অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পাফু ছিৰিজ

পাফু ছিৰিজ অসমীয়া ডিটেকটিভ সাহিত্যৰ কিছুমান থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজটোত মুঠ ২২খন কিতাপ আছে। ইয়াৰ লেখক আছিল প্ৰেমনাৰায়ণ। ১৯৪৬ চনত পাফু ছিৰিজৰ প্ৰথমটো খণ্ড ‘দিন ডকাইত’ লিখি উলিওৱা প্ৰেমনাৰায়ণৰ আচল নাম আছিল প্ৰেমনাৰায়ণ দত্ত।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পাফু ছিৰিজ অসমীয়া ডিটেকটিভ সাহিত্যৰ কিছুমান থ্ৰিলাৰ উপন্যাসৰ সমষ্টি।১ এই ছিৰিজটোত মুঠ ২২খন কিতাপ আছে। ইয়াৰ লেখক আছিল প্ৰেমনাৰায়ণ।১ ১৯৪৬ চনত পাফু ছিৰিজৰ প্ৰথমটো খণ্ড ‘দিন ডকাইত’ লিখি উলিওৱা প্ৰেমনাৰায়ণৰ আচল নাম আছিল প্ৰেমনাৰায়ণ দত্ত।১ এই ছিৰিজটি প্ৰকাশ কৰি উলিয়াইছিল গুৱাহাটীৰ পাণবজাৰৰ ‘মণি-মাণিক’ প্ৰকাশে।১ ইয়াৰে প্ৰথম পুথি ‘দিন ডকাইত' প্ৰথম প্ৰকাশ হয় ১৯৪৬ চনত,১ ষষ্ঠ প্ৰকাশ ২০১৫ চনত। সপ্তম প্রকাশ: ২০১৯ চন। ষষ্ঠ আৰু সপ্তম প্ৰকাশৰ মুদ্ৰণ চিত্ৰাচল প্ৰিণ্টাৰ্ছ, শিলপুখুৰী, গুৱাহাটী। প্ৰথম সংস্কৰণৰ বেটুপাত নিপ বৰুৱাই অংকন কৰিছিল।

কাহিনীবোৰৰ মূল চৰিত্ৰ হ’ল ‘পাফু’ নামৰ এটা দল যি দুখীয়া, নিষ্পেষিত জনগণৰ প্ৰতি সদা দয়ালু কিন্তু অপৰাধীবোৰৰ প্ৰতি অতি নিষ্ঠুৰ। পাফুদলক ধৰিবলৈ সদা সষ্টম এক পুলিছ আৰু চোৰাংচোৱা বাহিনী এই কাহিনীৰ অন্যতম চৰিত্ৰ।

চৰিত্ৰসমূহ

পাফু দল

  • পাৰ্বতী প্ৰসাদ ফুকন
  • কেপ্টেন ভীমসেন
  • উগ্ৰগতি পাঠক
  • পাৰ্থ সিং
  • হেমিল্টন
  • মালতী
  • ডা° নকুল ৰায়
  • মাধৱ
  • বিকাশ দেউৰী

পুলিছ আৰু চোৰাংচোৱা দল

  • মিষ্টাৰ ডেভিদ
  • আনন্দমোহন ডাওৰা
  • নগেন্দ্ৰ শইকীয়া
  • মিষ্টাৰ হেলেম
  • মুকুল বৰ্মন
  • মধুসূদন নাথ

পাফু ছিৰিজৰ উপন্যাসসমূহ

  • দিনডকাইত
  • ৰামটাঙোন
  • নাৰীদস্যু
  • প্ৰহেলিকা
  • বিভীষিকা
  • সোণৰ পাহাৰ
  • দৰ্পচূৰ্ণ
  • বিপ্লৱী বাহিনী
  • শক্তিশেল
  • মাধমাৰ
  • ৰূপান্তৰ
  • অদৃশ্য সন্ধান
  • চিপজৰী
  • সমসৰী
  • অজান আততায়ী
  • প্ৰতিঘাত
  • ছায়াবাজী
  • বিপৰ্য্যয়
  • পাষণ্ড মৰ্দন
  • জোঁটপোট
  • বাজীকৰ
  • জাগৰণ

তথ্যসূত্ৰ

  1. ↑ হিৰণ্যজ্যোতি দাস. (1 July 2018). পা ফু চিৰিজ, দস্যু ভাস্কৰ ইত্যাদি. ফটাঢোল

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থগ্ৰন্থ শৃংখলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাফু ছিৰিজ” প্ৰবন্ধৰ সংশোধন ৬২৫৯০০ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।