দাদেংগ্ৰে বিধানসভা সমষ্টি (ইংৰাজী: Dadenggre Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
এই সমষ্টিটো পশ্চিম গাৰো পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই তুৰা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰূপা এম. মাৰাকে এই সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।
বিধানসভাৰ সদস্যসকল
| চন | বিজয়ী প্ৰাৰ্থী | ৰাজনৈতিক দল | |
|---|---|---|---|
| ১৯৭২ | ৰেইডছন মোমিন | অল পাৰ্টী হিল লিডাৰ্ছ কনফাৰেন্স | |
| ১৯৭৮ | ব্ৰনছন ডব্লিউ. মোমিন | অল পাৰ্টী হিল লিডাৰ্ছ কনফাৰেন্স | |
| ১৯৮৩ | নৰউইন চাংমা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৮ | নৰউইন বি. চাংমা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৩ | অগষ্টিন ডি. মাৰাক | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯৮ | অগষ্টিন ডি. মাৰাক | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ২০০৩ | এডমণ্ড কে. চাংমা | ৰাষ্ট্ৰতাবাদী কংগ্ৰেছ পাৰ্টী | |
| ২০০৮ | অগষ্টিন ডি. মাৰাক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৩ | জেমছ পাংচাং কংক্কল চাংমা | নেছনেল পিপলছ পাৰ্টী | |
| ২০১৮ | জেমছ পাংচাং কংক্কল চাংমা | নেছনেল পিপলছ পাৰ্টী | |
| ২০২৩ | ৰূপা এম. মাৰাক | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ |
নিৰ্বাচনী ফলাফল
২০২৩ চনৰ বিধানসভা নিৰ্বাচন
২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপা এম. মাৰাকে মাত্ৰ ১৮ টা ভোটৰ অতি নিকট ব্যৱধানত নেছনেল পিপলছ পাৰ্টীৰ তিনিবাৰৰ বিধায়ক তথা মন্ত্ৰী জেমছ চাংমাক পৰাস্ত কৰি বিজয়ী হয়।
২০১৮ চনৰ বিধানসভা নিৰ্বাচন
২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:
২০১৩ চনৰ বিধানসভা নিৰ্বাচন
২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:
লগতে চাওক
- পশ্চিম গাৰো পাহাৰ জিলা
- মেঘালয় বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাদেংগ্ৰে বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৪৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।