অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

লোকসভা

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ৪৯৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতৰ সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতিজন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫জন সদস্য আছে। ২০০৯ চনলৈকে ভাৰতত মুঠ ১৬খন লোকসভা গঠিত হৈছে।

লোকভাৰ সদস্য সকলৰ পৰা এজনক অধ্যক্ষ্ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰা হয়। সদনৰ কাম-কাজ অধ্যক্ষৰ দায়িত্ব।

প্ৰত্যেক লোকসভাৰ ম্যাদ পাঁচ বছৰ। পাঁচ বছৰ অন্তৰত এই সভা স্বয়ংক্ৰিয়ভাৱেই বিলুপ্ত হয়। তেতিয়া জৰুৰী অৱস্থা ঘোষণাৰ মাধ্যমত এই সভাৰ ম্যাদ আৰু এবছৰ বঢ়োৱা যায়। ভাৰতৰ পঞ্চদশ লোকসভা গঠিত হৈছে ২০০৯ চনৰ মে মাহত। ২০০১ চনৰ ভাৰতীয় লোকপিয়লৰ পৰিপ্ৰেক্ষিতে সাম্প্ৰতিকসময়ত লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে গঠিত হয় সীমা পুনৰ্নিদ্ধাৰণ কমিশ্যন। সীমা পুনৰ্নিদ্ধাৰণৰ কামটো প্ৰকৃতপক্ষে প্ৰত্যেক লোকপিয়লৰ পাছত হোৱাৰ কথা। কিন্তু ১৯৭৬ চনত পৰিবাৰ পৰিকল্পনা কৰ্মসূচিৰ প্ৰভাৱৰ বাবে এটা বিশেষ সংবিধান সংশোধনীৰ দ্বাৰা এই কাম স্থগিত কৰা হৈছিল।১ বৰ্তমান লোকসভা টিভি নামে লোকসভাৰ এটা নিজস্ব দূৰদৰ্শন কেন্দ্ৰ আছে, যাৰ সদৰ সংসদ ভৱনৰ ওপৰতে অৱস্থিত।

সদস্য হোৱাৰ যোগ্যতা

সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। লোকসভাৰ সদস্যসকলৰ অৱশ্যে ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ২৫ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল লোকসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে। সংৰক্ষিত আসনৰ ক্ষেত্ৰত প্ৰাৰ্থীক অৱশ্যে তফসিলি জাতি বা উপজাতি তালিকাভুক্ত হ’ব পাৰে।

অধিবেশন আৰু দৈনিক কাৰ্যকাল

সাধাৰণ দিনত লোকসভাৰ কাৰ্যকাল ৰাতিপুৱা ১১টাৰ পৰা দুপৰীয়া ১টা আৰু দুপৰীয়া ২টাৰ পৰা সন্ধ্যা ৬টা বজালৈ। অৱশ্যে কেতিয়াবা অধিবেশন অনিৰ্দিষ্ট সময়লৈ চলিব পাৰে। ইয়াৰ বাহিৰেও ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশেষ কাৰণত জৰুৰীকালীন অধিবেশন অনুষ্ঠিত কৰিব পাৰে। প্ৰত্যেক বৈঠকৰ প্ৰথম ঘণ্টাটো প্ৰশ্নোত্তৰ কাল (Question hour) নামে পৰিচিত। এই পৰ্বত সদস্যসকলে নিৰ্দিষ্ট বিষয়ত প্ৰশ্ন উত্থাপন কৰে আৰু সংশ্লিষ্ট বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীসকলে সেইবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে। অৰ্থ বিল বাদে আন সকলো ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাৰ আইনবিভাগীয় ক্ষমতা একেই। অৰ্থবিলৰ ক্ষেত্ৰত লোকসভাই সৰ্বোচ্চ কৰ্তৃপক্ষ। আইনবিভাগৰ কোনো বিষয়কলৈ উভয় কক্ষৰ মাজত বিৰোধ দেখা গ’লে যৌথ অধিবেশনৰ মাধ্যমেৰে তাৰ মীমাংসা কৰা হয়। তথাপিটো এই ধৰণৰ অধিবেশনত সাধাৰণতে লোকসভাৰ সদস্যসকলেই জয়ী হয়। কাৰণ, লোকসভাৰ সদস্যসংখ্যা ৰাজ্যসভাৰ প্ৰায় দুগুণ।

বাৰ্ষিক কাৰ্যসূচী

প্ৰত্যেক বছৰত লোকসভাৰ তিনিটা অধিবেশন হয়। সেয়া হ'ল

  1. বাজেট অধিবেশন, ফেব্ৰুৱাৰীৰ পৰা মে।
  2. বৰ্ষাকালীন অধিবেশন, জুলাইৰ পৰা চেপ্তেম্বৰ।
  3. শীতকালীন অধিবেশন, নবেম্বৰৰ পৰা ডিচেম্বৰ।

বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকসভা সমষ্টিৰ সংখ্যা

ৰাজ্যধৰণসমষ্টিৰ সংখ্যা২
অন্ধ্ৰপ্ৰদেশৰাজ্য৪২
অৰুণাচল প্ৰদেশৰাজ্য২
অসমৰাজ্য১৪
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জকেন্দ্ৰীয় শাসিত অঞ্চল১
উত্তৰাখণ্ডৰাজ্য৫
উত্তৰ প্ৰদেশৰাজ্য৮০
ওড়িশাৰাজ্য২১
কেৰালাৰাজ্য২০
কৰ্ণাটকৰাজ্য২৮
গোৱাৰাজ্য২
গুজৰাটৰাজ্য২৬
চণ্ডীগড়কেন্দ্ৰীয় শাসিত অঞ্চল১
ছিক্কিমৰাজ্য১
ছত্তীসগঢ়ৰাজ্য১১
জম্মু আৰু কাশ্মীৰৰাজ্য৬
ঝাৰখণ্ডৰাজ্য১৪
তামিলনাডুৰাজ্য৩৯
ত্ৰিপুৰাৰাজ্য২
দাদৰা আৰু নগৰ হাৱেলীকেন্দ্ৰীয় শাসিত অঞ্চল১
দিল্লীজাতীয় ৰাজধানী অঞ্চল৭
দমন আৰু দিউকেন্দ্ৰীয় শাসিত অঞ্চল১
নাগালেণ্ডৰাজ্য১
পঞ্জাবৰাজ্য১৩
পণ্ডীছেৰীকেন্দ্ৰীয় শাসিত অঞ্চল১
পশ্চিমবংগৰাজ্য৪২
বিহাৰৰাজ্য৪০
মিজোৰামৰাজ্য১
মেঘালয়ৰাজ্য২
মণিপুৰৰাজ্য২
মধ্য প্ৰদেশৰাজ্য২৯
মহাৰাষ্ট্ৰৰাজ্য৪৮
ৰাজস্থানৰাজ্য২৫
লাক্ষাদ্বীপকেন্দ্ৰীয় শাসিত অঞ্চল১
হাৰিয়ানাৰাজ্য১০
হিমাচল প্ৰদেশৰাজ্য৪

ক্ষমতা আৰু দায়িত্ব

কেন্দ্ৰীয় চৰকাৰে যিকোনো আইন প্ৰনয়ণ কৰাৰ আগতে ইয়াক বিধেয়ক হিচাবে সংসদত উত্থাপিত কৰিব লাগে। দুয়োখন সংসদে বিধেয়কখন ভোটৰ দ্বাৰা অনুমোদিত কৰিলেহে সেয়া আইনত পৰিণত হয়। বিত্তীয় বিধেয়ক ৰাজ্যসভাই নাকচ কৰিব নোৱাৰে, কিন্তু লোকসভাই নাকচ কৰিব পাৰে।

কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ কেবল লোকসভাতহে উত্থাপন কৰিব পাৰি। যদি এই প্ৰস্তাব গৃহীত হয়, তেন্তে প্ৰধান মন্ত্ৰী আৰু তেওৰ মন্ত্ৰী পৰিষদে পদত্যাগ কৰিব লাগিব। যদি কোনো দলেই লোকসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেনেহলে ৰাষ্ট্ৰপতি য়ে লোকসভা ভঙ্গ কৰি দিব। অৱশ্যে ৰাজ্যসভা ভঙ্গ কৰিব নোৱাৰি। সংবিধান সংশোধনী বিধেয়কো দুয়োখান সদনে গ্ৰহণ কৰিব লাগিব।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Election Commission India
  2. ↑ Lok Sabha Introduction. National Informatics Centre, Government of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজনীতিআইনসভা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকসভা” প্ৰবন্ধৰ সংশোধন ৪৫৫৩৭৬ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।