খিলঞ্জীয়া (𑜁𑜢𑜤𑜰𑜫:𑜎า𑜃𑜫𑜊𑜣 khér laan zi১২ Indigenous peoples অন্যনাম: ভূমিপুত্ৰ, থলুৱা,থলগিৰি) হৈছে কোনো অঞ্চলৰ উপনিবেশিকৰণৰ পূৰ্বৰ পৰাই ঐতিহাসিক ধাৰাবাহিকতা, সুকীয়া সংস্কৃতি, ভাষা আৰু ব্যৱস্থা থকা জনগোষ্ঠী।৩৪ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী বুলি শিথিলভাৱে ১৮২৬ চনৰ আগৰ পৰা অসমত বাস কৰা জনগোষ্ঠী সমূহক বুজোৱা হয়।৫ আন কোনো লোক যিসকলে শেহতীয়াকৈ কোনো অঞ্চলত বসবাস, দখল বা উপনিবেশ স্থাপন কৰিছে তেওঁলোকক খিলঞ্জীয়া লোক বোলা নহয়। সাধাৰণতে কোনো গোটক খিলঞ্জীয়া হিচাপে বৰ্ণনা কৰা হয় যেতিয়া তেওঁলোকে পৰম্পৰাগত সংস্কৃতি বা আন কোনো প্ৰাৰম্ভিক সংস্কৃতিৰ সৈতে সম্পৰ্কিত দৃষ্টিভঙ্গিসমূহ মানি চলে। সকলো খিলঞ্জীয়া লোকেই এনে বৈশিষ্ট্য মানি নচলিবও পাৰে, কাৰণ বহুতো ক্ষেত্ৰত তেওঁলোক ঔপনিবেশিক সংস্কৃতি যেনে সাজপাৰ, ধৰ্ম বা ভাষা আঁকোৱালি ল'ব পাৰে। খিলঞ্জীয়া লোকসকলে কোনো নিৰ্দিষ্ট অঞ্চলত বাস কৰিব পাৰে বা এক বিশাল অঞ্চলজুৰি যাযাবৰ জীৱন-যাপন কৰিব পাৰে, কিন্তু তেওঁলোক সাধাৰণতে ঐতিহাসিকভাবে এক নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত বা নিৰ্ভৰশীল। খিলঞ্জীয়া সমাজসমূহ পৃথিৱীৰ প্ৰতিটো জলবায়ু অঞ্চল আৰু মহাদেশতে পোৱা যায়।৬
ব্যুৎপত্তি
খিলঞ্জীয়া শব্দটো টাই-আহোম ভাষাৰ শব্দ খি-লন-জিৰ পৰা আহিছে যাৰ অৰ্থ হৈছে পুৰণিকলীয়া।১ ইয়াক অসম ৰাজ্যৰ থলুৱা বাসিন্দা সকলক বুজাবলৈ ব্যবহাৰ কৰা হৈছিল।২ ইয়াৰ উপৰি ডফলা সকলক বুজাবলৈ খি-লি-মি শব্দ ব্যবহাৰ কৰা হৈছিল।৭
সুৰক্ষা
খিলঞ্জীয়া লোকসকল সচৰাচৰ তেওঁলোকৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক সুস্থতা আৰু তেওঁলোকৰ সংস্কৃতি নিৰ্ভৰশীল সম্পদসমূহৰ প্ৰতি ভাবুকিৰ সন্মুখীন হয়। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ যেনে ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা, বিশ্ব বেংক আদিয়ে তেওঁলোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ দ্বাৰা ৰাজনৈতিক অধিকাৰ নিৰ্ধাৰণ কৰিছে। ২০০৭ চনত ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় নীতি পৰিচালনাৰ বাবে "খিলঞ্জীয়া লোকৰ অধিকাৰৰ ঘোষণাপত্ৰ" (Declaration on the Rights of Indigenous Peoples; UNDRIP) জাৰি কৰে য'ত খিলঞ্জীয়া লোকৰ সংস্কৃতি, পৰিচয়, ভাষা আৰু কৰ্মসংস্থান, স্বাস্থ্য, শিক্ষা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি অধিকাৰ কথা উল্লেখ কৰা হয়। এক সমীক্ষা অনুসৰি খিলঞ্জীয়া লোকৰ মুঠ জনসংখ্যা ২২ৰ পৰা ৩৫ কোটি বুলি অনুমান কৰা হৈছে।৮
বিশ্বৰ খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস প্ৰতিবছৰৰ ৯ আগষ্টত পালন কৰা হয়।
উৎস প্ৰসংগ
- Biswas, Debajyoti. (2020). The impasse of Khilonjia identity in Assam. Corvinus Journal of Sociology and Social Policy. Corvinus University of Budapest. পৃ. 181–185
তথ্যসূত্ৰ
- ↑ কাকতি, বাণীকান্ত. (১৯৫৯). Aspects of Early Assamese Literature. গুৱাহাটী বিশ্ববিদ্যালয়. পৃ. ১৩
- ↑ The Tai Ahom Language in Assam: Language Shift and The Process of Socio-Cultural Assimilation — Dr. Anita konwar, Asst. Professor, Donation, Cheraidoi
- ↑ Indigenous Peoples. United Nations
- ↑ (November 10, 2015). “Who are Indigenous Peoples?” United Nations Permanent Forum on Indigenous Issues. Global Indigenous Forum
- ↑ Biswas, Debajyoti. (2020). The impasse of Khilonjia identity in Assam. Corvinus Journal of Sociology and Social Policy. Corvinus University of Budapest. পৃ. 181–185
- ↑ Acharya, Deepak and Shrivastava Anshu (2008): Indigenous Herbal Medicines: Tribal Formulations and Traditional Herbal Practices, Aavishkar Publishers Distributor, Jaipur, India. . p. 440
- ↑ দেওধাই ফুকন,বৰুৱা, বি,এন এন. (১৯৬৪). আহোম লেগজিকন. ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ, অসম চৰকাৰ
- ↑ Bodley 2008:2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খিলঞ্জীয়া লোক” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৯৬ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।