যপুৰী হৈছে আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰ, কাৰণ ইয়াতেই আছে দেশ বিদেশৰ ৰাষ্ট্ৰদূত সকলৰ কাৰ্য্যালয়। বিভিন্ন বিখ্যাত খাদ্য সম্ভাৰৰ বাবে বিখ্যাত দিল্লীত যিদৰে আপুনি চাঁদনী চৌকৰ ‘পৰাথেৱালী গলি’ত বিভিন্ন প্ৰকাৰৰ পৰঠা খাবলৈ পাব, ঠিক তেনেদৰে নিজামুদ্দিন আৰু নিউ ফ্ৰেণ্ডচ কলনীত বিচাৰি পাব ক্ৰমান্বয়ে মোগল ৰান্ধনীশালৰ বিৰিয়ানী আৰু প্ৰখ্যাত আফগান ৰন্ধন চাৱৰ্মা।
বুৰঞ্জীপ্ৰসিদ্ধ দিল্লীয়ে ইতিমধ্যে লালকিল্লা, কুটুব মিনাৰ, পুৰাণা কিল্লা আদিৰে নিজৰ ঐতিহ্য শ শ বছৰ ধৰি বহন কৰি আছে যদিও যোৱা এশটা বছৰত দিল্লীয়ে পাইছে আধুনিকতাৰ পৰশ,বিশেষকৈ যোৱা এটা দশকত নতুন দিল্লীয়ে লাভ কৰিছে অত্যাধুনিক প্ৰযুক্তিৰে এক অভিনৱ ৰূপ। সময়ে সময়ে বিভিন্ন বিতৰ্কৰ বাবে ই শিৰোনাম দখল কৰি থাকে যদিও দিল্লীয়ে আপোনাক বুজি পাবলৈ হ’লে আপুনিও দিল্লীক বুজি পাব লাগিব। উত্তৰ ভাৰতীয়ৰ আতিশায্য. হত্যা, হিংসা, ধৰ্ষন আদিৰে দিল্লীয়ে প্ৰায়েই শিৰোণামা দখল কৰি থাকে। কিন্তু দিল্লীক যদি এখন সেউজ, মিশ্ৰ সাংস্কৃতিক অথবা তথ্য প্ৰযুক্তিৰে উন্নত এখন ৰাজধানী হিচাবে চোৱা যায় তেন্তে দিল্লীৰ এক বেলেগ ৰূপ প্ৰত্যক্ষ হ’ব। দিল্লীত যিয়েই বহুবছৰ ধৰি কটাইছে তেওঁলোকে হয়তো ইয়াৰ মোহৰ পৰা আঁতৰি থাকিব নোৱাৰে সেয়া লাগিলে দক্ষিণ ভাৰতীয় এগৰাকীয়েই হওক, এগৰাকী গুজৰাটীয়েই হওক, এগৰাকী মাৰাঠীয়েই হওক অথবা এগৰাকী অসমীয়াই হওক।
দিল্লীবাসী অসমীয়া সকলৰ বাবেও যেন নতুন দিল্লীখন এখন আপোন ঘৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি দিল্লীত থিতাপি লোৱা অসমীয়াৰ অসমৰ প্ৰতি থকা ভালপোৱাখিনি ঢালি দিয়ে এই দিল্লী মহানগৰীতে। অসমত যিদৰে মাঘৰ মেজি জ্বলে, দিল্লীতো জ্বলে অসমৰ বাপতি সাহোন মাঘ বিহুৰ মেজি,অসমত যেনেদৰে শংকৰদেৱৰ জন্মোত্সৱত খোল তালৰ শবদৰে ৰজন জনাই যায় নামঘৰ, দিল্লীতো প্ৰতিধ্বনিত হয় সেই খোলৰ শব্দ। কাৰণ হয়তো লাখ লাখ অসমীয়াৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মৰ সন্ধানত অহা সকলো লোকৰ দ্বিতীয়খন ঘৰেই হ’ল নতুন দিল্লী।
অধিক তথ্য
- Economic Survey of Delhi 2005–2006. Planning Department. Government of National Capital Territory of Delhi. Retrieved on 12 February 2007
- Horton, P. (2002). Lonely Planet Delhi. Lonely Planet Publications. ISBN 1864502975
- Rowe, P; Coster, P. (2004). Delhi (Great Cities of the World). World Almanac Library. ISBN 0836851978
- Delhi: Adventures in a Megacity by Sam Miller (writer and journalist)
বাহ্যিক সংযোগ
- Directory of Indian Government Websites, Delhi
- Government of National Capital Territory of Delhi
- Municipal Corporation of Delhi
- New Delhi Municipal Council
অনান্য
তথ্যসূত্ৰ
- ↑ The Constitution (Sixty-Ninth Amendment) Act, 1991. Ministry of Law and Justice, ভাৰত চৰকাৰ
- ↑ Habib, Irfan. (1999). The agrarian system of Mughal India, 1556–1707. Oxford University Press. ISBN 978-0-19-562329-1 * Royal Asiatic Society. (1834). Journal of the Royal Asiatic Society of Great Britain & Ireland. Cambridge University Press * Karamchandani, L.T. (1968). India, the beautiful. Sita Publication * (1994). The National geographical journal of India, Volume 40. National Geographical Society of India
- ↑ Delhi Metropolitan/City Population section of Delhi Population Sex Ratio in Delhi Literacy rate Delhi NCR. 2011 Census of India
- ↑ This study settles the Delhi versus Mumbai debate: The Capital’s economy is streets ahead
- ↑ Delhi (India): Union Territory, Major Agglomerations & Towns – Population Statistics in Maps and Charts. City Population
- ↑ (October 2016). The World's Cities in 2016. ৰাষ্ট্ৰসংঘ. পৃ. 4
- ↑ Gross State Domestic Product of Delhi. Planning Department, Government of Delhi. পৃ. 16
- ↑ Asher, Catherine B. (2000). City Walls. Cambridge University Press. পৃ. 247–281. ISBN 978-0-521-65221-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিল্লী” প্ৰবন্ধৰ সংশোধন ৬৩১৫০৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।