অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ইনাৰ লাইন পাৰ্মিট

ইনাৰ লাইন পাৰ্মিট অথবা আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit; সংক্ষেপে আইএলপি) হৈছে কোনো ভাৰতীয় নাগৰিকক দেশখনৰ সুৰক্ষিত অঞ্চলসমূহত অভ্যন্তৰীণ ভ্ৰমণৰ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা এক সীমিত সময়ৰ বাবে বৈধ চৰকাৰী ভ্ৰমণ নথি।

হালনাগাদ: ৪ এপ্ৰিল ২০২৪ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ইনাৰ লাইন পাৰ্মিট অথবা আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit; সংক্ষেপে আইএলপি) হৈছে কোনো ভাৰতীয় নাগৰিকক দেশখনৰ সুৰক্ষিত অঞ্চলসমূহত অভ্যন্তৰীণ ভ্ৰমণৰ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা এক সীমিত সময়ৰ বাবে বৈধ চৰকাৰী ভ্ৰমণ নথি।১ সেই সুৰক্ষিত ৰাজ্যসমূহৰ বাহিৰৰ ভাৰতীয় নাগৰিকে তেনে ৰাজ্যত প্ৰৱেশৰ অনুমতি লোৱাতো বাধ্যতামূলক। এই নথিৰ দ্বাৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী কেইবাটাও অঞ্চলত চলাচল নিয়ন্ত্ৰণৰ বাবে চৰকাৰে প্ৰচেষ্টা চলায়। জানুৱাৰী ২০২০-ৰ অনুসৰি অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত প্ৰৱেশৰ বাবে ইনাৰ লাইন পাৰ্মিট প্ৰয়োজন। আইএলপি কেইবাপ্ৰকাৰৰো: এটা কেৱল পৰ্যটকৰ বাবে আৰু আনটো দীৰ্ঘম্যাদী সময়কালৰ বাবে প্ৰায়ে কৰ্মসংস্থানৰ উদ্দেশ্যে তেনে অঞ্চলত থকা লোকসকলৰ বাবে।

এয়া বেঙ্গল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেচনছ্, ১৮৭৩-ৰ এক শাখা। ইয়াৰ দ্বাৰা ব্ৰিটিছে "ব্ৰিটিছৰ প্ৰজাসকলক" এই "সুৰক্ষিত অঞ্চলত" প্ৰৱেশ কৰাত বাধা-নিষেধ আৰোপ কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল এই অঞ্চলত ব্ৰিটিছৰ চাহ, তেল আৰু হাতীৰ ব্যৱসায়ৰ চলোৱা আৰু আন প্ৰতিদ্বন্দ্বী ব্যৱসায় প্ৰতিষ্ঠানৰ স্থাপনত বাধা যোগোৱা। ব্ৰিটিছে মূলতঃ তেওঁলোকৰ বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ কাৰণে আইএলপি-ৰ সৃষ্টি কৰাৰ বিপৰীতে বৰ্তমানে ভাৰত চৰকাৰে অনুষ্ঠানিকভাৱে উত্তৰ-পূব ভাৰতৰ থলুৱা জনগোষ্ঠীৰ সংস্কৃতিৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰে।২১

ৰাজ্যসমূহ

  • অৰুণাচল প্ৰদেশ — অৰুণাচল প্ৰদেশ চৰকাৰৰ সম্পাদক (ৰাজনৈতিক)-এ ইনাৰ লাইন পাৰ্মিট জাৰি কৰে। এয়া অসম বা নাগালেণ্ডৰ আন্তঃৰাজ্যিক সীমান্তৰ যি কোনো চেক গেটৰ দ্বাৰা অৰুণাচল প্ৰদেশত প্ৰৱেশৰ বাবে প্ৰয়োজনীয়। অস্থায়ী দৰ্শনাৰ্থীৰ বাবে আইএলপি ৭ দিনৰ বাবে বৈধ যাৰ ম্যাদ পুনৰ বঢ়াব পৰা যায়, অন্যহাতে যিসকলে ৰাজ্যখনত কৰ্মসংস্থান পাইছে, তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বাবে পাৰ্মিটখন এবছৰৰ বাবে বৈধ।৩৪ অৰুণাচল প্ৰদেশ চৰকাৰে আগমনৰ সময়তে পাৰ্মিটখন দিয়াৰ ব্যৱস্থা কাৰ্যকৰ কৰাৰ পৰিকল্পনা কৰিছে।৫
  • মিজোৰাম — মিজোৰাম চৰকাৰে জাৰি কৰে। এয়া মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্তৰ যিকোনো চেক গেটৰে ৰাজ্যখনত প্ৰৱেশৰ বাবে প্ৰয়োজনীয়। সাধাৰণতে, এখন "অস্থায়ী আইএলপি" দৰ্শনাৰ্থীৰ বাবে জাৰি কৰা হয় যিখন ৭ দিনৰ বাবে বৈধ, যিখনৰ ম্যাদ ১৫ দিনলৈ বঢ়াব পাৰি আৰু ব্যতিক্ৰমী পৰিস্থিতিত এমাহলৈ বঢ়াৰ পৰাৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি, স্থানীয় বাসিন্দা বা চৰকাৰী বিভাগৰ পৃষ্ঠপোষকতাত এখন "নিয়মিত আইএলপি" সংগ্ৰহ কৰিব পৰা যায় যিখন ৬ মাহৰ বাবে বৈধ আৰু পুনৰ ৬ মাহৰ বাবে দুবাৰলৈ পুনৰ্নবীকৰণ কৰিব পৰা যায়।৬ বিমান পথেৰে আগমন হ'লে আইজলৰ লেংপুই বিমানবন্দৰত অৱতৰণৰ পাছতেই এখন আইএলপি পাব পৰা যায়।
  • নাগালেণ্ড — নাগালেণ্ড চৰকাৰে জাৰি কৰে।
  • মণিপুৰ — মণিপুৰত আইএলপি প্ৰচলন কৰাৰ বিধেয়কখন মণিপুৰ চৰকাৰে ২০১৮ চনত প্ৰৱৰ্তন কৰিছিল।৭৮ ৰাষ্ট্ৰপতিৰ সম্মতি নোপোৱাৰ বাবে বিধেয়ক গৃহীত নহ'ল। পুনৰাই ইনাৰ লাইন পাৰ্মিটত মণিপুৰৰ অন্তৰ্ভুক্তিক ১০ ডিচেম্বৰ ২০১৯ত ঘোষণা কৰা হয়৯ আৰু ২০২০ চনৰ ১ জনুৱাৰীৰ পৰা মণিপুৰ চৰকাৰে আইএলপি জাৰি কৰা আৰম্ভ কৰে।১০১১

পূৰ্বতে জম্মু আৰু কাশ্মীৰৰ লেহ জিলাৰ কেইবাটাও অংশৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন হৈছিল। পিছে এক বিজ্ঞপ্তিযোগে ২০১৪ চনৰ ১ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই প্ৰয়োজনীয়তা বাতিল কৰা হয়। যদিও বিদেশী নাগৰিকে এই অঞ্চলৰ প্ৰৱেশৰ বাবে সুৰক্ষিত অঞ্চল পাৰ্মিট আহৰণ কৰাটো প্ৰয়োজন।১২ ২০১৭ চনত পুনৰ লেহৰ বাবে আইএলপি প্ৰয়োগ কৰা হৈছিল।১৩ অসম, মেঘালয়, অসম আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ইনাৰ লাইন পাৰ্মিট প্ৰবৰ্তন কৰাৰ দাবী চলি আহিছে,১৪ বিশেষকৈ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯-ৰ পাছৰে পৰা এনে দাবী তীব্ৰতৰ হৈ পৰিছে।১৫১৬

তথ্যসূত্ৰ

  1. ↑ Anandan, Arabhi. (2019-12-29). Explained: What Is Inner Line Permit (ILP)?. www.livelaw.in
  2. ↑ Inner Line Permit: A Legal Paradox. The Shillong Times
  3. ↑ Apply for Inner Line Permit (ILP): Itanagar Capital Complex
  4. ↑ Arunachal Pradesh ILP
  5. ↑ Chandra, Abhimanyu. China urged to accept Arunachal as part of India, but Indians can't enter state without permits. Scroll.in
  6. ↑ Entry procedure, State of Mizoram
  7. ↑ Indians outsiders in their own country
  8. ↑ Manipur People's Protection Bill 2018
  9. ↑ Dec 10, Bharti Jain; 2019; Ist, 5:33. Bringing ILP for Manipur, 3 NE states will be out of CAB. The Times of India
  10. ↑ Dec 10, Bharti Jain; 2019; Ist, 5:33. (2020-01-01). Inner Line Permit comes into force in Manipur, temporary permit to be issued for 15 days. The Indian Express
  11. ↑ (১ জনুৱাৰী ২০২০). মণিপুৰত আজিৰ পৰা কাৰ্যকৰী ইনাৰ লাইন পাৰ্মিট. এন ই নাও নিউজ
  12. ↑ No need for ‘Inner Line Permit’ for domestic tourists visiting LehArchived copy
  13. ↑ (19 April 2017). Ladakh Inner Line Permit (ILP) Implemented Again
  14. ↑ Massive rally in Shillong backs ILP - Thousands gather at students’ field to support cause. www.telegraphindia.com
  15. ↑ (৩০ ডিচেম্বৰ ২০১৯). অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত: সমুজ্জ্বল ভট্টাচাৰ্য. দ্য ছেণ্টিনেল
  16. ↑ ইনাৰ লাইন পাৰ্মিট আৰু অসমক বিশেষ মৰ্য্যদা দিয়াৰ বাবে কেন্দ্ৰক আহ্বান সত্ৰাধিকাৰ মঞ্চৰ. দ্য ছেণ্টিনেল

সম্পৰ্কিত শ্ৰেণী

ভাৰত চৰকাৰনথিপত্ৰভ্ৰমণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইনাৰ লাইন পাৰ্মিট” প্ৰবন্ধৰ সংশোধন ৪১৬৮৮২ (৪ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।