অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমিত শ্বাহ

অমিত অনিলচন্দ্ৰ শ্বাহ (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

হালনাগাদ: ১৩ এপ্ৰিল ২০২৫ ৪৭৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

অমিত অনিলচন্দ্ৰ শ্বাহ (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে তেওঁ ২০১৭ চনত গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।১২

মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰগোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈছিল। ১৮ বছৰ বয়সত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদৱী লাভ কৰিছিল। পিছলৈ ১৯৮৭ চনত তেওঁক বিজেপিলৈ পঠিওৱা হৈছিল।

শ্বাহে প্ৰথমে চাৰকেজ বিধানসভা সমষ্টিৰ পৰা ১৯৯৭ চনত গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৭ চনলৈ তেওঁ এই আসনৰ পৰা গুজৰাট বিধানসভালৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। তাৰপিছত তেওঁ নাৰণপুৰা বিধানসভা সমষ্টিৰ পৰা ২০১৭ চনলৈ বিধানসভাত প্ৰতিনিধিত্ব কৰে। নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে অমিত শ্বাহে বহুতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত অমিত শ্বাহক উত্তৰ প্ৰদেশৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁৰ মাৰ্গ-দৰ্শনত বিজেপিয়ে উত্তৰ প্ৰদেশত ৮০খন আসনৰ ভিতৰত ৭৩খন আসন জয় লাভ কৰিছিল। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ গুৰুত্ব বাঢ়িবলৈ লয়। ইয়াৰ পিছতে ২০১৪ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।৩

তেওঁ বিজেপিত সুসংগঠিত আৰু সদস্য ভুক্তিৰ বাবে বিশেষকৈ জনাজাত। তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে ২০১৪ চনত বিজেপিয়ে মহাৰাষ্ট্ৰ, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড আৰু ২০১৫ চনত অসম বিধানসভা নিৰ্বাচনত বিজয়ী হৈছিল। ইয়াৰ লগতে দিল্লী আৰু বিহাৰত পৰাস্ত হৈছিল।

তেওঁৰ নেতৃত্বত ২০১৭ চনৰ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰে।৪ একেবছৰে বিজেপিয়ে মণিপুৰ বিধানসভাত প্ৰথমবাৰৰ বাবে জয়ী হয় কিন্তু পঞ্জাবত বিজেপিৰ মিত্ৰজোঁট অকালি দলে পৰাজয় বৰণ কৰে।৫ ২০১৮ চনত বিজেপিয়ে ছত্তীসগঢ়, ৰাজস্থান আৰু মধ্য প্ৰদেশ নিৰ্বাচনত পৰাজিত হয়। তাৰপিছত বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৩০৩খন আসন লাভ কৰি নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ ফলত অমিত শ্বাহ ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ সফল অধ্যক্ষত পৰিগণিত হয়।৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৪ চনৰ ২২ অক্টোবৰ তাৰিখে মুম্বাইৰ এক সম্ভ্ৰান্ত গুজৰাটী বনিয়া পৰিয়ালত অমিত শ্বাহৰ জন্ম হৈছিল।৭৮৯১০ তেওঁৰ আজুককা মনসা ষ্টেটৰ নগৰশেঠ আছিল।১১ তেওঁৰ পিতৃ অনিল চন্দ্ৰ শ্বাহ গুজৰাটৰ মনসাৰ এগৰাকী পিভিচি প্লাষ্টিক পাইপ ব্যৱসায়ী। তেওঁ প্ৰাৰম্ভিক শিক্ষা মেহসনাত গ্ৰহণ কৰাৰ পিছত আহমেদাবাদলৈ উচ্চ শিক্ষাৰ বাবে যায়। তাত তেওঁ চি.ইউ. শ্বাহ বিজ্ঞান মহাবিদ্যালয়ত তেওঁ জৈৱৰসায়ন অধ্যয়ন কৰিছিল। বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত তেওঁ দেউতাকৰ ব্যৱসায়ত যোগ দিয়ে। ইয়াৰ লগতে তেওঁ আহমেদাবাদৰ সমবায় বেংক সমূহত ষ্টকব্ৰকাৰ হিচাপেও কাম কৰিছিল।১২

তেওঁ সৰুৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল।৮ তেওঁ ১৯৮২ চনত আহমেদাবাদ আৰ.এছ.এছ. কেন্দ্ৰত পোন প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদীক লগ পাইছিল।৮ সেই সময়ত নৰেন্দ্ৰ মোদী আৰ.এছ.এছ.ৰ প্ৰচাৰক আছিল।

নিৰ্বাচন

১৯৮৯ চনৰ পৰা তেওঁ ২৮টা বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। ২০১৯ চনলৈ তেওঁ কোনো নিৰ্বাচনতে পৰাজয় বৰণ কৰা নাই।

নিৰ্বাচনচনসমষ্টিফলাফলভোটভোটৰ %উৎস
গুজৰাট বিধানসভা নিৰ্বাচন (উপ-নিৰ্বাচন)1997চাৰখেজজয়ী76,83956.10%১৩
গুজৰাট বিধানসভা নিৰ্বাচন1998চাৰখেজজয়ী193,37369.81%১৪
গুজৰাট বিধানসভা নিৰ্বাচন2002চাৰখেজজয়ী288,32766.98%১৫
গুজৰাট বিধানসভা নিৰ্বাচন2007চাৰখেজজয়ী407,65968.00%১৬
গুজৰাট বিধানসভা নিৰ্বাচন2012নাৰণপুৰাজয়ী103,98869.19%১৭
১৭তম লোকসভা নিৰ্বাচন2019গান্ধীনগৰজয়ী888,21069.76%

ব্যক্তিগত জীৱন

অমিত শ্বাহে সোণাল শ্বাহৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। ২০১০ চনৰ ৮ জুন তাৰিখে তেওঁৰ মাতৃৰ বিয়োগ হৈছিল।৮

তেওঁৰ ছয় গৰাকী ভনীয়েক আছে আৰু তাৰে দুগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত বসবাস কৰে।১৮১৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (23 May 2019). Amit Shah: BJP's 'Chanakya' who delivered Modi Wave 2.0. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (23 May 2019). Amit Shah: BJP's Chanakya who strategised and delivered Modi wave 2.0. India Today
  3. ↑ (17 July 2014). Inside the mind of Amit Shah: All eyes on new BJP chief as party gears up for battle in five states. India Today
  4. ↑ Desk, The Hindu Net. (2017-12-18). Gujarat Assembly election results: Counting ends as BJP closes out Gujarat with 99 seats; Congress claims 77. The Hindu
  5. ↑ Punjab Election Result 2017: Congress' Amarinder Singh Defeats Akali Dal-BJP, AAP - Highlights. NDTV.com
  6. ↑ (30 May 2019). Amit Shah in new role after being most successful BJP chief. Economic Times
  7. ↑ Premal Balan. (10 July 2014). Amit Shah: An organisation man at helm. Business Standard
  8. ↑ PR Ramesh. (11 April 2014). His Master’s Mind. Open
  9. ↑ "I Am A Hindu Vaishnav, Not Jain": Amit Shah
  10. ↑ Islam, Shamsul. (June 14, 2017). Amit Shah Borrowed a Phrase from Jinnah when he Dubbed Gandhi a 'Chatur Bania’. Newsclick
  11. ↑ The ‘Shah’ of BJP’s game plan who wants to alter India’s political culture, Patric French, Hindustan Times, Jul 17, 2016
  12. ↑ Sheela Bhatt. (28 July 2010). What Amit Shah's fall really means. rediff.com
  13. ↑ Bye-Elections 1997: Sarkhej. Election Commission of India
  14. ↑ Constituency Data - Summary: Sarkhej - 1998. Rediff.com
  15. ↑ State Elections 2002: 64-Sarkhej Constituency of Gujarat. Election Commission of India
  16. ↑ State Elections 2007: 64-Sarkhej Constituency of Gujarat. Election Commission of India
  17. ↑ Form-21E: 45-Naranpura. Election Commission of India
  18. ↑ Exclusive! Amit Shah on Friday: Wakes up late, eats poha, chats with Modi, Rediff.com, May 16, 2014
  19. ↑ The ‘Shah’ of BJP’s game plan who wants to alter India’s political culture, Hindustan Times, Jul 17, 2016

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰত চৰকাৰৰ মন্ত্ৰীগুজৰাটী ব্যক্তিগুজৰাটৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিত শ্বাহ” প্ৰবন্ধৰ সংশোধন ৫০৩৫০৩ (১৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।