দিছপুৰ,(Dispur) অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত।
স্বাস্থ্য সেৱা
দিছপুৰত বহুতো চিকিৎসালয় তথা স্বাস্থ্য প্ৰতিষ্ঠান আছে। সেইবোৰৰ ভিতৰত জি. এন. আৰ. চি. হস্পিটেল, ডাউনটাউন হস্পিটেল, দিছপুৰ হস্পিটেল, দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম, জি. এন. আৰ. চি. আউটপেইচেন্ট ক্লিনিক আৰু ৰাজধানী ৰাজ্যিক চিকিৎসালয় উল্লেখযোগ্য।
যাতায়ত ব্যৱস্থা
অসম ট্ৰাংক ৰোড আৰু জি এছ ৰোড দিছপুৰৰ মাজেৰে পাৰ হৈ গৈছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ চিটি বাছৰ যোগেদি দিছপুৰৰ পৰা গুৱাহাটীৰ বিভিন্ন অঞ্চললৈ যাব পাৰি।
শিক্ষা
দিছপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
বিদ্যালয়:
- দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়
- শ্ৰীমন্ত শংকৰ একডেমী
মহাবিদ্যালয়:
- দিছপুৰ আইন মহাবিদ্যালয়
- দিশপুৰ মহাবিদ্যালয়
দিশপুৰ মহাবিদ্যালয় ১৯৭৮ চনত স্থাপিত কৰা হয় আনহাতে দিছপুৰ আইন মহাবিদ্যালয় ১৯৯৩ চনত প্ৰতিষ্ঠা হয়।
ৰাজনীতি
দিছপুৰ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত। ১
পৰ্যটনৰ স্থান
দিছপুৰৰ ওচৰৰ পৰ্যটনৰ স্থান সমূহ হ'ল -
- শিল্পগ্ৰাম- থলুৱা লোককৃষ্টিৰ কেন্দ্ৰ
- বশিষ্ঠাশ্ৰম দেৱালয়-শিৱ মন্দিৰ
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ- অসমৰ জাতীয় কলা-কৃষ্টিৰ সংগ্ৰহালয়
গুৰুত্বপূৰ্ণ কাৰ্য্যালয়
- জনতা ভৱন (অসম সচিবালয়)
- অসম বিধানসভা ভৱন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়
- কৰ ভৱন - ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ আয়ুক্তালয়
- ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (নাবাৰ্ড) - অসম আঞ্চলিক কাৰ্য্যালয়
- গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
- নেডফি হাউচ্
- ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়
- হাউচফেড কমপ্লেক্স
- ভাৰতীয় ষ্টেট বেংক - স্থানীয় মুখ্য কাৰ্য্যালয়, উত্তৰ-পূব মণ্ডল
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিছপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪১২৫ (৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।