অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আফগানিস্তান

আফগানিস্তান (د افغانستان اسلامي امارت দ্য আফ্গানিস্তান ইছ্লামি ইমাৰাত), ইয়াৰ চৰকাৰী নাম হৈছে আফগানিস্তান ইছলামি আমিৰাত। ই দক্ষিণ-পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ইৰাণ, পাকিস্তান, চীন, তাজিকিস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানৰ মধ্যস্থলত এটা ভূ-বেষ্টিত মালভূমিৰ ওপৰত অৱস্থিত।

হালনাগাদ: ২ আগষ্ট ২০২৫ ১,৩৭৫ শব্দ · ৮ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আফগানিস্তান (د افغانستان اسلامي امارت দ্য আফ্গানিস্তান ইছ্লামি ইমাৰাত), ইয়াৰ চৰকাৰী নাম হৈছে আফগানিস্তান ইছলামি আমিৰাত। ই দক্ষিণ-পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ইৰান, পাকিস্তান, চীন, তাজিকিস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানৰ মধ্যস্থলত এটা ভূ-বেষ্টিত মালভূমিৰ ওপৰত অৱস্থিত।

আফগানিস্তানৰ পূব আৰু দক্ষিণে পাকিস্তান১, পশ্চিমে ইৰান, উত্তৰে তুৰ্কমেনিস্তান, উজবেকিস্তান আৰু তাজিকিস্তান, উত্তৰ-পূবত চীন অৱস্থিত। আফগানিস্তান শব্দটোৰ অৰ্থ "আফগান (তথা পশতুন) জাতিৰ দেশ।" আফগানিস্তানৰ অধিকাংশ অঞ্চল পৰ্বত আৰু মৰুভূমিৰে আবৃত। দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী হৈছে কাবুল।

ইতিহাস

ঐতিহাসিক প্ৰত্নতাত্বিক স্থান খনন কৰি দেখা গৈছে যে উত্তৰ আফগানিস্তানত প্ৰায় ৫০,০০০ বছৰ আগৰপৰাই মানুহৰ বসতি আছিল। ধাৰণা কৰা হয় যে আফগানিস্তানৰ খেতি কৰা সম্প্ৰদায় বিশ্বৰ প্ৰাচীনতম খেতি কৰা সম্প্ৰদায়ৰ ভিতৰত অন্যতম।২৩ ২০০০ খ্ৰীষ্টপূৰ্বৰ পিছত এই অঞ্চললৈ মধ্য এছিয়াৰ লোক আধুনিক আফগানিস্তানৰ সীমান্তত আহি থাকিবলৈ লৈছিল। এই লোকসকলে পৰৱৰ্তী কালত ইৰান, ভাৰত আৰু ইউৰোপৰ দিশে বসতি স্থাপন কৰিছিল। তেতিয়া এই অঞ্চলৰ নাম আছিল আৰিয়ানা।৪৫৬

ভূগোল

আফগানিস্তানৰ ভূ-সংস্থান
আফগানিস্তানৰ ভূ-সংস্থানছবি: CC BY-SA 3.0

আফগানিস্তানৰ উত্তৰে তুৰ্কমেনিস্তান, উজবেকিস্তান আৰু তাজিকিস্তান; পূবে চীন আৰু পাকিস্তান-নিয়ন্ত্ৰিত জম্মু আৰু কাশ্মীৰ; দক্ষিণে পাকিস্তান আৰু পশ্চিমে ইৰান অৱস্থিত।

দেশখনৰ মুঠ মাটিকালি ৬৫২,২২৫ বৰ্গ কিঃমিঃ (২৫১,৮২৫ বৰ্গমাইল)। মাটিকালিৰ ফালৰপৰা আফগানিস্তান ৪১তম বৃহত্তম ৰাষ্ট্ৰ। পূবৰপৰা পশ্চিমলৈ সৰ্বোচ্চ দৈৰ্ঘ্য ১,২৪০ কিঃমিঃ (৭৭০ মাইল); উত্তৰৰপৰা দক্ষিণলৈ সৰ্বোচ্চ ১,০১৫ কিঃমিঃ (৬৩০ মাইল)।

উত্তৰ-পশ্চিম, পশ্চিম আৰু দক্ষিণৰ সীমান্তবৰ্তী অঞ্চলসমূহ মূলত মৰুভূমি আৰু পৰ্বতশ্ৰেণী। উত্তৰ-পূবৰ দিশটো লাহে লাহে ওখ হৈ হিমবাহ-আবৃত পশ্চিম হিমালয়ৰ হিন্দুকুশ পৰ্বতৰ সৈতে মিলিত হৈছে।"আমু দৰিয়া" নদী আৰু ইয়াৰ উপনদী "পাঞ্জ" দেশখনৰ উত্তৰ সীমান্ত নিৰ্ধাৰণ কৰিছে। আফগানিস্তানৰ অধিকাংশ অঞ্চল উচ্চ পৰ্বতময় অঞ্চল। দেশখনৰ প্ৰায় অৰ্ধেক অঞ্চলৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰপৰা ২,০০০ মিটাৰ বা তাতোধিক উচ্চতাত অবস্থিত। সৰু সৰু হিমবাহ আৰু বছৰব্যাপী তুষাৰক্ষেত্ৰ প্ৰায়েই পৰিলক্ষিত হয়। উত্তৰ-পূব সীমান্তত অৱস্থিত ৭,৪৮৫ মিটাৰ উচ্চতা বিশিষ্ট "নছাক" (Noshaq) আফগানিস্তানৰ উচ্চতম পৰ্বতশৃঙ্গ।

নদী উপত্যকা আৰু কিছু ভূগৰ্ভস্থ পানীবিশিষ্ট নিম্নভূমি কৃষিভূমি বা অন্য কোনো কামৰ উপযোগী নহয়। মাত্ৰ ১২ শতাংশ অঞ্চল পশু চৰোৱাৰ যোগ্য। দেশখনৰ মাত্ৰ ১ শতাংশ অঞ্চল বনাঞ্চল, আৰু এইসমূহ মূলতঃ পূব আৰু দক্ষিণ-পূব আফগানিস্তানত অৱস্থিত।

নদী আৰু জলাশয়

আফগানিস্তানৰ বেছি ভাগ প্ৰধান নদীৰ উৎপত্তি হৈছে পাৰ্বত্য জলধাৰা। বসন্ত কালত পৰ্বতৰ বৰফ গলা আৰম্ভ হৈ ইয়াত পানীপ্ৰবাহ বৃদ্ধি পায়। বেছিভাগ নদীয়েই হ্ৰদ নতুবা জলাশয়ত পৰিছেগৈ। কাবুল নদী ইয়াৰ ব্যতিক্ৰম; ই পূবলৈ বৈ গৈছে আৰু পাকিস্তানৰ সিন্ধু নদীৰ সৈতে মিলিছে আৰু ভাৰত মহাসাগৰত পৰিছেগৈ। দেশখনৰ একমাত্ৰ নৌ-পৰিবহণযোগ্য নদীখন হ'ল উত্তৰ সীমান্তৰ "আমু দৰিয়া।" পামিৰ মালভূমিত উৎপত্তি হোৱা পাঞ্জ আৰু বখছ উপনদী গৈ "আমু দৰিয়া" লগত মিলিছেগৈ।"হাৰিৰুদ নদী" মধ্য আফগানিস্তানত উৎপত্তি হৈ পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে বৈ গৈ ইৰানৰ লগত সীমান্ত সৃষ্টি কৰিছে।"হেলমান্দ নদী" কেন্দ্ৰীয় হিন্দুকুশ পৰ্বতমালাত উৎপত্তি হৈ দেশখনৰ দক্ষিণ-পশ্চিম অংশ অতিক্ৰম কৰি ইৰাণত প্ৰবেশ কৰিছে।

আফগানিস্তানৰ হ্ৰদৰ সংখ্যা আৰু আকাৰ তেনেই কম। ইয়াৰ ভিতৰত তাজিকিস্তান সীমান্তত অৱস্থিত জাৰ্কোল হ্ৰদ, বাদাখছানে অৱস্থিত শিভেহ হ্ৰদ আৰু গজনীৰ দক্ষিণে অৱস্থিত লবণাক্ত হ্ৰদ ইস্তাদেহ-ইয়ে মোকোৰ প্ৰধান। জলবিদ্যুৎ উৎপাদনৰ কাৰণে কিছুমান নদীত বান্ধ দি কৃত্ৰিম জলাশয়ৰ সৃষ্টি কৰা হৈছে। ইয়াৰ ভিতৰত কাবুল চহৰৰ পূবে কাবুল নদীৰ ওপৰত নিৰ্মিত "ছাৰোবি" আৰু "নাগলু" বান্ধ, হেলমান্দ নদীৰ ওপৰত নিৰ্মিত "কাজাকি জলাশয়", আৰু কান্দাহাৰ চহৰৰ ওচৰত হেলমান্দ নদীৰ এখন উপনদীৰ ওপৰত নিৰ্মিত "আৰ্গান্দাব বান্ধ।"

জীৱ-জগত

আফগানিস্তানৰ পাৰ্বত্য অঞ্চলত চিৰসেউজ বন, ওক, পপলাৰ, হেজেলনাট ঝাড়, কাঠবাদাম, পেস্তাবাদাম ইত্যাদি দেখা পোৱা যায়। উত্তৰৰ সমতলভূমি মূলতঃ শুকান, বৃক্ষহীন ঘাঁহনি আৰু দক্ষিণ-পশ্চিমৰ সমভূমি বসবাসৰ অনুপযোগী মৰুভূমি অঞ্চল। শুকান অঞ্চলৰ গছৰ ভিতৰত ক্যামেল থৰ্ন, লোকোউইড, মিমোসা, ওয়াৰ্মউড, সেজব্ৰাশ ইত্যাদি।

আফগানিস্তানৰ বনাঞ্চলত দেখা পোৱা প্ৰাণীৰ ভিতৰত আছে "আৰ্গালি" (মাৰ্ক' প'ল' ভেড়া নামেৰেও পৰিচিত), "উৰিয়াল" (বন্য ভেড়া), "আইবেক্স" বা বুনো ছাগলী, ভালুক, শিয়াল, হায়েনা ইত্যাদি। ইয়াৰ উপৰিও বন্য শহাপহু আৰু অনেক তীক্ষ্ণদন্ত প্ৰাণী (Rodents) দেখা পোৱা যায়। ইয়াৰ ভিতৰত কিছু কিছু স্তন্যপায়ী বিলুপ্ত হৈ গৈছে। গ্যাজেল হৰিণ, চিতা, বৰফ চিতা, মাৰ্কৰ ছাগলী আৰু বাকত্ৰীয় হৰিণ - সকলোতকৈ বেছি সমস্যাৰ সম্মুখীন। আফগানিস্তানত প্ৰায় ২০০ জাতিৰ চৰাইও দেখা পোৱা যায়। ফ্লেমিংগো আৰু অন্যান্য জলচৰ চৰাই গজনীৰ উত্তৰ আৰু দক্ষিণে হ্ৰদ অঞ্চলত দেখা পোৱা যায়।"ছাইবেৰীয় বগলী"ৰ দৰে কিছুমান চৰাইয়ে চিকাৰৰ বাবে অস্তিত্ব হেৰুৱাৰ সম্মুখীন হৈছে।

জলবায়ু

আফগানিস্তানৰ অধিকাংশ অঞ্চলতেই অধঃ সুমেৰুদেশীয় পাৰ্বত্য জলবায়ু বিদ্যমান। অন্যহাতে শীতকাল শুকান হয়। পৰ্বতীয় অঞ্চলত আৰু পাকিস্তানৰ সীমান্তবৰ্তী কিছু উপত্যকাত মৌচুমী বায়ু বয়। আফগানিস্তানৰ মূলতঃ ঋতু দুটা। গ্ৰীষ্মকাল আৰু শীতকাল। উত্তৰৰ উপত্যকাত ৪৯° ছেলছিয়াছ পৰ্য্যন্ত তাপমাত্ৰা গ্ৰীষ্মকালত হোৱাৰো তথ্য আছে। শীতকালৰ সময়ত হিন্দুকুশ আৰু ইয়াৰ আশেপাশে থকা ২০০০ মিটাৰ উচ্চতাবিশিষ্ট অঞ্চলৰ তাপমাত্ৰা -৯° ছেলছিয়াছলৈকে নামে। অন্যান্য উচ্চ অঞ্চলৰ উচ্চতাভেদে তাপমাত্ৰাৰ তাৰতম্য ঘটে। অৰ্থাৎ এদিনতে তাপমাত্ৰাৰ ব্যাপক তাৰতম্য ঘটিব পাৰে। অক্টোবৰ আৰু এপ্ৰিলৰ মাজসময়ত বৃষ্টিপাত হয়। মৰুভূমি অঞ্চলত বছৰি ৪ ইঞ্চিতকৈও কম বৃষ্টি হয়। অন্যহাতে পৰ্বত অঞ্চলৰ বছৰ বৃষ্টিপাতৰ পৰিমাণ ৪০ ইঞ্চিৰো বেছি হয় আৰু ইয়াৰ অধিকাংশই তুষাৰপাত। পশ্চিম দিশত সূৰ্য্যৰ উত্তাপত স্থানীয় ঘূৰ্ণিবায়ু উঠাটো এটা সাধাৰণ ঘটনা।

প্ৰাকৃতিক সম্পদ

আফগানিস্তানত কম পৰিমাণৰ মণি, সোণ, তাম আৰু কয়লা পোৱাৰ ইতিহাস থাকিলেও প্ৰণালীবদ্ধভাবে খনিজ আহৰণ ১৯৬০ দশকৰ পৰা আৰম্ভ হয়। ১৯৭০ দশকত দেশখনত উত্তৰ অঞ্চলত প্ৰাকৃতিক গেছৰ সম্ভেদ পোৱা যায়। ইয়াৰ পিছত পেট্ৰোলিয়াম আৰু কয়লাৰো সম্ভেদ পোৱা যায়। দেশখনত উল্লেখযোগ্য পৰিমাণৰ তাম, লোহা, ক্ৰ'মাইট, দস্তা, গন্ধক, লৱণ, ইউৰেনিয়াম আৰু অভ্ৰৰ খনি আছে।৭৮৯১০ তেতিয়াৰ ছোভিয়ত আক্ৰমণ আৰু তৎপৰবৰ্তী গৃহযুদ্ধৰ কাৰণে আফগানিস্তান এই খনিজ সম্পদৰ সদ্ব্যবহাৰ কৰিব পৰা নাছিল। বহু শতাব্দী ধৰি আফগানিস্তান দুষ্প্ৰাপ্য আৰু অৰ্ধ-দুষ্প্ৰাপ্য পাথৰৰো উৎসস্থল।

প্ৰশাসনিক অঞ্চলসমূহ

মানচিত্ৰত আফগানিস্তানৰ ৩৪খন প্ৰদেশ
মানচিত্ৰত আফগানিস্তানৰ ৩৪খন প্ৰদেশছবি: CC BY-SA 3.0

আফগানিস্তান প্ৰশাসনিকভাবে ৩৪টি প্ৰদেশ বা ৱিলায়ত-ত বিভক্ত কৰা হৈছে। প্ৰতিখন প্ৰদেশৰ নিজস্ব ৰাজধানী আছে। এই প্ৰদেশবিলাকক পুনৰ ৩৯৮খন সৰু সৰু জিলাত বিভক্ত কৰা হৈছে। সাধাৰণতে একোখন চহৰ আৰু গ্ৰাম্য অঞ্চলৰ সৈতে একোখন জিলা গঠিত হৈছে।

আফগানিস্তানৰ সকলো প্ৰদেশৰ নাম তলত দিয়া হ'ল (প্ৰদেশবোৰৰ ক্ৰমিক সংখ্যাৰ লগত মানচিত্ৰৰ মিল আছে)।

<li> বাদাখশান <li> বাদগিছ <li> বাগলান <li> বালখ <li> বামিয়ান <li> দাইকুণ্ডি <li> ফাৰাহ <li> ফাৰিয়াব <li> গজনি <li> ঘাওৰ <li> হেলমান্দ <li> হেৰাত <li> জোওযজান <li> কাবুল <li> কান্দাহাৰ <li> কাপিছা <li> খোস্ত<li> কুনাৰ <li> কুন্দুজ <li> লাগমান <li> লোওগাৰ <li> নানকাৰহাৰ <li> নিমৰুজ <li> নুৰেস্তান <li> ওৰুজগান <li> পাকতিয়া <li> পাক্তিকা <li> পাঞ্জশিৰ <li> পাৰভান <li> সামাংগান <li> সাৰে পোল <li> তাখাৰ <li> ৱাৰ্দক <li> জাবুল

পৰিবহণ ব্যৱস্থা

আৰিয়ানা আফগান এয়াৰলাইঞ্চ
আৰিয়ানা আফগান এয়াৰলাইঞ্চছবি: Arcturus · CC BY-SA 3.0

অসমান ভৌগোলিক বৈশিষ্ট্য আৰু যথাযথ পৰিবহণ ব্যৱস্থাৰ অভাৱত আফগানিস্তানৰ অভ্যন্তৰীণ ভ্ৰমণ অত্যন্ত দুৰূহ। দেশখঅনৰ প্ৰায় ২৪ শতাংশ ৰাস্তা কেঁচা। কিছুমান ৰাস্তা শীতকাল আৰু বসন্তকালত বৰফ পৰি বন্ধ হৈ যায়। চহৰবিলাকত তিনিচকীয়া অটোৰিক্সা সাধাৰণ যানবাহন। অনেক ঠাইত ঘোঁৰা গাড়ীৰ ব্যবহাৰ কৰা হয়। গ্ৰামাঞ্চলত আফগান লোকসকলে গাধ অথবা ঘোঁৰা আৰু কেতিয়াবা উটৰ পিঠিত উঠি ভ্ৰমণ কৰে। ইয়াৰ স্থলপথেদি অন্যান্য দেশৰ লগত আমদানি-ৰপ্তানি কৰা হয়। ৰেল পৰিবহণ নগণ্য, সেয়ে দেশৰ বয়-বস্তুৰ পৰিবহণ মূলতঃ ৰাস্তায়েদি কৰা হয়।

আফগানিস্তানত কোনো সমুদ্ৰ বন্দৰ নাই। নদী পৰিবহণ মূলতঃ আমু দৰিয়া নদীতেই সীমাবদ্ধ। আমু দৰিয়া নদীতে কেলেফত, খয়ৰাবাদ আৰু শিৰ খান নদীবন্দৰ অৱস্থিত।

বিমানপথ

আফগানিস্তানত প্ৰায় ৫৩টা বিমানবন্দৰ আছে। ইয়াৰ ভিতৰত "কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ", দক্ষিণৰ "কাণ্ডাহাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ", পশ্চিমৰ "হেৰত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ" আৰু উত্তৰৰ "মাজাৰ-এ-শ্বৰীফ বিমানবন্দৰ" প্ৰধান।

আৰিয়ানা আফগান এয়াৰলাইঞ্চৰ দ্বাৰা কাবুল, কাণ্ডাহাৰ, হেৰত আৰু মাজাৰ-এ-শ্বৰীফৰ মাজত অভ্যন্তৰীণ বিমান চলাচল কৰে। ছৌদি আৰব, জাৰ্মানী, তুৰস্ক, ভাৰত, ইৰান, পাকিস্তান আৰু এছিয়াৰ বিভিন্ন স্থানলৈ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰে।১১

চুবুৰীয়া ৰাজ্যৰ তুৰ্কিছ এয়াৰলাইঞ্চ, গালফ এয়াৰ, এয়াৰ আৰবীয়া, এয়াৰ ইণ্ডিয়া ও আফগানিস্তানলৈ বিমান সেৱা আগবঢ়ায়। দেশখনত বিমানসেৱা আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ কেইটামান উল্লেখযোগ্য সংস্থান হৈছে:

  • কাম এয়াৰ
  • পামিৰ এয়াৰৱেইজ
  • ছাফি এয়াৰৱেইজ

জনগাঁথনি

জাতি

আফগানিস্তানত বহুতো জাতিৰ লোকে বসবাস কৰে।১২ ইয়াৰ প্ৰায়বিলাক লোকেই মুছলিম ধৰ্মৰ। ইয়াত মধ্য এছিয়া, চীন, ভাৰতীয় উপমহাদেশ আৰু ইৰাণ - এই সকলো সাংস্কৃতিক অঞ্চলৰে মিলন ঘটিছে। ইয়াৰ ফলত দেশখনত বিপুল ভাষাগত আৰু জাতিগত বৈচিত্ৰ্যৰ সৃষ্টি হৈছে। বহু শতিকা ধৰি মানুহৰ চলাচল, ৰাজনৈতিক বিপ্লৱ, আক্ৰমণ, ৰাজ্যবিজয় আৰু যুদ্ধৰ ফলত বহু লোকৰ এই অঞ্চললৈ আগমন ঘটিছে।

+আফগানিস্তানৰ বিভিন্ন জাতি
জাতিচিত্ৰWorld Factbook / Library of Congress Country Studies estimate (2004–present)১৩১৪World Factbook / Library of Congress Country Studies estimate (pre-2004)১৫১৬১৭১৮
পশতুনKhost children in 2010.jpg৪২%৩৮–৫০%
তাজিকAfghan children and Norwegian forces in Balkh.jpg২৭%২৬% (ইয়াৰ ভিতৰত ১% হৈছে কিজিলবাশ)
হাজাৰা৯%১০–১৯%
উজবেক৯%৬–৮%
আইমেক৪%৫০০,০০০ পৰা ৮০০,০০০
তুৰ্কমেন৩%২.৫%
বালছ২%১০০,০০০
অন্যান্য (পাছায়ী, নুৰিস্তানী, আৰব, ব্ৰাহুই, পামিৰি, গুৰজাৰ ইত্যাদি)150px৪%৬.৯%

ভাষা

আফগানিস্তানৰ চৰকাৰী ভাষা হৈছে দাৰি (ফাৰ্ছী) আৰু পশতু। অন্যান্য ভাষা যেনে- আৰবী, তুৰ্কমেন, বালছি আৰু নুৰিস্তানী ভাষাসমূহ বিভিন্ন জাতিসমূহে নিজৰ মাতৃভাষা হিচাবে ব্যৱহাৰ কৰে। উপ-ভাষাসমূহৰ ভিতৰত "পামিৰি", "হিন্দকু" আৰু "ব্ৰাহুই" প্ৰধান। বহুতো আফগান লোক উৰ্দু, পঞ্জাবী, হিন্দী, ইংৰাজী আৰু বিভিন্ন ভাষা ব্যৱহাৰ কৰিব পাৰে।১৯

ভাষাWorld Factbook / Library of Congress Country Studies estimate২০১৩
দাৰি (ফাৰ্ছী)৫০%
পশতু৩৫%
উজবেক আৰু তুৰ্কমেন১১%
৩০ উপ-ভাষা৪%

ধৰ্ম

আফগানিস্তানৰ প্ৰায় ৯৯ শতাংশই মুছলিম লোক। ইয়াৰ ভিতৰত ৮০-৮৫ শতাংশ চুন্নি আৰু প্ৰায় ১৪-১৯ শতাংশ ছিয়া মুছলিম লোক।১৩২১২২২৩ ইয়াৰ উপৰিও চহৰসমূহত বহুতো হিন্দু, শিখ আৰু ইহুদী ধৰ্মৰ লোক আছে।২৪২৫ ১৯৬০ৰ দশকত অনেক আফগান ইহুদী ইছৰাইললৈ প্ৰব্ৰজন কৰে। মুহাম্মাদ কবৰ মাজাৰ-এ-শ্বৰীফ মুছলিমসকলৰ তীৰ্থস্থান।

শিক্ষা

কাবুল বিশ্ববিদ্যালয়ৰ ছাত্ৰী
কাবুল বিশ্ববিদ্যালয়ৰ ছাত্ৰীছবি: Colleen Taugher from Lewiston Idaho, USA · CC BY 2.0

আফগানিস্তানত দুই ধৰণৰ শিক্ষাব্যৱস্থা বিদ্যমান। এটা হ'ল প্ৰাচীনকালত প্ৰচলিত মাদ্ৰাছা ব্যবস্থা, য'ত মোল্লাৰ কোৰআন পঢ়া- লিখা আৰু প্ৰাথমিক গণিত শিক্ষা দিয়া হয়। অন্য শিক্ষা ব্যৱস্থাতো১৯৬৪ চনত আফগান সংবিধান অনুসৰি পশ্চিমীয়া শিক্ষাব্যৱস্থাৰ অনুসৰণত প্ৰৱৰ্তন কৰা হৈছিল, য'ত সমস্ত বয়সৰ স্তৰত শিক্ষাগ্ৰহণ বিনামূল্য আৰু বাধ্যতামূলক আছিল। কিন্তু এই ব্যবস্থাৰ লক্ষ্য পূৰণ হোৱা নাই। পাঁচ বছৰৰ প্ৰাথমিক শিক্ষাৰ ওপৰত জোৰ দিয়া হয়। কাবুল আৰু অন্যান্য ডাঙৰ চহৰসমূহত মাধ্যমিক স্কুলৰ ব্যৱস্থা আছিল। কিন্তু সংখ্যাগৰষ্ঠ আফগান লোক এমন অঞ্চলত বসবাস কৰিছিল, য'ত কোনো স্কুল নাছিল।

এক দশকৰো অধিক কাল যুদ্ধৰ বাবে দেশখনৰ শিক্ষাব্যৱস্থাৰ বহুতো ক্ষতি হৈছিল। গৃহযুদ্ধৰ কাৰণে দেশখনৰ প্ৰায় সকলো বিদ্যালয় আৰু উচ্চতৰ বিদ্যাপ্ৰতিষ্ঠানসমূহ বন্ধ হৈ গৈছিল। তালিবানে মহিলাৰ শিক্ষা নিষিদ্ধ কৰে। কেৱল কুৰাণ শ্বৰীফ মুখস্থ কৰা অনুমোদিত আছিল।

২০০১ চনত তালিবানৰ পতন হোৱাৰ পিছত দেশখনৰ শিক্ষা ব্যৱস্থা পূৰ্বৰ তুলনাত উন্নত হয়। ১৯৩২ চনত প্ৰতিষ্ঠিত কাবুল বিশ্ববিদ্যালয় দেশখনৰ বৃহত্তম আৰু সম্মানিত শিক্ষাপ্ৰতিষ্ঠান। ২০০২ চনত কাবুল বিশ্ববিদ্যালয় পুৰুষ আৰু মহিলা দুয়োৰে বাবে পুনৰ মুকলি কৰা হয়। ২০১১ চনৰ পৰিসংখ্যা মতে, প্ৰায় ৮২,০০০ ছাত্ৰ-ছাত্ৰীয়ে দেশখনৰ বিভিন্ন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।২৬ ২০০৬ চনত সহশিক্ষামূলক আফগানিস্তান মাৰ্কিন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়; ইয়াত শিক্ষাৰ মাধ্যম ইংৰাজী। মাজাৰ-ই-শ্বৰীফ চহৰত ৬০০ একৰ এলেকা জুৰি বালখ বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰা হৈছে।২৭

দেশখনৰ সাক্ষৰতা হাৰ প্ৰায় ২৮%।২৮ ইয়াৰ ভিতৰত মহিলাৰ সাক্ষৰতা হাৰ প্ৰায় ১০%।

কাবুলত অৱস্থিত আমেৰিকান ইউনিভাৰ্চিটি অফ আফগানিস্তান (AUAF)
কাবুলত অৱস্থিত আমেৰিকান ইউনিভাৰ্চিটি অফ আফগানিস্তান (AUAF)ছবি: USAID Afghanistan · Public domain

আফগানিস্তানত অৱস্থিত কেইখনমান উল্লেখযোগ্য বিশ্ববিদ্যালয়ৰ নাম হৈছে:

  • কাবুল বিশ্ববিদ্যালয়
  • আমেৰিকান ইউনিভাৰ্চিটি অফ আফগানিস্তান
  • কাণ্ডহাৰ বিশ্ববিদ্যালয়
  • হেৰত বিশ্ববিদ্যালয়
  • বালখ বিশ্ববিদ্যালয়
  • নানগঢ়হাৰ বিশ্ববিদ্যালয়
  • খৌষ্ট বিশ্ববিদ্যালয়

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Footnote: The Government of India also considers Afghanistan to be a bordering country. This is because it considers the entire state of জম্মু আৰু কাশ্মীৰ to be a part of India including the portion bordering আফগানিস্তান. A ceasefire sponsored by the ৰাষ্ট্ৰসংঘ in 1948 froze the positions of Indian and পাকিস্তানi held territory. As a consequence, the region bordering Afghanistan is in Pakistani-administered territory
  2. ↑ Sites in Perspective, chapter 3 of Nancy Hatch Dupree, An Historical Guide To Afghanistan
  3. ↑ Afghanistan, Microsoft Encarta Online Encyclopedia 2006 (specifically John Ford Shroder, B.S., M.S., Ph.D. Regents Professor of Geography and Geology, University of Nebraska. Editor, Himalaya to the Sea: Geology, Geomorphology, and the Quaternary and other books)
  4. ↑ Afghanistan – John Ford Shroder, University of Nebraska. Webcitation.org
  5. ↑ Afghanistan: ancient Ariana (1950), Information Bureau, London, p3
  6. ↑ M. Witzel, "The Vīdẽvdaδ list obviously was composed or redacted by someone who regarded Afghanistan and the lands surrounding it as the home of all Indo-Iranians (airiia), that is of all (eastern) Iranians, with Airiianem Vaẽjah as their center." page 48, "The Home Of The Aryans", Festschrift J. Narten = Münchener Studien zur Sprachwissenschaft, Beihefte NF 19, Dettelbach: J.H. Röll 2000, 283–338. Also published online, at Harvard University (LINK)
  7. ↑ Background: Afghanistan. The World Factbook. CIA
  8. ↑ Gold and copper discovered in Afghanistan
  9. ↑ Uranium Mining Issues: 2005 Review
  10. ↑ 16 detained for smuggling chromites, Pajhwok Afghan News
  11. ↑ Ariana. Flyariana.com
  12. ↑ Haber, M. (2012). Afghanistan's Ethnic Groups Share a Y-Chromosomal Heritage Structured by Historical Events. PLoS ONE
  13. ↑ (August 2008). Country Profile: Afghanistan. Library of Congress Country Studies on Afghanistan
  14. ↑ Ethnic groups: Pashtun 42%, Tajik 27%, Hazara 9%, Uzbek 9%, Aimak 4%, Turkmen 3%, Baloch 2%, other 4%. The World Factbook. CIA
  15. ↑ (15 October 1991). The World Factbok – Afghanistan. The World Factbook/Central Intelligence Agency. University of Missouri
  16. ↑ (22 January 1993). Ethnic divisions:. The World Factbook/CIA. University of Missouri
  17. ↑ (1997). Ethnic Groups. Library of Congress Country Studies
  18. ↑ (2003). Ethnic groups:. The World Factbook/CIA. University of Missouri
  19. ↑ (30 June 2002). The Afghans – Language and Literacy. Barbara Robson and Juliene Lipson, with assistance from Farid Younos and Mariam Mehdi. Center for Applied Linguistics
  20. ↑ Population. The World Factbook. CIA
  21. ↑ (7 October 2009). Mapping the Global Muslim Population: A Report on the Size and Distribution of the World's Muslim Population. Pew Research Center
  22. ↑ Miller. (October 2009). Mapping the Global Muslim Population: A Report on the Size and Distribution of the World's Muslim Population. Pew Research Center
  23. ↑ Afghanistan. The World Factbook. The World Factbook
  24. ↑ Lavina Melwani, New York. Hindus Abandon Afghanistan. Hinduism Today
  25. ↑ Majumder, Sanjoy. (2003-09-25). Sikhs struggle in Afghanistan. BBC News
  26. ↑ Education. United States Agency for International Development (USAID)
  27. ↑ Pakistan grants $10m for Balkh University, Pajhwok Afghan News
  28. ↑ Rising literacy in Afghanistan ensures transition | Article | The United States Army. Army.mil

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফগানিস্তান” প্ৰবন্ধৰ সংশোধন ৫২৯৫৩৯ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।