অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

প্ৰতিভাৰ উৎস (গ্ৰন্থ)

প্ৰতিভাৰ উৎস (Pratibhar Utsho) এখন অনুপ্ৰেৰণামূলক প্ৰবন্ধৰ সংকলন। কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই। এইখন লেখকৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ। সঞ্জীৱন প্ৰকাশনৰ পৰা, ২০১৭ চনৰ নৱেম্বৰ মাহত কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়। গ্ৰন্থখনৰ মূল্য ১৩০ টকা।

হালনাগাদ: ১৭ জুলাই ২০২৪ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

প্ৰতিভাৰ উৎস (Pratibhar Utsho) এখন অনুপ্ৰেৰণামূলক প্ৰবন্ধৰ সংকলন। কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই। এইখন লেখকৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ। সঞ্জীৱন প্ৰকাশনৰ পৰা, ২০১৭ চনৰ নৱেম্বৰ মাহত কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়। গ্ৰন্থখনৰ মূল্য ১৩০ টকা। লেখকে গ্ৰন্থখন গণিত চ’ৰাৰ সহ প্ৰতিষ্ঠাপক মঞ্জিল প্ৰতীম শইকীয়ালৈ আগবঢ়াই এনেদৰে লিখিছে, "গণিত তথা বিজ্ঞান-প্ৰযুক্তি বিষয়ক দ্বিভাষিক অনলাইন আলোচনী 'গণিত চ'ৰা'ৰ সহ প্ৰতিষ্ঠাপক মঞ্জিল প্ৰতীম শইকীয়াৰ হাতত...।" ১

বিৱৰণ

প্ৰতিভাৰ উৎস হৈছে কেইজনমান ব্যক্তিৰ অনুপ্ৰেৰণামূলক কাহিনীৰ সমষ্টি। বিভিন্ন বাধা আঁতৰাই অদম্য মনোবলেৰে জীৱনৰ বাট বোলা এনে কেইগৰাকীমানৰ বিষয়ে উল্লেখ কৰি পাতনিত লেখকে লিখিছে, "এনেধৰণৰ মানুহবোৰ, যিসকলে নিজত্বৰ চাপ ৰাখি থৈ যাব পাৰে; পুৰণি প্ৰথাৰ বোজাক অতিক্ৰমী স্থবিৰতা ভাঙি নতুন আৰ্হি গঢ়িব পাৰে- তেওঁলোকৰ কিছুমান আচৰণগত, স্বভাৱগত বৈশিষ্ট্য থাকে। মানুহৰ পৃথক পৃথক ৰাপ থকাৰ জৈৱিক কাৰণ আজিও ৰহস্য। কিন্তু সেই ৰাপসমূহ প্ৰয়োজন মতে বৰ্তাই ৰাখি কিবা এটা সমাধা কৰাৰ আঁৰৰ গুণসমূহ নিজেহে আয়ত্ত কৰিব লগা হয়। এনে কিছুমান কথা প্ৰতিভাৰ উৎসত চৰ্চা কৰা হৈছে। সকলো মানুহে যুগান্তকাৰী কাম কৰিব নোৱাৰে; কিন্তু এনে গুণ আয়ত্তৰ চেষ্টা কৰিলে সকলোৱেই নিজৰ কিছু অৱদান সমাজলৈ দি যাব পাৰে।" কিতাপখনৰ বেটুপাতৰ দ্বিতীয় পৃষ্ঠাত শান্তনু কৌশিক বৰুৱাই এনেদৰে লিখিছে,"আক্ষৰিক অৰ্থতে পংগুৰ গিৰি লংঘন! তদুপৰি আছে কেইবাজনো মহান বিজ্ঞানী, অভিযন্তা, গণিতজ্ঞ, কম্পিউটাৰ বিজ্ঞানী, অভিযাত্ৰী, সমাজ কৰ্মী আদিৰ জীৱন-কাহিনী; তেওঁলোকৰ সন্ধান-উদ্ভাৱন-আৱিষ্কাৰসমূহৰ কথা; কিহে তেওঁলোকক পৃথক কৰি তুলিলে সেই কথা। যিসকলৰ কেইবাজনেও এতিয়াও তেজ-মঙহৰ শৰীৰেৰে নিজ কৰ্মত ব্ৰতী হৈ আছে। নিজৰ সাধনাৰে তেওঁলোকে কেনেদৰে জগতখন সুন্দৰ হোৱাত সহায় কৰিছে, কেনেদৰে অজসৃজনক দিছে সুন্দৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰেৰণা আৰু দিক্‌ নিৰ্দেশনা; তেওঁলোকৰ উদ্যম,সৃষ্টিশীলতা, নিজক অতিক্ৰম কৰাৰ সাহস, অদম্য দৃঢ়তা, নিজৰ সৃষ্টিৰ প্ৰভাৱ আৰু তাৰ অনবদ্য সৌন্দৰ্য উপভোগৰ দুৰ্বাৰ হেঁপাহ - এনে কিছু কাহিনী লিপিৱদ্ধ হৈছে প্ৰতিভাৰ উৎসত।" কিতাপখনত মুঠ ২১টা প্ৰবন্ধ আছে। প্ৰবন্ধসমূহ হ'ল১-

  1. দেবদাস আৰু ৰিচাৰ্ড ফিলিপছ ফাইনমেন
  2. ৰামানুজনৰ কেটোৰময় ক'লা কিলাকুটিটো
  3. এডমাণ্ড হিলাৰীঃ প্ৰথম ত্ৰি-মেৰু বিজয়ৰ খ্যাতিকো অতিক্ৰমী এজন সমাজসেৱী
  4. মাৰিয়াম মিৰ্জাখানিঃ ফিল্ডছ মেডেল বিজয়ী একমাত্ৰ মহিলা
  5. ছাৰ টিম বাৰ্ণাৰ্ছ-লীঃ নতুন যুগৰ গুটেনবাৰ্গ
  6. লিজ্জি ভেলাছকীজঃ 'আটাইতকৈ কুৎসিৎ' বুলি ঘৃণিত হৈয়ো যি অনুপ্ৰেৰণাৰ অক্ষয় উৎস
  7. জেছ কুইনঃ এভৰি হেৰুৱাইও উদ্যমী মডেল
  8. হিউ হাৰে সাজি লোৱা নিজৰ ভৰি দুখন
  9. এণ্টাৰ্কটিকাৰ সমীপত আৰ্নেষ্ট শ্বেকল্টনৰ অন্তিম নিশাকেইটা
  10. গণিতৰ মোৎজাৰ্টঃ টেৰেন্স টাও
  11. ইভাৰিষ্ট গেল্‌ওৱাই যদি জীয়াই থাকিবলৈ শিকিলেহেঁতেন
  12. জুবিন গাৰ্গঃ হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ'দ
  13. উদ্ধৱ ভৰালীঃ নিজৰ উদ্ভাৱনেৰে আৰ্তজনক সহায় কৰিব খোজা এজন মানুহ
  14. যাদৱ পায়েংঃ অকলেই এখন অৰণ্য সৃষ্টি কৰা মানুহজন
  15. অশ্ৰুসিক্ত এণ্ড্ৰু ৱাইলছ মূক হৈ ৰোৱা মুহূৰ্তটো
  16. দৃঢ়তা
  17. লুচি আৰু লুচিক আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ কিছু কাহিনী
  18. শ্বাহৰুখ খানৰ আন এটা পৰিচয়
  19. কৃত্ৰিম বুদ্ধিমত্তাৰ এজন জনক মাৰাভিন মিনস্কিৰ চিন্তাধাৰা
  20. বিষণ্ণতা, হতাশা, মানসিক চাপ আৰু মানসিক শক্তি
  21. এয়াই দেখোন সময় সৃষ্টিশীলতাৰ

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: পংকজ জ্যোতি মহন্ত

লেখক পংকজ জ্যোতি মহন্ত এজন গণিতজ্ঞ আৰু গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। গণিত-বিজ্ঞানৰ উপৰি বিভিন্ন সামাজিক আৰু সাম্প্ৰতিক সময়ৰ প্ৰসংগক লৈ তেওঁ কাকত, ই-আলোচনী আৰু ব্লগৰ জৰিয়তে নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে।২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ পংকজ জ্য়োতি মহন্ত. (নৱেম্বৰ,২০১৭). প্ৰতিভাৰ উৎস. সঞ্জীৱন প্ৰকাশন
  2. ↑ ALIPTA JENA. (Wednesday, November 23, 2011). Numbers spell fun on website - Gonitsora transforms maths. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিভাৰ উৎস (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪২৬০৬৭ (১৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।