জোচেফিন অবিয়াজুলু অকেই-অডুমাকিন (Joe Okei-Odumakin; জন্ম: ৪ জুলাই ১৯৬৬) এগৰাকী নাইজেৰিয়ান মহিলা অধিকাৰ কৰ্মী। তেওঁ মানৱ অধিকাৰ সংগঠন, ৱমেন এৰাইজ ফৰ চেঞ্জ ইনিচিয়েটিভ আৰু কেম্পেইন ফৰ ডেম’ক্ৰেচিৰ সভানেত্ৰী।১
প্ৰাৰম্ভিক জীৱন
নাইজেৰিয়াৰ কাডুনাৰ জাৰিয়াত জন্মগ্ৰহণ কৰা অডুমাকিনে ৰোমান কেথলিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।২
শিক্ষা
১৯৮৭ চনত ইংৰাজী শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ইল’ৰিন বিশ্ববিদ্যালয়ৰ পৰা গাইডেন্স এণ্ড কাউন্সেলিংত স্নাতকোত্তৰ আৰু ইতিহাস আৰু শিক্ষা নীতিত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
সক্ৰিয়তা আৰু গ্ৰেপ্তাৰ
ইব্ৰাহিম বাবাংগিদাৰ সামৰিক শাসনৰ সময়ত ১৭ বাৰ আটক হৈ থকা তেখেতক সঘনাই তেওঁৰ সক্ৰিয়তাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে৷৩
এগৰাকী মহিলাৰ অধিকাৰ অৱজ্ঞা কৰা ২০০০ৰো অধিক গোচৰৰ সৈতে তেওঁ জড়িত হৈ আছিল৷ গোচৰসমূহৰ ভিতৰত আছিল মহিলা বা তেওঁলোকৰ স্বামীক আৰক্ষীৰ দ্বাৰা ন্যায় বহিৰ্ভূতভাৱে হত্যা কৰাৰ ঘটনা। তেওঁলোকৰ সন্তানৰ অধিকাৰকো নাইজেৰিয়াৰ স্কুল বা আনকি চিকিৎসালয় কৰ্তৃপক্ষই আওকাণ কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ About Dr. Joe Okei-Odumakin. womenarise.org.ng
- ↑ Dapo Akinrefon; Charles Kumolo. (April 13, 2013). 17 times in detention, Joe Okei-Odumakin opens up: I met my husband in prison. Vanguard
- ↑ Dapo Akinrefon & Charles Kumolu. 17 times in detention, Joe Okei-Odumakin opens up: I met my husband in prison. Vanguard
- ↑ Woman of Courage Award, 11 March 2013, Retrieved 3 February 2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জো ওকেই-অডুমাকিন” প্ৰবন্ধৰ সংশোধন ৫১৬৯৮৪ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।