জ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।১ 'জ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'জ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (জ যোগ)
জ্ + জ = জ্জ = লজ্জা
জ্ + জ্ + ব = জ্জ্ব = উজ্জ্বল
জ্ + ঞ = জ্ঞ = বিজ্ঞান
জ্ + ব = জ্ব = জ্বালা
জ্ + য = জ্য = ৰাজ্য
জ্ + ৰ = জ্ৰ = বজ্ৰ
'জ'ৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
- জয়মতী কুঁৱৰী
- জলকীয়া
- জাহাজ
- জাল
- জাঁপি
- জাঁপ
- জয়ন্তীয়া
- জিলা
- জোনাক
- জালুক
- জেল
- জাকৈ
- জোখ-মাপ
- জালুকনিবাৰী
- জোক
- জলপান
- জেং
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৬৫ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।