অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভাৰতৰ উচ্চতম ন্যায়ালয়

ভাৰতৰ উচ্চতম ন্যায়ালয় বা ভাৰতৰ চুপ্ৰীম কোৰ্ট (ইংৰাজী: Supreme Court of India) হ'ল ভাৰতৰ সৰ্বোচ্চ বিচাৰ বিভাগীয় অধিকৰণ আৰু ভাৰতৰ সংবিধানৰ অধীনত সৰ্বোচ্চ আপীল আদালত। ই ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক আদালত। সংবিধানৰ চতুৰ্থ ভাগৰ পঞ্চম অধ্যায় অনুসৰি ইয়াক গঠন কৰা হৈছিল।

হালনাগাদ: ১৪ মে’ ২০২৩ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ উচ্চতম ন্যায়ালয় বা ভাৰতৰ চুপ্ৰীম কোৰ্ট (ইংৰাজী: Supreme Court of India) হ'ল ভাৰতৰ সৰ্বোচ্চ বিচাৰ বিভাগীয় অধিকৰণ আৰু ভাৰতৰ সংবিধানৰ অধীনত সৰ্বোচ্চ আপীল আদালত। ই ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক আদালত। সংবিধানৰ চতুৰ্থ ভাগৰ পঞ্চম অধ্যায় অনুসৰি ইয়াক গঠন কৰা হৈছিল। ভাৰতৰ উচ্চতম ন্যায়ালয় সাংবিধানিক পৰ্যালোচনাৰ অধিকাৰ প্ৰাপ্ত।১

Supreme Court of India
Supreme Court of Indiaছবি: Pinakpani · CC BY-SA 4.0

ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু আন ৩০জন ন্যায়াধীশক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয় গঠিত। দেশৰ সৰ্বোচ্চ আপীল আদালত হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰাথমিকভাৱে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উচ্চ ন্যায়ালয় আৰু অন্যান্য আদালত আৰু ট্ৰাইবুনেলৰ ৰায়ৰ বিৰুদ্ধে আপীল গ্ৰহণ কৰে।

ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয় সদায়ে প্ৰস্তুত। ভাৰতৰ বিভিন্ন চৰকাৰসমূহৰ অভ্যন্তৰীণ বিবাদ নিষ্পত্তিৰ বাবে এই আদালতে কাম কৰে। উপদেষ্টা আদালত হিচাপে উচ্চতম ন্যায়ালয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিভিন্ন কাম-কাজত সংবিধানৰ অধীনস্থ বিষয়সমূহৰ শুনানি গ্ৰহণ কৰে। কোনেও এই আদালতৰ দৃষ্টি আকৰ্ষণ বা আপীল নকৰিলেও, ই নিজে বিভিন্ন বিষয়ত হস্তক্ষেপ কৰিব পাৰে। প্ৰথমে কলিকতাত বিচাৰ বিভাগীয় প্ৰশাসন পৰিচালনাৰ বাবে এই আদালত গঠন কৰা হৈছিল।

উচ্চতম ন্যায়ালয়লৰ দ্বাৰা ঘোষিত ৰায় ভাৰতৰ সকলো আদালতে মানি চলিবলৈ বাধ্য।২

তথ্যসূত্ৰ

  1. ↑ Supreme Court of India
  2. ↑ History of Supreme Court of India. Supreme Court of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ উচ্চতম ন্যায়ালয়” প্ৰবন্ধৰ সংশোধন ৩৬৫৬৯৯ (১৪ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।