অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ম্যানমাৰ

ম্যানমাৰ (Myanmar) বা মানদেশ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ (Burma)। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম। কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬৮৮ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ম্যানমাৰ (Myanmar) বা মানদেশ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ (Burma)। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম।১ কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়। চীন, থাইলেণ্ড, ভাৰত, লাউচ আৰু বাংলাদেশ ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ। ম্যানমাৰৰ সৰ্বমুঠ চাৰিসীমাৰ ১,৯৩০ কিল'মিটাৰ (১,২০০ মাইল) অংশ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ তীৰ অঞ্চল। প্ৰায় ৬০ মিলিয়ন জনসংখ্যাৰে ম্যানমাৰ জনসংখ্যাৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত চতুৰ্দ্বিংশ স্থানত আছে। ম্যানমাৰৰ মুঠ মাটিকালি হৈছে ৬.৭৬,৫৭৮ বৰ্গকিল'মিটাৰ আৰু মাটিকালিৰ ভিত্তিত ম্যানমাৰ হৈছে পৃথিৱীত চল্লিশতম বৃহৎ ৰাষ্ট্ৰ। দক্ষিণ-পূৱ এছিয়াৰ ভিতৰত মাটিকালিৰ ভিত্তিত ম্যানমাৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰ।

১৯৬২ চনৰপৰা ২০১১ চনলৈকে ম্যানমাৰ সৈনিক শাসনৰ অধীনত আছিল। ৰাষ্ট্ৰসংঘ আৰু অন্য বহুতো সংস্থাই এই সময়চোৱাত ম্যানমাৰত বিভিন্ন ধৰণে মানৱাধিকাৰৰ উলংঘন হোৱা বুলি অভিযোগ কৰিছে।২৩৪ শিশুক সৈন্য হিচাপে ব্যৱহাৰ, ধৰ্ষণ, শিশু শ্ৰমিকৰ ব্যৱহাৰ, মানৱ দেহৰ ব্যৱসায়, দাসত্ব, বাক-স্বাধীনতাৰ উলংঘন ইত্যাদি হৈছে এই সময়চোৱাত ম্যানমাৰৰ ওপৰত একে সংস্থাবিলাকে অনা কিছু অভিযোগ। ২০১০ চনত ম্যানমাৰৰ বিখ্যাত মানৱাধিকাৰ কৰ্মী আং চান চ্যু কিৰ মুক্তিৰ পিছৰেপৰাই এই ৰাষ্ট্ৰই বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্কৰ উন্নতি ঘটাবলৈ সক্ষম হৈছে। ইউৰোপীয়ান ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ম্যানমাৰৰ ওপৰত প্ৰয়োগ কৰা বিভিন্ন অৰ্থনৈতিক বাধা-নিষেধো এতিয়া উঠাই লৈছে।৫৬মুক্তা, তেল আৰু প্ৰাকৃতিক গেছ তথা অন্যান্য খনিজ সামগ্ৰী হৈছে ম্যানমাৰৰ প্ৰাকৃতিক সম্পদ। ২০১১ চনৰ তথ্যমতে ম্যানমাৰৰ ৰষ্ট্ৰীয় উৎপাদন আছিল ৮২.৭ বিলিয়ন আমেৰিকান ডলাৰ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ হাৰ আছিল ৫.৫%।৭

২০১৩ চনত বিভিন্ন সংস্থাৰ প্ৰতিবেদন মতে ম্যানমাৰ কৰ্তৃপক্ষই পশ্চিম ম্যানমাৰৰ পৰা তাৰ সংখ্যালঘু ৰহিঙীয়া সকলক উচ্ছেদ কৰা আৰম্ভ কৰিছে। ইয়াৰ পৰিণামস্বৰূপে বহুতো ৰহিঙীয়া শৰনাৰ্থীয়ে ম্যানমাৰ পৰিত্যাগ কৰি চুবুৰীয়া বাংলাদেশ আৰু থাইলেণ্ডলৈ পলায়ন কৰিছে।৮৯

নামৰ উৎপত্তি

১৯৮৯ চনত ইয়াৰ সৈনিক প্ৰশাসনে দেশৰ বিভিন্ন ঠাইৰ নাম পুৰণা ঔপনিৱেশিক শাসনে প্ৰচলন কৰা নামৰপৰা সলনি কৰা আৰম্ভ কৰে। এই প্ৰক্ৰিয়াত প্ৰশাসনে বাৰ্মা নামটোৰ ঠাইত দেশখনৰ নাম ম্যানমাৰ বুলি নামাকৰন কৰে। কিন্তু এই পুনঃ নামাকৰনৰ বিষয়টো এতিয়াও বিতৰ্কিত১০। দেশৰ বহুতো ৰাজনৈতিক আৰু জাতীয় বিৰোধী দলে এতিয়াও বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে১১, এওঁলোকৰ মতে সৈনিক প্ৰশাসনৰ দেশখনৰ পুনঃ নামাকৰন কৰাৰ কোনো অধিকাৰ নাই। এই দেশৰ চৰকাৰী নাম হৈছে Republic of the Union of Myanmar (ပြည်ထောင်စု သမ္မတ မြန်မာနိုင်ငံတော်, Pyidaunzu Thanmăda Myăma Nainngandaw), কিন্তু কিছু ৰাষ্ট্ৰই এই নামটো গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিৱৰ্তে এই ৰাষ্ট্ৰ সমূহে Union of Burma নামটোৰ ব্যৱহাৰ কৰে।৭১২

ইংৰাজীত এই দেশখনক বাৰ্মা আৰু ম্যানমাৰ, দুয়োটা নামেৰেই জনা যায়। এই দুয়োটা নামেই আহিছে দেশখনৰ সংখ্যাগৰিষ্ঠ বামাৰ জনগোষ্ঠীৰ নামৰপৰা। ম্যানমাৰ শব্দটো আহিছে এই জনগোষ্ঠীৰ লিখিত নামৰপৰা, আনহাতে বাৰ্মা নামটো আহিছে এই জনগোষ্টীৰ কথিত বামাৰ নামটোৰ পৰা। কথনশৈলীৰ ওপৰত ভিত্তি কৰি ইয়াৰ দুটা উচ্চাৰণ আছে, এটা হৈছে বামা আৰু আনটো হৈছে ম্যানমাঃ। বাৰ্মা নামটো ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ৰেপৰা প্ৰচলিত।

ইংৰাজ যুক্তৰাজ্য আৰু কানাডাকে ধৰি অন্যান্য বহুতো দেশে বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে।১৩ আমেৰিকা যুক্তৰাষ্ট্ৰ যুক্তৰাজ্যই বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে যদিও আমেৰিকাৰ গৃহ বিভাগৰ ৱেবচাইটত বাৰ্মা(ম্যানমাৰ) বুলি উল্লেখ আছে, আৰু বাৰাক অ'বামাই এই ৰাষ্ট্ৰক ম্যানমাৰ বুলি উল্লেখ কৰিছে।১৪১৫১৬ ৰাষ্ট্ৰসংঘ, দক্ষিণ-পূৱ এছীয় ৰাষ্ট্ৰসংঘ, ৰাছিয়া, ফ্ৰান্স১৭, জাৰ্মানী১৮, চীন, ভাৰত, নৰৱে১৯, অষ্ট্ৰেলিয়া২০ আৰু জাপানে১৩ ম্যানমাৰ নামটো ব্যৱহাৰ কৰে। এই দেশক অন্যান্য নামেৰেও জনা যায়, যেনে- স্পেইন আৰু ইটালীত বিৰ্মানিয়া, ব্ৰাজিলত মিয়ানমাৰ২১ ইত্যাদি।

বুৰঞ্জী

দক্ষিণ-পূৱ এছিয়াৰ কিছুমান প্ৰাথমিক স্তৰৰ সভ্যতা ম্যানমাৰত বিকশিত হৈছিল, যেনে প্যু আৰু মন২২। নানঝাও ৰাজ্যৰ বাৰ্মান সকলে খ্ৰীষ্টীয় নৱম শতিকাত ইৰাৱতী নদীৰ উজনিৰ উপত্যকাত প্ৰৱেশ কৰে। ১০৫০-অৰ দশকত এই ভূখণ্ডত পাগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পিছত লাহে লাহে বাৰ্মিজ ভাষা আৰু সংস্কৃতিয়ে এই অঞ্চলত প্ৰাধান্য লাভ কৰে। বৌদ্ধ ধৰ্ম ধৰ্মৰ ঠেৰাৱড় পন্থা লাহে লাহে এই অঞ্চলৰ প্ৰধান ধৰ্ম হৈ পৰে। ১২৭৭-১৩০১ চন সময়ছোৱাত হোৱা মংগোল আক্ৰমণত পাগান সাম্ৰাজ্যৰ পতন হয় আৰু তাৰ ঠাইত বহুসংখ্যক ৰাজ্যৰ সৃষ্টি হয় আৰু এই ৰাজ্য বিলাকে নিজৰ মাজতে যুদ্ধ বিগ্ৰহ কৰাত ব্যস্ত হৈ পৰে। টাউংগু বংশই এই ৰাজ্য সমূহক পুনৰ একগোট কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছৰ কিছু সময়লৈকে এই সাম্ৰাজ্যখন দক্ষিণ-পূৱ এছিয়াৰ বুৰঞ্জীত সৰ্ববৃহৎ২৩ বুলি পৰিগণিত হোৱা সাম্ৰাজ্য হৈ থাকে। উনবিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত কনবাউঙ বংশই আজিৰ ম্যানমাৰ, মণিপুৰ আৰু অসমৰ কিছু অংশ সামৰা এক অঞ্চলত শাসন কৰে। ১৯৪৮ চনত ম্যানমাৰে স্বাধীনতা লাভ কৰাৰ পিছৰেপৰা ইয়াত বাস কৰা জনগোষ্ঠী বিলাকৰ মাজত এক সুদীৰ্ঘ গৃহযুদ্ধ চলি আহিছে যাৰ আজিও মীমাংসা হোৱা নাই। ১৯৬২ চনৰপৰা ২০১১ চনলৈকে ম্যানমাৰত সামৰিক শাসন আছিল। ২০১০ চনত হোৱা সাধাৰণ নিৰ্বাচনৰ পিছত ম্যানমাৰৰ জুনতা প্ৰশাসনক ২০১১ চনত ক্ষমতাচ্যুত কৰা হয়। তাৰ পিছত ম্যানমাৰত এক জনতা চৰকাৰ প্ৰতিষ্ঠা কৰা হয়। তথাপিও ম্যানমাৰৰ প্ৰশাসনত সামৰিক বাহিনীয়ে এক বৃহৎ প্ৰভুত্ব বজাই ৰাখিছে।

বাহ্যিক সংযোগ

Government

General information

Economy

তথ্যসূত্ৰ

  1. ↑ Ammon, Ulrich. (2004). Sociolinguistics: An International Handbook of the Science of Language and Society. Walter de Gruyter. পৃ. 2012. ISBN 3-11-018418-4
  2. ↑ Burma. Hrw.org
  3. ↑ Myanmar Human Rights | Amnesty International USA. Amnestyusa.org
  4. ↑ World Report 2012: Burma | Human Rights Watch. Hrw.org
  5. ↑ Aamer Madhani. (16 November 2012). Obama administration eases Burma sanctions before visit. USA Today
  6. ↑ Thomas Fuller; Paul Geitner. (23 April 2012). European Union Suspends Most Myanmar Sanctions. The New York Times
  7. ↑ Burma. The World Factbook. Central Intelligence Agency
  8. ↑ Rights group accuses Myanmar of 'ethnic cleansing'. CNN.com
  9. ↑ Phil Robertson, deputy Asia director. (2013-04-22). Burma: End ‘Ethnic Cleansing’ of Rohingya Muslims | Human Rights Watch. Hrw.org
  10. ↑ Houtman, Gustaaf. (1999). Mental culture in Burmese crisis politics. ILCAA Study of Languages and Cultures of Asia and Africa Monograph Series No. 33. Institute for the Study of Languages and Cultures of Asia and Africa. পৃ. 43–47. ISBN 978-4-87297-748-6
  11. ↑ Steinberg, David I. (2002). (books.google.co.uk/books?id=CSTuWZ0BMmMC&pri Burma: The State of Myanmar). Georgetown University Press. পৃ. xi
  12. ↑ Government of the Union of Burma
  13. ↑ Dittmer, Lowell. (2010). Burma Or Myanmar? The Struggle for National Identity. World Scientific. পৃ. 2
  14. ↑ (19 November 2012). Burma or Myanmar? Obama calls it both on visit. Asian Correspondent. Hybrid News Limited
  15. ↑ (21 May 2013). Hosting Burma’s Leader, Obama Repeatedly Calls the Country ‘Myanmar’. CNS News
  16. ↑ আৰ্কাইভ কপি
  17. ↑ (26 September 2007). Should it be Burma or Myanmar?. BBC News
  18. ↑ (1 September 2007). Burma vs. Myanmar: What's in a Name. DW
  19. ↑ Mudditt, Jassica. (19 November 2012). Burma or Myanmar: Will the US make the switch?
  20. ↑ Myanmar country brief
  21. ↑ (27 September 2007). Sala de Imprensa: Situação em Mianmar. Institutional website. Itamaraty
  22. ↑ Dougald JW O'Reilly. (2007). Early civilizations of Southeast Asia. Altamira Press. ISBN 0-7591-0279-1
  23. ↑ Lieberman 2003: 152

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশম্যানমাৰৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম্যানমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৩২২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।