অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বেৰহানে ৰাস-ৱৰ্ক

বেৰহানে ৰাস-ৱৰ্ক (Berhane Ras-Work) (জন্ম-১৯৪০) ইথিঅ'পিয়াৰ এজন মহিলাৰ যৌনাংগ বিকৃতকৰণৰ(FGM) বিৰোধী কৰ্মী। তেওঁ মহিলা আৰু শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰা পৰম্পৰাগত পদ্ধতিসমূহৰ আন্তঃআফ্ৰিকান সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল।[1]

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বেৰহানে ৰাস-ৱৰ্ক (Berhane Ras-Work) (জন্ম-১৯৪০) ইথিঅ'পিয়াৰ এজন মহিলাৰ যৌনাংগ বিকৃতকৰণৰ(FGM) বিৰোধী কৰ্মী। তেওঁ মহিলা আৰু শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰা পৰম্পৰাগত পদ্ধতিসমূহৰ আন্তঃআফ্ৰিকান সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল।[1]১

জীৱন

খ্ৰীষ্টান ইথিঅ'পিয়ান পৰিয়ালত জন্মগ্ৰহণ কৰা বেৰহানে আছফাৱে ইউৰোপীয় পৰিচালিত প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল আৰু পোন্ধৰ বছৰ বয়সত আদিছ আবাবাৰ বৰ্ডিং স্কুলত পঢ়িছিল। জেচুইট বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাত তেওঁ বি এ ডিগ্ৰী লাভ কৰে।২ আমেৰিকাত প্ৰশিক্ষিত অভিযন্তা টেৰেফে ৰাছ-ৱৰ্কক বিয়া কৰাই ১৯৭০ চনত স্বামীৰ সৈতে জেনেভালৈ যায়।৩ জেনেভাৰ গ্ৰেজুৱেট ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত তেওঁ এম এ ডিগ্ৰী লাভ কৰে।৪ টেলিভিছনৰ এটা অনুষ্ঠানে মহিলাৰ যৌনাংগ বিকৃতিৰ বিষয়ে "তেওঁৰ চিন্তাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল"৷ তেওঁ সচেতনতা বৃদ্ধিৰ হকে কাম কৰিবলৈ চিন্তা কৰিলে।৩ ১৯৭৭ চনত জেনেভাত বাস কৰা কূটনীতিবিদ আৰু কৰ্মীসকলে মহিলা আৰু শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰা পৰম্পৰাগত পদ্ধতিৰ ওপৰত এন জি অ’ ৱৰ্কিং গ্ৰুপ প্ৰতিষ্ঠা কৰে। এইটো ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা আই এ চিৰ পূৰ্বসূৰী আছিল। ডাকাৰত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত ৰাস-ৱৰ্কক প্ৰথম আই এ চিৰ সভাপতি নিৰ্বাচিত কৰা হয়।৫

১৯৯৫ চনত বেৰহানে ৰাস-ৱৰ্কে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা লাভ কৰে।৪ ২০১০ চনত তেওঁক অষ্ট্ৰিয়া গণৰাজ্যৰ সেৱাৰ বাবে গ্ৰেণ্ড ডেকোৰেচন অৱ অনাৰ বঁটাৰে সন্মানিত কৰা হয়।৬

তথ্যসূত্ৰ

  1. ↑ Hoskins, Irene. (1998). Speaking out: An interview with Berhane Ras Work, president, the inter-African committee. Ageing International. পৃ. 85–97
  2. ↑ Myriam Meuwly, Les gens: Berhane Ras-Work, la voix des Africaines, Le Temps, 2 June 1998. Accessed 14 December 2020
  3. ↑ Claude E. Welch, Jr. (1995). Protecting Human Rights in Africa: Roles and Strategies of Nongovernmental Organizations. University of Pennsylvania Press. পৃ. 94. ISBN 0-8122-1780-2
  4. ↑ George C. Denniston. (2013). Sexual Mutilations: A Human Tragedy. Springer Science & Business Media. পৃ. 227. ISBN 978-1-4757-2679-4
  5. ↑ Saida Hodzic. (2017). The Twilight of Cutting: African Activism and Life After NGOs. Univ of California Press. পৃ. 19–20. ISBN 978-0-520-29199-7
  6. ↑ Berhane Ras-Work, Convenor of the WG on Violence against Women and Girls receives highest Austrian award, NGOCSW, April 26, 2010. Accessed 14 December 2020

সম্পৰ্কিত শ্ৰেণী

ইথিঅ’পিয়াৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেৰহানে ৰাস-ৱৰ্ক” প্ৰবন্ধৰ সংশোধন ৬২৪৫৬৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।