অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পদ্মা-পুৰাণ

পদ্মা-পুৰাণ মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য আৰু গৌৰৱ প্ৰকাশক এখন প্ৰাচীন গ্ৰন্থ। গ্ৰন্থখনৰ লেখক সুকবি নাৰায়ণদেৱ। এই গ্ৰন্থখন এখন গীতি সাহিত্য। ই পঞ্চালী-গীতৰ শৈলীত ৰচিত।

হালনাগাদ: ৫ নৱেম্বৰ ২০২২ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

পদ্মা-পুৰাণ মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য আৰু গৌৰৱ প্ৰকাশক এখন প্ৰাচীন গ্ৰন্থ। গ্ৰন্থখনৰ লেখক সুকবি নাৰায়ণদেৱ। এই গ্ৰন্থখন এখন গীতি সাহিত্য। ই পঞ্চালী-গীতৰ শৈলীত ৰচিত।১২

বিষয়বস্তু

  1. পূজাৰ সৈতে জড়িত প্ৰাৰ্থনামূলক বা বৰ্ণনামূলক গীত-পদ;১
  2. চন্দ্ৰধৰৰ কাহিনী;
  3. বেউলা-লখিন্দৰৰ কাহিনী;
  4. দেওৰপদ বা দেওধনী নচোওৱা গীত আৰু
  5. সামৰণি গীত।

ব্যৱহৃত ৰাগ-ৰাগিনী

গ্ৰন্থখনৰ গীত সমূহ কৰুণ ৰসৰ। বিভিন্ন ৰাগ-ৰাগিনী সমূহ হৈছে- শ্ৰী, ঝুলনা, মল্লাৰ, ভৈৰৱী, মালগৰা, পটমঞ্জৰী, ধনশ্ৰী, ভাটিয়ালি, নাট, শ্ৰীবসন্ত, কৈবলু, তুড়বসন্ত, কৰুণা ভাটিয়ালি, কামন্দৰ, কেদাৰ, পাহাৰী, কৰুণা, কমোদ, অহিৰ, বৰাৰি, ৰামগিৰি, পাসজ, চই(চয়)। এই সমূহৰ প্ৰায়বিলাকেই সুকনানি বা সুকনান্নি আৰু ব্যাস ওজাপালিৰ পৰম্পৰাগতভাৱে চলি আহিছে। পাঞ্চালী সংগীতৰ নিয়ম অনুসৰি গীত সমূহ দিহা বিশিষ্ট। দিহাবোৰৰ বিষয়বস্তু বৈষ্ণৱ আৰু নৱবৈষ্ণৱ আদৰ্শৰ।১

চৰিত্ৰসমূহ

  1. শিৱ( দেৱতা২)
  2. নাৰদ(শিৱৰ ভাগিনীয়েক ৰূপে কল্প সলাইছে)
  3. চন্দ্ৰধৰ(ট্ৰেজিক নায়ক)
  4. লখিন্দৰ(মানৱ চৰিত্ৰ)
  5. মনসা-পদ্মা-বিষহৰী(শিৱপুত্ৰী,দেৱী)
  6. বেউলা(মানৱ চৰিত্ৰ)
  7. নেতা(পদ্মাৰ জ্যেষ্ঠ ভগ্নী)
  8. সোনেকা বা সনেকা(চন্দ্ৰধৰ স্ত্ৰী চৰিত্ৰ)

সুকবি নাৰায়ণদেৱ

সুকবি নাৰায়ণদেৱৰ জন্মস্থান আৰু সময়ক লৈ বিভিন্ন জনে বিভিন্ন মত দিছে। কোনো কোনো পণ্ডিতৰ মতে নাৰায়ণদেৱৰ জন্ম হৈছিল মগধত অৰ্থাৎ বিহাৰত। শ্ৰীহট্ট (সিলেট) জিলাত নাৰায়ণদেৱৰ জন্ম হৈছিল বুলিও জনশ্ৰুতি প্ৰচলিত থকা দেখা যায়। শ্ৰীহট্ট জিলা ভাৰত বিভাজনৰ পূৰ্বলৈকে অসমৰ চাৰিসীমাৰ ভিতৰতে আছিল। দীনেশ্বৰ শৰ্মাৰ মতে নাৰায়ণদেৱ আছিল ধৰ্ম নাৰায়ণৰ সভাকবি। বঙলা পণ্ডিত সুকুমাৰ সেনৰ মতে নাৰায়ণদেৱ যোড়শ শতিকাৰ লোক। কোনো কোনো বঙালী পণ্ডিতৰ মতে খৃষ্টাব্দ দ্বাদশ-ত্ৰয়োদশ শতিকাত নাৰায়ণদেৱৰ উদ্ভৱ হৈছিল। কোনো কোনো অসমীয়া কবিৰ মতে নাৰায়ণদেৱ খৃষ্টাব্দ দ্বাদশ শতিকাৰ লোক। অৱশ্যে নাৰায়ণদেৱৰ উদ্ভৱ মনকৰ আৰু দুৰ্গাবৰ কায়স্থৰ পাছত। গতিকে নাৰায়ণদেৱৰ উদ্ভৱ খৃষ্টাব্দ যোড়শ শতিকাৰ শেষভাগ বা খৃষ্টাব্দ সপ্তদশ শতিকাৰ আগভাগত হোৱা বুলি কোৱা হয়। নাৰায়ণদেৱৰ গীত সমূহে বিহাৰত বিহাৰী ৰূপ, বংগদেশত বঙালী আৰু অসমত অসমীয়া ৰূপ লাভ কৰিছে। নাৰায়ণদেৱৰ বৰ্তমানলৈ উদ্ধাৰ হোৱা গ্ৰন্থ কেৱল পদ্মা-পুৰাণ। গ্ৰন্থখন সম্পূৰ্ণ ৰূপত ছপা হোৱা নাই।

তথ্যসূত্ৰ

  1. ↑ শৰ্মা, সত্যেন্দ্ৰনাথ. মনসা-কাব্য
  2. ↑ শৰ্মাদলৈ, হৰিনাথ. অসমত শক্তি সাধনা আৰু শাক্ত সাহিত্য

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মা-পুৰাণ” প্ৰবন্ধৰ সংশোধন ৩৩৬৭৭১ (৫ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।