ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ
পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ (Padartha Bigyanor Satta Natidirgha Paath) অসমীয়া ভাষাৰ এখন অনুবাদ গ্ৰন্থ। কাৰ্ল' ৰ'ভেল্লীৰ ইটালী ভাষাত ৰচিত ছেতে ব্ৰেভি লেজ'নি দ্য ফিজিকা নামৰ গ্ৰন্থখনৰ ইংৰাজী অনুবাদ হৈছে ছেভেন ব্ৰিফ লেছনছ অ'ন ফিজিক্স নামৰ গ্ৰন্থখন।
-
পদ্মা-পুৰাণ
পদ্মা-পুৰাণ মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য আৰু গৌৰৱ প্ৰকাশক এখন প্ৰাচীন গ্ৰন্থ। গ্ৰন্থখনৰ লেখক সুকবি নাৰায়ণদেৱ। এই গ্ৰন্থখন এখন গীতি সাহিত্য। ই পঞ্চালী-গীতৰ শৈলীত ৰচিত।
-
পদ্মানদীৰ মাঝি (উপন্যাস)
পদ্মানদীৰ মাঝি ঔপন্যাসিক মানিক বন্দ্যোপাধ্যায় ৰচিত এখন উপন্যাস। প্ৰকাশকালৰ আনুমানিক হিচাপত পুতুলনাচেৰ ইতিকথা উপন্যাসখনক তৃতীয় উপন্যাস হিচাপে ধৰিলে পদ্মানদীৰ মাঝি মানিক বন্দ্যোপাধ্যায়ৰ চতুৰ্থ উপন্যাস।
-
পল্লৱ লিপি
পল্লৱ লিপি পল্লৱ লিপি বা পল্লৱ গ্ৰন্থ হৈছে দক্ষিণ ভাৰতৰ পল্লৱ ৰাজবংশৰ (তামিলকাম) নামেৰে নামাকৰণ কৰা গ্ৰন্থ লিপিৰ এক শৈলী আৰু এই লিপি চতুৰ্থ শতিকাৰ আছে বুলি প্ৰমাণিত হয়। ভাৰতত পল্লৱ লিপি তামিল-ব্ৰাহ্মীৰ পৰা বিকশিত হৈছিল। গ্ৰন্থ লিপিৰ উৎপত্তি পল্লৱ লিপিৰ পৰা হৈছিল।
-
পাঁচালী সাহিত্য
পাঁচালি সাহিত্য হৈছে ষোড়শ শতাব্দীৰ সময়ছোৱাত বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবিসকলে ৰচনা কৰা সাহিত্য। সত্যেন্দ্ৰনাথ শৰ্মাই এই সাহিত্যক পাঁচালি সাহিত্য বা ওজাপালি সাহিত্য হিচাপে নামকৰণ কৰিছে। এই সাহিত্যৰ দুটা ভাগ দেখা যায়।
-
পাত্কাইৰ সিপাৰে ন বছৰ
পাত্কাইৰ সিপাৰে ন বছৰ পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ পাণ্ডুলিপি স্বাধীনতাৰ পূৰ্বে প্ৰস্তুত কৰা হ’লেও প্ৰথম গ্ৰন্থাকাৰে প্ৰকাশ পায় ১৯৯৩ চনত। প্ৰথম প্ৰকাশক পূৰ্বাঞ্চল তাই সাহিত্য সভা। গ্ৰন্থখন দ্বিতীয় সংস্কৰণ নক্সা প্ৰকাশনৰ পৰা ২০২১ চনত পুনৰ প্ৰকাশ পায়।
-
পাফু ছিৰিজ
পাফু ছিৰিজ অসমীয়া ডিটেকটিভ সাহিত্যৰ কিছুমান থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজটোত মুঠ ২২খন কিতাপ আছে। ইয়াৰ লেখক আছিল প্ৰেমনাৰায়ণ। ১৯৪৬ চনত পাফু ছিৰিজৰ প্ৰথমটো খণ্ড ‘দিন ডকাইত’ লিখি উলিওৱা প্ৰেমনাৰায়ণৰ আচল নাম আছিল প্ৰেমনাৰায়ণ দত্ত।
-
প্ৰতিভাৰ উৎস (গ্ৰন্থ)
প্ৰতিভাৰ উৎস (Pratibhar Utsho) এখন অনুপ্ৰেৰণামূলক প্ৰবন্ধৰ সংকলন। কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই। এইখন লেখকৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ। সঞ্জীৱন প্ৰকাশনৰ পৰা, ২০১৭ চনৰ নৱেম্বৰ মাহত কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়। গ্ৰন্থখনৰ মূল্য ১৩০ টকা।
-
প্ৰত্যাশাৰ প্ৰতিলিপি
প্ৰত্যাশাৰ প্ৰতিলিপি(Protyashaar Protilipi) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০২১ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ পোৱা কিতাপখনৰ মূল্য হৈছে ১২০ টকা। লেখকে কিতাপখন "ৰণী, ৰিয়ন আৰু ৰিয়াৰ হাতত" উছৰ্গা কৰিছে।
-
প্ৰথমখন উপন্যাস
প্ৰথমখন উপন্যাস (Debut Novel) হৈছে এজন ঔপন্যাসিকে প্ৰকাশ কৰা প্ৰথমখন উপন্যাস। প্ৰথমখন উপন্যাসক লেখকৰ প্ৰকাশন উদ্যোগত প্ৰভাৱ পেলোৱাৰ প্ৰথমটো সুযোগ বুলি ক'ব পাৰি, আৰু এইদৰে আত্মপ্ৰকাশ কৰা উপন্যাসখনৰ সফলতা বা বিফলতাই ভৱিষ্যতে সেইগৰাকী লেখকৰ গ্ৰন্থৰ উদ্যোগত ক্ষমতা সৃষ্টি কৰাত প্ৰভাৱ পেলাব পাৰে।
-
প্ৰস্থানত্ৰয়ী
প্ৰস্থানত্ৰয়ী (प्रस्थानत्रयी), আক্ষৰিক অৰ্থত, তিনিটা উৎস(বা স্বতন্ত্ৰ)ৰদ্বাৰা জ্ঞানগত কৰ্তৃত্ব থকা ধৰ্মতত্ত্বৰ বিশেষকৈ বেদান্ত ধাৰাৰ,তিনিখন নীতিগত গ্ৰন্থক বুজোৱা হয়।
-
প্ৰেমনাৰায়ণ দত্ত
প্ৰেমনাৰায়ণ দত্ত (Premnarayan Dutta, ১৮৯৯-১৯৬৫) অসমৰ এগৰাকী ৰহস্য সাহিত্যিক৷ তেখেত পা-ফু ছিৰিজৰ স্ৰষ্টা৷ তেখেতে পা-ফু চিৰিজৰ ২১ খন পুথি ৰচনা কৰাৰ উপৰি অন্য ভালেমান পুথি ৰচনা কৰিছিল৷ “মণি-মাণিক প্ৰকাশ’’ নামৰ এক প্ৰকাশন প্ৰতিষ্ঠান গঢ়ি তোলাটো অসমীয়া গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত তেখেতৰ অন্য এক বৰঙণি৷
-
পৰহিতা
পৰহিতা ভাৰতৰ কেৰালা আৰু তামিলনাডুত প্ৰচলিত জ্যোতিৰ্বিজ্ঞানৰ এক ব্যৱস্থা। ইয়াক কেৰেলাৰ জ্যোতিৰ্বিজ্ঞানী হৰিদত্তই প্ৰৱৰ্তন কৰিছিল, (প্ৰায় ৬৮৩ খ্ৰীষ্টাব্দ)।
-
ফঁকৰা-যোজনা
ফঁকৰা-যোজনা হ'ল অসমীয়া লোকসাহিত্য আৰু মৌখিক ঐতিহ্যৰ এটি অমূল্য আৰু বিশিষ্ট সম্পদ। দৈনন্দিন জীৱনৰ অভিজ্ঞতা, নীতিশিক্ষা, সমাজ-দৰ্শন, ব্যংগ আৰু আধ্যাত্মিক তত্ত্বক চমুকৈ আৰু ছন্দোবদ্ধভাৱে প্ৰকাশ কৰা বিশেষ খণ্ডবাক্য বা পদসমূহকে সামূহিকভাৱে "ফঁকৰা-যোজনা" বোলা হয়।
-
ফেকিং নিউজ
ফেকিং নিউজ (Faking News) হৈছে এটা ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট। এই ৱেবছাইটত ভাৰতৰ ৰাজনীতি আৰু সমাজ জীৱনৰ ওপৰত আধাৰিত ব্যংগ সহিত ছলাহী সংবাদ পৰিবেশন কৰা হয়। এই ৱেবছাইটটোত মাজে সময়ে ভাৰতৰ দূৰদৰ্শন আৰু সংবাদ সেৱাৰ লগত জড়িত তথ্যপূৰ্ণ প্ৰবন্ধও প্ৰকাশিত হয়।
-
ফেলানী
ফেলানী হ'ল অৰূপা পটংগীয়া কলিতাই লিখা এখন অসমীয়া উপন্যাস। এই উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে জাতি-ধৰ্মীয় মাজত ভেদ-বিচাৰ নকৰি মানুহৰ মাজত একতা স্থাপন কৰা। উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে মালতী, যি এগৰাকী অপ্ৰতিৰোধ্য নাৰী।
-
ফ্ৰা আফাই মণি
ফ্ৰা আফাই মণি (ইংৰাজী: Phra Aphai Mani) থাই কবি ছানথৰ্ন ফুৰ (থাই: สุนทรภู่) দ্বাৰা ৰচিত ৪৮,৭০০ শাৰীৰ এটা মহাকাব্যিক কবিতা৷ ছানথৰ্ন ফুক "ৰত্তানাকোচিন কবি" (থাই: กวีเอกแห่งกรุงรัตนโกสินทร์) বুলি জনা যায়। এই কবিতাক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়।
-
বড়ো–গাৰো ভাষা
বড়ো–গাৰো ভাষাসমূহ হৈছে চীনা-তিব্বতীয় ভাষাৰ এটা শাখা, যি প্ৰধানকৈ উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ কিছু অংশত কোৱা হয়। বড়ো–গাৰো ভাষাসমূহ মুঠ চাৰিটা ভাগত বিভক্ত: বড়ো, গাৰো, কোচ আৰু দেউৰী।
-
বনিতা
বনিতা হ'ল মলয়ালা মনোৰমা গোটৰ দ্বাৰা প্ৰকাশিত মহিলা পষেকীয়া আলোচনী। এই আলোচনীখন মালয়ালম আৰু হিন্দী ভাষাত ভাষাত প্ৰকাশিত হয় আৰু ইয়ে ভাৰতৰ সৰ্বাধিক পঠিত আলোচনীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। মালয়ালম তথা সংস্কৃত ভাষাত বনিতা শব্দৰ অৰ্থ হৈছে নাৰী।
-
বাংলা শব্দভাণ্ডাৰ
বাংলা শব্দভাণ্ডাৰ (Bengali vocabulary) হ'ল বাংলা ভাষাৰ শব্দভাণ্ডাৰ যাৰ মূল আৰু উৎপত্তি পালি আৰু প্ৰাকৃত ভাষাৰপৰা। বাংলা শব্দভাণ্ডাৰৰ ব্যুৎপত্তিগতভাৱে মগধি প্ৰাকৃতৰপৰা উৎপত্তি হোৱাৰ লগতে অঞ্চলটোৰ পুৰণি ভাষাসমূহৰ উল্লেখযোগ্য সহযোগত বিকশিত হৈছে।
-
বাণীকান্ত ৰচনাৱলী
বাণীকান্ত ৰচনাৱলী (Banikanta Rachanavali) হৈছে ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাত লিখা ৰচনাসমূহৰ সংকলন। ড° মহেশ্বৰ নেওগে এই ৰচনাৱলীখন সম্পাদনা কৰিছে আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। ৰচনাৱলীখনৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ হয় ১৯৯১ চনৰ নৱেম্বৰ মাহত।
-
বাপু (গ্ৰন্থ)
বাপু: কনভাৰ্চেচনচ্ এণ্ড কৰেচপণ্ডেন্স উইথ মহাত্মা গান্ধী (Bapu: Conversations and Correspondence with Mahatma Gandhi; অৰ্থ: বাপু: মহাত্মা গান্ধীৰ সৈতে বাৰ্তালাপ তথা পত্ৰালাপ) হ'ল এফ মেৰী বৰ'ৰ আত্মজীৱনীমূলক বৰ্ণনা য'ত তেওঁ গান্ধীৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বাৰ্তালাপৰ বিষয়ে লিখিছে, যাক তেওঁ বাপু অৰ্থাৎ…
-
বালবোধ
বালবোধ (মাৰাঠীঃ बाळबोध, অনুবাদঃ শিশুৰ দ্বাৰা বুজি পোৱা) হৈছে মাৰাঠী ভাষা আৰু কোৰ্কু ভাষা লিখিবলৈ ব্যৱহাৰ কৰা দেৱনাগৰী লিপিৰ সামান্য পৰিৱৰ্তিত শৈলী। অন্যান্য ভাষাৰ বাবে ব্যৱহৃত দেৱনাগৰী লিপিৰ পৰা বালবোধক পৃথক কৰা কথাটো হ'ল ळ /ɭ/ (ৰেট্ৰ'ফ্লেক্স লেটাৰেল এপ্ৰোক্সিমেণ্ট) আৰু र् (যাক আইলেছ ৰেফ/ৰাফৰ)…
-
বাহ্যিক সাহিত্য
বাহ্যিক সাহিত্য (Outdoor Literature) হৈছে বহিঃজগতৰ বিষয়ে বা বাহ্যিক পৃথিৱীৰ লগত জড়িত এক সাহিত্য ধাৰা। বাহ্যিক সাহিত্যই অন্বেষণ সাহিত্য, দুঃসাহসিক সাহিত্য, পাহাৰীয়া সাহিত্য আৰু প্ৰকৃতি লেখাকে ধৰি কেইবাটাও ভিন্ন উপধাৰা সামৰি লৈছে।
-
বিজ্ঞান লেখকৰ হাতপুথি
বিজ্ঞান লেখকৰ হাতপুথি গ্ৰন্থখনৰ লিখক আৰু সম্পাদক দীনেশ চন্দ্ৰ গোস্বামী৷ গ্ৰন্থখন ২০০৩ চনৰ নৱেম্বৰ মাহত অসম বিজ্ঞান সমিতি যোৰহাট শাখাৰ সহযোগত প্ৰকাশ হৈছে। গ্ৰন্থখন অসমীয়া ভাষা-সাহিত্যৰ শিকাৰুৰ বাবে এখন ব্যৱহাৰিক শিক্ষা বিষয়ক হাতপুথি।
-
বিপৰীতাৰ্থক শব্দ
কোনো শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দকে বিপৰীতাৰ্থক শব্দ বা বিপৰীত শব্দ বোলা হয়। যেনে: ভাল-বেয়া, দিন-ৰাতি আদি।
-
বিভক্তি (অসমীয়া ব্যাকৰণ)
অসমীয়া ব্যাকৰণৰ বিভক্তি (ইংৰাজী: Case system in Assamese grammar) হৈছে অসমীয়া ভাষাৰ এক গুৰুত্বপূৰ্ণ ব্যাকৰণগত বৈশিষ্ট্য৷ বিভক্তিয়ে নাম পদৰ লগত সম্পৰ্ক স্থাপন কৰে আৰু বাক্যত নামপদৰ কাৰক নিৰ্ধাৰণ কৰে৷
-
বিলুপ্ত ভাষা
বিলুপ্ত ভাষা মানে কোনো ভাষাৰ প্ৰথম ভাষা বা দ্বিতীয় ভাষা কোৱা কোনো জীৱিত বংশধৰ নথকা এক ভাষা। ইয়াৰ বিপৰীতে মৃত ভাষা মানে এনে এটা ভাষা, যিটো ভাষাত বৰ্তমান প্ৰথম ভাষা কোৱা লোক নাই, কিন্তু দ্বিতীয় ভাষা কোৱা লোক আছে, যেনে লেটিন বা সংস্কৃত ভাষা।
-
বিলুপ্তপ্ৰায় ভাষা
বিলুপ্তপ্ৰায় ভাষা ( endangered language ) হৈছে এনে এটা ভাষা যিটো ব্যৱহাৰকাৰীৰ মৃত্যুৰ দ্বাৰা নহয় অন্য ভাষাৰ ব্যৱহাৰৰ দ্বাৰা বিলুপ্ত হোৱাৰ বিপদত পৰিছে। যেতিয়া কোনো ভাষাৰ ব্যৱহাৰকাৰী নাথাকে তেতিয়া ভাষাটো হেৰাই যায় বা বিলুপ্ত হৈ যায় আৰু বিলুপ্ত বা মৃত বুলি গণ্য কৰা হয়।
-
বিষাদ সিন্ধু
বিষাদ সিন্ধু ( Ocean of Sorrow; বিষাদ সিন্ধু) হৈছে প্ৰথম আধুনিক বাংলা ছিয়া লেখক আৰু ঔপন্যাসিক মিৰ মোছাৰফ হুছেইনৰ বাংলা মহাকাব্য উপন্যাস। বাংলা সাহিত্যৰ কেন্দ্ৰীয় গ্ৰন্থ হিচাপে গণ্য কৰা আৰু হুছেইনৰ উত্তম সাহিত্যিক কৃতিত্ব হিচাপে গণ্য কৰা এই উপন্যাসখনত মুহাম্মদৰ নাতি-নাতিনীৰ জীৱনৰ ছিয়া সংস্কৰণৰ…