ভাৰতীয় প্ৰতিস্পৰ্ধা আয়োগ (Competition Commission of India; চমুকৈ CCI হৈছে ভাৰতৰ মুখ্য প্ৰতিযোগিতা নিয়ন্ত্ৰণ সংস্থা। ই ভাৰতৰ কৰ্পোৰেট কাৰ্য মন্ত্ৰণালয়ৰ এক ন্যায়িক সংস্থা। এই আয়োগ প্ৰতিযোগিতা আইন, ২০০২-ৰ প্ৰণয়ন আৰু ভাৰতত প্ৰতিযোগিতাৰ (কৰ্পোৰেট খণ্ড) সৈতে সম্পৰ্কিত ঋণাত্মক প্ৰভাৱ পেলাব পৰা কাৰ্যসমূহ হ্ৰাস কৰাৰ বাবে দায়ৱদ্ধ। আয়োগে আইনখনৰ অধীনত দুটা একত্ৰিত হোৱা সংস্থাৰ একত্ৰীকৰণকো ইহঁতে বজাৰখনৰ একেচেটীয়া অধিকাৰ পাব নোৱাৰাকৈ অনুমোদন জনায়।
২০০৩ চনৰ ১৪ অক্টোবৰত ভাৰতীয় প্ৰতিস্পৰ্ধা আয়োগ গঠন কৰা হয়। ২০০৯ চনত ই সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠে। আয়োগৰ প্ৰথমগৰাকী চেয়াৰমেন আছিল ধনেন্দ্ৰ কুমাৰ।১২ আয়োগৰ বৰ্তমানৰ চেয়াৰপাৰ্ছন হৈছে সংগীতা বাৰ্মা। তেওঁ ২০২২ চনৰ অক্টোবৰত কাৰ্যভাৰ গ্ৰহণ কৰে।
তথ্যসূত্ৰ
- ↑ CCI formation. CCI
- ↑ (18 September 2012). CCI through the eyes of the media: Doing well!. MoneyControl.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় প্ৰতিস্পৰ্ধা আয়োগ” প্ৰবন্ধৰ সংশোধন ৫২৭৩৩৮ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।