অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নৰেন্দ্ৰ মোদী

নৰেন্দ্ৰ দামোদৰদাস মোদী (Narendra Damodardas Modi, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে ভাৰতবৰ্ষৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ১,৩২৫ শব্দ · ৭ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

নৰেন্দ্ৰ দামোদৰদাস মোদী (Narendra Damodardas Modi, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে ভাৰতৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। ১

মোদী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল।২ ২০০১ চনত মোদী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী কেশুভাই পেটেলে পদত্যাগ কৰাত মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছিল। তেওঁ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী আছিল।৩ সেই নিৰ্বাচনত বিজেপিয়ে ২৮২খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে।৪

মোদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন সদস্য।৫ প্ৰচাৰ মাধ্যম আৰু পণ্ডিতসকলে তেওঁক এগৰাকী হিন্দু জাতীয়তাবাদী বুলি বৰ্ণনা কৰিছে।৬৭ তেওঁ নিজেও সেই কথা স্বীকাৰ কৰে।৮৯ তেওঁ কেবল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী বিতৰ্কিত ব্যক্তি।১০১১১২১৩ ২০০২ৰ গুজৰাট দাংগাত হোৱা চৌপাশৰ ঘটনাৱলীৰ বাবে তেওঁৰ প্ৰশাসনক কঠোৰ ভাবে সমালোচনা কৰা হয়।১৩১৪ গুজৰাটৰ দ্ৰুত অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা তেওঁৰ অৰ্থনৈতিক নীতিসমূহৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছে;১৫ কিন্তু ৰাজ্যখনৰ মানৱ উন্নয়নত চকুত লগা ধনাত্মক প্ৰভাৱ পেলোৱাত বিফল হোৱা বুলি তেওঁৰ প্ৰশাসনক সমালোচনাও কৰা হৈছে।১৬

জন্ম আৰু বাল্য শিক্ষা

১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত পূৰ্বৰ বম্বে ৰাজ্যৰ (বৰ্তমানৰ গুজৰাট) মেহচানা জিলাৰ ভদনগৰত অন্যান্য পিছপৰা জাতিৰ ঘাঞ্চী-তেলি সমাজৰ এটি পৰিয়ালত মোদীৰ জন্ম হয়৷১৭১৮১৯ পিতৃৰ নাম আছিল দামোদৰদাস মোলচন্দ মোদী আৰু মাতৃৰ নাম হীৰাবেন। চাৰিজন সন্তানৰ মাজত পিতৃ-মাতৃৰ তেওঁ তৃতীয়টো সন্তান আছিল।২০ ভদনগৰ ৰেলৱে ষ্টেশ্যনত থকা দেউতাকৰ চাহৰ দোকানত মোদীয়ে সহায় কৰিছিল। কৈশোৰ কালত ভাতৃৰ সৈতে এটা বাছ আস্থানৰ ওচৰত এখন চাহৰ দোকান চলাইছিল।২১২২ ১৯৬৭ চনত তেওঁ ভদনগৰৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে। শিক্ষকৰ মতে মোদী এজন সাধাৰণ মানৰ আছিল, কিন্তু তেওঁৰ থিয়েটাৰৰ প্ৰতি বিশেষ ৰাপ আছিল।২১২৩

আঠ বছৰ বয়সতেই নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে পৰিচয় হয় আৰু তেওঁ স্থানীয় শাখাসমূহত যোগদান কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াতেই তেওঁ লক্ষ্মণৰাও ইনামদাৰৰ সান্নিধ্য লাভ কৰে। তেৱেঁই পাছত মোদীৰ ৰাজনৈতিক গুৰু বুলি জনা যায়।২৪২৫২৬২৭

পিতৃ-মাতৃয়ে ঘাঞ্চী জাতিৰ পৰম্পৰা অনুসৰি নৰেন্দ্ৰ মোদীৰ বাল্য বিবাহ কৰোৱায়। তেৰ বছৰ বয়সতে তেওঁ যশোদাবেনৰ লগত তেওঁৰ বিয়া ঠিক কৰা হয় আৰু ১৮ বছৰ হওঁতেই দুয়ো বিবাহ পাশত আৱদ্ধ হয়।২১২৮ তেওঁলোক দুয়ো খুব কম সময় একেলগে অতিবাহিত কৰে কাৰণ মোদীয়ে ইতিমধ্যে পৰিব্ৰাজকৰ জীৱন অনুসৰণ কৰাৰ সিদ্ধান্ত লোৱাত দুয়ো বিচ্ছিন্ন হয়।২১২৮ ২০০২ চনৰ পৰা চাৰিবাৰকৈ বিধান সভাৰ নিৰ্বাচনত মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰোঁতে বিবাহৰ অংশটো খালী ৰাখিছিল। ২০১৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত যশোদাবেন চিমনলালক নিজৰ বৈধ পত্নী বুলি মোদীয়ে স্বীকাৰ কৰে।২৯৩০

২০১৪ চনত প্ৰকাশিত Kishore Makwana's Common Man Narendra Modiৰ মতে মোদীয়ে ১৭ বছৰ বয়সত ঘৰ এৰি ৰাজকোটত থকা ৰামকৃষ্ণ মিশ্যন আৰু তাৰ পিছত কলকাতাৰ বেলুৰ মঠলৈ যায়। ইয়াৰ পিছত তেওঁ গুৱাহাটীলৈ যায় আৰু স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰা অলমোৰাত অৱস্থিত আন এখন আশ্ৰমলৈ যায়। দুবছৰৰ পিছত তেওঁ ঘৰলৈ ঘূৰি আহে। কিছুদিন বিশ্ৰাম কৰি তেওঁ আহমেদাবাদলৈ যায় আৰু তাত খুড়াকৰ এখন চাহৰ দোকানত সহায় কৰে। তাতেই তেওঁ লক্ষ্মণৰাও ইনামদৰক পুনৰ লগ পায়।২৪২৫৩১ ইয়াৰ পিছত তেওঁ গুজৰাট ৰাজ্যিক পথ পৰিবহণ নিগমৰ ষ্টাফ কেণ্টিনত কাম কৰে। ১৯৭০ চনত আৰ এছ এছ ৰ এজন পূৰ্ণকালীন প্ৰচাৰক ৰূপে যোগদান কৰাৰ পিছত তেওঁ সেই কাম বাদ দিয়ে। ১৯৭৮ চনত দূৰ শিক্ষাৰ মাধ্যমৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।২৫৩২ আৰ এছ এছৰ এজন প্ৰচাৰক হৈ থাকোঁতেই ১৯৮৩ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা একে বিভাগতে স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে।২৩৩৩ ইয়াৰ পিছতো তেওঁ বেলুৰ মঠ মাজেসময়ে ভ্ৰমণ কৰে৩৪৩৫ আৰু ৰামকৃষ্ণ মিশ্যন ৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথা তেওঁ উল্লেখ কৰে।৩৬

প্ৰাৰম্ভিক ৰাজনৈতিক জীৱন

ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত এজন চেমনীয়া হিচাপে তেতিয়াই ৰে'ল ষ্টেচনৰ ট্ৰেনজিট কেম্পসমূহত সৈনিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিল।৩৭

তেওঁ ১৯৮৭ চনত বিজেপিত যোগদান কৰাৰ দ্বাৰা মূলসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। মাত্ৰ এবছৰৰ ভিতৰতে, তেওঁ গুজৰাট গোটৰ সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল। ইতিমধ্যে তেওঁ এজন উচ্চ মানদণ্ডৰ দক্ষতা সম্পন্ন সংগঠক হিচাপে সুখ্যাতি লাভ কৰিছিল। তেওঁ দলৰ সদস্যসকলক শক্তিশালী কৰাৰ প্ৰত্যাহ্বানক আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। বিজেপি দলে ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৯৯০ চনত কেন্দ্ৰত জোঁট চৰকাৰ গঠন কৰিছিল। কেইমাহমানৰ ভিতৰতে এই অংশীদাৰীত্বৰ পতন ঘটিছিল, কিন্তু বিজেপিয়ে এককভাৱে দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা লাভ কৰি গুজৰাটত ১৯৯৫ চনত ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই বিজেপিয়ে গুজৰাটৰ শাসনভাৰ চলাই আহিছে।

১৯৮৮ আৰু ১৯৯৫ চনৰ ভিতৰত গুজৰাটৰ বিজেপি গোটক ৰাজ্যৰ শাসনাধিষ্ঠ দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ নেপথ্যৰ কৌশল সফলভাৱে পৰিচালনা কৰা নৰেন্দ্ৰ মোদীক এজন শ্ৰেষ্ঠ ৰণকৌশলবিদ হিচাপে স্বীকৃতি দিয়া হৈছিল। এই সময়চোৱাত, লালকৃষ্ণ আদৱানীৰ সোমনাথৰ পৰা অযোধ্যাৰ ৰথ যাত্ৰা (এটা অতি দীৰ্ঘ পদযাত্ৰা) আৰু ভাৰতৰ দক্ষিণ প্ৰান্ত কন্যাকুমাৰীৰ পৰা উত্তৰৰ কাশ্মীৰলৈ তেনেকুৱা আন এটা পদযাত্ৰাৰ দৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান সংগঠিত কৰিবলৈ মোদীক দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৯৮ চনত নতুন দিল্লীত বিজেপিয়ে ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত মোদীয়ে গুৰি ধৰা এই দুটা অতি সফল ঘটনাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছিল। ১৯৯৫ চনত, তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয় আৰু ভাৰতৰ পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ দায়িত্ব দিয়া হয় - যিটো এজন যুৱ নেতাৰ বাবে বিৰল সম্মান। ১৯৯৮ চনত, তেওঁ সাধাৰণ সম্পাদক (সাংগঠনিক) পদলৈ উন্নীত হয় আৰু অক্টোবৰ ২০০১লৈ এই পদত কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত ভাৰতৰ এখন অন্যতম সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা এই সীমিত সময়ত নৰেন্দ্ৰ মোদীক জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ-পূব ভাৰতৰ ৰাজ্যবোৰৰ দৰে সংবেদনশীল আৰু জটিল ৰাজ্যসহ কেবাখনো ৰাজ্যিক গোটৰ কাম-কাজ চোৱাচিতা কৰা দায়িত্ব দিয়া হৈছিল। কেবাখনো ৰাজ্যত দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্বত আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত, নৰেন্দ্ৰ মোদী দলৰ গুৰুত্বপূৰ্ণ মুখপাত্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ উপলক্ষ্যত মুখ্য ভূমিকা গ্ৰহণ কৰে। এই সময়ত, তেওঁ গোটেই বিশ্বজুৰি ব্যাপক ভ্ৰমণ কৰে আৰু কেবাখনো দেশৰ বিশিষ্ট নেতৃবৰ্গৰ সৈতে ভাৱ-বিনিময় কৰে। এই অভিজ্ঞতাই তেওঁক কেৱল আন্তৰ্জাতিক প্ৰেক্ষাপট বিকাশ কৰাতেই সহায় কৰা নাছিল, কিন্তু ভাৰতবৰ্ষক সেৱা আগবঢ়াবলৈ আৰু বন্ধুসুলভ ৰাষ্ট্ৰসমূহৰ ভিতৰত আৰ্থ-সামাজিক দিশত ভাৰতক শ্ৰেষ্ঠ কৰি তোলাত নেতৃত্ব দিবলৈ তেওঁৰ আবেগ সুদৃঢ় কৰিছিল।

গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে

২০০১ চনৰ অক্টোবৰ মাহত৩৮ দলে তেওঁক গুজৰাট চৰকাৰক নেতৃত্ব দিবলৈ আমন্ত্ৰণ কৰে। মোদীৰ চৰকাৰে যেতিয়া ২০০১ চনৰ ৭ অক্টোবৰত শপত গ্ৰহণ কৰে, গুজৰাটৰ অৰ্থনীতিক জানুৱাৰী ২০০১ ৰ বিধ্বংসী ভূমিকম্পকে ধৰি কেবাটাও প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতিকূল প্ৰভাৱে দুৰ্বল কৰি তুলিছিল। অৱশ্যে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট শ্ৰেষ্ঠ ৰণকৌশলবিদ নৰেন্দ্ৰ মোদীয়ে ইয়াৰ সঠিক মোকাবিলা কৰা সিদ্ধান্ত লয়। তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল ২০০১ চনৰ জানুৱাৰীত সংঘটিত বিধ্বংসী ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপন কৰা। ভুজ এখন ধ্বংসস্তুপৰ নগৰ হৈ পৰিছিল আৰু হেজাৰ হেজাৰ মানুহ কোনো মৌলিক সা-সুবিধা অবিহনে অস্থায়ী শিবিৰত জীৱনযাপন কৰি আছিল। আজিৰ ভুজ নগৰেই হ'ল নৰেন্দ্ৰ মোদীয়ে কেনেকৈ যুগান্তকাৰী বিকাশৰ বাবে প্ৰতিকূলতাক সুযোগলৈ ৰূপান্তৰ কৰিছিল তাৰ প্ৰমাণ। আনকি পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ কাম চলি থকা অৱস্থাতো নৰেন্দ্ৰ মোদীৰ দৃষ্টি বৃহৎ কাম সমূহৰ প্ৰতি আঁতৰ হোৱা নাছিল। গুজৰাটে সদায় উদ্যোগিক বিকাশৰ প্ৰতি দৃষ্টি নিৱদ্ধ কৰি আহিছে। নৰেন্দ্ৰ মোদীয়ে সামাজিক ক্ষেত্ৰৰ প্ৰতি সঠিকভাৱে দৃষ্টি নিৱদ্ধ কৰি সংহত আৰ্থ-সামাজিক বিকাশৰ দ্বাৰা ভাৰসাম্যহীনতা দূৰ কৰিবলৈ সিদ্ধান্ত লয়। তেওঁ ৰাজ্যখনৰ সংহত উন্নয়নৰ বাবে পাঁচ-দফীয়া পঞ্চম্ৰুত আঁচনিৰ পোষণ কৰে। তেখেতৰ নেতৃত্বত, গুজৰাটে শিক্ষা, কৃষি, স্বাস্থ্যসেৱা, আৰু অন্য কেবাটাও খণ্ডসহ ভালেমান খণ্ডত বিস্তৃত ৰূপান্তৰ প্ৰত্যক্ষ কৰি আছে। ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে তেখেতে এটা নিজস্ব স্পষ্ট দৃষ্টিভংগী বিকাশ কৰিছে, নীতি পৰিচালিত সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছে, চৰকাৰী প্ৰশাসনিক গাঁথনি পুনৰ্গঠন কৰিছে আৰু গুজৰাটক সফলভাৱে সমৃদ্ধিৰ পথেৰে আগুৱাই নিছে। ক্ষমতা দখলৰ প্ৰথম ১০০ দিনৰ ভিতৰতেই তেওঁৰ অভিপ্ৰায় আৰু সক্ষমতা দৃষ্টিগোচৰ হৈছিল। তেওঁৰ এই দক্ষতা আৰু প্ৰশাসনিক সূক্ষ্মদৰ্শিতা, স্পষ্ট দূৰদৃষ্টি আৰু চাৰিত্ৰিক সততাই ডিচেম্বৰ ২০০২ চনৰ সাধাৰণ নিৰ্বাচনত বিপুলভাৱে তেওঁক জয়লাভ কৰাত সহায় কৰিছিল আৰু সদনৰ ১৮২খন আসনৰ ভিতৰত ১২৪খন আসনতেই বিপুলভাৱে জয়লাভ কৰি মোদী চৰকাৰ পুনৰ শাসনাধিষ্ঠ হৈছিল। এই চমৎকাৰ পাৰদৰ্শিতা ২০০৭ লৈ অব্যাহত আছিল আৰু মোদীয়ে নিৰ্বাচনত পুনৰ অভিলেখ সৃষ্টি কৰি বিজেপিক জয়লাভ কৰাইছিল। নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ ২০১২ ত গুজৰাটত ৰাইজৰ সেৱাত অভিলেখ সংখ্যক ৪০০০ দিন অতিক্ৰম কৰিলে। তেখেতে একাদিক্ৰমে তিনিটা নিৰ্বাচনত জয় লাভ কৰিলে। ২০০২ আৰু ২০০৭ চনৰ (১১৭খন আসন) নিৰ্বাচনত দলক বিজয়ী কৰিবলৈ নেতৃত্ব দি মোদীয়ে গুজৰাটৰ বিধান সভা নিৰ্বাচনত ২০১২ চনত পুনৰ বিজেপিক বিজয়ী কৰে। বিজেপিয়ে ১১৫খন আসনত জয়লাভ কৰে আৰু ২০১২ চনৰ ২৬ ডিচেম্বৰৰ দিনা শ্ৰীমোদীয়ে একাদিক্ৰমে চতুৰ্থবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।৩৯

বঁটা আৰু স্বীকৃতি

  • 'গুজৰাট ৰত্ন' 'শ্ৰী পুণা গুজৰাটী সমাজ'ৰ শত বাৰ্ষিকী উপলক্ষে এই বঁটা প্ৰদান কৰা হয়।৪০
  • 'ই-ৰত্ন' 'কম্পিউটাৰ চোচাইটি অৱ ইণ্ডিয়া'ৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।৪১
  • শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী– 'ইণ্ডিয়া টুডে' আলোচনীয়ে ২০০৬ত দেশব্যাপি এটা চাৰ্ভে চলায় আৰু মোদীক দেশখনৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ঘোষণা কৰে।৪২
  • 'এফ ডি আই মেগাজিন'ৰ দ্বাৰা '২০০৯ বৰ্ষৰ এফ ডি আই ব্যক্তিত্ব' এছীয় বিজেতা।৪৩
  • 'টাইম' আলোচনীৰ মাৰ্চ ২০১২ সংখ্যা এছীয় সংস্কৰণৰ বেটুপাতত ভূমুকি মাৰে। অতি কম সংখ্যক ভাৰতীয় ৰাজনীতিকৰহে আলোকচিত্ৰ ইয়াত প্ৰকাশ পাইছে।৪৪

তথ্য সংগ্ৰহ

টোকাউদ্ধৃতি

বাহ্যিক সংযোগ

আনুষ্ঠানিক

অন্যান্য

তথ্যসূত্ৰ

  1. ↑ (2022-06-01). Gujarat Experienced Double Engine Growth Under PM Modi's Rule: Chief Minister Bhupendra Patel. https://www.outlookindia.com/
  2. ↑ Ramakrishnan, Venkatesh. (11 April 2009). A Wide Open Contest
  3. ↑ (2013-09-13). BJP names Narendra Modi as PM candidate for 2014 polls. Business Today
  4. ↑ (2014-05-17). Election results 2014: Historic win for NDA with 336 seats, 282 for BJP-Politics News, Firstpost. Firstpost
  5. ↑ How Narendra Modi Transformed From an RSS Pracharak to a Full-Fledged Politician and Hindu Hridaysamrat. The Wire
  6. ↑ Menon, Kalyani Devaki. (2012). Everyday Nationalism: Women of the Hindu Right in India. University of Pennsylvania Press. পৃ. 26. ISBN 978-0812222340
  7. ↑ Mishra, Pankaj. (2011). Perspectives on Modern South Asia: A Reader in Culture, History, and Representation. Wiley-Blackwell. পৃ. 188. ISBN 978-1405100625
  8. ↑ Harris, Gardiner. (13 September 2013). Divisive Nationalist to Lead Opposition in Indian Vote. The New York Times
  9. ↑ (13 July 2013). Yes, I am a Hindu nationalist: Narendra Modi. India Express
  10. ↑ Nair, Rupam Jain. (12 December 2007). Edgy Indian state election going down to the wire. Reuters
  11. ↑ Robinson, Simon. (11 December 2007). India's Voters Torn Over Politician. Time
  12. ↑ Burke, Jason. (28 March 2010). Gujarat leader Narendra Modi grilled for 10 hours at massacre inquiry. The Guardian
  13. ↑ Buncombe, Andrew. (19 September 2011). A rebirth dogged by controversy. The Independent
  14. ↑ David, Ruth. (24 December 2007). Controversial Gujarati Premier Confirmed in Office. Forbes
  15. ↑ Joseph, Manu. (15 February 2012). Shaking Off the Horror of the Past in India. The New York Times
  16. ↑ Jaffrelot, Christof. (2013). Gujarat Elections: The Sub-Text of Modi’s ‘Hattrick’—High Tech Populism and the ‘Neo-middle Class. Studies in Indian Politics. পৃ. Gujarat Elections: The Sub-Text of Modi’s ‘Hattrick’—High Tech Populism and the ‘Neo-middle Class
  17. ↑ (23 April 2014). 'Modi is a Teli-Ghanchi OBC': BJP. The Times of India
  18. ↑ (18 June 2013). BJP plays Modi caste card to run down Nitish. Hindustan Times
  19. ↑ (6 May 2014). OBC વડાપ્રધાન હોવા જોઈએ ભાજપ હવે જ્ઞાાતિનું કાર્ડ ઉતરશે. Gujarat Samachar
  20. ↑ Early lifeof Narendra Modi. India Today
  21. ↑ Jose, Vinod K. (1 March 2012). The Emperor Uncrowned. The Caravan. পৃ. 2–4
  22. ↑ Mehta, Harit. (18 September 2011). On Race Course road?. The Times of India
  23. ↑ Affidavit of Narendra Modi for 2014 Indian General Elections (Varanasi). Election Commission of India
  24. ↑ Unnithan, Sandeep. (2014). The man behind Modi: Lakshmanrao Inamdar. India Today
  25. ↑ Marino, Andy. (2014). Narendra Modi: A Political Biography. HarperCollins India. ISBN 9351362183
  26. ↑ Narendra Modi: Dedicated Life. Narenndra Modi
  27. ↑ Debasree. (2014). Will former tea vendor be India’s next PM?. The New Indian Express
  28. ↑ (1 February 2014). Narendra Modi's 'wife' Jashodaben finally speaks, 'I like to read about him (Modi).. I know he will become PM'. The Financial Express
  29. ↑ Bodh, Anand. (17 February 2014). I am single, so best man to fight graft: Narendra Modi. The Times of India
  30. ↑ (10 April 2014). Jashodaben is my wife, Narendra Modi admits under oath. The Times of India
  31. ↑ Mukhopadhyay, Nilanjan. (2014). Narendra Modi: The making of the political leader
  32. ↑ (13 September 2013). Narendra Modi: From tea vendor to PM candidate. India Today
  33. ↑ (23 December 2007). Modi proves to be an astute strategist. The Hindu
  34. ↑ www.youtube.com/watch?v=09t7I6ngIr8
  35. ↑ আৰ্কাইভ কপি
  36. ↑ www.youtube.com/watch?v=b6M2D6tyhQc
  37. ↑ (२० दिसंबर २०१२). भारत-पाक युद्ध में मोदी ने की थी भारतीय सैनिकों की सेवा. आज तक
  38. ↑ www.narendramodi.in/
  39. ↑ DelhiDecember 26, India Today Online New; December 26, 2012UPDATED:; Ist, 2012 16:04. Narendra Modi sworn in as Gujarat chief minister for the fourth term. India Today
  40. ↑ (18 March 2012). Narendra Modi to be presented 'Gujarat Ratna' today. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  41. ↑ (1 May 2012). Twitter's Modi Express steams past 600,000 followers
  42. ↑ Making Up For Lost Time. ইণ্ডিয়া টুডে
  43. ↑ (25 August 2009). Modi wins fDi personality of the year award. Sify
  44. ↑ Pathak, Maulik. (22 December 2012). The many faces of Narendra Modi. live mint & The Wall Street Journal

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতৰ প্ৰধানমন্ত্ৰীগুজৰাটৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰেন্দ্ৰ মোদী” প্ৰবন্ধৰ সংশোধন ৬৩২৭৮৮ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।