ডোমটিলা চেছাং (Domtila Chesang) হৈছে কেনিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী যিয়ে মহিলাৰ যৌনাংগ বিকৃতকৰণ (এফজিএম)ৰ বিৰুদ্ধে অভিযানৰ বাবে পৰিচিত। ছোৱালী আৰু মহিলাৰ ওপৰত বিভিন্ন ধৰণৰ হিংসাৰ সমাধানৰ বাবে প্ৰতিষ্ঠা কৰা I_Rep ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।১২৩৪৫
চেছাঙৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল পশ্চিম পকোট কাউন্টিত।৬
সক্ৰিয়তা
চেছাঙে ১৩ বছৰ বয়সৰ পৰাই এফজিএমৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে।২ তেওঁৰ ভাগিনীয়েকৰ ওপৰত কৰা এই গোপন অভ্যাসটো প্ৰত্যক্ষ কৰাৰ পিছত তেওঁ প্ৰতিবাদী হ'বলৈ বাধ্য হৈছিল।১৭
চেছাঙে এফ জি এমৰ বিৰুদ্ধে নিজৰ অভিযান প্ৰচাৰৰ বাবে অঞ্চলটো ভ্ৰমণ কৰে। তেওঁ ৰেডিঅ' অনুষ্ঠানত বিষয়টোক কলংকিত কৰিবলৈ ভাষণ দিয়ে।৮ ০১১ চনত এফজিএমক অপৰাধ বুলি গণ্য কৰা হয় যদিও ই প্ৰচলিত হৈয়েই থাকে।৯
চেছাঙে দ্য গাৰ্ডিয়ানৰ শেষৰ এফ জি এম মিডিয়া অভিযানৰ সৈতে কাম কৰিছিল।১০১১১২৭ চেছাঙে হাইস্কুলৰ শিক্ষয়িত্ৰী হিচাপেও কাম কৰিছিল যদিও তেওঁৰ পোষকতাত সময় উচৰ্গা কৰিবলৈ কিছু সময়ৰ পিছতে গুচি যায়।৫
I_Rep Foundation
আই_ৰেপ ফাউণ্ডেশ্যন, প্ৰথমতে কেপষ্টেনো ৰটউ টিপিন (Let’s abandon the knife) বুলি কোৱা হৈছিল৷ এই সংস্থা ২০১০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। আই-ৰেপ ফাউণ্ডেশ্যনৰ লক্ষ্য হৈছে সমাজত এফজিএম নিৰ্মূল কৰা। চেছাঙে ইয়াৰ পৰিচালক হিচাপে কাম কৰে।৫১৩
তথ্যসূত্ৰ
- ↑ Welle (www.dw.com), Deutsche. Coronavirus pandemic leads to rise in FGM across Africa · DW · 29.10.2020. DW.COM
- ↑ (9 January 2016). Local heroes: Unsung women of Africa. BBC News
- ↑ Domtila Chesang · Queen's Young Leaders
- ↑ Domtila Chesang: "Female Genital Mutilation is a violation of human rights not just women and girls' rights". University of Minho
- ↑ About. Irep Foundation
- ↑ Chow, Y. W.; Pietranico, R.; Mukerji, A. (27 October 1975). WINNERS OF THE 2019 HUMAN RIGHTS DEFENDERS AWARDS ANNOUNCED « Defenders Coalition
- ↑ (6 February 2015). I witnessed FGM. That's why I know we need to talk about it · Domtila Chesang. The Guardian. Guardian News & Media Limited
- ↑ Hodal, Kate. (16 June 2020). Why coronavirus has placed millions more girls at risk of FGM. The Guardian
- ↑ Parsitau, Damaris Seleina. (19 June 2018). How outlawing female genital mutilation in Kenya has driven it underground and led to its medicalization. Brookings
- ↑ (12 January 2015). Friends united: pair who struck up an unlikely friendship in fight against FGM. The Guardian
- ↑ End FGM campaign · Society · The Guardian. The Guardian
- ↑ (12 March 2015). The Guardian Global Media Campaign #EndFGMWhyWait. Hilary Burrage
- ↑ Goody, Maria. Is The Pandemic Causing A Surge In Female Genital Mutilation?. NPR.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডোমটিলা চেছাং” প্ৰবন্ধৰ সংশোধন ৫১০৯৭৭ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।