আলিগড় মুছলিম বিশ্ববিদ্যালয় (ইংৰাজী: Aligarh Muslim University, চমুকৈ AMU) আলিগড় মুছলিম বিশ্ববিদ্যালয় ভাৰতৰ উত্তৰ প্ৰদেশৰ আলিগড়ত অৱস্থিত এখন কলেজিয়েট, কেন্দ্ৰীয় আৰু গৱেষণা বিশ্ববিদ্যালয়, যিখন প্ৰথমে ১৮৭৫ চনত ছাৰ চৈয়দ আহমেদ খানে মুহাম্মদান এংলো-অৰিয়েণ্টেল কলেজ হিচাপে প্ৰতিষ্ঠা কৰিছিল।১২আলিগড় মুছলিম বিশ্ববিদ্যালয় আইন অনুসৰি ১৯২০ চনত মুহাম্মদান এংলো-অৰিয়েণ্টেল কলেজ আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ পৰিণত হয়।১
বিশ্ববিদ্যালয়খনে পৰম্পৰাগত আৰু আধুনিক শিক্ষাৰ ৩০০ৰো অধিক পাঠ্যক্ৰম আগবঢ়ায়৷ ই ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আৰু ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীৰ অধীনত কেন্দ্ৰীয় তালিকাত তালিকাভুক্ত।৩
ইতিহাস


পুঁজিৰ ব্যৱস্থা
১৮৭৫ চনত ছাৰ চৈয়দ আহমেদ খানে এই বিশ্ববিদ্যালয়খন মুহাম্মাদান এংলো-অৰিয়েণ্টেল কলেজ হিচাপে প্ৰতিষ্ঠা কৰিছিল।১৪ ১৮৭৫ চনৰ ২৪ মে’ৰ পৰা ইয়াৰ কাম আৰম্ভ হয়।৫ চৈয়দ আহমেদ খান আৰু মহাবিদ্যালয়খনৰ সৈতে জড়িত আন্দোলনটো আলিগড় আন্দোলন নামেৰে পৰিচিত হৈছিল আৰু এই আন্দোলনে ভাৰতীয় মুছলমান জনসাধাৰণৰ বাবে আধুনিক শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি আগ বাঢি়ছিল।৬ তেওঁ ইংৰাজী আৰু পাশ্চাত্য বিজ্ঞানৰ দক্ষতাক মুছলমানৰ ৰাজনৈতিক প্ৰভাৱ বজাই ৰখাৰ বাবে প্ৰয়োজনীয় দক্ষতা বুলি বিবেচনা কৰিছিল আৰু মহাবিদ্যালয়খনৰ দৃষ্টিভংগীৰ ভিত্তি আছিল অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয় ভ্ৰমণৰ যোগেদি আহৰণ কৰা অভিজ্ঞতাৰ ভিত্তিত ব্ৰিটিছ আৰ্হিৰ দৰে শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা।৭
ফাউণ্ডেশ্যন অফ মুছলিম কলেজ নামেৰে এখন সমিতি গঠন কৰি মানুহক উদাৰতাৰে মহাবিদ্যালখনৰ পুঁজিৰ বাবে ধন দিবলৈ আহ্বান জনোৱা হৈছিল৷ তাৰ পিছত ভাৰতৰ ভাইচৰয় আৰু গৱৰ্ণৰ জেনেৰেল থমাছ বেৰিঙে ₹ ১০,০০০ অনুদান দিয়াৰ বিপৰীতে উত্তৰ-পশ্চিম প্ৰদেশৰ লেফটেনেণ্ট গৱৰ্ণৰে ₹ ১,০০০ বৰঙণি আগবঢ়ায় আৰু ১৮৭৪ চনৰ মাৰ্চ মাহলৈকে কলেজখনৰ পুঁজিত ₹ ১,৫৩,৯২০ ₹ আৰু ৮ অনা জমা হৈছিল৷৫ পাটিয়ালাৰ মহাৰাজা মহিন্দ্ৰ সিং সাব বাহাদুৰে ₹ ৫৮ হাজাৰ আৰু বেনাৰসৰ ৰাজা শম্ভু নাৰায়ণে ₹ ৬০ হাজাৰ আগবঢ়ায়।৮ বিজয়নগৰৰ মহাৰাজৰ পৰাও অনুদান আহিছিল।৯ প্ৰথমে মেট্ৰিক পৰীক্ষাৰ বাবে এই মহাবিদ্যালয়খন কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈছিল যদিও ১৮৮৫ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ পৰে।৫ হায়দৰাবাদৰ সপ্তম নিজাম মিৰ ওছমান আলী খানে ১৯১৮ চনত এই প্ৰতিষ্ঠানটোলৈ ₹ ৫,০০,০০০ৰ উল্লেখযোগ্য অনুদান আগবঢ়ায়।১০১১১২
বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা
১৯০০ চনত মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰচেষ্টাৰ নেতৃত্ব দিবলৈ মুছলিম ইউনিভাৰ্চিটি এছ’চিয়েচন গঠন কৰা হয়। ভাৰত চৰকাৰে সংস্থাটোক অৱগত কৰে যে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ ত্ৰিশ লাখ টকা সংগ্ৰহ কৰিব লাগে। সেয়ে মুছলিম বিশ্ববিদ্যালয় ফাউণ্ডেশ্যন সমিতিয়ে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। আৰ্থিক অনুদান মুছলমানৰ লগতে অমুছলমানেও আগবঢ়াইছিল।১৩ মহম্মদ আলী মহম্মদ খান আৰু আগা খান তৃতীয়ই আলিগড় মুছলিম বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ধন সংগ্ৰহ কৰি এই ধাৰণাটো বাস্তৱায়িত কৰাত সহায় কৰিছিল।১৪ এম এ অ’ কলেজক কেন্দ্ৰবিন্দু হিচাপে লৈ তাৰ পাছত আলিগড় মুছলিম বিশ্ববিদ্যালয় আইন, ১৯২০ৰ দ্বাৰা আলিগড় মুছলিম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।৭১৫ ১৯২৭ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ আহমদী স্কুল ফৰ দ্য ভিজুৱেলি চেলেঞ্জড (আলিগড় মুছলিম ইউনিভাৰ্চিটি) প্ৰতিষ্ঠা কৰা হয় আৰু পাছৰ বছৰত বিশ্ববিদ্যালয়খনৰ লগত এখন চিকিৎসা বিদ্যালয় সংযুক্ত কৰা হয়। ইউনানি চিকিৎসা মহাবিদ্যালয়, আজমল খান তিব্বিয়া মহাবিদ্যালয়খন ১৯২৭ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ১৯৩২ চনৰ পাছৰ ফালে আজমল খান তিব্বিয়া চিকিৎসালয় মহাবিদ্যালয় স্থাপন কৰা হয়।১৬ বিশ্ববিদ্যালয়খনৰ অংশ হিচাপে ১৯৬২ চনৰ পাছত জৱাহৰলাল নেহৰু মেডিকেল কলেজ এণ্ড হাস্পতাল স্থাপন কৰা হয়।১৭ ১৯৩৫ চনত জাকিৰ হুছেইন কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিও বিশ্ববিদ্যালয়খনৰ এটা অংশ হিচাপে প্ৰতিষ্ঠা কৰা হয়।১৮
১৯৩৯ চনৰ আগতে অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলে সৰ্বভাৰতীয় জাতীয়তাবাদী আন্দোলনক সমৰ্থন কৰিছিল যদিও ১৯৩৯ চনৰ পাছত ৰাজনৈতিক আৱেগ মুছলমান বিচ্ছিন্নতাবাদী আন্দোলনৰ সমৰ্থনৰ দিশে ধাৱিত হয়। ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে মহম্মদ আলী জিন্নাক সমৰ্থন কৰিছিল আৰু বিশ্ববিদ্যালয়খন পাকিস্তান আন্দোলনৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হৈছিল।১৯২০
নাৰী শিক্ষা
শ্বেখ আব্দুল্লা ("পাপা মিয়ান") আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু মহিলা শিক্ষাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল, প্ৰবন্ধ লিখিছিল আৰু লগতে মাহেকীয়া মহিলা আলোচনী খাটুনও প্ৰকাশ কৰিছিল। মহিলাৰ বাবে মহাবিদ্যালয়খন আৰম্ভ কৰিবলৈ তেওঁ সংযুক্ত প্ৰদেশৰ লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰলৈ যোৱা এটা প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল আৰু লগতে ভূপালৰ বেগম চুলতান জাহানলৈও প্ৰস্তাৱ দিছিল। বেগম জাহানে মহিলাৰ শিক্ষাৰ বাবে প্ৰতিমাহে ₹ ১০০ অনুদান আৱণ্টন দিছিল। ১৯০৬ চনৰ ১৯ অক্টোবৰত তেওঁ আলিগড়ৰ এটি ভাড়াঘৰত পাঁচগৰাকী ছাত্ৰী আৰু এগৰাকী শিক্ষয়িত্ৰীৰে ছোৱালীৰ বাবে এখন বিদ্যালয় সফলতাৰে আৰম্ভ কৰে।২১ ১৯১১ চনৰ ৭ নৱেম্বৰত সংগ্ৰামৰ অন্তত তেওঁ আৰু তেওঁৰ পত্নী ৱাহিদ জাহান বেগম ("আলা বি")য়ে ছোৱালীৰ হোষ্টেলৰ আধাৰশিলা স্থাপন কৰে।২১ পাছলৈ ১৯২১ চনত এখন হাইস্কুল প্ৰতিষ্ঠা কৰি ১৯২২ চনত ইণ্টাৰমিডিয়েট মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰে আৰু অৱশেষত ১৯৩৭ চনত স্নাতক মহাবিদ্যালয় হিচাপে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অংশলৈ পৰিগণিত হয়।২২ পাছলৈ আব্দুল্লাৰ কন্যায়ো মহিলা মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২১ তেওঁৰ এগৰাকী কন্যা আছিল মুমতাজ জাহান হাইদৰ, মুমতাজ জাহান হাইদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা কালত মৌলানা আব্দুল কালাম আজাদে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰি ₹ ৯,০০,০০০ অনুদান আগবঢ়াইছিল। মুমতাজ জাহান হাইদৰ মহিলা মহাবিদ্যালয় স্থাপনৰ লগত জড়িত হোৱাৰ লগতে বিভিন্ন বহিঃ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ অনুষ্ঠানৰ আয়োজন কৰাত গুৰুত্ব দিয়াৰ লগতে মুছলমান মহিলাৰ বাবে শিক্ষাৰ গুৰুত্ব পুনৰ দৃঢ়তাৰে কৈছিল।২৩
পেছাদাৰী পাঠ্যক্ৰমসমূহ সহ-শিক্ষা ব্যৱস্থাৰে চলোৱা হয়। ছাত্ৰীসকলক সুপ্ৰতিষ্ঠিত ছটা হল অৱ ৰেচিডেন্সত ৰখা হয় য’ত তেওঁলোকৰ থকাৰ আৰু অধ্যয়নৰ সকলো সা-সুবিধা আছে। এই হলবোৰৰ ভিতৰত থকা হোষ্টেলবোৰত পঢ়া কোঠা, কমন ৰুম, ক্ৰীড়াৰ সা-সুবিধা, ডাইনিং হল আদি আছে।
সংখ্যালঘু প্ৰতিষ্ঠানৰ মৰ্যাদা
আলিগড় মুছলিম বিশ্ববিদ্যালয়ক ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীৰ অধীনত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয়।২৪২৫ ১৯৬৭ চনত উচ্চতম ন্যায়ালয়ৰ এখন সংবিধান বিচাৰপীঠে ৰায় দিছিল যে আলিগড় মুছলিম বিশ্ববিদ্যালয়খন ভাৰতীয় সংবিধানৰ অধীনত সুৰক্ষিত সংখ্যালঘু শিক্ষানুষ্ঠান নহয়; বিশ্ববিদ্যালয়খন পক্ষ নোহোৱা গোচৰত এই ৰায়দান দিয়া হৈছিল।২৬ ১৯৮১ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয় আইনত সংশোধন কৰা হয়, তাৰ পাছত ২০০৬ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে বিশ্ববিদ্যালয়খনক সংখ্যালঘু শিক্ষানুষ্ঠানৰ মৰ্যাদা প্ৰদান কৰা আইনখনৰ বিধান বাতিল কৰে।২৭ ২০১৬ চনৰ এপ্ৰিল মাহত ভাৰত চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল নকৰে বুলি উল্লেখ কৰিছিল।২৮২৯ ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই বিষয়টো ৭জন ন্যায়াধীশৰ সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল।২৭২৬
২০২৪ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া বিচাৰপীঠে ৪:৩ সংখ্যাগৰিষ্ঠতাৰে ১৯৬৭ চনৰ পূৰ্বৰ এছ আজিজ বাছা বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰৰ ৰায় বাতিল কৰে। ১৯৬৭ চনৰ ৰায়দানত উল্লেখ কৰা হৈছিল যে আলিগড় মুছলিম বিশ্ববিদ্যালয় (এ এম ইউ)ৰ দৰে বিধি অনুসৰি স্থাপন কৰা প্ৰতিষ্ঠানে সংখ্যালঘুৰ মৰ্যাদা দাবী কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ ৰায়দানে এই নজিৰ উলংঘা কৰি সংখ্যালঘু প্ৰতিষ্ঠান হিচাপে এ এম ইউৰ বাবে সম্ভাৱনাময়ভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ পথ মুকলি কৰি দিলে। অৱশ্যে এ এম ইউৰ সংখ্যালঘুৰ মৰ্যাদাৰ চূড়ান্ত নিৰ্ণয়ৰ সিদ্ধান্ত পৃথক বিচাৰপীঠে গ্ৰহণ কৰিব, যিয়ে এ এম ইউ আইনখনৰ নিৰ্দিষ্ট বিধানসমূহ পৰীক্ষা কৰিব।৩০৩১
মূল চৌহদ
উত্তৰ প্ৰদেশৰ আলিগড় চহৰত ৪৬৭.৬ হেক্টৰ ভূমিত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদ বিস্তৃত হৈ আছে। বিশ্ববিদ্যালয়খনৰ নিকটতম ৰেল ষ্টেচন আলিগড় জংচন।
ই এখন আৱাসিক বিশ্ববিদ্যালয় আৰু ইয়াৰ অধিকাংশ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী কেম্পাছতে থাকে। ৮০টা হোষ্টেলৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ বাবে ১৯টা হল (ল’ৰাৰ বাবে ১৩টা আৰু ছোৱালীৰ বাবে ৬টা) আছে।৩২ হলসমূহৰ পৰিচালনা কৰে এগৰাকী প্ৰভষ্টে আৰু কেইবাজনো শিক্ষক ৱাৰ্ডেনে বিভিন্ন হোষ্টেলসমূহ চোৱাচিতা কৰে। প্ৰতিটো হলতে ডাইনিং হল, আন্তঃক্ৰীড়াৰ সুবিধা থকা কমন ৰুম, পঢ়া কোঠা, লাইব্ৰেৰী, ক্ৰীড়া ক্লাৱ আৰু সাহিত্য আৰু সাংস্কৃতিক সমাজ অন্তৰ্ভুক্ত।৩৩ আলিগড় আন্দোলন আৰু বিশ্ববিদ্যালয়ৰ সৈতে জড়িত লোকৰ নামেৰে এই হলসমূহৰ নামকৰণ কৰা হৈছে।
ছাৰ চৈয়দ হল বিশ্ববিদ্যালয়ৰ আটাইতকৈ পুৰণি হল। ইয়াত বহুতো ঐতিহ্যমণ্ডিত ভৱন আছে, যেনে ষ্ট্ৰেচি হল, মুস্তাক মনজিল, আছমান মনজিল, নিজাম মিউজিয়াম আৰু লিটন লাইব্ৰেৰী, ভিক্টোৰিয়া গেট আৰু জামা মছজিদ।৩৪
বিশ্ববিদ্যালয়ৰ কেম্পাছত ক্ৰিকেট খেলপথাৰ, উইলিংডন পেভিলিয়ন, কৃত্ৰিম হকী খেলপথাৰ আৰু গুলাস্তান-ই-ছাইড নামৰ উদ্যান এখনো ৰক্ষণাবেক্ষণ কৰা হৈছে।৩৫
কেম্পাছৰ আন উল্লেখযোগ্য অট্টালিকাসমূহৰ ভিতৰত আছে মৌলানা আজাদ লাইব্ৰেৰী, মইনুদ্দিন আহমদ আৰ্ট গেলেৰী, কেনেডি অডিটৰিয়াম, মুছা ডাক্ৰি মিউজিয়াম, সাংস্কৃতিক শিক্ষা কেন্দ্ৰ, চিডনছ ডিবেটিং ইউনিয়ন হল আৰু ছাৰ চৈয়দ হাউচ।৩৬৩৭৩৮
বিশ্ববিদ্যালয়ৰ মূল গেটখনৰ নাম বাব-ই-চৈয়দ। ২০২০ চনত বিশ্ববিদ্যালয়খনৰ শতবাৰ্ষিকী উদযাপনৰ বাবে চেণ্টেনাৰী গেট নামৰ এখন নতুন গেট নিৰ্মাণ কৰা হয়।৩৯
সংগঠন আৰু প্ৰশাসন
প্ৰশাসন
বিশ্ববিদ্যালয়খনৰ আনুষ্ঠানিক মুৰব্বীজন আচাৰ্য যদিও তেওঁ নাম মাত্ৰ মুৰব্বী আৰু বিশ্ববিদ্যালয়খনৰ দৈনন্দিন পৰিচালনাৰ সৈতে তেওঁ জড়িত নহয়। বিশ্ববিদ্যালয় ক'ৰ্টৰ সদস্যসকলে আচাৰ্যজন নিৰ্বাচন কৰে। বিশ্ববিদ্যালয় ক'ৰ্টৰ পৰামৰ্শ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যবাহী উপাচাৰ্যজনক নিযুক্তি দিয়ে৷ বিশ্ববিদ্যালয় ক'ৰ্ট বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ শাসকীয় সংস্থা আৰু ই বিশ্ববিদ্যালয়ৰ সকলো ক্ষমতা প্ৰয়োগ কৰে যিবোৰ আলিগড় মুছলিম বিশ্ববিদ্যালয় আইন, আৰু বিশ্ববিদ্যালয়ৰ বিধি, অধ্যাদেশ আৰু নিয়মৰ দ্বাৰা অন্যথা নিৰ্ধাৰণ কৰা হোৱা নাই।৪০
২০১৮ চনত মুফাদ্দল ছাইফুদ্দিন আচাৰ্য আৰু ছাটাৰীৰ প্ৰাক্তন নবাব ইবনে ছাইদ খান উপ আচাৰ্য নিৰ্বাচিত হয়। চৈয়দ জিল্লুৰ ৰহমানক সন্মানীয় কোষাধ্যক্ষ নিৰ্বাচিত কৰা হয়।৪১ ২০১৭ চনৰ ১৭ মে’ত বিশ্ববিদ্যালয়খনৰ ৩৯ সংখ্যক উপাচাৰ্য হিচাপে তাৰিক মনছুৰে কাৰ্যভাৰ গ্ৰহণ কৰে।৪২
অনুষদসমূহ
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিভাগসমূহ ১৩টা অনুষদত বিভক্ত।৪৩
- কৃষি বিজ্ঞান অনুষদ
- কলা অনুষদ
- বাণিজ্য অনুষদ
- অভিযান্ত্ৰিক আৰু প্ৰযুক্তি অনুষদ
- আইন অনুষদ
- জীৱন বিজ্ঞান অনুষদ
- চিকিৎসা অনুষদ
- পৰিচালনা অধ্যয়ন আৰু গৱেষণা অনুষদ
- বিজ্ঞান অনুষদ
- সমাজ বিজ্ঞান অনুষদ
- ধৰ্মতত্ত্ব অনুষদ
- আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন অনুষদ
- ইউনানি মেডিচিন অনুষদ
মহাবিদ্যালয়সমূহ
আলিগড় মুছলিম বিশ্ববিদ্যালয়ে ৭ খন মহাবিদ্যালয় পৰিচালনা কৰে৷৪৪
- একাডেমিক ষ্টাফ কলেজ
- আজমল খান তিব্বিয়া মহাবিদ্যালয়
- কমিউনিটি কলেজ
- জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়
- মহিলা মহাবিদ্যালয়
- জাকিৰ হুছেইন অভিযান্ত্ৰিক আৰু প্ৰযুক্তি মহাবিদ্যালয়
- জিয়াউদ্দিন আহমদ দন্ত চিকিৎসা মহাবিদ্যালয়
বিশ্ববিদ্যালয়খনে ১৫টা কেন্দ্ৰ, ৩খন প্ৰতিষ্ঠান, আৰু মিণ্টো চাৰ্কল আৰু আহমদী স্কুল ফৰ দ্য ভিজুৱেলি চেলেঞ্জডকে ধৰি ১০খন বিদ্যালয় পৰিচালনা তদাৰক কৰে৷৪৫ বিশ্ববিদ্যালয়খনৰ ধৰ্মতত্ত্ব অনুষদৰ দুটা বিভাগ আছে, এটা শ্বিয়া চিন্তাধাৰাৰ আৰু আনটো চুন্নী চিন্তাধাৰাৰ।৪৬
কেন্দ্ৰ
আলিগড় মুছলিম বিশ্ববিদ্যালয়ে মালাপ্পুৰম (কেৰালা), মুৰ্ছিদাবাদ (পশ্চিম বংগ) আৰু কিষানগঞ্জ (বিহাৰ)ত তিনিটা কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে ঔৰংগাবাদ (মহাৰাষ্ট্ৰ)ত কেন্দ্ৰ স্থাপনৰ বাবে এটা স্থান চিনাক্ত কৰিছে।৪৭৪৮
- আলিগড় মুছলিম বিশ্ববিদ্যালয় মালাপ্পুৰম কেন্দ্ৰ, কেৰালা
- আলিগড় মুছলিম বিশ্ববিদ্যালয়: মুৰ্ছিদাবাদ কেন্দ্ৰ, পশ্চিম বংগ
- আলিগড় মুছলিম বিশ্ববিদ্যালয়: কিষানগঞ্জ কেন্দ্ৰ, বিহাৰ
শৈক্ষিক দিশ
পাঠ্যক্ৰম
আলিগড় মুছলিম বিশ্ববিদ্যালয়ে ৩০০ৰো অধিক ডিগ্ৰী পাঠ্যক্ৰম প্ৰদান কৰে আৰু ইয়াৰ প্ৰায় ১২টা অনুষদে কাৰিকৰী আৰু বৃত্তিগত বিষয়ৰ লগতে আন্তঃশাখা বিষয়ৰ পাঠ্যক্ৰম আগবঢ়ায়। ২০১১ চনত এম বি এ আৰু সংহত আইন অধ্যয়নৰ বাবে পশ্চিম বংগ আৰু কেৰালাত দুটা নতুন কেন্দ্ৰ মুকলি কৰে। বিশ্ববিদ্যালয়খনত প্ৰায় ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰায় ১৫০০ শিক্ষক, অধ্যাপক আছে। ভাৰতৰ সকলো ৰাজ্য আৰু কেইবাখনো ভিন ভিন দেশৰ পৰা ছাত্ৰ-ছাত্ৰী শিক্ষা আহৰণৰ বাবে ইয়ালৈ আহে, ইয়াৰ অধিকাংশ আন্তঃৰাষ্ট্ৰীয় ছাত-ছাত্ৰী আফ্ৰিকা, পশ্চিম এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ পৰা আহে। বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰৱেশ পৰীক্ষাৰ ভিত্তিত কৰা হয়।৪৯
ৰেংকিং
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২০২৩ চনৰ৫০ কিউএছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত এএমইউয়ে ১০০১–১২০০ আৰু এছিয়াত ২৭১–২৮০ স্থান লাভ কৰিছিল।৫১ ২০২৩ চনৰ টাইমছ হাইয়াৰ এডুকেচন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙৰ দ্বাৰা ইয়াক বিশ্বৰ ৮০১–১০০০, ২০২২ চনত এছিয়াত ২০১–২৫০ আৰু উদীয়মান অৰ্থনীতিৰ ভিতৰত ২৫১–৩০০ স্থান দিয়া হৈছিল।৫২ ২০২২ চনৰ বিশ্ব বিশ্ববিদ্যালয়সমূহৰ একাডেমিক ৰেংকিঙতো এ এম ইউয়ে ৯০১–১০০০ স্থান লাভ কৰিছিল।৫৩
ভাৰতত ২০২৪ চনত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামো (এন আই আৰ এফ)ৰ দ্বাৰা এ এম ইউয়ে সামগ্ৰিকভাৱে ১৬ নম্বৰ আৰু বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ৮ম স্থান লাভ কৰিছিল।৫৪
চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ অভিযান্ত্ৰিক মহাবিদ্যালয় জাকিৰ হুছেইন কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিয়ে ২০২৪ চনত অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ ভিতৰত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামোৰ দ্বাৰা ৩৩ নং স্থান লাভ কৰিছিল।৫৫
বিশ্ববিদ্যালয়খনৰ চিকিৎসা বিদ্যালয় জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়খনে ২০২৩ চনত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামোৰ দ্বাৰা ২৮ নং স্থান লাভ কৰিছে।
পুথিভঁৰাল

মৌলানা আজাদ পুথিভঁৰাল বিশ্ববিদ্যালয়খনৰ প্ৰাথমিক পুথিভঁৰাল, ইয়াত এটা কেন্দ্ৰীয় পুথিভঁৰাল আৰু ১০০ৰো অধিক বিভাগীয় আৰু মহাবিদ্যালয় পুথিভঁৰাল আছে। ইয়াত বাবৰ, আকবৰ, শ্বাহজাহান আদি মোগল সম্ৰাটৰ ৰাজকীয় আদেশ বা হুকুম মজুত আছে।৫৬ ১৮৭৭ চনত তেতিয়াৰ ভাৰতৰ ভাইচৰয় ৰবাৰ্ট বুলৱেৰ-লিটন, লিটনৰ প্ৰথম আৰ্লে মহম্মদান এংলো-অৰিয়েণ্টেল কলেজ স্থাপনৰ সময়ত এই পুথিভঁৰালটোৰ ভেঁটি স্থাপন কৰে আৰু তেওঁৰ নামেৰে পুথিভঁৰালটি লিটন পুথিভঁৰাল হিচাপে নামাকৰণ কৰা হয়। বৰ্তমানৰ সাতমহলীয়া ভৱনটো ১৯৬০ চনত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰিছিল আৰু স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আবুল কালাম আজাদৰ নামেৰে (জনপ্ৰিয় নাম মৌলানা আজাদ) এই পুথিভঁৰালটোৰ নামকৰণ কৰা হৈছিল।৫৬৫৭
২০১৩ চনৰ ২৭ ডিচেম্বৰত ভাৰতৰ তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে সমাজ বিজ্ঞানৰ চাইবাৰ পুথিভঁৰালটো উদ্বোধন কৰে।৫৮ ২০১৫ চনত ইয়াক আন্তঃৰাষ্ট্ৰীয় মানকৰণ সংস্থাৰ প্ৰমাণপত্ৰৰে স্বীকৃত কৰা হয়।৫৯
উপগ্ৰহ প্ৰকল্প
২০২১ চনৰ নৱেম্বৰ মাহত এ এম ইউ ৰবো ক্লাৱে বিশ্ববিদ্যালয়খনৰ প্ৰথমটো উপগ্ৰহ প্ৰকল্পৰ কাম আৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক ছাৰ চৈয়দ আহমেদ খানৰ নামেৰে নামকৰণ কৰা "এচএচ এএমইউ চেট" প্ৰকল্পটো ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACe)ত অনুমোদনৰ বাবে দাখিল কৰা হয়।৬০ ২০২৩ চনৰ ২৮ অক্টোবৰত ইন-স্পেচে এই প্ৰকল্পত অনুমোদন জনায়।৬১
ছাত্ৰ-জীৱন
পৰম্পৰা
বিশ্ববিদ্যালয়খনৰ ছাত্ৰই পৰিধান কৰা পৰম্পৰাগত সাজ-পোছাক হ'ল শ্বেৰৱানী৷ বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীৰ সময়ত ইয়াক পিন্ধাটো প্ৰয়োজনীয়৷৬২ বিশ্ববিদ্যালয়খনে ৰাজসাহায্যযুক্ত মূল্যত শ্বেৰৱানী যোগান ধৰে।৬৩ ২০১৩ চনৰ আৰম্ভণিতে বিশ্ববিদ্যালয়খনৰ তেতিয়াৰ উপাচাৰ্য জমীৰ উদ্দিন শ্বাহে জোৰ দি কৈছিল যে পুৰুষ ছাত্ৰ-ছাত্ৰীয়ে তেওঁক লগ কৰিব বিচাৰিলে শ্বেৰৱানী পিন্ধিব লাগিব।৬৪
ঈদ মিলাদ উন নবি উদযাপন নিয়মীয়াকৈ বিশ্ববিদ্যালয়ে ছিৰাট কমিটীৰ অধীনত অনুষ্ঠিত হয় য'ত হজৰত মহম্মদৰ জীৱন আৰু শিক্ষাৰ বিষয়ে বিভিন্ন সাহিত্য প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে বক্তৃতাৰ আয়োজন কৰা হয়৷ ছাৰ চৈয়দ আহমদ খানৰ সময়ৰ পৰাই মাউলিদ পৰম্পৰাগত উৎসৱ হিচাপে পালন কৰি অহা হৈছে৷ এই উৎসৱ উপলক্ষে বিশ্ববিদ্যালয় ভৱন পোহৰেৰে সজাই তোলা হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে বিশেষ উৎসৱৰ আয়োজন কৰে। এই বিশেষ উপলক্ষত শোভাযাত্ৰাও কৰা হয়৷৬৫
এ এম ইউ তৰানা বা সংগীতটো কবি আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ মাজাজে ৰচনা কৰিছিল।৬৬ ই হ'ল ১৯৩৩ চনত মাজাজে ৰচনা কৰা কবিতা "নাৰ্জ-ই-আলিগড়"ৰ সংক্ষিপ্ত ৰূপ৷৬৭ ১৯৫৫ চনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ খান ইষ্টিয়াক মহম্মদে ৰচনা কৰা গীতটিক বিশ্ববিদ্যালয়ৰ গীত হিচাপে গ্ৰহণ কৰা হয়। বিশ্ববিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰীয় সংগীতৰ লগতে এই গীতটি বজোৱা হয়।৬৮
ক্লাৱ আৰু ছ’চাইটি
বিশ্ববিদ্যালয়খনৰ তত্ত্বাৱধানত ক্ৰীড়া আৰু সাংস্কৃতিক ক্লাৱসমূহে কাম কৰে। বিশ্ববিদ্যালয়খনৰ বিতৰ্ক ক্লাৱ হৈছে চিডনছ ইউনিয়ন ক্লাৱ।৬৯ ১৮৮৪ চনত প্ৰতিষ্ঠা হোৱা এই ক্লাৱৰ নামকৰণ কৰা হৈছিল এম এ অ’ কলেজৰ প্ৰথম অধ্যক্ষ হেনৰী জৰ্জ ইম্পে চিডনছৰ নামেৰে।৭০ ইয়াত দালাই লামা, মহাত্মা গান্ধী, আবুল কালাম আজাদ, জৱাহৰ লাল নেহৰুকে ধৰি বিভিন্ন ৰাজনীতিবিদ, লেখক, নোবেল বঁটা বিজয়ী, খেলুৱৈ, সাংবাদিকক আতিথ্য প্ৰদান কৰা হৈছে।৭১ ক্ৰীড়া ক্লাৱসমূহৰ ভিতৰত ক্ৰিকেট ক্লাব, আলিগড় মুছলিম বিশ্ববিদ্যালয়৭২ আৰু মুছলিম বিশ্ববিদ্যালয় ৰাইডিং ক্লাৱ অন্যতম।৭৩
বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শিক্ষা কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন দক্ষতা বিকাশৰ বাবে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে যৌথভাৱে পৰিচালনা কৰা ক্লাৱ আছে। এইবোৰৰ ভিতৰত আছে ড্ৰামা ক্লাৱ, লিটাৰেৰী ক্লাৱ, ক্লাৱ ফৰ শ্বৰ্ট ইভিনিং পাঠ্যক্ৰম, ফিল্ম ক্লাৱ, মিউজিক ক্লাৱ আৰু ফাইন আৰ্টছ ক্লাৱ ইত্যাদি।৭৪ শ্বেক্সপীয়েৰৰ নাটকৰ অভিনয়কে ধৰি৭৫ বিশ্ববিদ্যালয়খনৰ ৰেলি লিটাৰেৰী ছ'চাইটিয়ে প্ৰতিযোগিতামূলক অনুষ্ঠান, নাটক আৰু পাৰৰ্ফমেন্স আয়োজন কৰে।৭৬৭৭ ১৮৮৫ চনৰ পৰা ১৮৮৭ চনলৈকে মহম্মদান এংলো-অৰিয়েণ্টেল কলেজত ইংৰাজী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্বেক্সপীয়েৰৰ সমালোচক ছাৰ ৱালটাৰ ৰেলিৰ নামেৰে এই সমিতিখনৰ নামকৰণ কৰা হৈছে।৭৫
১৮৯৪ চনত ল ছ’চাইটি অৱ ডিপাৰ্টমেণ্ট অৱ ল’ নামৰ এটি সংগঠন অলাভজনক ছাত্ৰ সংগঠন হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ছ’চাইটিয়ে আইনৰ পৰ্যালোচনা প্ৰকাশ কৰাৰ লগতে বাৰ্ষিক উৎসৱৰ পৰা আৰম্ভ কৰি নৱাগত আদৰণি সভা, চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বিদায়ী সভালৈকে শৈক্ষিক আৰু সামাজিক দুয়োধৰণৰ অনুষ্ঠান আয়োজন কৰে।৭৮৭৯
এ এম ইউ জাৰ্নেল

এ এম ইউ জাৰ্নেল হৈছে এক স্বতন্ত্ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালিত শৈক্ষিক সম্প্ৰদায় আৰু সংবাদ মাধ্যমৰ সংস্থা,৮০৮১ ইয়াক ২০১৬ চনত এ এম ইউ ছাত্ৰৰ এটা দলে কেম্পাছৰ বিষয়সমূহ উত্থাপন কৰিবলৈ আৰু বিশ্ববিদ্যালয়ৰ ভিতৰত ঘটা ঘটনাৰ বিষয়ে বাতৰি আৰু তথ্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল যদিও পিছলৈ ই এটা শৈক্ষিক সম্প্ৰদায়ত পৰিণত হয়। ১৭ অক্টোবৰ ২০২১ তাৰিখে এ এম ইউ জাৰ্নেল ৱেবছাইটটো আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ জনসংযোগ বিষয়া, প্ৰক্টৰ আৰু উপ প্ৰক্টৰৰ দ্বাৰা ট্ৰেইনিং এণ্ড প্লেচমেণ্ট অফিচ, এ এম ইউৰ সহযোগত পুনৰ মুকলি কৰা হয়।৮২
আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ছাৰ চৈয়দ আহমেদ খানৰ ২০৬ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ২০২৩ চনৰ ১৭ অক্টোবৰত এ এম ইউ জাৰ্নেল মাহেকীয়া বাতৰি কাকত হিচাপে মুকলি কৰা হয়।৮৩
সাংস্কৃতিক উৎসৱ
প্ৰতি বছৰে বিশ্ববিদ্যালয়খনৰ বিভিন্ন ক্লাৱসমূহে নিজাকৈ সাংস্কৃতিক উৎসৱৰ আয়োজন কৰে। দুটা উল্লেখযোগ্য উৎসৱ হ’ল ইউনিভাৰ্চিটি ফিল্ম ক্লাৱৰ ফিল্মছাজ আৰু লিটাৰেৰী ক্লাৱৰ এ এম ইউ লিটাৰেৰী ফেষ্টিভেল।
অল্ড বয়জ এছ'চিয়েচন
অল্ড বয়জ এছ’চিয়েচন হৈছে বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰৰ নেটৱৰ্ক। ১৮৯৮ চনত স্থাপন কৰা এই এছ'চিয়েচনে এ এম ইউ, এক্ট ১৯২০ৰ অধীনত বিধিগত স্বীকৃতি লাভ কৰিছে।৮৪
উল্লেখযোগ্য প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক
তলত বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ তালিকা দিয়া হ’ল।৮৫
- সাহিত্য আৰু চিনেমাৰ ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে হাকিম আহমদ শ্বুজা, সাদাত হাছান মান্তো, খোৱাজা আহমদ আব্বাছ, চৈয়দ মুজতবা আলী,৮৬৮৭ অনুভৱ সিনহা, নাছিৰুদ্দিন শ্বাহ, হছৰত মোহানী, আহমেদ আলী আৰু ৱাদেহ ৰছিদ হাছানি নাদৱী।
- ৰাজনীতিৰ ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে ছাৰ চিকন্দৰ হায়াত খান কে বি ই, পঞ্জাৱৰ প্ৰথম মুছলমান প্ৰধানমন্ত্ৰী; মৌলৱী চৈয়দ তুফাইল আহমদ মাংলোৰী, ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ইতিহাসবিদ;৮৮ পাকিস্তানৰ দ্বিতীয় গৱৰ্ণৰ জেনেৰেল আৰু দ্বিতীয় প্ৰধানমন্ত্ৰী ছাৰ খোৱাজা নাজিমুদ্দিন; আয়ুব খান, পাকিস্তানৰ দ্বিতীয় ৰাষ্ট্ৰপতি; পাকিস্তানৰ প্ৰথম সামৰিক একাউণ্টেণ্ট জেনেৰেল মিয়ান ফাহিম উদ-দিন; মালিক গুলাম মহম্মদ, পাকিস্তানৰ প্ৰথম বিত্তমন্ত্ৰী আৰু পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল (১৯৫১–৫৬) তেওঁ মহিন্দ্ৰা আৰু মহম্মদৰ সহস্ৰজন আছিল, যাক এতিয়া মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা বুলি কোৱা হয়, লিয়াকত আলী খান, পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী, মহম্মদ আমিন দিদি, মালদ্বীপৰ প্ৰথম সভাপতি; মহাম্মদ আতাউল গনি ওছমানী, ১৯৭১ চনৰ সময়ত বাংলাদেশ বাহিনীৰ মুখ্য সেনাধ্যক্ষ বাংলাদেশ স্বাধীনতা যুদ্ধ; মহাম্মদ মনছুৰ আলী, বাংলাদেশৰ তৃতীয় প্ৰধানমন্ত্ৰী; জাকিৰ হুছেইন, ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি;
- ৰাজনীতিৰ ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে ছাৰ চিকন্দৰ হায়াত খান কে বি ই, পঞ্জাৱৰ প্ৰথম মুছলমান প্ৰধানমন্ত্ৰী; মৌলৱী চৈয়দ তুফাইল আহমদ মাংলোৰী, ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ইতিহাসবিদ;৮৮ পাকিস্তানৰ দ্বিতীয় গৱৰ্ণৰ জেনেৰেল আৰু দ্বিতীয় প্ৰধানমন্ত্ৰী ছাৰ খোৱাজা নাজিমুদ্দিন; আয়ুব খান, পাকিস্তানৰ দ্বিতীয় ৰাষ্ট্ৰপতি; পাকিস্তানৰ প্ৰথম সামৰিক একাউণ্টেণ্ট জেনেৰেল মিয়ান ফাহিম উদ-দিন; মালিক গুলাম মহম্মদ, পাকিস্তানৰ প্ৰথম বিত্তমন্ত্ৰী আৰু পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল (১৯৫১–৫৬) তেওঁ মহিন্দ্ৰা আৰু মহম্মদৰ সহস্ৰজন আছিল, যাক এতিয়া মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা বুলি কোৱা হয়, লিয়াকত আলী খান, পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী, মহম্মদ আমিন দিদি, মালদ্বীপৰ প্ৰথম সভাপতি; মহাম্মদ আতাউল গনি ওছমানী, ১৯৭১ চনৰ সময়ত বাংলাদেশ বাহিনীৰ মুখ্য সেনাধ্যক্ষ বাংলাদেশ স্বাধীনতা যুদ্ধ; মহাম্মদ মনছুৰ আলী, বাংলাদেশৰ তৃতীয় প্ৰধানমন্ত্ৰী; জাকিৰ হুছেইন, ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি;৮৯ খান আব্দুল গফ্ফৰ খান, এজন ভাৰতীয় স্বাধীনতা কৰ্মী; মহম্মদ হামিদ আনছাৰী, ভাৰতৰ দ্বাদশ উপ-ৰাষ্ট্ৰপতি;৯০ আৰিফ মহম্মদ খান, কেৰালাৰ ২২ সংখ্যক গৱৰ্ণৰ;৯১ অনোৱাৰা টাইমুৰ ভাৰতৰ অসম ৰাজ্যৰ প্ৰথম আৰু তথাপিও একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী;৯২ শ্বেখ আব্দুল্লাহ আৰু মুফতি মহম্মদ ছাইদ, ভাৰতীয় ৰাজ্য জম্মু আৰু কাশ্মীৰৰ ক্ৰমে তৃতীয় আৰু ষষ্ঠ মুখ্যমন্ত্ৰী;৯৩৯৪ আৰু দিল্লীৰ ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চলৰ চতুৰ্থ মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মা, শ্ৰীনগৰৰ সংসদ সদস্যআগা চৈয়দ ৰুহুল্লাহ মেহদীয়েও আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।
- আইনৰ ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে ন্যায়াধীশ বহাৰুল ইছলাম, ন্যায়াধীশ ৰাম প্ৰকাশ ছেঠি, ন্যায়াধীশ ছৈয়দ ছাঘিৰ আহমদ, ন্যায়াধীশ চৈয়দ মুৰ্তাজা ফজল আলী (ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশ), হাজী ফাৰাহ ওমৰ, ন. আৰ মাধৱ মেনন আৰু ফাইজান মুস্তাফা।
- বিজ্ঞান ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে চৈয়দ জিয়াউৰ ৰহমান আৰু বুশ্ৰা আতিক।৯৫
- ক্ৰীড়া ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে ধ্যান চান্দ, লালা অমৰনাথ আৰু জাফৰ ইকবাল ৯৬ আৰু ইৰাণৰ ফুটবলাৰ মজিদ বিষকাৰ আৰু জমশ্বিদ নাছিৰী।৯৭
- ব্যৱসায় আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে ফ্ৰেংক এফ ইছলাম।
- অন্যান্য উল্লেখযোগ্য প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ভাৰতীয় ইতিহাসবিদ মহম্মদ হাবিব,৯৮ ফৰাচী গণিতজ্ঞ আন্দ্ৰে ৱেইল,৯৯১০০ আৰু মালিক গুলাম মহম্মদ, মহিন্দ্ৰা আৰু মহিন্দ্ৰাৰ সহ-প্ৰতিষ্ঠাপক।
- ইয়াচিন মাজহাৰ ছিদ্দিকী - ইছলামিক অধ্যয়ন প্ৰতিষ্ঠানৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰা মুছলমান পণ্ডিত আৰু ইতিহাসবিদ৷
- বিজান আব্দোলকাৰীমি - ইৰাণী দাৰ্শনিক৷
- নাছিম উজ জাফৰ বাকিৰি - চিকিৎসা বিজ্ঞানী, কবি৷
- টিকা লাল তাপলু - উকীল৷
- হাজী মহম্মদ দনেশ (১৯০০ – ২৮ জুন ১৯৮৬) - বাংলাদেশী ৰাজনীতিবিদ আৰু কমিউনিষ্ট কৰ্মী, তেভাগা আন্দোলনৰ নেতা।
- কাফিল আহমদ কাছমি - আৰবী বিভাগৰ প্ৰাক্তন অধ্যক্ষ আৰু কলা অনুষদৰ প্ৰাক্তন ডীন, এ এম ইউ৷১০১
জনপ্ৰিয় সংস্কৃতিত
- ১৯৬৩ চনত নিৰ্মিত আৰু এইচ. এছ ৰাৱাইল পৰিচালিত মেৰ মেহবুব ৰাজেন্দ্ৰ কুমাৰ, সাধনা, আৰু অশোক কুমাৰ অভিনীত ছবিখনৰ শ্বুটিং আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ কেম্পাছত কৰা হৈছিল।১০২
- ১৯৬৬ চনৰ নঈ উমৰ কি নঈ ফছাল ছবিখনৰ চিত্ৰগ্ৰহণ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ কেম্পাছত কৰা হৈছিল।১০৩
- ২০১৫ চনৰ আলিগড় ছবিখনত বিশ্ববিদ্যালয়খনৰ সমকামী অধ্যাপক ৰামচন্দ্ৰ ছিৰাছ-এ সন্মুখীন হোৱা সংগ্ৰামৰ চিত্ৰণ কৰা হৈছে।১০৪
তথ্যসূত্ৰ
- ↑ Raychaudhuri, Sreerup. (2021). The Roots and Development of Particle Physics in India. Springer. পৃ. 19–52. ISBN 978-3-030-80305-6
- ↑ Devine, Mary Elizabeth; Summerfield, Carol. (1998). International Dictionary of University Histories. Routledge. পৃ. 18–20. ISBN 1884964230
- ↑ Aligarh Muslim University offers more than 300 courses in the traditional and modern branches of education.
- ↑ Muhammad Moj. (2015). The Deoband Madrassah Movement: Countercultural Trends and Tendencies. Anthem Press. পৃ. 47–. ISBN 978-1-78308-388-6
- ↑ (2010). Cementing Ethics with Modernism: An Appraisal of Sir Sayyed Ahmed Khan's Writings. Gyan Publishing House. ISBN 9788121210478
- ↑ (12 October 2015). Syed Ahmad Khan and Aligarh Movement. Jagranjosh.com
- ↑ AMU History. Aligarh Muslim University
- ↑ (16 October 2017). AMU Celebrates Its Links With BHU on Sir Syed's Bi-centenary. www.news18.com
- ↑ (27 April 2016). History of Aligarh Muslim University. Frontline
- ↑ (28 May 2013). Nizam gave funding for temples, and Hindu educational institutions. missiontelangana
- ↑ (10 September 2010). Nizam gave funding for temples, Hindu educational institutions. siasat
- ↑ (12 April 2016). Nothing is more disgraceful for a nation than to throw into the oblivion its historical heritage and the works of its ancestors
- ↑ Express Tribune. S. Azeez Basha And Anr vs Union Of India on 20 October, 1967
- ↑ Express Tribune. (2 November 2013). To sir with love: Aga Khan III – a tireless advocate for female education
- ↑ Aligarh Muslim University. Amu.ac.in
- ↑ History of Ajmal Khan Tibbiya College, Faculty of Unani Medicine, AMU. Aligarh Muslim University
- ↑ Jawaharlal Nehru Medical College. Aligarh Muslim University
- ↑ Zakir Husain College of Engineering and Technology. Aligarh Muslim University
- ↑ Mushirul Hasan, "Nationalist and Separatist Trends in Aligarh, 1915–47," Indian Economic and Social History Review, (January 1985) 22#1 pp. 1–33
- ↑ (6 August 2011). Flashback: Aligarh University – a glorius legacy. Dawn
- ↑ Khan, Showkat Nayeem. (22 May 2015). The Other Sheikh Abdullah. The Greater Kashmir
- ↑ History of Women's College, Aligarh Muslim University, Aligarh. Aligarh Muslim University
- ↑ Alvi, Albeena. (13 June 2019). Mumtaz Jahan Haider: The First Principal Of Women's College Aligarh. Feminism in India
- ↑ Seventh Schedule (Article 246) List 1 - Union List
- ↑ (30 August 1949). Constituent Assembly of India - Volume IX
- ↑ (12 February 2019). AMU issue referred to Constitution Bench. The Hindu
- ↑ (12 February 2019). Minority Status to Aligarh Muslim University to be Decided by Supreme Court's 7-judge Bench. News18
- ↑ (4 April 2016). AMU row: Centre to withdraw UPAs appeal, push for non-minority status. indiatoday.intoday.in
- ↑ Rautray, Samanwaya. (4 April 2016). Modi government seeks more time from SC to file application in Aligarh Muslim University case. The Economic Times
- ↑ Bawa, Anmol Kaur. (8 November 2024). Minority Status Not Lost Merely Because Institution Was Created By Statute; AMU Minority Claim To Be Decided Based On Who Established It: Supreme Court By 4: 3. www.livelaw.in
- ↑ Kumar, Anuj. (8 November 2024). Minority status: Aligarh Muslim University celebrates 'historic' Supreme Court verdict. The Hindu
- ↑ Aligarh Muslim University:: Home. www.amu.ac.in
- ↑ Aligarh Muslim University · · Hostel. www.amu.ac.in
- ↑ Aligarh Muslim University · · Halls. www.amu.ac.in
- ↑ (22 November 2019). North Zone Intervarsity Tournament begins at AMU. India Education Diary
- ↑ Aligarh Muslim University · · Sir Syed Academy. www.amu.ac.in
- ↑ Aligarh Muslim University · · Musa Dakri Museum. www.amu.ac.in
- ↑ Aligarh Muslim University time capsule update. www.telegraphindia.com
- ↑ (25 September 2020). AMU VC urged to name centenary gate after Sardar Patel or Ambedkar or Ashfaqullah Khan. The Times of India
- ↑ Aligarh Muslim University || Registrar Section. Amu.ac.in
- ↑ (2 December 2018). AMU court elects Chancellor, Pro Chancellor and Treasurer. The Times of India
- ↑ Aligarh Muslim University || Department Page. Aligarh Muslim University
- ↑ Aligarh Muslim University - Faculties. www.amu.ac.in
- ↑ Aligarh Muslim University - Colleges. www.amu.ac.in
- ↑ Aligarh Muslim University – Faculties. Amu.ac.in
- ↑ Mustafa, Faizan. (23 November 2017). UGC's audit report on AMU demonstrates its ignorance of law. Hindustan Times
- ↑ Ganapatye, Shruti. (3 November 2018). Aligarh Muslim University renews idea for campus in state. Mumbai Mirror
- ↑ Special Brochure for AMU Murshidabad and Malappuram Centres. Aligarh Muslim University -
- ↑ (17 September 2020). Aligarh Muslim University. Times Higher Education (THE)
- ↑ QS World University Rankings 2023: Top global universities
- ↑ QS Asia University Rankings 2023
- ↑ Emerging Economies University Rankings 2022
- ↑ 2022 Academic Ranking of World Universities
- ↑ NIRF Ranking 2024
- ↑ India Rankings 2024: Engineering
- ↑ (18 May 2012). AMU at 5th spot on India Today Universities Rankings 2012. Indiatoday.intoday.in
- ↑ Aligarh Muslim University || M.A. Library. Amu.ac.in
- ↑ (27 December 2013). President of India inaugurates XXXVII Indian Social Science Congress. Batori.in. batori
- ↑ (26 June 2015). Aligarh Muslim University 'cyberary' gets ISO certification. Business Standard India
- ↑ (20 October 2009). Sir Syed Ahmed Khan: His Life And Contribution. ummid.com
- ↑ (28 October 2023). AMU satellite project named after Sir Syed Ahmad Khan gets IN-SPACe nod. ummid.com
- ↑ Is Lt Gen Zameeruddin Shah reviving 'Sherwani Culture' in AMU?. TwoCircles.net
- ↑ (5 May 2013). For AMU students, wearing sherwani no issue. archive.indianexpress.com
- ↑ Bhalla, Sahil. (11 November 2014). This isn't the first time the Aligarh Muslim University VC has said something outrageous. Scroll.in
- ↑ amu.ac.in/news/2017/2/02/seerat-committee-amu-co
- ↑ AMU Tarana or Anthem. Aligarh Muslim University
- ↑ Read full nazm by Asrarul Haq Majaz. Rekhta
- ↑ Agha, Eram. (17 October 2015). Majaz's Tarana gets a remix. The Times of India
- ↑ (20 February 2019). The Siddons Union Club
- ↑ Agha, Eram. (24 October 2014). AMU: A students' union with no party allegiance. The Times of India
- ↑ Hall of free speech at centre of portrait row. www.telegraphindia.com
- ↑ Guha, Ramachandra. (2014). A Corner of a Foreign Field: The Indian History of a British Sport. Penguin Books Limited. ISBN 9789351186939
- ↑ (26 February 2011). Galloping to glory. The Hindu
- ↑ www.amu.ac.in/centres/cultural-education-centre/
- ↑ Siddiqui, Mohammad Asim. (22 April 2016). Aligarh and its Shakespeare wallahs. The Hindu
- ↑ Siddiqui, Mohammad Asim. (8 December 2016). Political Adaptations: Raleigh Literary Society's "Waiting for Godot" and "Hayadavana". The Theatre Times
- ↑ (25 February 2017). Raleigh Literary Society of AMU organises a series of competitions. Aapka Times
- ↑ Aligarh Muslim University || Law Society. www.amu.ac.in
- ↑ (1 November 2019). Aligarh Muslim University Vice Chancellor releases Law Society Review and Newsletter. India Education Diary Bureau
- ↑ Aligarh Muslim University Student Start Online Portal to Disseminate AMU-Related News. News18
- ↑ oficial AMU Journal website. amujournal.com
- ↑ Aligarh Muslim University launches student run AMU journal's website
- ↑ (21 October 2023). AMU Journal launches 1st student-run Newsletter in collaboration with TPO AMU. ummid.com
- ↑ Official website AMU Old Boys Association · Alumni aligarh Muslim University. amuoldboysassociation.com
- ↑ Prominent Alumni Aligarh Muslim University. www.amu.ac.in
- ↑ (13 September 2017). Syed Mujtaba Ali – the Pioneer of the Language Movement | BeAnInspirer
- ↑ (7 March 2015). Syed Mujtaba Ali as a Rebel
- ↑ (26 November 2013). Syed Tufail Ahmad Manglori. The Milli Gazette
- ↑ Encyclopædia Britannica- Biography. Encyclopædia Britannica
- ↑ (8 August 2012). Hamid Ansari: From diplomat to Vice-President. Firstpost
- ↑ (3 September 2019). Arif Mohammad Khan a good orator. Hindustan Times
- ↑ (21 February 2013). Anwara Taimur – The First Lady CM of Assam. sevendiary.com
- ↑ Sheikh Muhammad Abdullah. Britannica. Britannia
- ↑ (7 January 2016). The life and career of Mufti Mohammad Sayeed. India Today
- ↑ Sameer. (28 September 2020). AMU alumnus Dr Bushra Ateeq wins India's highest science award. The Siasat Daily – Archive
- ↑ (30 April 2011). Some hearts still beat for hockey here. India Today
- ↑ Sengupta, Somnath. (9 November 2018). Majid Bishkar And Jamshid Nassiri: Indian Football's Iconic Iranian Duo. Goalden Times
- ↑ Mohammad Habib Hall. Aligarh Muslim University
- ↑ Borel, Armand
- ↑ (7 January 2016). Mufti Mohammad Sayeed – A suave politician. The Indian Express
- ↑ Mayurbhanji, Muhammad Rūhul Amīn. (16 September 2023). Prof. Maulana Sayed Kafeel Ahmed Qasmi: Biographical Sketch. qindeelonline.com. Qandeel Online
- ↑ Siddiqui, Mohammad Asim. (3 March 2016). 'Aligarh' goes beyond Aligarh. The Hindu
- ↑ (15 March 2014). Tigmanshu Dhulia to shoot at Aligarh Muslim University?. Timesofindia.indiatimes.com
- ↑ (25 February 2016). Aligarh review: Manoj Bajpayee touches your heart, changes perceptions. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলিগড় মুছলিম বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৭০ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।