চংসাক বিধানসভা সমষ্টি (ইংৰাজী: Songsak Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
এই সমষ্টিটো পূব গাৰো পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই তুৰা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ড° মুকুল চাংমাই পুনৰবাৰ এই সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।
বিধানসভাৰ সদস্যসকল
| চন | বিজয়ী প্ৰাৰ্থী | ৰাজনৈতিক দল | |
|---|---|---|---|
| ১৯৭২ | এলউইন চাংমা | অল পাৰ্টী হিল লিডাৰ্ছ কনফাৰেন্স | |
| ১৯৭৫ (উপ-নিৰ্বাচন) | মিৰিয়াম ডি. চিৰা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭৮ | মিৰিয়াম ডি. চিৰা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৩ | এলউইন চাংমা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৮ | লাহিঞ্চন এম. চাংনিয়া | হিল পিপলছ ইউনিয়ন | |
| ১৯৯৩ | টনচিং এন. মাৰাক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৮ | টনচিং এন. মাৰাক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৩ | হেল্টন এন. মাৰাক | ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী | |
| ২০০৫ (উপ-নিৰ্বাচন) | টনচিং এন. মাৰাক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৮ | নিহিম ডি. চিৰা | ৰাষ্ট্ৰতাবাদী কংগ্ৰেছ পাৰ্টী | |
| ২০১৩ | নিহিম ডি. চিৰা | নেছনেল পিপলছ পাৰ্টী | |
| ২০১৮ | ড° মুকুল চাংমা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২৩ | ড° মুকুল চাংমা | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ |
নিৰ্বাচনী ফলাফল
২০২৩ চনৰ বিধানসভা নিৰ্বাচন
২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ড° মুকুল চাংমাই ৩৭২ টা ভোটৰ নিকট ব্যৱধানত নেছনেল পিপলছ পাৰ্টীৰ প্ৰাৰ্থী নিহিম ডি. চিৰাক পৰাস্ত কৰি বিজয়ী হয়।
২০১৮ চনৰ বিধানসভা নিৰ্বাচন
২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:
২০১৩ চনৰ বিধানসভা নিৰ্বাচন
২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:
লগতে চাওক
- পূব গাৰো পাহাৰ জিলা
- মেঘালয় বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চংসাক বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৪৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।