অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া প্ৰতিদিন

অসমীয়া প্ৰতিদিন (Asomiya Pratidin) হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকত। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। প্ৰথম কাৰ্য্যবাহী সম্পাদক পৰাগ কুমাৰ দাস। বৰ্তমানৰ মুখ্য সম্পাদক নিত্য বৰা, মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী আৰু কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অসমীয়া প্ৰতিদিন (Asomiya Pratidin) হৈছে এখন অসমীয়া দৈনিক বাতৰিকাকত। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। প্ৰথম কাৰ্য্যবাহী সম্পাদক পৰাগ কুমাৰ দাস। বৰ্তমানৰ মুখ্য সম্পাদক নিত্য বৰা, মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী আৰু কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা। বাতৰি কাকতখনৰ গৰাকী জয়ন্ত বৰুৱাৰ হৈ যতীন চৌধুৰীয়ে প্ৰকাশ কৰে।১ জয়ন্ত বৰুৱা মালিকানাধীন এই কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনী হ'ল: সাদিন, সাতসৰী (আলোচনী) আৰু নন্দিনী। অসমীয়া প্ৰতিদিন কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ জিলা আৰু বঙাইগাঁওৰ পৰা প্ৰকাশিত।

সমল

এই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰণতে ১৬ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদনা মেজ, সাহিত্য, আন্তঃৰাষ্ট্ৰীয় বাতৰি, প্ৰতিদিনৰ খেলপথাৰ, ব্যৱসায়-বাণিজ্য আদিৰ দৰে ভাগত বিভক্ত থাকে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ অসমীয়া প্ৰতিদিন বাতৰিকাকত

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া প্ৰতিদিন” প্ৰবন্ধৰ সংশোধন ৪৭৩৬৫৫ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।