প্ৰত্যাশাৰ প্ৰতিলিপি(Protyashaar Protilipi) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০২১ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ পোৱা কিতাপখনৰ মূল্য হৈছে ১২০ টকা। লেখকে কিতাপখন "ৰণী, ৰিয়ন আৰু ৰিয়াৰ হাতত" উছৰ্গা কৰিছে।১
বিৱৰণ
কিতাপৰ আৰম্ভণিত লেখকে কিছু ব্যক্তিগত শীৰ্ষক একলম লিখিছে। বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা ভিন্নধৰ্মী লেখা সামৰি কিতাপখন যুগুত কৰাৰ বিষয়ে এইদৰে লিখিছে, "বৰ্ণময় জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ উপাদানসমূহক মূল উপজীব্য কৰি ৰচিত হয় ভিন্নধৰ্মী লেখা আৰু তেনে বহু লেখা সময়ে সময়ে বাতৰি কাকত আৰু আলোচনীত প্ৰকাশো পায়। মুষ্টিমেয় এচাম পঢ়ুৱৈয়ে এনে সংকলিত গ্ৰন্থলৈ বিশেষ আগ্ৰহ নেদেখুৱালেও আন বহু পঢ়ুৱৈক ৰচনাসমূহৰ বিচিত্ৰতাই আকৰ্ষিত কৰে। তদুপৰি স্থায়িত্বৰ স্বাৰ্থতো বাতৰি কাকতৰ পৃষ্ঠাৰ পৰা বুটলি আনি নিৰ্দিষ্ট কেতবোৰ লেখাক গ্ৰন্থত সন্নিৱিষ্ট কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মই বিশ্বাস কৰোঁ।" কিতাপখনত থকা নিৰ্বাচিত ৰচনাসমূহ 'আমাৰ অসম', 'অসমীয়া প্ৰতিদিন', 'সাদিন', 'অসমীয়া খবৰ', 'নিয়মীয়া বাৰ্তা', 'দৈনিক জনমভূমি', 'প্ৰান্তিক', 'সাতসৰী' আৰু 'বুনিয়াদ'ত প্ৰকাশ পোৱা বুলি লিখকে কিছু ব্যক্তিগতত উল্লেখ কৰিছে। মুঠ ২৭ টা প্ৰবন্ধ সম্বলিত কিতাপখনত প্ৰবন্ধ বা ৰচনাসমূহ তিনিভাগত ভাগ কৰা- কিছু নিজৰ, কিছু কাষৰ সমাজখনৰ আৰু কিছু দূৰৰ পৃথিৱী।১ প্ৰবন্ধসমূহ হ'ল- কিছু নিজৰ
- এটা সপোন দুটা দশক আৰু তিনি মহাদেশৰ তিনি বন্ধু
- অসমীয়া মানুহে যেতিয়া অবাবতে হিন্দী কয়
- ব্যক্তিত্ব সন্মোহনী শক্তিঃ ভূপেন হাজৰিকা বনাম শ্বাহৰুখ খান
- আমাৰ মনৰ সাঁকোবোৰ...
- পাণবজাৰত মহাপুৰুষ শংকৰদেৱক বিচাৰি...
- ৰাজনীতিক আৰু ৰে'লযাত্ৰা
- পুত্ৰৰ সন্ধানত নিশাৰ কাইৰো মহানগৰীত
- নগৰীয়া মধ্যবিত্তৰ জীৱনৰ কেইটামান খণ্ডচিত্ৰ
- ডিভোৰ্চৰ কেক্
- বিচিত্ৰ মানুহ, বিচিত্ৰ চিন্তাধাৰা
- দিল্লী হংসৰাজ কলেজ ইমানেই বেয়ানে?
- কিতাপ পঢ়াৰ অভিজ্ঞতা আৰু আনন্দঃ এৰিক্ চেগেলৰ 'দ্য ক্লাছ'
কিছু কাষৰ সমাজখনৰ
- সত্ৰৰ সন্মুখত প্ৰশ্নবোধক চিন কিয়?
- নাৰী পুৰুষৰ লিংগ পৰিৱৰ্তনৰ হেঁপাহ আৰু সামজিক দায়িত্ব
- প্ৰাক্-তৰুণৰ যৌনতাক লৈ সভ্য সমাজৰ ভণ্ডামি
- বাণিজ্যিকীকৰণৰ বন্যস্ৰোতত বিলীন শিক্ষক দিৱসৰ পূৰ্বৰ গৰিমা
- দিল্লী বিশ্ববিদ্যালয় তালিবানৰ কবলত পৰিছে নেকি?
- সুস্থ ইতিহাস চৰ্চাই প্ৰতিৰোধ কৰিব পাৰে
- অসমত বিশ্ব গ্ৰন্থ দিৱসৰ প্ৰাংগিকতা
- মেৰবিল মায়াজাল আৰু মনৰ মেৰমাক
কিছু দূৰৰ পৃথিৱী
- এটা কবিতাৰ ভয়ত ত্ৰস্তমান এখন ৰাষ্ট্ৰ
- মধ্যমাচ্যৰ ঘটনাৱলীত চিয়া-চুন্নীৰ পুৰণি বিবাদৰ প্ৰভাৱ
- কি যে এক দুৰ্দমনীয় মানসিকতা
- দেউতাকৰ স্মৃতিৰ কোলাৰ পৰা পলাব খোজা ছোৱালীজনীৰ মৃত্যুত
- ৰাষ্ট্ৰৰ হাঁতোৰা যেতিয়া মাতৃগৰ্ভলৈ সম্প্ৰসাৰিত হয়
- লেনিনক সমাধিস্থ কৰা সময় সমাগত নেকি?
- চীনত সাম্যবাদৰ প্ৰতিধ্বনি শুনা যায়নে?
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক৷ একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪ খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা।তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬ খন গ্ৰন্থৰ লেখক।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (অক্টোবৰ, ২০২১). প্ৰত্যাশাৰ প্ৰতিলিপি. আঁক-বাঁক. ISBN 978 93 80454 63 4
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰত্যাশাৰ প্ৰতিলিপি” প্ৰবন্ধৰ সংশোধন ২৯৮৮১৫ (১৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।