ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গণ মুক্তি সংগ্ৰাম অসম
গণ মুক্তি সংগ্ৰাম অসম ভাৰতৰ অসমৰ এক নতুন আঞ্চলিক ৰাজনৈতিক দল। এই দল গঠনৰ ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪থ দ্বি-বাৰ্ষিক অধিৱেশনত অখিল গগৈয়ে কৰে, ২০ মাৰ্চ ২০১৫ত, গান্ধীবাদী নেতা আন্না হাজাৰেৰ ভাষণৰ ঠিক পিছতেই। "এই দল ভাৰতৰ পুঁজীবাদ ব্যৱস্থাক সলোৱাৰ বাবে গঠিত" গগৈয়ে কয়।
-
গণ সুৰক্ষা পাৰ্টী
গণ সুৰক্ষা পাৰ্টী কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নব কুমাৰ শৰণীয়াৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। এই পাৰ্টী বড়োভুমি অঞ্চলৰ এক উল্লেখযোগ্য আঞ্চলিক ৰাজনৈতিক দল।
-
চংসাক বিধানসভা সমষ্টি
চংসাক বিধানসভা সমষ্টি (ইংৰাজী: Songsak Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পূব গাৰো পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই তুৰা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
চিণ্ডী আমাইজা
চিণ্ডী আমাইজা (Cindy Amaiza) কেনিয়াৰ এগৰাকী এইচ আই ভি/এইডছ কৰ্মী। তেওঁ নাইৰোবিত বাস কৰা এম পি এইচৰ ছাত্ৰী। তেওঁ এইচ আই ভি ৰেচপন্সক অনুপ্ৰাণিত, ৰূপান্তৰ আৰু সংযোগ কৰিবলৈ অংশীদাৰিত্ব (PITCH) অংশীদাৰ সংস্থা তেখেতে ৱাই+ কেনিয়াৰ প্ৰতিষ্ঠাপকো, যি তেওঁৰ দৰে এইচ আই ভি ৰোগত আক্ৰান্ত যুৱক-যুৱতীসকলক ছটা…
-
চেহিন টেফেৰা
চেহিন টেফেৰা (Sehin Teferra) এগৰাকী ইথিঅ'পিয়ান নাৰীবাদী কৰ্মীযি ইথিঅ'পিয়ান পৰিচয়ৰ ধাৰণাক প্ৰচাৰ কৰে আৰু নিজকে প্যান- ইথিঅ'পিয়ান বুলি ভাবে।
-
জ'ৰাম নেচনেলিষ্ট পাৰ্টী
জ'ৰাম নেচনেলিষ্ট পাৰ্টী ভাৰতৰ মিজোৰাম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। এই দলটোৰ পূৰ্বৰ নাম আছিল মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট)। পূৰ্বৰ সাংসদ লালডুহ'মা এই দলটোৰ নেতৃত্ব বহন কৰি আহিছে। ১৯৯৭ চনত মিজো নেচনেল ফ্ৰণ্টৰ পৰা ফাটি যোৱা এটা অংশই মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট) গঠন কৰিছিল।
-
জেন আনয়াংগো
জেন আনয়াংগোঅডংগো (Jane Anyango) শান্তিৰ বাবে আৰু মহিলা আৰু ছোৱালীৰ অধিকাৰৰ বাবে কৰ্মৰত কেনিয়াৰ এগৰাকী সমাজকৰ্মী। তেখেত এগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু শান্তিপ্ৰেমী৷ তেওঁ কেনিয়াৰ অন্যতম বৃহৎ বস্তিত বাস কৰে।
-
জেম্মা নুনু কুম্বা
জেমা নুনু কুম্বা (ইংৰাজী: Jemma Nunu Kumba; জন্ম: ১৯৬৬) এগৰাকী দক্ষিণ চুদানৰ ৰাজনীতিবিদ। বৰ্তমান দক্ষিণ চুদানৰ লিংগ, শিশু আৰু সমাজ কল্যাণ মন্ত্ৰী। ২০০৪ চনত ব্যাপক শান্তি চুক্তিৰ আৰম্ভণিতে তেওঁ চুদান মহিলা সংসদীয় ককাছ প্ৰতিষ্ঠা কৰিছিল।
-
জো ওকেই-অডুমাকিন
জোচেফিন অবিয়াজুলু অকেই-অডুমাকিন (Joe Okei-Odumakin; জন্ম: ৪ জুলাই ১৯৬৬) এগৰাকী নাইজেৰিয়ান মহিলা অধিকাৰ কৰ্মী। তেওঁ মানৱ অধিকাৰ সংগঠন, ৱমেন এৰাইজ ফৰ চেঞ্জ ইনিচিয়েটিভ আৰু কেম্পেইন ফৰ ডেম’ক্ৰেচিৰ সভানেত্ৰী।
-
জোকী ৱাইনাইনা
জোকী ৱাইনাইনা (Njoki Wainaina) কেনিয়াৰ এগৰাকী লিংগ আৰু উন্নয়নৰ পৰামৰ্শদাতা। তেওঁ ১৯৮৮ চনত গঠন হোৱা আফ্ৰিকান ৱমেনছ ডেভেলপমেণ্ট এণ্ড কমিউনিকেচন নেটৱৰ্ক (FEMNET)ৰ প্ৰথম কাৰ্যবাহী সঞ্চালিকা আছিল।
-
ডলৰেছ চাভেজ ডি আৰ্মিজো
ড'ল'ৰেছ এলিজাবেথ "লোলা" চাভেজ ডি আৰ্মিজো (Dolores Chávez de Armijo(ইংৰাজী: ১৮৫৮ চনত নিউ মেক্সিকোৰ আলবাকুৱেৰকত জন্মগ্ৰহণ কৰা, ১৯২৯ চনত নিউ মেক্সিকোৰ চান্টা ফেত মৃত্যু) নিউ মেক্সিকোৰ এগৰাকী ৰাজ্যিক পুথিভঁড়ালী আছিল।
-
ডোমটিলা চেছাং
ডোমটিলা চেছাং (Domtila Chesang) হৈছে কেনিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী যিয়ে মহিলাৰ যৌনাংগ বিকৃতকৰণ (এফজিএম)ৰ বিৰুদ্ধে অভিযানৰ বাবে পৰিচিত। ছোৱালী আৰু মহিলাৰ ওপৰত বিভিন্ন ধৰণৰ হিংসাৰ সমাধানৰ বাবে প্ৰতিষ্ঠা কৰা I_Rep ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।
-
তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয়
তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় ( ইংৰাজী: Tezpur Govt Law College) তেজপুৰৰ চকীঘাটত ২০২৩ চনত স্থাপন কৰা হয়। অসমৰ দ্বিতীয় চৰকাৰী আইন মহাবিদ্যালয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দ্বাৰা স্থাপিত।
-
দাদেংগ্ৰে বিধানসভা সমষ্টি
দাদেংগ্ৰে বিধানসভা সমষ্টি (ইংৰাজী: Dadenggre Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পশ্চিম গাৰো পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই তুৰা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল আঁচনি
গ্ৰামীণ কৌশল আঁচনি বা ডিডিইউ-জিকেৱাই হৈছে ভাৰত চৰকাৰৰ যুৱ নিয়োগ আঁচনি।
-
দেৱানন্দ হাজৰিকা
দেবানন্দ হাজৰিকা অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
ধীৰেশ্বৰ কলিতা
ধীৰেশ্বৰ কলিতা (Dhireswar Kalita; ২২ এপ্ৰিল ১৯২২ – ১৪ জানুৱাৰী ১৯৯৭) এজন ভাৰতীয় ৰাজনীতিক আছিল আৰু লোকসভাৰ সাংসদ আছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ এজন নেতা আছিল। ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈকে তেওঁ গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
ধৰ্মীয় সাম্যবাদ
ধৰ্মীয় সাম্যবাদ সাম্যবাদৰ এনে এক ৰূপ যিয়ে ধৰ্মীয় নীতিসমূহক মানি চলে। পণ্ডিতসকলে অনেক ধৰ্মীয় আন্দোলনক এই শ্ৰেণীত ৰাখিছে যিয়ে সম্পদৰ ৰাজহুৱা মালিকানা সমৰ্থন কৰিছিল।
-
নগাঁও কুইজ ফ'ৰাম
নগাঁও কুইজ ফ'ৰাম (Nagaon Quiz Forum) ২০১০ চনত অসমৰ নগাঁও জিলাৰ পৰা আত্মপ্ৰকাশকৰা এটি কুইজিকেল সংগঠন। মানদণ্ডসম্পন্ন কুইজৰ প্ৰসাৰ আৰু কুইজৰ মাজেৰে এক সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাই এই সংগঠনৰ মূল উদ্দ্যেশ্য।
-
নাগালেণ্ড (লোকসভা সমষ্টি)
নাগালেণ্ড লোকসভা সমষ্টি (Nagaland Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি।
-
নাৰতিয়াং বিধানসভা সমষ্টি
নাৰতিয়াং বিধানসভা সমষ্টি (ইংৰাজী: Nartiang Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
নিষ্ঠা (চৰকাৰী আঁচনি)
নিষ্ঠা (National Initiative for School Heads' and Teachers' Holistic Advancement, NISHTHA) হৈছে ভাৰত চৰকাৰৰ এখন আঁচনি। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে নিষ্ঠা নামৰ এই সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে ৰাষ্টীয় আঁচনি এখন হাতত লৈছে।
-
নৃপেন গোস্বামী
নৃপেন গোস্বামী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। গোস্বামী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।
-
নেহৰু ব্ৰিগেড
নেহৰু ব্ৰিগেড অথবা চতুৰ্থ গেৰিলা ৰেজিমেণ্ট আছিল ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা গোট৷ তেওঁলোকে প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা অংশ গঠন কৰিছিল আৰু পৰৱৰ্তী সময়ত সুভাষ চন্দ্ৰ বসুৰ অধীনত সেনাৰ পুনুৰুত্থানৰ পৰত গোটৰ বাকী অংশ গঠিত হৈছিল৷ এই গোটটোৱে ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ ইম্ফলৰ অভিযানত অংশ লোৱা নাছিল…
-
ফিডেলিছ ৱাইনাইনা
ফিডেলিছ ৱাইনাইনা (Fidelis Wainaina, ১৯৬২ – ৫ মাৰ্চ ২০০৮) মাচেনো ইণ্টাৰখ্ৰীষ্টান চাইল্ড চেল্ফ হেল্প গ্ৰুপ (MICH)ৰ প্ৰতিষ্ঠাপক, যিটো সংস্থাই কৃষিৰ জৰিয়তে আত্মবহনক্ষমতাৰ বাবে চেষ্টা কৰে৷ তেওঁলোকে পশ্চিম কেনিয়াৰ গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ বাবে কাম কৰি আছে।
-
বালাচাহেবাঞ্চী শিৱসেনা
বালাচাহেবাঞ্চী শিৱসেনা (Balasahebanchi Shiv Sena) হৈছে ২০২২ চনত একনাথ শিণ্ডেৰ নেতৃত্বত গঠিত এক ৰক্ষণশীলতাবাদী ভাৰতীয় ৰাজনৈতিক দল। এই দলটো মুখ্য শিৱসেনা দলৰপৰা পৃথক হোৱাত নিৰ্বাচন আয়োগে দলটোক এটা নতুন প্ৰতীক প্ৰদান কৰিছিল। ২০২২ চনৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ফলস্বৰূপে এই দলৰ গঠন কৰা হৈছে।
-
বেগম জান
বেগম জান (Begum Jan) এগৰাকী চিকিৎসক আৰু জনজাতীয় মহিলা কল্যাণ সংস্থাৰ প্ৰতিষ্ঠাপক, যি উত্তৰ-পশ্চিম পাকিস্তানৰ জনজাতীয় মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিকায় আৰু তেওঁলোকক চিকিৎসা প্ৰশিক্ষণ দিয়ে।তেওঁ পাকিস্তানৰ ৰক্ষণশীল অঞ্চল দক্ষিণ ৱাজিৰিষ্টনত ডাঙৰ-দীঘল হৈছিল যদিও দেউতাকে তেওঁক চিকিৎসক হ'বলৈ…
-
বেৰহানে ৰাস-ৱৰ্ক
বেৰহানে ৰাস-ৱৰ্ক (Berhane Ras-Work) (জন্ম-১৯৪০) ইথিঅ'পিয়াৰ এজন মহিলাৰ যৌনাংগ বিকৃতকৰণৰ(FGM) বিৰোধী কৰ্মী। তেওঁ মহিলা আৰু শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰা পৰম্পৰাগত পদ্ধতিসমূহৰ আন্তঃআফ্ৰিকান সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল।[1]
-
ভাৰতীয় প্ৰতিস্পৰ্ধা আয়োগ
ভাৰতীয় প্ৰতিস্পৰ্ধা আয়োগ (Competition Commission of India; চমুকৈ CCI হৈছে ভাৰতৰ মুখ্য প্ৰতিযোগিতা নিয়ন্ত্ৰণ সংস্থা। ই ভাৰতৰ কৰ্পোৰেট কাৰ্য মন্ত্ৰণালয়ৰ এক ন্যায়িক সংস্থা।
-
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী (Minister of Defence), প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুৰব্বী আৰু ভাৰত চৰকাৰৰ এগৰাকী উচ্চপদস্থ মন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ অন্যতম জ্যেষ্ঠ কাৰ্যালয়ৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ উচ্চ পৰ্যায়ৰ মন্ত্ৰী হিচাপেও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কাৰ্য কৰে।