অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নিষ্ঠা (চৰকাৰী আঁচনি)

নিষ্ঠা (National Initiative for School Heads' and Teachers' Holistic Advancement, NISHTHA) হৈছে ভাৰত চৰকাৰৰ এখন আঁচনি। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে নিষ্ঠা নামৰ এই সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে ৰাষ্টীয় আঁচনি এখন হাতত লৈছে।

হালনাগাদ: ১২ মে’ ২০২৩ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

নিষ্ঠা (National Initiative for School Heads' and Teachers' Holistic Advancement, NISHTHA) হৈছে ভাৰত চৰকাৰৰ এখন আঁচনি। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে নিষ্ঠা নামৰ এই সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে ৰাষ্টীয় আঁচনি এখন হাতত লৈছে। এই আঁচনিখন কেন্দ্ৰীয়ভাৱে ২০১৯-২০ চনৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু ই সমগ্ৰ শিক্ষাৰ অধীনত। এই আঁচনি খনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অংশ গ্ৰহণকাৰীসকলৰ সক্ষমতাক এক কংক্ৰিট ৰূপ প্ৰদান কৰা।১

নিষ্ঠা ব্যৱস্থাপনাটোত প্ৰায় ৪২ লাখ অংশগ্ৰহণকাৰী; সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষক, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ SCERT (State Councils of Educational Research and Training) আৰু DIET (District Institutes of Education and Training)-ৰ প্ৰশিক্ষক সদস্যসকল, BRCs (Block Resource Centres) আৰু CRCs (Cluster Resource Centres)-ৰ বিষয়ববীয়া আৰু সমলব্যক্তিসকলক সামৰি লোৱা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ NISHTHA: National Initiative for School Heads' and Teachers' Holistic Advancement. itpd.ncert.gov.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী যোজনা আৰু নীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিষ্ঠা (চৰকাৰী আঁচনি)” প্ৰবন্ধৰ সংশোধন ৩৬৫৪০২ (১২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।