মেজি হৈছে মাঘ বিহু বা ভোগালী বিহুৰ সৈতে জড়িত এক পৰম্পৰাগত অগ্নি-অনুষ্ঠান আৰু ইয়াৰ বাবে নিৰ্মাণ কৰা কাঠ, বাঁহ, খেৰ, নৰা বা শুকান কলপাতেৰে সজা ওখ আকৃতিৰ গাঁথনি। অঞ্চলভেদে মেজিৰ নিৰ্মাণ-পদ্ধতি আৰু ব্যৱহৃত সামগ্ৰীৰ পাৰ্থক্য দেখা যায়। সাধাৰণতে উৰুকাৰ পাছদিনা পুৱা গা ধুই মেজি জ্বলোৱা হয় আৰু জ্বলন্ত মেজিত মাহ-কৰাই, পিঠা আদি উৎসৰ্গ কৰি মংগল কামনা কৰা হয়।১
মাঘ বিহু অসমৰ কৃষিজীৱী সমাজৰ শস্য চপোৱা পৰ্বৰ সৈতে জড়িত। উৰুকাৰ দিনা সমূহীয়াভাৱে ভোজৰ আয়োজন কৰাৰ লগতে মেজি আৰু ভেলাঘৰ সজা হয়। বিভিন্ন অঞ্চলত এই ৰীতিৰ ৰূপ বেলেগ বেলেগ হ'লেও মেজি জ্বলোৱা মাঘ বিহুৰ অন্যতম প্ৰধান পৰম্পৰা।২
মেজি শব্দৰ উৎস
মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। "মেজি" শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। গৱেষক সকলৰ মতে এই শব্দটো প্ৰাগ-চীন-তিব্বতীয় ভাষাৰ (বড়ো-কছাৰী ভাষা পৰিয়াল যেনে চুতীয়া, দেউৰী, কছাৰী, ইত্যাদি ইয়াৰে এটা ঠাল) "জুই" বুজাবলৈ ব্যৱহাৰ হোৱা শব্দ মেজ (তিব্বতীয় ভাষাত མེ আৰু বাৰ্মিজ ভাষাত မီး) বা বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ "মিডি-য়ে-জি"ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ৩, য়ে=জুই৪, জি=উৰি যোৱা৫) পৰা সৃষ্টি হৈছিল। তিব্বতী শব্দ মে-চিং(mei shing বা མེ་ཤིང་)ৰ অৰ্থ “খৰি” বা “জুইৰ বাবে ব্যৱহাৰ কৰা কাঠ”। ই མེ (“জুই”) আৰু ཤིང (“কাঠ”) শব্দৰ সমন্বয়ে গঠিত।৬ shing শব্দটিক প্ৰাগ-চীন-তিব্বতীয় ভাষাৰ *si (চি) শব্দৰ পৰা আহিছে, যাৰ অৰ্থ “গছ, কাঠ, খৰি” হিচাপে পুনৰ্গঠিত কৰা হৈছে।৭৮
মেজিৰ উৎপত্তি সম্পৰ্কীয় লোককথা
দেউৰীসকলৰ মাজত মেজিৰ উৎপত্তি সম্পৰ্কে এটা লোককথা প্ৰচলিত আছে। সৰনান দেউৰীয়ে লিপিবদ্ধ কৰা এই লোককথা অনুসৰি, সৃষ্টিৰ পাতনিত কুন্দিমামা বা আদি পিতা-মাতাই সৃষ্টিৰ বিস্তাৰ কামনা কৰি তেওঁলোকৰ মহাশক্তিৰ পৰা উৎপন্ন হোৱা দেৱতাসকলক আহ্বান কৰে। সূৰ্যৰ উত্তৰায়ণৰ পুণ্য লগ্নত আদি পিতাই দেৱতাসকলক প্ৰকৃতিৰ সৈতে নৈত স্নান কৰিবলৈ আদেশ দিয়ে। স্নান কৰি থাকোঁতে তেওঁলোকে নৈত এটা মৃতদেহ উটি অহা দেখে। দেৱতাসকলে ভয় খাই আঁতৰি যায় যদিও প্ৰকৃতিয়ে মৃতদেহটো সাবটি ধৰি পাৰলৈ তুলি আনে। পাছত তেওঁলোকে জানিব পাৰে যে জগতৰ কল্যাণৰ হেতু আদি পিতাই নিজেই আত্মবলিদান দিছিল। তেতিয়া দেৱতাসকলে চিতা সাজি তেওঁৰ মৃতদেহ কাঠ-সংস্কাৰ কৰে। ইয়াৰ পিছত তেওঁলোকে পুনৰ স্নান কৰি চিতাভস্মৰ অনুলেপন লৈ স্বগৃহলৈ গমন কৰে। এই ঘটনাৰ পৰাই মেজিৰ উৎপত্তি হোৱা বুলি উক্ত দেউৰী লোকবিশ্বাসত কোৱা হয়।৯
এই লোকবিশ্বাস অনুসৰি মেজি হৈছে আদি পুৰুষ বা পিতাৰ চিতা আৰু সৃষ্টি-পাতনিৰ পুণ্য স্মৃতি। উৎসটোৱে ইয়াক অগ্নিপূজাৰ ব্যৱস্থা বুলি নধৰি, প্ৰতি বছৰে সূৰ্যৰ উত্তৰায়ণৰ সময়ত আদি পিতাৰ আত্মত্যাগ আৰু সৃষ্টি-পাতনিৰ স্মৰণত মেজি পোৰা হয় বুলি বৰ্ণনা কৰিছে।৯
মেজি সজাৰ পৰম্পৰা
মাঘ বিহুত মেজি সজাৰ পদ্ধতি ঠাইবিশেষে ভিন্ন। উজনি অসম আৰু মধ্য অসমৰ বহু ঠাইত কাঠ, বাঁহ আৰু কলগছ ব্যৱহাৰ কৰি খৰিৰ মেজি সজা হয়। নামনি অসম আৰু মধ্য অসমৰ কিছুমান অঞ্চলত শুকান কলপাত, নৰা, খেৰ বা বিৰিণা ব্যৱহাৰ কৰি মেজি নিৰ্মাণৰ পৰম্পৰা আছে।২
খৰিৰ মেজি নিৰ্মাণৰ ক্ষেত্ৰত সাধাৰণতে কেইডালমান খুঁটা বা কলগছক আধাৰ হিচাপে লৈ মাজত খৰি জাপি ওখ গাঁথনি তৈয়াৰ কৰা হয়। জ্বলোৱাৰ সময়ত শব্দ হ'বলৈ কিছুমান অঞ্চলত খৰিৰ মাজত কুমলীয়া বাঁহো ৰখা হয়। অৱশ্যে মেজিৰ আকাৰ, উচ্চতা, নিৰ্মাণ-পদ্ধতি আৰু ব্যৱহৃত সামগ্ৰী অঞ্চল আৰু স্থানীয় পৰম্পৰা অনুসৰি সলনি হয়।২
নামনি অসমৰ কিছুমান অঞ্চলত মূল বাঁহ এডালক কেন্দ্ৰ কৰি চাৰিওফালে আন বাঁহ হেলনীয়াকৈ বান্ধি তাৰ ওপৰত খেৰ, নৰা, বিৰিণা বা শুকান কলপাত জাপি দৌলসদৃশ মেজি সজা হয়।২ এনে আঞ্চলিক বৈচিত্ৰ্যৰ বাবে মেজিক কেৱল এটা নিৰ্দিষ্ট গঠন-পদ্ধতিৰ মাজত সীমাবদ্ধ কৰিব নোৱাৰি।
ৰ ভৰলুমুখৰ সোণাৰাম খেলপথাৰত ভোগালী বিহুৰ মেজি।]]
মেজিৰ কাষতে সাধাৰণতে নৰা বা খেৰেৰে ভেলাঘৰ সজা হয়। উৰুকাৰ নিশা সমূহীয়া ভোজৰ পাছত ডেকাসকলে ভেলাঘৰ বা মেজিৰ ওচৰত ৰাতি কটোৱাৰ পৰম্পৰাও বহু অঞ্চলত আছে।১২
মেজি জ্বলোৱা আৰু লোকবিশ্বাস
মাঘ বিহুৰ দিনা পুৱাতে স্নান কৰাৰ পাছত মেজি জ্বলোৱাৰ প্ৰথা প্ৰচলিত। মেজি জ্বলোৱাৰ সময়ত মানুহে ইয়াৰ ওচৰত সমবেত হৈ পিঠা, মাহ-কৰাই আদি উৎসৰ্গ কৰে আৰু পৰিয়াল, গাঁও, গৰু-ম'হ আৰু কৃষিকাৰ্যৰ মংগল কামনা কৰে।১
কিছুমান অঞ্চলত মেজিৰ আধাপোৰা খৰি ঘৰলৈ লৈ গৈ ফলধৰা গছৰ ওচৰত ৰখা বা বাৰীত পোতাৰ পৰম্পৰা আছে। ইয়াৰ ফলত গছত অধিক ফল লাগিব বুলি লোকবিশ্বাস প্ৰচলিত।১২
উৰুকাৰ নিশা মেজি ৰখি থকা ডেকাসকলে ওচৰৰ ঘৰৰ শুকান জেওৰা বা বাঁহ অলপ অলপকৈ সংগ্ৰহ কৰি পুৱা সেইবোৰেৰে মেজি জ্বলোৱাৰ পৰম্পৰাও কিছুমান অঞ্চলত লিপিবদ্ধ কৰা হৈছে। এই কাৰ্যত গৃহস্থৰ প্ৰকৃত অনিষ্ট নকৰাটো পৰম্পৰাগত নিয়ম বুলি ধৰা হয়।২
মেজি জ্বলি যোৱাৰ পাছত ইয়াৰ ছাঁই বা আধাপোৰা খৰিক শুভ বুলি গণ্য কৰাৰ লোকবিশ্বাসো বিভিন্ন অঞ্চলত পোৱা যায়। এই সকলো ৰীতি একে ধৰণে সমগ্ৰ অসমত পালন কৰা নহয়; অঞ্চল, জনগোষ্ঠী আৰু স্থানীয় পৰম্পৰা অনুসৰি ইয়াৰ ৰূপ সলনি হয়।১
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Goswami, Praphulladatta. (1995). Festivals of Assam. Anundoram Borooah Institute of Language, Art, and Culture
- ↑ নিতুল চাংমাই, প্ৰান্তিক, ১ জানুৱাৰী ২০১১।
- ↑ Brown, William, An outline of the Deori-Chutia language, p. 66(God=Midi)
- ↑ Brown, William, An outline of the Deori-Chutia language, p. 65(Fire=Ye)
- ↑ Brown, William, An outline of the Deori-Chutia language, p. 72(Fly=Ji)
- ↑ མེ་ཤིང་ (me shing). Tibetan-English Dictionary
- ↑ Matisoff, James A. (2003). Handbook of Proto-Tibeto-Burman: System and Philosophy of Sino-Tibetan Reconstruction. University of California Press. ISBN 978-0-520-09843-5
- ↑ Matisoff, James A. (2015). Sino-Tibetan Etymological Dictionary and Thesaurus. University of California, Berkeley
- ↑ Deori, Saranan. (2010). Dibangar Pora Luituloi: A Collection of Deori Folk Tales. Assam Institute of Research for Tribals and Scheduled Castes. পৃ. 29–30
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেজি” প্ৰবন্ধৰ সংশোধন ৬৩৫৭২৭ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।