জেন আনয়াংগোঅডংগো (Jane Anyango) শান্তিৰ বাবে আৰু মহিলা আৰু ছোৱালীৰ অধিকাৰৰ বাবে কৰ্মৰত কেনিয়াৰ এগৰাকী সমাজকৰ্মী।১২৩৪৫ তেখেত এগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু শান্তিপ্ৰেমী৷ তেওঁ কেনিয়াৰ অন্যতম বৃহৎ বস্তিত বাস কৰে।৪ ২০০৭ আৰু ২০১৩ চনৰ নিৰ্বাচনত নিৰ্বাচনৰ পিছৰ হিংসা হ্ৰাস কৰাত সহায় কৰা শ-শ মহিলাক সংগঠিত কৰাৰ বাবে তেওঁ পৰিচিত। তেওঁৰ কৌশলসমূহৰ ভিতৰত আছিল হিংসাৰ লগত জড়িত পুৰুষসকলৰ মহিলাৰ দ্বাৰা প্ৰভাৱিত কৰা৷ তেওঁৰ শ্লোগান হৈছে 'যুঁজাৰু পুৰুষসকলক হিংসা বন্ধ কৰিবলৈ দিয়ক'। প্ৰকল্পটোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা, জলবায়ু পৰিৱৰ্তন, সংহতি, তৃণমূল পৰ্যায়ৰ সংগঠন আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।৬ দীৰ্ঘম্যাদীভাৱে তেওঁৰ মূল ফলাফল হৈছে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য ১০ লাভ কৰা, যাৰ ফলত বৈষম্য হ্ৰাস কৰা হয়। ২০১৬ চনত তেওঁ ইউনিভাৰ্চিটি অৱ ছান ডিয়েগোলৈ বাৰ্ষিক মহিলা শান্তি নিৰ্মাতা আঁচনিৰ জৰিয়তে দুমাহৰ বাবে আমন্ত্ৰিত হোৱা চাৰিগৰাকী মহিলাৰ ভিতৰত অন্যতম আছিল।৭৮
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
১৯৭০ চনৰ ১৭ মাৰ্চত কেনিয়াৰ নাইৰোবিত জন্মগ্ৰহণ কৰা আনয়াংগো ১৯৮৯ চনত কিবেৰালৈ গুচি যায়।২০০৭ চনৰ কেনিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলত হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই; আনয়াংগোৱে কিবেৰাত মহিলাসকলক সংগঠিত কৰি হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কিছু সময়ৰ পিছতে "কিবেৰা মহিলা শান্তিৰ বাবে" সংগঠন গঠন কৰা হয়।
তথ্যসূত্ৰ
- ↑ (10 April 2011). Slum woman with a big heart. Standard Digital
- ↑ Orlale, Odhiambo. (1 December 2014). Jane Anyango – Community activist mobilises slum women in peace building. Kenyan Woman
- ↑ (6 February 2017). Jane Anyango Odongo, Global Peace Ambassador, key note speaker. Female Wave of Change
- ↑ Jane Anyango – Kenya. iVOW:Voices of Women
- ↑ Jane Anyango. Joan B. Kroc Institute for Peace and Justice. University of San Diego
- ↑ Our Team. Polycom Development Project
- ↑ (23 November 2010). 2010 Community Peacebuilder: Anyango Jane Odongo. Peace X Peace
- ↑ (1 October 2016). USD's 'Women PeaceMakers' offer messages that hit home. The San Diego Union-Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেন আনয়াংগো” প্ৰবন্ধৰ সংশোধন ৫০৩৩১৬ (১১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।