ৰাষ্ট্ৰসংঘ (United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়। ই ইয়াৰ পুৰ্বসুৰী জাতিসংঘ (League of Nations)-ৰ স্থান দখল কৰে। ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে।
ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ ১৯৩ খন। ইয়াৰ প্ৰধান ৬টা অংগ হৈছে সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু ন্যাসৰক্ষী পৰিষদ (বৰ্তমান নিষ্ক্ৰিয়)। ইয়াৰ বাদেও বিশ্ব স্বাস্থ্য সংস্থা (WHO), বিশ্ব খাদ্য কাৰ্যসূচী (WFP), ইউনিচেফ আদিৰ নাম উল্লেখযোগ্য। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দায়িত্বশীল পদবী হ'ল সচিবপ্ৰধান। পৰ্তুগালৰ এণ্টনিও গুটেৰছ এই পদত ২০১৭ৰ পৰা আছে।
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক মহানগৰত আছে। ইয়াৰ বাদেও জেনেভা, নাইৰোবি আৰু ভিয়েনাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থসাহায্য লাভ কৰে। ৬টা ভাষাত ইয়াৰ কাম কাজ সমূহ কৰা হয়– আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনিছ।১
স্থাপন
ৰাষ্ট্ৰসংঘ গঠনৰ পূৰ্বে দেশসমূহৰ মাজৰ সংঘাত মিলামিচা কৰিবৰ বাবে ৰেডক্ৰচ, হেগ মহাসভা আদি আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠন কৰা হয়। প্ৰথম বিশ্বযুদ্ধৰ পিচতে পেৰিচত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ অৰ্থে জাতিসংঘ (League of Nations)-ৰ গঠন হয়। পিছে জাতিসংঘত উপনিৱেশসমূহত বাস কৰা জনগণৰ কোনো প্ৰতিনিধিত্ব নাছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, জাপান, জাৰ্মানীৰ দৰে বৃহৎ শক্তিয়ে যোগদান কৰা নাছিল। জাপানৰ চীন আক্ৰমণ ১৯৩৭, ইটালীৰ ইথিওপিয়া আক্ৰমণ ১৯৩৫ আৰু হিটলাৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ৰোধ কৰাত জাতিসংঘ ব্যৰ্থ হয়।
দ্বিতীয় বিশ্বযুদ্ধত হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ বিভীষিকাই সকলোকে সচকিত কৰে। সেয়ে ১৯৪৫ চনত আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতি আৰু সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ আদি সমস্যা সমাধানত সহযোগিতাৰ বাবে ৰাষ্ট্ৰসংঘ গঠন হয়। ১৯৪৫ চনৰ ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে সুৰক্ষা পৰিষদৰ পাঁচখন স্থায়ী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, যুক্তৰাজ্য, ফ্ৰান্স আৰু চীনৰ লগতে প্ৰায় ৫০খন ৰাষ্ট্ৰৰ স্বাক্ষৰেৰে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হয়।
সংগঠন
ৰাষ্ট্ৰসংঘৰ প্ৰধান ৬টা অংগ হৈছে: সাধাৰণ পৰিষদ (UN General Assembly), নিৰাপত্তা পৰিষদ (UN Security Council), অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (UN Economic and Social Council), সচিবালয় (UN Secretariat), আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় (International Court of Justice) আৰু ন্যাসৰক্ষী পৰিষদ (UN Trusteeship Council, বৰ্তমান নিষ্ক্ৰিয়)।
সচিবপ্ৰধান
ৰাষ্ট্ৰসংঘৰ মূল পদবী হ'ল সচিবপ্ৰধান। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান হৈছে পৰ্তুগালৰ এণ্টনিও গুটেৰছ। বৰ্তমানলৈ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ পদবীত অধিষ্ঠিত লোকসকল হৈছে:২
| নং | নাম | দেশ | কাৰ্যভাৰ গ্ৰহণ | কাৰ্যভাৰ সমাপ্ত |
|---|---|---|---|---|
| ১ | ট্ৰিগৱা লী | ২ ফেব্ৰুৱাৰী ১৯৪৬ | ১০ নৱেম্বৰ ১৯৬২ | |
| ২ | ডগ হেমাৰহোল্ড | ১০ এপ্ৰিল ১৯৫৩ | ১৮ ছেপ্তেম্বৰ ১৯৬১ | |
| ৩ | ইউ থাণ্ট | ৩০ নৱেম্বৰ ১৯৬১ | ৩১ ডিচেম্বৰ ১৯৭১ | |
| ৪ | কাৰ্ট ৱাল্ডহেইম | ১ জানুৱাৰী ১৯৭২ | ৩১ ডিচেম্বৰ ১৯৮১ | |
| ৫ | হাভিয়েৰ পেৰেজ দে কুইয়াৰ | ১ জানুৱাৰী ১৯৮২ | ৩১ ডিচেম্বৰ ১৯৯১ | |
| ৬ | বুত্ৰোচ বুত্ৰোচ-ঘালি | ১ জানুৱাৰী ১৯৯২ | ৩১ ডিচেম্বৰ ১৯৯৬ | |
| ৭ | ক'ফি আন্নান | ১ জানুৱাৰী ১৯৯৭ | ৩১ ডিচেম্বৰ ২০০৬ | |
| ৮ | বান কি-মুন | ১ জানুৱাৰী ২০০৭ | ৩১ ডিচেম্বৰ ২০১৬ | |
| ৯ | এণ্টনিও গুটেৰেছ | ১ জানুৱাৰী ২০১৭ | বৰ্তমানলৈ |
বিশেষ অভিকৰণসমূহ
ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবিলাকৰ উপৰি ভালেকেইটা এজেন্সি বা অভিকৰণ আছে যাৰ সহায়ত বিভিন্ন ক্ষেত্ৰত কাম-কাজ চলোৱা হয়। এনে বিশেষ অভিকৰণসমূহ হৈছে:
| নং | চমু নাম | নাম | মুখ্য কাৰ্যালয় | স্থাপন |
|---|---|---|---|---|
| ১ | FAO | খাদ্য আৰু কৃষি সংস্থা | ৰোম, ইটালী | ১৯৪৫ |
| ২ | IAEA | আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা | ভিয়েনা, অষ্ট্ৰিয়া | ১৯৫৭ |
| ৩ | ICAO | আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান সংস্থা | মণ্টৰিয়েল, কানাডা | ১৯৪৭ |
| ৪ | IFAD | আন্তঃৰাষ্ট্ৰীয় কৃষি উন্নয়ন নিধি | ৰোম, ইটালী | ১৯৭৭ |
| ৫ | ILO | আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা | জেনেভা, ছুইজাৰলেণ্ড | ১৯৪৬ (১৯১৯) |
| ৬ | IMO | আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সংস্থা | লণ্ডন, যুক্তৰাজ্য | ১৯৪৮ |
| ৭ | IMF | আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি | ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ | ১৯৪৫ (১৯৪৪) |
| ৮ | ITU | আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংগঠন | জেনেভা, ছুইজাৰলেণ্ড | ১৯৪৭ (১৮৬৫) |
| ৯ | UNESCO | ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা | পেৰিচ, ফ্ৰান্স | ১৯৪৬ |
| ১০ | UNIDO | ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থা | ভিয়েনা, অষ্ট্ৰিয়া | ১৯৬৭ |
| ১১ | UNWTO | বিশ্ব পৰ্যটন সংস্থা | মাদ্ৰিদ, স্পেইন | ১৯৭৪ |
| ১২ | UPU | বিশ্ব ডাক সংগঠন | বাৰ্ণ, ছুইজাৰলেণ্ড | ১৯৪৭ (১৮৭৪) |
| ১৩ | WBG | বিশ্ব বেংক গোট | ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ | ১৯৪৫ (১৯৪৪) |
| ১৪ | WFP | বিশ্ব খাদ্য কাৰ্যসূচী | ৰোম, ইটালী | ১৯৬৩ |
| ১৫ | WHO | বিশ্ব স্বাস্থ্য সংস্থা | জেনেভা, ছুইজাৰলেণ্ড | ১৯৪৮ |
| ১৬ | WIPO | বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা | জেনেভা, ছুইজাৰলেণ্ড | ১৯৭৪ |
| ১৭ | WMO | বিশ্ব জলবায়ু সংস্থা | জেনেভা, ছুইজাৰলেণ্ড | ১৯৫০ (১৮৭৩) |
| ১৮ | UNICEF | ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধি (পূৰ্বতে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশুৰ বাবে থকা জৰুৰী নিধি) | নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ | ১৯৪৬ |
বাহ্যিক সংযোগ
প্ৰতিষ্ঠনিক ৱেবছাইটসমূহ
- United Nations official homepage
- United Nations Systems of Organizations
- About the United Nations
- Global Issues on the UN Agenda
- High-level Panel on United Nations Systemwide Coherence
- Journal of the United Nations: Programme of meetings and agenda.
- The United Nations Regional Information Centre (UNRIC)
- Greening the Blue: The United Nations' approach to managing its own sustainability performance
- UN Chronicle Magazine
- UN Organisation Chart
- UN Works
- United Nations Charter–Charter text
- United Nations Security Council Resolutions
- United Nations Volunteers
- United Nations Webcasts
- Universal Declaration of Human Rights
- World Map of UN websites and locations
তথ্যসূত্ৰ
- ↑ General Assembly of the United Nations – Rules of Procedure. UN Department for General Assembly
- ↑ Former Secretaries-General. United Nations
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰসংঘ” প্ৰবন্ধৰ সংশোধন ৬৩৬৭০২ (২২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।