ত্ৰিপুৰা (Tripura) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ই ভাৰতৰ সাতভনী ৰাজ্যৰ মাজত মাটিকালিৰ ফালৰপৰা তৃতীয়তম সৰু ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ৪০৫১ বৰ্গ কিঃমিঃ। ইয়াক উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশৰপৰা বাংলাদেশে আগুৰি আছে। অসম আৰু মিজোৰাম ইয়াৰ উত্তৰ দিশত অৱস্থিত। ইয়াৰ ৰাজধানী হৈছে আগৰতলা।
আধুনিক কালৰ ত্ৰিপুৰা স্বাধীন ত্ৰিপুৰী সাম্ৰাজ্যৰ এক অংশহে।১ ব্ৰিটিছ ৰাজত্বৰ সময়ত ইয়াক "পাৰ্বত্য ত্ৰিপুৰা" (Hill Tippera) নামেৰে জনা গৈছিল।২ ১৯৪৯ চনৰ ১৫ অক্টোবৰত হোৱা Tripura Merger Agreementৰ ফলত এই সাম্ৰাজ্যখন স্বাধীন ভাৰতৰ লগত মিলি যায়।
ইতিহাস
মহাভাৰতত আছুৰাৰ মায়া কাৰিকৰৰ দ্বাৰা নিৰ্মিত তিনিখন চহৰক ত্ৰিপুৰা বুলি উল্লেখ কৰা আছে।৩ সম্ৰাট অশোক ৰজাৰ ৰাজত্ব কালৰ পুৰাণা আৰু স্তম্ভ সমূহতো ত্ৰিপুৰাৰ নাম খোদিত থকা পোৱা যায়।৪ ত্ৰিপুৰাৰ পুৰণি নাম কিৰাত দেশ বুলিও বিশ্বাস কৰা হয় আৰু ই কিৰাত সাম্ৰাজ্যৰ কথাকে বুজায়।
ত্ৰিপুৰী ৰজা (বুবাগ্ৰা) সকলে মাণিক্যৰ উপাধি গ্ৰহণ কৰি প্ৰায় ৩০০০ বছৰ ৰাজত্ব কৰিছিল। তেওঁলোকে ইয়াত ভাৰতবৰ্ষৰ লগত মিলিত হোৱাৰ আগলৈকে ৰাজত্ব কৰিছিল। বৰ্তমানৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ উদয়পুৰ সেই সময়ৰ ৰাজধানী আছিল। ১৮শ শতিকাত ৰজা কৃষ্ণ মাণিক্যই ৰাজধানী পুৰণি আগৰতলা লৈ স্থানান্তৰিত কৰিছিল। ইয়াৰ পিছত ১৯শ শতিকাত বৰ্তমানৰ আগৰতলালৈ স্থানান্তৰত কৰিছিল। ১৯শ শতিকাত ৰজা বীৰ চন্দ্ৰ মাণিক্য বাহাদুৰ দেৱবৰ্মাই "বিটিছ ইণ্ডিয়া"ৰ দৰে ৰাজ্যখনৰ শাসন পদ্ধতিত বিভিন্ন সংস্কাৰ কৰিছিল। ইয়াৰপৰাই আধুনিক ত্ৰিপুৰাৰ আৰম্ভণি বুলি ধৰা যায়।
ভূগোল
ত্ৰিপুৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১০,৪৯১.৬৯ বৰ্গ কিঃমিঃ (৪০৫০.৮৬ বৰ্গ মাইল)। ই ভাৰতবৰ্ষৰ (মাটিকালিৰ ফালৰপৰা) তৃতীয় ক্ষুদ্ৰতম ৰাজ্য।৫ ত্ৰিপুৰা ৰাজ্যখন উত্তৰ পৰা দক্ষিণলৈ ১৮৪ কিঃমিঃ (১১৪ মাইল) আৰু পূৱৰ পৰা পশ্চিমলৈ ১১৩ (৭০ মাইল) কিঃমিঃ বহল। ত্ৰিপুৰা ৰাজ্যখন অক্ষাংশ ২২°৫৬' উঃ পৰা ২৪°৩২' উঃলৈ আৰু দ্ৰাঘিমাংশ ৯০°০৯' পূঃ ৰপৰা ৯২°১০' পূঃলৈ পৰ্যন্ত বিস্তৃত হৈ আছে। ইয়াক উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশৰপৰা বাংলাদেশে আগুৰি আছে। ইয়াৰ পূৱ দিশত মিজোৰাম ৰাজ্য আৰু উত্তৰ-পূৱত অসম অৱস্থিত।৫ অসমৰ কৰিমগঞ্জ জিলা আৰু মিজোৰামৰ আইজল জিলা হৈ ত্ৰিপুৰালৈ যাব পাৰি।
অৰ্থনৈতিক ব্যৱস্থা
২০০৪ চনত ত্ৰিপুৰাৰ মুঠ অভ্যন্তৰীণ উৎপাদন বৰ্তমান মূল্যৰ ২১০ কোটি আমেৰিকান ডলাৰ নিৰ্ধাৰিত হৈছে। ত্ৰিপুৰাৰ অধিকাংশ লোকেই কৃষিজীৱী আৰু ত্ৰিপুৰাৰ মুঠ জনসংখ্যাৰ ৬৪ শতাংশই কৃষিৰ লগত জড়িত। ত্ৰিপুৰাত উৎপন্ন প্ৰধান শস্যসমূহ হ'ল ধান, তৈলবীজ, আলু (পাচলি) ইত্যাদি। চাহ আৰু ৰবৰ খেতিও ৰাজ্যখনত কৰা হয়। ত্ৰিপুৰাৰ হস্তশিল্পও অত্যন্ত বিখ্যাত।
শাল, চেগুন সহ উৎকৃষ্ট মানৰ কাঠ ত্ৰিপুৰাৰ বনাঞ্চলত পোৱা যায়।
পৰিবহণ

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথে ত্ৰিপুৰাক অসম আৰু সমগ্ৰ ভাৰতৰ লগত সংযোগ স্থাপন কৰিছে।
বিমান পথ
আগৰতলা বিমানবন্দৰ হৈছে ৰাজ্যৰ প্ৰধান বিমানবন্দৰ। ইয়াৰপৰা দৈনিক কলিকতা, গুৱাহাটী, বেংগালুৰু, চেন্নাই, দিল্লী আৰু শিলচৰলৈ বিমান চলাচল কৰে।
ৰেলপথ
অসমৰ লামডিং আৰু শিলচৰ পৰ্যন্ত বিস্তৃত হৈ থকা ব্ৰডগেজ ৰেলৱে লাইনৰ দ্বাৰা ভাৰতৰ মূল ভূখণ্ডৰ লগত ত্ৰিপুৰা সংযুক্ত হৈ আছে। ত্ৰিপুৰাৰ প্ৰধান ৰেল ষ্টেছনসমূহ হৈছে: আগৰতলা, ধৰ্মনগৰ আৰু কুমাৰঘাট।
জনগাঁথনি
ত্ৰিপুৰা হ'ল অসমৰ পিছতেই উত্তৰ-পূব ভাৰতৰ দ্বিতীয় জনবহুল ৰাজ্য। ২০০১ চনৰ জনগণনা অনুসৰি ৰাজ্যৰ মুঠ জনসংখ্যা হৈছে ৩,৬৭১,০৩২। ইয়াৰে ১,৮৭১,৮৬৭ জন পুৰুষ আৰু ১,৭৯৯,১৬৫ গৰাকী মহিলা।৬ জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৩৫০ জন।৭ সমগ্ৰ দেশৰ জনসংখ্যাৰ ফালৰপৰা ত্ৰিপুৰাৰ স্থান ২২ তম। সমগ্ৰ ভাৰতৰ জনসংখ্যাৰ ০.৩%। ত্ৰিপুৰাৰ সাক্ষৰতাৰ হাৰ ৮৭.৭৫%৬, যিটো ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ ৭৪.০৪%-তকৈ অধিক।
২০০১ চনৰ জনগণনা অনুসৰি ত্ৰিপুৰাৰ জনসংখ্যাৰ ৭০% বেংগলী জাতি আৰু বাকী ৩০% বিভিন্ন উপজাতি ও জনজাতীয় সম্প্ৰদায়ৰ দ্বাৰা গঠিত। জনজাতীয় সম্প্ৰদায়ৰ ভিতৰত বিভিন্ন ভাষাভাষী উপজাতি আছেআৰু ইয়াৰ ভিতৰত সংখ্যাগৰিষ্ঠ হল ককবৰক ভাষী ত্ৰিপুৰী সম্প্ৰদায়। অন্যান্য সম্প্ৰদায়সমূহ হৈছে জামাতিয়া, ৰিয়াঙ, চকমা, হালাম, মুণ্ডা, কুকি আৰু গাৰো। বেংগলী লোকৰ সংখ্যা বেছি হোৱা বাবে ৰাজ্যখনত বঙালী ভাষাৰ প্ৰচলন বেছি। জনজাতীয় সম্প্ৰদায়ৰ মাজত ককবৰক ভাষাৰ প্ৰচলন বেছি। ইয়াৰ উপৰিও ইন্দো-ইউৰোপীয় ভাষাগোষ্ঠী আৰু চীনা তিব্বতী ভাষাগোষ্ঠীৰ অন্য কিছুমান ভাষা জনজাতীয় সম্প্ৰদায়ৰ মাজত প্ৰচলিত।
| +ত্ৰিপুৰাৰ বিভিন্ন জনগোষ্ঠী | সম্প্ৰদায় | ভাষা | ভাষাগোষ্ঠী |
| বঙালী | বাংলা | ইন্দো-ইউৰোপীয় | |
| ত্ৰিপুৰী | ককবৰক | চীনা-তিব্বতী | |
| বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা | বিষ্ণুপ্ৰিয়া মণিপুৰী | ইন্দো-ইউৰোপীয় | |
| মেইতেই ভাষা | মৈতৈ | চীনা-তিব্বতী | |
| চাকমা | চাকমা | ইন্দো-ইউৰোপীয় | |
| কুকি জনগোষ্ঠী | কুকি | চীনা-তিব্বতী | |
| মিজো | মিজো | চীনা-তিব্বতী | |
| আৰাকানিজ় | আৰাকানিজ় | তিব্বতী-বাৰ্মী |
ধৰ্ম
ত্ৰিপুৰাৰ মুঠ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠই হৈছে হিন্দু ধৰ্ম (৮৫.৬% )।৮ ইয়াৰ বাহিৰেও মুছলমান (৭.৯%), খ্ৰীষ্টধৰ্ম (৩.২%) আৰু বৌদ্ধ ধৰ্মৰ (৩.১%) লোক ৰাজ্যখনত আছে। ৰাজ্যখনৰ প্ৰায়বিলাক জনজাতীয় সম্প্ৰদায়ৰ লোকেই হিন্দু। মগ আৰু চাকমা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে হৈছে বৌদ্ধ ধৰ্মাৱলম্বী লোক। লুছাই, কুকি আৰু গাৰো জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক।৯
শিক্ষা
ত্ৰিপুৰাৰ বিদ্যালয় সমূহ ৰাজ্য চৰকাৰ অথবা ব্যক্তিগত আৰু ধৰ্মীয় সংস্থান সমূহে পৰিচালনা কৰে। বিদ্যালয় সমূহ সাধাৰণতে ইংৰাজী আৰু বেংগলী মাধ্যমৰ। তথাপি ইয়াত কাকবৰক ভাষা আৰু স্থানীয় জনজাতিসকলৰ ভাষাও ব্যৱহাৰ কৰা হয়। বিদ্যালয় সমূহ চি. আই. এছ. চি. ই. (CISCE), চি. বি. এছ. ই. (CBSE), এন. আই. অ'. এছ. (NIOS) অথবা ত্ৰিপুৰা বৰ্ড অফ চেকেণ্ডেৰী এডুকেশ্বন অধীনৰ।১০
কেইখনমান উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে হলি ক্ৰ'ছ কলেজ, এম বি বি কলেজ, এন আই টি আগৰতলা, ত্ৰিপুৰা ইনষ্টিটিউট অফ টেকন'লজী, আগৰতলা গভৰ্ণমেণ্ট মেডিকেল কলেজ, ত্ৰিপুৰা মেডিকেল কলেজ, ত্ৰিপুৰা ইনষ্টিটিউট অফ পাৰামেডিকেল চায়েঞ্চ, ত্ৰিপুৰা ইউনিভাৰ্চিটি, ইন্দিৰা গান্ধী নেচনেল অপেন ইউনিভাৰ্চিটি আৰু আই চি এফ এ আই ইউনিভাৰ্চিটি। এই সকলো শৈক্ষিক প্ৰতিষ্ঠান আগৰতলা অথবা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত অৱস্থিত।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Henry, Soszynsky. (1996-2004). Tripura (Princely State). The Indian Princely States Website
- ↑ (1909). Hill Tippera - History.. The Imperial Gazetteer of India. পৃ. 118
- ↑ Ganguli, Kisari Mohan. (2008). The Mahabharata of Krishna-Dwaipayana Vyasa. Forgotten Books. পৃ. 244. ISBN 978-1-60506-617-2
- ↑ Singh, G.P. (2008). Historical research into some aspects of the culture and civilization of North-East India. Gyan Publishing House. ISBN 978-81-212-1012-6
- ↑ (2006). Land and people of Indian states and union territories. 26. Tripura. Gyan Publishing House. পৃ. 21–22. ISBN 978-81-7835-382-1
- ↑ Provisional population totals paper 2 of 2011: Tripura. Registrar General & Census Commissioner, India
- ↑ Provisional population totals at a glance figure: 2011 – Tripura. Registrar General & Census Commissioner, India
- ↑ Population by religious communities. Registrar General & Census Commissioner, India
- ↑ Bareh, Hamlet. (2001). Encyclopaedia of North-East India: Tripura. Mittal Publications. পৃ. 135–136. ISBN 978-81-7099-795-5
- ↑ Boards of secondary & senior secondary education in India. Department of School Education and Literacy, Ministry of Human Resource Development, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিপুৰা” প্ৰবন্ধৰ সংশোধন ৫৫৭১৭৫ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।