নেহৰু ব্ৰিগেড অথবা চতুৰ্থ গেৰিলা ৰেজিমেণ্ট আছিল ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা গোট৷ তেওঁলোকে প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা অংশ গঠন কৰিছিল আৰু পৰৱৰ্তী সময়ত সুভাষ চন্দ্ৰ বসুৰ অধীনত সেনাৰ পুনুৰুত্থানৰ পৰত গোটৰ বাকী অংশ গঠিত হৈছিল৷১২
এই গোটটোৱে ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ ইম্ফালৰ অভিযানত অংশ লোৱা নাছিল আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৪৪ চনত গুৰুবক্স সিং ধিলনৰ অধীনলৈ তেওঁলোকক স্থানান্তৰিত কৰা হৈছিল৷ ইৰাৱৰী অতিক্ৰমণ আৰু পোপা পাহাৰৰ যুদ্ধত তেওঁলোকে কমনৱেলথ সেনাৰ বিৰুদ্ধে যুঁজ দিছিল৷৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহৰু ব্ৰিগেড” প্ৰবন্ধৰ সংশোধন ৩৭০২৪৮ (২৮ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।