অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পবিত্ৰ মাৰ্ঘেৰিটা

পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তথা তেওঁ ৰাজ্যসভাৰ এগৰাকী সাংসদ (মাৰ্চ, 2022 ৰ পৰা)। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত অসমক ৪ এপ্ৰিল, ২০২২ ৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়। তেওঁ ২০১৪ চনত ৰাজনীতিত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তথা তেওঁ ৰাজ্যসভাৰ এগৰাকী সাংসদ (মাৰ্চ, 2022 ৰ পৰা)। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত অসমক ৪ এপ্ৰিল, ২০২২ ৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়।১২ তেওঁ ২০১৪ চনত ৰাজনীতিত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হয়। তেওঁ ২০১৪ চনৰ পৰা অসম বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩ তেওঁ ছ'চিয়েল মিডিয়া কোষ, অসম বিজেপিৰ প্ৰভাৰী আৰু কামৰূপ (উত্তৰ) জিলা বিজেপিৰ জিলা প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৭ চনৰ পৰা ২০২১ চনলৈ অসম চৰকাৰৰ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪, মাৰ্ঘেৰিটাই ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ মাৰ্চ লৈকে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব হিচাপে সেৱা আগবঢ়ায়।৫৬

তেওঁ ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ মাহেকীয়া "মায়া"ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল। তেওঁ ২০০২ চনৰ পৰা ২০০৫ চনলৈ আন এখন অসমৰ সাংস্কৃতিক মাহেকীয়া "সাৰেগামা"ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বাহ্যিক সংযোগ"

তথ্যসূত্ৰ

  1. ↑ News, Ne Now. (18 March 2022). BJP names Pabitra Margherita for one Rajya Sabha seat in Assam. NORTHEAST NOW
  2. ↑ (1 April 2022). Team BJP wins both Rajya Sabha seats in Assam as Opposition unity crumbles. Hindustan Times
  3. ↑ Bureau, Pratidin. (18 August 2021). Assam BJP Announces Names Of Office Bearers. Pratidin Time
  4. ↑ Key Officials | Jyoti Chitraban (Film Studio) Society | Government Of Assam, India. jyotichitraban.assam.gov.in
  5. ↑ Assam approves appointment of chairmen & vice-chairmen for various public sector units; new list issued. Time8
  6. ↑ State Level Advisory Committee for Students & Youth Welfare, Assam (SLAC)

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদৰাজ্যসভাৰ সাংসদঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পবিত্ৰ মাৰ্ঘেৰিটা” প্ৰবন্ধৰ সংশোধন ৫১১১৯১ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।