অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়। ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে', ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়।১ ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে', ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন।২৩ ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ভাৰতৰ মুঠ ভোটাৰৰ সংখ্যা ৮১৪.৫ মিলিয়ন চুইছেগৈ আৰু ই সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ॥৪ বিগত ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত এইটো নিৰ্বাচনত নতুন ভোটাৰৰ সংখ্যা ১০০ মিলিয়নলৈ বৃদ্ধি পাইছে।৫

মুঠ ভোটাৰৰ প্ৰায় ২.৭ শতাংশ (২৩.১ মিলিয়ন)ৰৰে বয়স ১৮-১৯ বছৰৰ ভিতৰত।৬ দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা মুঠ ৮,৫২১জন প্ৰাৰ্থীয়ে এই সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছিল।৭ নটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অভিলেখ সংখ্যক ৬৬.৩৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাবস্ত্য কৰিছিল।৭

পঞ্চদশ লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ পোন্ধৰ দিন পূৰ্বে ২০১৪ চনৰ ১৬ এপ্ৰিল তাৰিখে সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। পঞ্চদশ লোকসভাৰ কাৰ্যকাল ২০১৪ চনৰ ৩১ মে'ত যৱনিকা পৰাৰ কথা আছিল।৮ দেশৰ ৯৮৯টা ভোট গণনা কেন্দ্ৰত ভোটৰ গণনা কৰা হৈছিল।৭ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (ভাৰত)ই ৩৩৬খন আসনত বিজয় সাবস্ত্য কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে ২৮২টা আসন লাভ কৰি এককভাৱে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল। ভাৰতৰ সাধাৰণ নিৰ্বাচনত ১৯৮৪ চনৰ পাছত এয়েই প্ৰথম ঘটনা।৯ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত প্ৰগতিশীল পাৰ্টীয়ে মাত্ৰ ৫৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয়।১০ ইয়াৰে ৪৪খন আসন ভাৰীয় জাতীয় কংগ্ৰছ দলৰ।১১১২ এনেদৰেই বি জে পি আৰু ইয়াৰ মিত্ৰ দল সমূহে ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত পোন প্ৰথমবাৰৰ বাবে largest majority government গঠন কৰাৰ সুযোগ লাভ কৰিছে।১৩

এগ্‌জিত প’ল

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ ৪৮ ঘণ্টাৰ আগৰ পৰা নৱম পৰ্যায়ৰ ভোট গ্ৰহণৰ শেষলৈকে ভাৰতীয় নিৰ্বাচন আয়োগে সকলো ধৰণৰ এগ্‌জিত প’ল প্ৰকাশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। পূৰ্ব পৰ্যায়ৰ এগ্‌জিত প’লৰ প্ৰচাৰে পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ সিদ্ধান্ত সলনি নহ’বলৈ এই সিদ্ধান্ত লোৱা হৈছিল। ২০১৪ চনৰ ১৪ মে’ৰ সন্ধ্যা ৬-৩০ বজাত নৱম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱালৈকে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞা জাৰি আছিল।১৪

প্ৰকাশউৎসপ’লিং সংস্থা
এন ডি এইউ পি এঅন্যান্য
১২ মে’, ২০১৪১৫চি এন এন- আই বি এন – CSDS – Lokniti২৭৬ (±৬)৯৭ (±৫)১৪৮ (±২৩)
১৫১৬ইণ্ডিয়া টুডে – Cicero২৭২ (±১১)১১৫ (±৫)১৫৬ (±৬)
১৫১৭নিউজ ২৪ – চানক্য৩৪০ (±১৪)৭০ (±৯)১৩৩ (±১১)
১৫টাইমছ্‌ নাও – ORG২৪৯১৪৮১৪৬
১৫১৮এ বি পি নিউজ – নীলসেন২৭৪৯৭১৬৫
১৫ইণ্ডিয়া টিভি – CVoter২৮৯১০১১৪৮
১৪ মে’ ২০১৪১৯২০এন ডি টি ভি – হংস ৰিচাৰ্ছ২৭৯১০৩১৬১
১২ মে’ ২০১৪১৫Poll of Polls২৮৩১০৫১৪৯
১৬ মে’ ২০১৪প্ৰকৃত ফলাফল১০৩৩৬৫৮১৪৯

ফলাফল

+ ↓
৩৩৮১৪৭৬০
এন ডি এঅন্যান্যইউ পি এ
দলবিজেপিকংগ্ৰেছএ আই এ ডি এম কেসৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছবিজেডিশিৱ সেনাতেলুগু দেশম পাৰ্টী
নেতানৰেন্দ্ৰ মোদীৰাহুল গান্ধীজয়ললিতামমতা বন্দ্যোপাধ্যায়নবীন পাটনায়কউদ্ধৱ থাকৰেচন্দ্ৰবাবু নাইডু
Mamata Banerjee - Kolkata 2011-12-08 7531 Cropped.JPGNaveen Patnaik.jpgUddhav thackeray 20090703.jpgN. Chandrababu Naidu (cropped).jpg
ভোট৩১.০%, 171,637,684১৯.৩%, 106,935,311৩.৩%, 18,115,825৩.৮%, 21,259,681১.৭%, 9,491,497১.৯%, 10,262,982২.৫%, 14,094,545
আসন২৮২ (৫১.৯%)৪৪ (৮.১%)৩৭ (৬.৮%)৩৪ (৬.২%)২০ (৩.৬%)১৮ (৩.৩%)১৮ (২.৯%)

ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দলগত ফলাফল এনে ধৰণৰ২১:

দলসংক্ষিপ্ত ৰূপআসন লাভপৰিবৰ্তন
ভাৰতীয় জনতা পাৰ্টীBJP283
ভাৰতৰ কমিউনিষ্ট পাৰ্টিCPI1
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)CPM9
ভাৰতীয় জাতীয় কংগ্ৰেছINC43
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)5
আম আদমি পাৰ্টীআপ4
অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম37
সৰ্বভাৰতীয় এন.আৰ. কংগ্ৰেছ1
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ34
সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা3
বিজু জনতা দলBJD20
ইণ্ডিয়ান নেচনেল লোক দল2
ইণ্ডিয়ান ইউনিয়ন মুচলিম লীগ2
জম্মু-কাশ্মীৰ পিপ'লচ্ ডেমোক্ৰেটিক ফ্ৰণ্ট3
জনতা দল (চেকুলাৰ)JD (U)2
জনতা দল (ইউনাইটেড)JD (S)2
ঝাৰখণ্ড মুক্তি মৰ্চা2
কেৰালা কংগ্ৰেছ (এম)1
লোকজন শক্তি পাৰ্টি6
নাগা পিপলচ্ ফ্ৰণ্ট1
নেচনেল পিপ'লচ্ পাৰ্টি (ইণ্ডিয়া)1
Pattali Makkal Katchi1
Rashtriya Janata Dal4
Revolutionary Socialist Party1
Samajwadi PartySP5
Shiromani Akali Dal4
Shivsena19
Sikkim Democratic Front1
Telangana Rashtra Samithi11
Telugu Desam16
All India Majlis-E-Ittehadul Muslimeen1
Apna Dal2
National Peoples Party1
Rashtriya Lok Samata Party3
Swabhimani Paksha1
Yuvajana Sramika Rythu Congress Party9
নিৰ্দলীয়3
Total543/543

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ India General Elections 2014
  2. ↑ (5 March 2014). GENERAL ELECTIONS – 2014: SCHEDULE OF ELECTIONS. http://eci.nic.in. ECI
  3. ↑ India General Elections 2014
  4. ↑ Number of Registered Voters in India reaches 814.5 Mn in 2014. news.biharprabha.com
  5. ↑ India announces election dates. Al Jazeera
  6. ↑ 39% of first-time voters back BJP, only 19% vote for Congress. Dnaindia.com (2013-10-22)
  7. ↑ Election 2014 live blog
  8. ↑ Terms of Houses, Election Commission of India
  9. ↑ Election results 2014: India places its faith in Moditva - The Times of India. Timesofindia.indiatimes.com (2014-05-17). Retrieved on 2014-05-21
  10. ↑ Final Results 2014 General Elections Press Information Bureau, Government of India
  11. ↑ (May 16, 2014). General Election to Loksabha Trend and Result 2014. ভাৰতৰ নিৰ্বাচন আয়োগ
  12. ↑ Partywise Trends & Result
  13. ↑ Modi's Next Moves The Wall Street Journal, May 18, 2014
  14. ↑ Exit polls results only after 6.30 PM on May 12: Election Commission India Today
  15. ↑ Lok Sabha Exit Polls India Today
  16. ↑ India Today Group-Cicero post-poll result: Modi set to be India's next PM India Today
  17. ↑ Lok Sabha 2014 – Exit Poll Today's Chanakya
  18. ↑ ABP NEWS – NIELSEN EXIT POLL 2014 ABP News
  19. ↑ (14 May 2014). Lok Sabha Exit and Post Poll – Methodology. NDTV India
  20. ↑ (14 May 2014). Watch NDTV Exit Poll: BJP and Allies Cross Half-Way Mark, Congress in Double Digits. NDTV India
  21. ↑ ALL INDIA Result Status. ELECTION COMMISSION OF INDIA

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সাধাৰণ নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৬১৭৫১০ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।