ড'ল'ৰেছ এলিজাবেথ "লোলা" চাভেজ ডি আৰ্মিজো (Dolores Chávez de Armijo(ইংৰাজী: ১৮৫৮ চনত নিউ মেক্সিকোৰ আলবাকুৱেৰকত জন্মগ্ৰহণ কৰা, ১৯২৯ চনত নিউ মেক্সিকোৰ চান্টা ফেত মৃত্যু) নিউ মেক্সিকোৰ এগৰাকী ৰাজ্যিক পুথিভঁড়ালী আছিল।১ ১৯১২ চনত নিউ মেক্সিকোৰ গৱৰ্ণৰ উইলিয়াম চি মেকড'নাল্ডে দাবী কৰে যে নিউ মেক্সিকোৰ সংবিধান আৰু আইন অনুসৰি মহিলাসকল পদবী লাভ কৰিবলৈ অযোগ্য৷ সেইবাবে আদালতৰ আদেশ ব্যৱহাৰ কৰি ড'ল'ৰেছৰ ঠাইত নিযুক্তি দিবলৈ চেষ্টা কৰে।১২৩ তেওঁ তাইৰ ঠাইত এজন পুৰুষ বন্ধুক নিযুক্তি দিব বিচাৰিছিল যাৰ ওচৰত তেওঁৰ ৰাজনৈতিক অনুগ্ৰহৰ ঋণী আছিল।১ইয়াৰ উত্তৰত ডলৰেছে নিউ মেক্সিকো উচ্চতম ন্যায়ালয়ত গোচৰ তৰে (ষ্টেট বনাম ডি আৰ্মিজো ১৯১৪-এনএমএছচি-০২১)৷ আদালতে তেওঁৰ পক্ষত ৰায় দিয়ে, তেওঁক নিজৰ পদবী ৰাখিবলৈ অনুমতি দিয়ে আৰু পৰৱৰ্তী আইন প্ৰণয়নে মহিলাসকলক নিউ মেক্সিকোত নিযুক্ত পদবী গ্ৰহণ কৰাৰ অধিকাৰ প্ৰদান কৰে।১২ ড'ল'ৰেছ আছিল নিউ মেক্সিকোত ৰাজ্যজুৰি সেৱা আগবঢ়োৱা প্ৰথমগৰাকী মহিলা আৰু প্ৰথম হিস্পানিক মহিলা।৪
তেওঁৰ পিতৃ জোচে ফ্ৰান্সিস্কো চাভেছ আছিল নিউ মেক্সিকো টেৰিটৰীৰ ৰিপাব্লিকান ৰাজনৈতিক নেতা।
তথ্যসূত্ৰ
- ↑ (2013-07-08). Luminous Women of New Mexico History: Dolores "Lola" Chavez de Armijo. New Mexico Mercury
- ↑ (2011-07-31). Doña Dolores "Lola" Chávez de Armijo Marker. Hmdb.org
- ↑ New Mexico Historic Women Marker Initiative. Nmwomensforum.com
- ↑ (2013-07-08). Luminous Women of New Mexico History: Dolores "Lola" Chavez de Armijo. New Mexico Mercury
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডলৰেছ চাভেজ ডি আৰ্মিজো” প্ৰবন্ধৰ সংশোধন ৫২৮৯৯২ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।