আইমী বৰুৱা (Aimee Baruah) এগৰাকী অসমীয়া অভিনেত্ৰী। তেওঁ কেইবাখনো অসমৰ চলচ্চিত্ৰৰ লগতে বহুতো ভিচিডি তথা এলবামত অভিনয় কৰিছে।
জন্ম আৰু শিক্ষা
আইমী বৰুৱাৰ জন্ম হৈছিল নগাঁৱত। তেওঁৰ মাতৃৰ নাম মালা বৰুৱা আৰু পিতৃ স্বৰ্গীয় পূৰ্ণ বৰুৱা। পূৰ্ণ বৰুৱা এগৰাকী আৰক্ষী অধীক্ষক আছিল। আইমী নামটো দেউতাকে দিছিল যাৰ অৰ্থ ফৰাচী ভাষাত সুবাস।১ আইমী বৰুৱাই অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰি চ’ছিয়েল ৱৰ্কছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১
অভিনয় জীৱন
আইমী বৰুৱাই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই অসমৰ সাধুকথা নামৰ এখন তথ্যচিত্ৰত তেজীমলা চৰিত্ৰত অভিনয় কৰিছিল। তাৰপিছত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তুমি মোৰ মাথোঁ মোৰ চলচ্চিত্ৰখনৰ বাবে বিবেচনা কৰা হৈছিল যদিও বয়স কম হোৱা বাবে শেষ মুহূৰ্তত তেওঁক বাতিল কৰা হয়। তাৰ পিছৰ বছৰতেই অৰ্থাৎ নৱম শ্ৰেণীত পঢ়ি থকা সময়ত আইমী বৰুৱাই প্ৰেম আৰু প্ৰেম ছবিত অভিনয় কৰাৰ সুযোগ পায়। যিখন আছিল তেওঁৰ জীৱনৰ প্ৰথমখন ছবি।২ ইয়াৰ পিছত আইমীয়ে কেইবাখনো চিনেমা আৰ ভিচিডিত অভিনয় কৰে।
ব্যক্তিগত জীৱন
আইমী বৰুৱাই ৰাজনীতিবিদ পীযুষ হাজৰিকাৰ সৈতে ২০১১ চনৰ ১ অক্টোবৰত বিবাহপাশত আবদ্ধ হয়।৩ তেওঁলোকৰ বৰ্তমান দুটা সন্তান আছে।
চলচ্চিত্ৰপঞ্জী
- প্ৰেম আৰু প্ৰেম (২০০২)
- সৰু বোৱাৰী (২০০৩)
- জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ) (২০১১)
- মনে মোৰ কইনা বিচাৰে (২০১৩)
- বীৰ চিলাৰায় (২০১৩)
- মহাসমৰ (২০১৪)
- পানী (২০১৪)
- নিজানৰ গান (২০১৮)
তথ্যসূত্ৰ
- ↑ (23 November 2018). ON Camera: UD interview with Aimee Boruah. Ramdhenu Channel
- ↑ Pathak, Bhukhan. (4 March 2018). Interview With Assamese Actress Aimee Baruah
- ↑ Who's Who. assamassembly.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইমী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫২১৪৪৩ (২৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।