ইমৰান খান নিয়াজি পাকিস্তানৰ বৰ্তমান প্ৰধানমন্ত্ৰী, পাকিস্তান জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আৰু অধিনায়ক। খেলুুুৱৈ জীৱনৰ শেষত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। তেওঁ বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰসকলৰ ভিতৰত অন্যতম। তেওঁৰ অধিনায়কত্বতে পাকিস্তানে ১৯৯২ চনৰ বিশ্বকাপ জয় কৰিছিল।
জন্ম আৰু পৰিচয়
ইমৰান খানৰ জন্ম হৈছিল ১৯৫২ চনৰ ৫ অক্টোবৰত পাকিস্তানৰ লাহোৰ, পঞ্জাব, ভাৰতত।
ৰাজনীতি
১৯৯২ চনৰ বিশ্বকাপ জয়ৰ পিছত ১৯৯৬ চনত ইমৰান খান ৰাজনীতিত প্ৰৱেশ কৰে। দুৰ্নীতি বিৰোধী শ্লগানেৰে ১৯৯৬ চনৰ এপ্ৰিলত প্ৰতিষ্ঠা কৰে পাকিস্তান তেহৰিক-ই-ইনছাফ নামৰ এটা ৰাজনৈতিক দল। পৰবৰ্তী বছৰত ১৯৯৭ চনত তেওঁ নিৰ্বাচনত দুটা কেন্দ্ৰৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়াই যদিও দুয়োটাতে পৰাজিত হয়। পিছত তেওঁ ২০০২ চনৰ নিৰ্বাচনত জয়ী হয়।১
২০০৭ চনত ৰাষ্ট্ৰপতি হোৱা মোছাৰফে তৎকালীন সেনা প্ৰধানৰ পদত থাকিয়েই নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বীতা কৰিছিল। ইমৰান খানে সেই নিৰ্বাচনৰ বিৰোধিতা কৰি সেই বছৰৰ ২ অক্টোবৰত ৮৫ জন সাংসদৰ সৈতে পদত্যাগ কৰিছিল। সেই বাৰৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি হৈ মোছাৰফে পাকিস্তানত জৰুৰী অৱস্থা জাৰি কৰিছিল। ইমৰান খানক গৃহবন্দী কৰা হৈছিল। সেইসময়ত তেওঁ কিছুদিন কাৰাবাস খতাৰ পিছত মুক্তি পায়।
২০১৩ চনত পাকিস্তানৰ ১০তম নিৰ্বাচনত তেওঁৰ দল দ্বিতীয় বৃহত্তম দল হিচাপে আসন লাভ কৰে। আৰু ২০১৮ চনৰ ২৫ জুলাইত পাকিস্তানৰ ১১ তম জাতীয় পৰিষদৰ নিৰ্বাচনত তেওঁৰ দল আসন সংখ্যাৰ হিচাপত সৰ্ববৃহৎ দলত পৰিণত হয়। তেওঁ ২০১৮ চনৰ ১৮ আগষ্টত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।২
ক্ৰিকেট কেৰিয়াৰ
ইমৰান খানে ১৬ বছৰ বয়সতে লাহোৰত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৭০ দশকত তেওঁ ঘৰুৱা দল, লাহোৰ এ(১৯৬৯-৭০), লাহোৰ বি(১৯৬৯-৭০), লাহোৰ গ্ৰীন্স(১৯৭০-৭১) আৰু অৱশেষত, লাহোৰ (১৯৭০-৭১) দলৰ হৈ খেলিছিল।৩ ১৯৭৩-৭৫ৰ সময়ছোৱাত তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ ব্লুজ ক্ৰিকেট দলৰ অংশ আছিল।
১৯৭১ চনৰ জুন মাহত তেওঁ এজবাষ্টন ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানী জাতীয় ক্ৰিকেট দলৰ হৈ টেষ্ট ক্ৰিকেটৰ শুভাৰম্ভ কৰিছিল।৪ ইয়াৰ তিনি বছৰৰ পিছত, ১৯৭৪ চনৰ আগষ্টত তেওঁ আকৌ ইংলেণ্ডৰ বিৰুদ্ধেই ট্ৰেণ্ট ব্ৰীজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট মেছ খেলিছিল।৪
বাহ্যিক সংযোগ
- ক্ৰিকেট.পিকেত ইমৰান খানৰ প্ৰ'ফাইল
- পাকিস্তান তেহৰিক−ই−ইনছাফ, ইমৰান খানৰ ৰাজনৈতিক দল
- Chancellor: Imran Khan at the University of Bradford
- Column archive at The Guardian
- ৱানপাকিস্তান.কম.পিকেত ইমৰান খানৰ প্ৰ'ফাইল
- PTI to move SC against speaker's decision today, says Imran Khan, The News International, 28 May 2012
- PTI will form next government, says Imran Khan, Geo News Pakistan
তথ্যসূত্ৰ
- ↑ (2018-07-27). ভোট খেলায়ও ‘ম্যান অব দ্য ম্যাচ’. Jugantor
- ↑ www.bbc.com/news/world-asia-45231375
- ↑ Imran Khan. CricketArchive
- ↑ Kuchibhotla, Akshaj. (2014-08-14). Imran Khan's debut in International cricket
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমৰান খান” প্ৰবন্ধৰ সংশোধন ৫৯৩৫৩৮ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।