ৰাম নাথ কোৱিন্দ (Ram Nath Kovind; জন্ম: ১ অক্টোবৰ, ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ, দলিত নেতা আৰু অধিবক্তা। তেওঁ ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি হিচাপে এনডিএ জোঁটৰ পৰা নিৰ্বাচিত হৈছিল। কোৱিন্দ ২০১৫-২০১৭ চনত বিহাৰৰ ৰাজ্যপাল আছিল৷১২ তেওঁক ২০১৭ চনৰ ২৫ জুলাই তাৰিখে সেই সময়ৰ ভাৰতৰ মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰোৱায়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ৰাম নাথ কোৱিন্দ ১৯৪৫ চনৰ ১ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাতত জন্ম হৈছিল।৩ তেওঁৰ পিতৃ এজন খেতিয়ক আছিল।৪ তেওঁ কানপুৰৰ দয়ানন্দ এংলো বৈদিক মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।৫৬৩
কৰ্মজীৱন

অধিবক্তা
কানপুৰৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অসামৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ যায়। তৃতীয় প্ৰয়াসত তেওঁ এই পৰীক্ষাত কৃতকাৰ্য হয়। পিছে ভাৰতীয় প্ৰশাসনিক সেৱাত চয়ন নোহোৱাৰ বাবে তেওঁ ইয়াত অংশ গ্ৰহণ নকৰি আইনৰ অনুশীলন আৰম্ভ কৰে।৭১৯৭১ চনত তেওঁ দিল্লীৰ উকীল সন্থা ত পঞ্জীভূক্ত হয়। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা ৰূপে কাৰ্য নিৰ্বাহ কৰিছিল আৰু ১৯৮০ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ চৰকাৰৰ স্থায়ী পৰিষদ ৰূপে ভাৰতৰ উচ্চতম ন্যায়ালয়ত সেৱা আগবঢ়াইছিল। ১৯৭৮ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰূপে স্বীকৃতি পায়। তেওঁ ১৯৯৩ চনলৈ দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত প্ৰায় ১৬ বছৰ আইনৰ অনুশীলন কৰিছিল। অধিবক্তা ৰূপে কোৱিন্দে সমাজৰ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোক আৰু মহিলা সকলক বিনামূলীয়া আইনী পৰামৰ্শ আগবঢ়াইছিল।৬ তেওঁ ১৯৭৭-৭৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ ব্যক্তিগত সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৮
বিজেপি সদস্য
তেওঁ ১৯৯১ চনত ভাৰতীয় জনতা পাৰ্টী যোগদান কৰে।৮ তেওঁ ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ বিজেপিৰ দলিত মৰ্চাৰ সভাপতি আৰু সৰ্ব ভাৰতীয় কুলি সমাজৰ সভাপতি আছিল। লগতে তেওঁ পাৰ্টিৰ ৰাষ্ট্ৰীয় বক্তা ৰূপেও কাম কৰিছিল।৯ তেওঁ তেওঁৰ ডেৰাপুৰত অৱস্থিত পৈতৃক গৃহ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক দান কৰিছিল।৮ তেওঁ বিজেপিৰ টিকটৰ পৰা উত্তৰ প্ৰদেশৰ ঘটামপুৰ লোকসভা সমষ্টি আৰু ভগ্নীপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও দুয়ো নিৰ্বাচনত পৰাজয় বৰণ কৰে।
ৰাজ্য সভা
১৯৯৪ চনৰ এপ্ৰিল মাহত তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্য সভালৈ নিৰ্বাচিত হয়। তেওঁ ২০০৬ চনলৈ ১২ বছৰ কাল ৰাজ্য সভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰে। সাংসদ হিচাপে তেওঁ সংসদীয় অনুসূচীত জাতি আৰু জনজাতিৰ উন্নয়ন কমিটি, গৃহ দপ্তৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, সামাজিক ন্যায় আৰু সৱলীকৰণ, আইন আৰু ন্যায় বিভাগৰ লগত জড়িত আছিল। তেওঁ ৰাজ্য সভাৰ গৃহ কমিটিৰ অধ্যক্ষ ৰূপেও কাৰ্য নিৰ্বাহ কৰিছিল। সাংসদ হিচাপে তেওঁ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ গাঁৱলীয়া অঞ্চলত বিদ্যালয় স্থাপন আৰু আন্তঃগাঁথনিৰ নিৰ্মাণত গুৰুত্ব দিছিল। সাংসদ হিচাপে তেওঁ থাইলেণ্ড, নেপাল, পাকিস্তান, ছিংগাপুৰ, জাৰ্মানী, ছুইতজাৰলেণ্ড, ফ্ৰান্স, যুক্তৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল।৬
ৰাজ্যপাল
২০১৫ চনৰ ৮ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাম নাম কোৱিন্দক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে।১০ ২০১৫ চনৰ ১৬ আগষ্ট তাৰিখে পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্যন্যায়াধীশে তেওঁক বিহাৰৰ ৩৫তম ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰোৱায়। পাটনাৰ ৰাজভৱনত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল।১১
ৰাষ্ট্ৰপতি নিৰ্বাচন
২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চায়ে (এন ডি এ) কোৱিন্দক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। ৰাষ্ট্ৰপতি পদৰ মনোনয়ন লাভ কৰাৰ পিছত তেওঁ বিহাৰৰ ৰাজ্যপাল পদৰ পৰা ইস্তফা দিয়ে আৰু ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে ২০ জুনত তেওঁৰ ইস্তফা গ্ৰহণ কৰে।১২ ২০ জুলাইত তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হয়।১৩
ৰাম নাথ কোৱিন্দে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ইউ পি এ ৰ প্ৰাৰ্থী লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰক ৬৫.৬% ভোটৰ ব্যৱধানত পৰাজিত কৰে। কোৱিন্দে সাংসদ আৰু বিধায়কৰ পৰা মুঠ ২,৯৩০ ভোট লাভ কৰে। নিৰ্বাচনী আয়োগৰ ভোটৰ মূল্য অনুসৰি কোৱিন্দে ৭,০২,০৪৪ আৰু মীৰা কুমাৰে ১,৮৪৪টা ভোট আৰু মূল্য ৩,৬৭,৩১৪। ৩৪.৩৫% ভোট লাভ কৰা কুমাৰে ৩৬৭,৩১৪ ভোটৰ ব্যৱধানত পৰাজিত হয়। নিৰ্বাচনত ৭৭টা ভোট অযোগ্য বুলি বিবেচিত হৈছিল।১৪
তেওঁ কে. আৰ. নাৰায়ণৰ পিছত ভাৰতৰ দ্বিতীয় দলিত ৰাষ্ট্ৰপতি লগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম ৰাষ্ট্ৰপতি।১৫ মীৰা কুমাৰ ৩৩০,০০০ ভোটতকৈ বেছি ভোটৰ ব্যৱধানত পৰাজিত হলেও পৰাজিত প্ৰাৰ্থী হিচাপে আটাইতকৈ বেছি ভোট লাভ কৰি পৰাজিত হোৱা অভিলেখ গঢ়ে।১৬
২০১৭ চনৰ ২৫ জুলাই তাৰিখে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰে।১৭
তথ্যসূত্ৰ
- ↑ www.thehindu.com/news/national/other-states/supp
- ↑ www.thehindu.com/news/national/ram-nath-kovind-b
- ↑ Governor of Bihar. governor.bih.nic.in
- ↑ Who Is Ram Nath Kovind, Likely To Be Next President. NDTV.com
- ↑ PTI. (2017-06-19). Ram Nath Kovind: A crusader for the rights of weaker sections. The Economic Times
- ↑ Bihar governor Ram Nath Kovind: 10 facts about NDA's Presidential nominee - Times of India. The Times of India
- ↑ PTI. (19 June 2017). What you should know about BJP's presidential candidate Ram Nath Kovind
- ↑ Ram Nath Kovind, a lawyer who cracked civils but lost 2 elections - Times of India. The Times of India
- ↑ Enact tougher laws to prevent crimes against dalits. The Hindu
- ↑ PTI. (8 August 2015). Ram Nath Kovind, Acharya Dev Vrat appointed as Bihar and Himachal Pradesh governors
- ↑ (2015-08-16). 36th Governor of Bihar. indiatoday
- ↑ (2015-08-20). Resignation as Governor of Bihar. firstpost
- ↑ Ram Nath Kovind is the 14th President of India. The Hindu
- ↑ (21 July 2017). With 65 percent votes, Kovind sweeps elections. Times of India
- ↑ (Jul 21, 2017). Kovind first President from Sangh, cross-voting boosts margin. Times of India
- ↑ Sunil Prabhu. (July 21, 2017). In Defeat, Opposition's Meira Kumar Breaks 50-Year-Old Record. NDTV
- ↑ (2015-07-25). Ram Nath Kovind sworn-in as 14th President of India. ddnews
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম নাথ কোৱিন্দ” প্ৰবন্ধৰ সংশোধন ৩৮৩৫০৪ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।