অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসম আৰক্ষী

অসম আৰক্ষী (Assam Police) হৈছে অসম ৰাজ্যৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে।

হালনাগাদ: ৬ নৱেম্বৰ ২০২৩ ৭৪৮ শব্দ · ৪ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অসম আৰক্ষী (Assam Police) হৈছে অসম ৰাজ্যৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে। অসম আৰক্ষী বিভাগ এজন সঞ্চালক প্ৰধানৰ অধীনত চালিত হয়। অসমৰ ৰাজধানী গুৱাহাটীৰ উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় অৱস্থিত। অসম আৰক্ষীত বৰ্তমান অনুমোদিত পদ ৭৪,৭৮৮-ৰ বিপৰীতে ৬১,৩১০ জন বিষয়া- কৰ্মচাৰী কাৰ্যৰত হৈ আছে১।

অসম আৰক্ষীৰ ইতিহাস

ব্ৰিটিছ অহাৰ আগলৈকে অসমত কোনো নিদিষ্ট আৰক্ষী প্ৰশাসন নাছিল।২ তেতিয়া অসম আহোমৰ শাসনত আছিল আৰু তেওঁলোকে অসমৰ শান্তি-ৰক্ষা পৰিচালনা কৰিছিল। কিন্তু ব্ৰিটিছ অহাৰ পাছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু শাসনভাৰ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ গৈছিল। ১৮৮২ চনত প্ৰথমবাৰৰ বাবে The Assam Frontier Police গঠন কৰা হৈছিল। এই বিভাগটোৰ ৪টা শাখা আছিল। লখিমপুৰ, কাছাৰ, গাৰো পাহাৰ আৰু নগা পাহাৰত ৪খন থানা গঠন কৰা হৈছিল আৰু শতিকাতোৰ শেষৰ ফালে ৯৪টা পুলিচ থানা গঠন কৰা হৈছিল। ১৯১৩ চনত এই বিভাগটোত এটা অপৰাধ নিৰাময় শাখা যোগ কৰা হৈছিল। ১৯৩৫ চনত The Assam Frontier Police ৰ মুখ্য কায্যালয় শ্বিলঙত স্থাপন কৰা হয় আৰু R.R.Cumingক প্ৰথম সঞ্চালক ৰূপে নিযুক্তি দিয়া হয়। ১৯৪৭ চনত ভাৰত স্বাধীন হয় আৰু The Assam Frontier Police ভাৰত চৰকাৰৰ অধীনলৈ আহে আৰু ইয়াৰ নাম অসম আৰক্ষীলৈ সলনি কৰা হয়।২

অসম আৰক্ষী গঠন(১৯৪৭ ৰ পিছত)

১৯২৯ ত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটিখন গঠন কৰিছিল। কিন্তু ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পাছত কমিটিখন কাৰ্যকৰী কৰা হয়। কিন্তু কেতবোৰ সিদ্ধান্ত পিছত অসম পুলিচতো ইয়াৰ প্ৰভাব পৰিছিল। অসমৰ ৰাইফলচ্‌ক অসম পুলিচৰ পৰা পৃথক কৰা হয়। স্বাধীনতাৰ সময়ত অসম পুলিচত ৮০০০ জন পুলিচ কৰ্মী আৰু ৩৩৫০ জন অফিচাৰ আছিল। বৰ্তমান প্ৰায় ৬১,৩১০ জন জন পুলিচ কৰ্মী অসম পুলিচত কাম কৰি আছে। ১৯৫০-৫১ চনত ভাৰতীয় সেনা আৰু অসম ৰাইফলচ্‌ৰ সৈতে লগ লাগি অসমৰ ভিতৰুৱা অঞ্চলবোৰত কেতবোৰ উগ্ৰপন্থী বিৰোধী অভিযান চলাইছিল, ইয়াৰ লক্ষ্য আছিল ভিতৰুৱা অঞ্চলবোৰত অসম পুলিচৰ প্ৰভাৱ বৃদ্ধি কৰা।

শাসনৰ পৰিধি অঞ্চল আৰু কৰ্তব্য সমূহ

সংগাঁথনি

অসম আৰক্ষী, অসম চৰকাৰৰ গৃহ বিভাগৰ পোনপটীয়া নিয়ন্ত্ৰণত থকা আইন-শৃংখলা ৰক্ষী বিভাগ। অসম আৰক্ষী এজন সঞ্চালক প্ৰধানৰ অধীনত পৰিচালিত হয়। বৰ্তমান অসম আৰক্ষী সঞ্চালক প্ৰধানজন হৈছে ভাস্কৰজ্যোতি মহন্ত, ভাৰতীয় আৰক্ষী সেৱা।

আৰক্ষী প্ৰধানজন হৈছে বাহিনীৰ মূল ব্যক্তি। অসম আৰক্ষীৰ বিভিন্ন বিভাগসমূহৰ প্ৰত্যেকতো বিভাগ এজন অতিৰিক্ত সঞ্চালক প্ৰধানৰ অধীনত থাকে। মহাপৰিদৰ্শকজন অধীনস্থ বিভিন্ন বিভাগৰ মুৰব্বী লগতে এক বা ততোধিক আৰক্ষী ক্ষেত্ৰসীমাৰ মুৰব্বী। উপ- মহাপৰিদৰ্শক এক আৰক্ষী ক্ষেত্ৰসীমাৰ মুৰব্বী যিজনৰ অধীনত কেইবাখনো আৰক্ষী জিলা থাকে। আৰক্ষী অধীক্ষক হল জিলা আৰক্ষীৰ মুৰব্বী বা বেটেলিয়নৰ কামাণ্ডেণ্ট(মুখ্য সেনাপতি)।

আৰক্ষী অধীক্ষকক কাৰ্য্যত সহায় কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক থাকে। আৰক্ষী জিলা কেইবাটাও মহকুমাত বিভক্ত হৈ থাকে। মহকুমাৰ মূল আৰক্ষী বিষয়া হ'ল মহকুমা আৰক্ষী বিষয়া (উপ আৰক্ষী অধীক্ষক)। 'সেইদৰে এটা মহকুমা কেইবাটাও আৰক্ষী চক্ৰত বিভক্ত। আৰক্ষী চক্ৰ ৰ মূল বিষয়া হ'ল চক্ৰ পৰিদৰ্শক ( পদমৰ্য্যদা: আৰক্ষী পৰিদৰ্শক)।

আৰক্ষী চক্ৰ ৰ অধীনত কেইবাখনো আৰক্ষী থানা আৰু আৰক্ষী চকী থাকে। সদৰ আৰক্ষী থানা আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলৰ থানাসমূহ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন (পদমৰ্য্যদা: আৰক্ষী পৰিদৰ্শক) তথা গ্ৰাম্যঞ্চল বা কম ঘন জনবসতিপূৰ্ণ অঞ্চলৰ থানাসমূহ এজন উপ পৰিদৰ্শক পদবীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন। তেনেদৰে আৰক্ষী চকীসমূহ এজন উপ পৰিদৰ্শক পদবীৰ বা সহকাৰী উপ পৰিদৰ্শক পদবীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন। লগতে বেটেলিয়ান সমূহ, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, বেটেলয়ান প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ সমূহ একোজন উপ- মহাপৰিদৰ্শকৰ অধীনত থাকে।

ভৌগোলিক খণ্ডিত শাসনৰ ক্ষেত্ৰসীমা অঞ্চল

অসম আৰক্ষীয়ে প্ৰশাসনিক তথা আইন- শৃংখলা কাৰ্য পৰিচালনাৰ বাবে সমগ্ৰ অসম ৰাজ্যক কিছুমান আৰক্ষী ক্ষেত্ৰসীমাত ভগাই লৈছে। প্ৰত্যেক ক্ষেত্ৰসীমা একোজন উপ- মহাপৰিদৰ্শক বা মহাপৰিদৰ্শকৰ অধীন।

ক্ৰমিক নংক্ষেত্ৰসীমাঅঞ্চল
১মধ্য পশ্চিম অসম (মহাপৰিদৰ্শক)গুৱাহাটী মেট্ৰ', কামৰূপ গ্ৰাম্য, নলবাৰী জিলা
২বড়ো স্বায়ত্ত্বশাসিত অঞ্চল (মহাপৰিদৰ্শক)কোকৰাঝাৰ জিলা, চিৰাং জিলা, ওদালগুৰি জিলা, বাক্সা জিলা
৩দক্ষিণ অসম (মহাপৰিদৰ্শক)কাছাৰ, হাইলাকান্দি জিলা, ডিমা হাছাও জিলা, শ্ৰীভূমি জিলা
৪পূৱ অসম (উপ- মহাপৰিদৰ্শক)তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, যোৰহাট জিলা, শিৱসাগৰ জিলা
৫পশ্চিম অসম (উপ- মহাপৰিদৰ্শক)বঙাইগাঁও জিলা, বৰপেটা জিলা, ধুবুৰী জিলা, গোৱালপাৰা জিলা
৬মধ্য অসম (উপ- মহাপৰিদৰ্শক)গোলাঘাট জিলা, মৰিগাঁও জিলা, নগাঁও জিলা, ডিফু
৭উত্তৰ অসম (উপ- মহাপৰিদৰ্শক)ধেমাজি জিলা, লখিমপুৰ জিলা, শোণিতপুৰ জিলা, দৰং জিলা

পদবী ক্ৰমানুসাৰ

ৰাজপত্ৰিত

  • সঞ্চালক প্ৰধান (জেষ্ঠতাৰ ভিত্তিত)
  • অতিৰিক্ত সঞ্চালক প্ৰধান
  • মহাপৰিদৰ্শক
  • উপ- মহাপৰিদৰ্শক
  • জেষ্ঠ আৰক্ষী অধীক্ষক
  • আৰক্ষী অধীক্ষক
  • অতিৰিক্ত আৰক্ষী অধীক্ষক
  • উপ আৰক্ষী অধীক্ষক

অৰাজপত্ৰিত

  • পৰিদৰ্শক
  • উপ পৰিদৰ্শক
  • সহকাৰী উপ পৰিদৰ্শক
  • মুখ্য কনিষ্টবল
  • নায়ক কনিষ্টবল
  • কনিষ্টবল

বিভিন্ন শাখাসমূহ

  • অপৰাধ অনুসন্ধানমূলক শাখা৩
  • বিশেষ শাখা
  • জিলা আৰক্ষী
  • সীমান্ত আৰক্ষী
  • অসম আৰক্ষী অনাতাঁৰ সংস্থা
  • অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী
  • অসম নদী আৰক্ষী
  • ৰাজ্যিক অগ্নি নিৰ্বাপন বিভাগ
  • ৰেলৱে আৰক্ষী
  • অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা
  • ন্যায়ালয়িক বিজ্ঞান শাখা
  • গাঁৱৰক্ষী বাহিনী
  • আৰক্ষী বেটেলিয়ন বাহিনী

নিযুক্তি

অসম আৰক্ষীত উপ-আৰক্ষী অধীক্ষক(ৰাজপত্ৰিত বিষয়া), উপ- পৰিদৰ্শক বা সহকাৰী উপ -পৰিদৰ্শক আৰু কনিষ্টবল পৰ্য্যায়ত প্ৰাৰ্থী নিযুক্তি সম্পন্ন হয়।

  • উপ-আৰক্ষী অধীক্ষক(ৰাজপত্ৰিত বিষয়া) পৰ্য্যায়ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা অসম আৰক্ষী সেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। এই পৰীক্ষা প্ৰাৰম্ভিক বাছনি, মূল পৰীক্ষা, বুদ্ধিমত্তা আৰু মৌখিক শাখাত খণ্ডিত। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও অসম-মেঘালয় কেডাৰত মোতায়ন হৈ উপ-আৰক্ষী অধীক্ষক পৰ্য্যায়ত অসম আৰক্ষীত যোগদান কৰে।
  • উপ- পৰিদৰ্শক বা সহকাৰী উপ -পৰিদৰ্শক পদৰ বাবে প্ৰাৰ্থীগৰাকী স্নাতক হোৱাৰ লগতে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা, শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হব লাগে।
  • কনিষ্টবল পদৰ বাবে প্ৰাৰ্থীগৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে জিলা আৰক্ষী নিযুক্তি পৰিষদৰ দ্বাৰা অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা, শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হব লাগে।

প্ৰশিক্ষণ

অসম আৰক্ষী অধীনত চাৰিখন প্ৰশিক্ষণ প্ৰতিষ্ঠান অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত।৪ অসম আৰক্ষী তথা বেটেলিয়ানত নিযুক্তি পোৱা প্ৰাৰ্থীসকলক বছৰজোৰা বুনিয়াদি প্ৰশিক্ষণ দিয়া হয়। সেই প্ৰশিক্ষণ কেন্দ্ৰসমূহ হ'ল -

  • আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়
  • বেটেলিয়ান প্ৰশিক্ষণ কেন্দ্ৰ
  • সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ
  • আৰক্ষী নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰ

প্ৰশিক্ষণ কেন্দ্ৰসমূহত পোনপটীয়াকৈ নিযুক্ত হোৱা উপ-আৰক্ষী অধীক্ষক, উপ- পৰিদৰ্শক (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) বা সহকাৰী উপ -পৰিদৰ্শক (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) আৰু কনিষ্টবল (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) পৰ্য্যায়ত প্ৰাৰ্থীৰ প্ৰশিক্ষণ দিয়া হয়। ভাৰতীয় দণ্ডবিধি আইন, অস্ত্ৰ চালনা, শাৰীৰিক কছৰৎ, নিয়মানুৱৰ্তীতা, ন্যায়ালয়িক বিজ্ঞান,অপৰাধ ধাৰা, পুলিচ বিজ্ঞান, জনতাৰ নিৰাপত্তা, বোমা-বাৰুদ, মুক্ত হস্ত চালনা, কৌশলপূৰ্ণ অভিযান, অশ্ব চালন, যান- বাহন নিয়ন্ত্ৰণ,যান- বাহন মেৰামতি, মেপৰ জ্ঞান, লাঠি চালনা, মানৱ সম্পদ তথা জনসংযোগ ইত্যাদি প্ৰশিক্ষণ পদবী অনুসাৰী দিয়া হয়।৪ অৱশ্যে অসম-মেঘালয় কেডাৰত মোতায়ন হোৱা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকল হায়দৰাবাদ স্থিত চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিচ অকাডেমীত (SVPNPA) প্ৰশিক্ষণ গ্ৰহণ কৰে।

উপকৰণ

অস্ত্ৰ-শস্ত্ৰ

  • ৰাইফল .৩০৩,
  • ইনচাচ ৫.৫৬ মিমি এচল্ট ৰাইফল,
  • এ কে-৪৭,
  • এম পি - ৫,
  • এ কে এম ( এ কে-৪৭ ৰাইফলৰ ভাৰতীয় সংস্কৰন),
  • ৭.৬২ মিমি এফ এন -এচ এল আৰ,
  • কাৰ্বাইন,
  • লাইট মেচিন গান,
  • মৰ্টাৰ,
  • গ্ৰেনেড,
  • ৯ মিমি পিষ্টল,
  • গ্লোক পিষ্টল,
  • ৰিভলভাৰ ইত্যাদি

যান-বাহন

আৰক্ষী গৱেষণা আৰু উন্নয়ন বিভাগৰ৫ তথ্য অনুসৰি ১ জানুৱাৰী, ২০১২ চন লৈ অসম আৰক্ষীৰ সৰু- ডাঙৰ বাহন মুঠ সংখ্যা ৫২৭৯ খন।

  • টয়'টা ইন'ভা(উচ্চ পদবীৰ বিষয়াসকলৰ বাবে)
  • মহেন্দ্ৰ স্ক'ৰপিঅ' (উচ্চ পদবীৰ বিষয়াসকলৰ বাবে)
  • টাটা চাফাৰি (VIP সুৰক্ষা আৰু কনভয়)
  • HM এমবাচাদৰ (বৰ্তমানে লুপ্ত)

দৈনন্দিন কৰ্মত ব্যৱহাৰ হোৱা যান-বাহন

  • মহেন্দ্ৰ ব'লেৰো
  • মাৰুতি জিপচি
  • টাটা চুম'
  • টাটা ৪০৭, ট্ৰাক
  • বাছ
  • বাজাজ পালচাৰ. (Patrolling)
  • মাৰুতি ওমনি. (ট্ৰেফিক পুলিচৰ বাবে, গুৱাহাটী নগৰত)
  • মহেন্দ্ৰ জীপ (লুপ্ত)

=উগ্ৰপন্থী বিৰোধী অভিযান

১৯৯৬চনত গঠন হোৱা অসম আাৰক্ষীৰ বিশেষ কমাণ্ডো যাৰ নাম ব্লেক পেন্থাৰ নামেৰে পৰিচিত, সেই কমাণ্ডো বাহিনীটোৱে বিভিন্ন ঠাইত পাহাৰীয়া দূৰ্গম এলেকাত উগ্ৰপন্থী বিৰোধী অভিযান চলায় সফল বাহিনীৰূপে পৰিচয় দিছে। এই বাহিনীটোৰ মহিলা কমাণ্ডো বাহিনী এটা গঠন কৰা হৈছে যাৰ নাম বীৰাংগনা।

অসম আৰক্ষীৰ বিভিন্ন আচঁনি

প্ৰহৰী আঁচনি প্ৰহৰী আঁচনি হল অসম আৰক্ষীৰ দ্বাৰা পৰিচালিত এক জনকল্যাণ মূলক আচঁনি। এই আচঁনিৰ সহায়ত অসম আৰক্ষীয়ে সমাজৰ বিনাশকাৰী আৰু হানিকাকাৰক শক্তিসমূহক ধ্বংস কৰি সামূহিক উন্নয়ন তথা বিকাশ সাধনৰ লক্ষ্য হাতত লৈছে। ৬

সহযোগ আঁচনি৭আশ্বাস আঁচনি "আশ্বাস" আচঁনি, ইউনিচেফৰ সহযোগত অসম আৰক্ষীৰ দ্বাৰা পৰিচালিত। এই আচঁনিৰ উদেশ্য হল বিছ্ছিনতাবাদী আন্দোলন, ধৰ্মীয় সাম্প্ৰদায়িকতা, গোষ্ঠীগত সংঘৰ্ষ তথা হিংসাপীড়িত শিশুসকলৰ সহায়।৮

এই আচঁনিৰ মুখ্য দিশসমূহ -

  • বুনিয়াদি স্তৰৰ অধ্যয়ন আৰু ভবিষ্যত কৰ্মসূচী ৰূপায়ণৰ পদ্ধতিনীতি।
  • জনকল্যাণমুখী মনোবৃত্তী গঠনৰ বাবে প্ৰশিক্ষণ।
  • গণসচেতনতা অভিযান।
  • পিতৃ-মাতৃহাৰা শিশুৰ শৈক্ষিক পুনৰসংস্থাপন অনুদান।

যোগাযোগ নম্বৰ

  • জৰুৰী-কালীন সেৱা - ১০০
  • নিয়ন্ত্ৰণ কক্ষ - সঞ্চালক নিয়ন্ত্ৰণ কক্ষ - ২৫২১২৪২, বিশেষ শাখা নিয়ন্ত্ৰণ কক্ষ - ২৩৮১৫১১/২৩৮০৬২০, গুৱাহাটী মহানগৰ নিয়ন্ত্ৰণ কক্ষ - ২৪৬৪৫৫৭/৮

বঁটা আৰু সন্মান

২০১৩ চনত পোনপ্ৰথম বাৰৰ বাবে কীৰ্তিচক্ৰ বঁটা(দেশৰ দ্বিতীয় সৰ্ব্বোচ্চ সাহসীকতাৰ সন্মান) অসম আৰক্ষীৰ পৰিদৰ্শক লোহিত সোণোৱালে দেশৰ বাবে আত্ম বলিদান দি শান্তিৰ সময়ত দেখুওৱা চূড়ান্ত সাহসীকতাৰ কাৰণে মৰোনত্তৰ ভাৱে লাভ কৰে।৯ তেখেত উগ্ৰপন্থী বিৰুদ্ধে অভিযানৰ সময়ত অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত কেইজনমান নিৰীহ জনতাক প্ৰাণ ৰক্ষা কৰিবলৈ যাঁওতে উগ্ৰপন্থীৰ গুলীত থকা সৰকা হৈ মৃত্যুবৰণ কৰিছিল।

ৰাষ্ট্ৰপতিৰ পুলিচ বঁটা

চননামবিভাগ
২০১৩প্ৰানজিত বৰাউপ-পৰিদৰ্শক
২০১৩প্ৰাণজিত লহকৰউপ-পৰিদৰ্শক
২০১৩অনুৰাগ আগৰৱালাআৰক্ষী অধীক্ষক
২০১৩শুভাসিষ বৰুৱাআৰক্ষী অধীক্ষক
২০১৩গ্ৰিষ্টন মাৰকআৰক্ষী অধীক্ষক
২০১২সত্যজিত নাথঅতিৰিক্ত আৰক্ষী অধীক্ষক
২০১২গকুল চেট্টীকনিষ্টবল
২০১২কে, সুৰেন্দ্ৰ সিংকনিষ্টবল
২০১২সন্ধম অজিত সিংকনিষ্টবল
২০১২শেন্তি ৰেন্বাকনিষ্টবল
২০১২মেৰী ৰঙ্গোলকনিষ্টবল
২০১১অজিত প্ৰসাদ ৰাওটঅসম পুলিচ

পুলিচ বঁটা(তীক্ষ্ণতাৰ বাবে)

নামপদবী
মৃণাল শৰ্মাপৰিদৰ্শক
দিলীপ কুমাৰ বৰাউপ-পৰিদৰ্শক
কুশেস্বৰ শইকীয়াসহকাৰী উপ-পৰিদৰ্শক
নৰেশ অধিকাৰী"
ললিত চ্ন্দ্ৰ গগৈহাবিলদাৰ
ৰবীন্দ্ৰ নাথ সিং যাদৱ"
ৰঞ্জন মেচ"
মনোৰঞ্জন কুৰ্মী"
অংগীওথাই হাৰংখল্"
হীৰেন বৰুৱানায়ক
অজিত কুমাৰ বৰাকনিষ্টবল
হৰেশ্বৰ বড়ো"

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ bprd.nic.in/showfile.asp?lid=1047
  2. ↑ History Of Assam Police. ASSAMPOLICE.GOV.IN
  3. ↑ আৰ্কাইভ কপি
  4. ↑ Training Centres of Assam Police. ASSAMPOLICE.GOV.IN
  5. ↑ bprd.nic.in
  6. ↑ About Prahari Project. ASSAMPOLICE.GOV.IN
  7. ↑ About Sahayog Project. ASSAMPOLICE.GOV.IN
  8. ↑ About Aashwas Project. ASSAMPOLICE.GOV.IN
  9. ↑ KIRTI CHAKRA TO LOHIT SONOWAL POSTHUMOUSLY FOR SUPERLATIVE EXEMPLARY OF VALOUR AND COURAGE. ASSAMPOLICE.GOV.IN

সম্পৰ্কিত শ্ৰেণী

অসম চৰকাৰঅসমৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম আৰক্ষী” প্ৰবন্ধৰ সংশোধন ৩৯০৫৬০ (৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।