ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।
ভাৰত দেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।
বাহ্যিক সংযোগ
- Official Portal of the Indian Government
- Highest Executive, Judiciary and Legislative officers in India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত চৰকাৰ” প্ৰবন্ধৰ সংশোধন ৪১৯০৬৬ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।