অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ

পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ (Padartha Bigyanor Satta Natidirgha Paath) অসমীয়া ভাষাৰ এখন অনুবাদ গ্ৰন্থ। কাৰ্ল' ৰ'ভেল্লীৰ ইটালী ভাষাত ৰচিত ছেতে ব্ৰেভি লেজ'নি দ্য ফিজিকা নামৰ গ্ৰন্থখনৰ ইংৰাজী অনুবাদ হৈছে ছেভেন ব্ৰিফ লেছনছ অ'ন ফিজিক্স নামৰ গ্ৰন্থখন।

হালনাগাদ: ১৭ জুলাই ২০২৪ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ (Padartha Bigyanor Satta Natidirgha Paath) অসমীয়া ভাষাৰ এখন অনুবাদ গ্ৰন্থ। কাৰ্ল' ৰ'ভেল্লীৰ ইটালী ভাষাত ৰচিত ছেতে ব্ৰেভি লেজ'নি দ্য ফিজিকা নামৰ গ্ৰন্থখনৰ ইংৰাজী অনুবাদ হৈছে ছেভেন ব্ৰিফ লেছনছ অ'ন ফিজিক্স নামৰ গ্ৰন্থখন। ইংৰাজীলৈ অনুবাদ কৰিছে ছাইমন কাৰ্ণেল আৰু এৰিকা ছেগ্ৰীয়ে। এই গ্ৰন্থখন বিশ্বৰ প্ৰায় ৫২ টা ভাষালৈ অনুবাদ হৈছে। ২০২২ চনৰ আগষ্ট মাহত বনলতা প্ৰকাশনৰ পৰা এই গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰকাশ হৈ ওলায়। অনুবাদ কৰিছে বৈদ্যুতিক অভিযন্তা, লেখক, অনুবাদক ঈশান জ্যোতি বৰাই। এই অনুবাদ গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৭২ আৰু মূল্য ৮০ টকা। ১

বিৱৰণ

কিতাপখনৰ আৰম্ভণিতে মূল লেখক কাৰ্ল' ৰ'ভেল্লীৰ আগকথা অনুবাদ কৰি দিয়া আছে। কাৰ্ল' ৰ'ভেল্লীয়ে লিখিছে, "সাতোটা পাঠৰ গ্ৰন্থখন লিখি উলিওৱা হৈছে সেইসকল ব্যক্তিৰ বাবে যাৰ আধুনিক বিজ্ঞানৰ লগত তিলমানো পৰিচয় নাই বা পৰিচয় থাকিলেও সেয়া অতি সামান্য।" অনুবাদকৰ কথা শিতানত কিতাপখন অসমীয়ালৈ অনুবাদ কৰাৰ উৎসাহৰ বিষয়ে উল্লেখ কৰি অনুবাদকে লিখিছে, "পাঠকেইটা পঢ়ি উঠিয়েই কিতাপখন অসমীয়ালৈ অনুবাদ কৰাৰ সিদ্ধান্ত এটা লৈছিলোঁ। ভাব হৈছিল, বিজ্ঞানৰ প্ৰতি কৌতূহল থকা পাঠকক কিতাপখনে উপকাৰ কৰিব।" কিতাপখন মুঠতে সাতটা পাঠত বিভক্ত। সেইকেইটা হৈছে ১ -

  1. প্ৰথম পাঠ - সবাতোকৈ মনোৰম তত্ত্বটো
  2. দ্বিতীয় পাঠ - কোৱাণ্টা
  3. তৃতীয় পাঠ - ব্ৰহ্মাণ্ডৰ গঠনশৈলী
  4. চতুৰ্থ পাঠ - কণিকা
  5. পঞ্চম পাঠ - মহাকাশৰ ক্ষুদ্ৰাংশ
  6. ষষ্ঠ পাঠ - সম্ভাৱিতা, সময় আৰু কৃষ্ণ গহ্বৰৰ তাপ
  7. অন্তিম পাঠ - আমি

উল্লেখযোগ্য যে সূচীপত্ৰৰ আগতে ৰ'ভেল্লীৰ বিষয়ে অধিক জানিবলৈ কাৰ্ল' ৰ'ভেল্লীৰ ৱেবপৃষ্ঠাৰ লিংক আৰু তেখেতৰ পৰিচয় আৰু কৰ্মসূচক বৃত্তান্তৰ লিংক সন্নিৱিষ্ট কৰা আছে। কিতাপখনত ব্যৱহৃত কাৰ্ল' ৰ'ভেল্লীৰ ছবিখন ৱিকিমিডিয়া কমন্সৰ পৰা সংগ্ৰহিত বুলি উল্লেখ আছে।১

কিতাপখনৰ বেটুপাতৰ চতুৰ্থ পৃষ্ঠাত পংকজ জ্যোতি মহন্তই লিখিছে, "কাৰ্ল' ৰ'ভেল্লীৰ 'পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ' শীৰ্ষক কিতাপখনত কুৰি শতিকাৰ কেইটামান যুগান্তকাৰী আৱিষ্কাৰ বৰ্ণনা কৰা হৈছে। প্ৰথমতে ইটালী আৰু পাছলৈ ইংৰাজী ভাষাত অনূদিত হোৱা অতি সহজবোধ্য কিতাপখন লিখাৰ প্ৰধান উদ্দেশ্য হ'ল বিজ্ঞানৰ সৈতে সবিশেষ পৰিচয় নথকাজনকো সেইসমূহৰ পৰিচয় কৰাই দিয়া, যিখন কিতাপ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও পঢ়িব পাৰে।"

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: কাৰ্ল' ৰ'ভেল্লী

কাৰ্ল' ৰ'ভেল্লী এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু লেখক। ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মজীৱনৰ আৰম্ভণি কৰা কাৰ্ল' ৰ'ভেল্লীয়ে ২০০০ চনৰ পৰা ফ্ৰান্সত কাম কৰি আহিছে।২ তেওঁৰ কৰ্মই প্ৰকৃততে কোৱাণ্টাম গ্ৰেভিটিৰ ক্ষেত্ৰখনক সাঙুৰি লায়। তেওঁ‌ লুপ কোৱাণ্টাম গ্ৰেভিটি নামৰ তত্ত্বটোৰ এজন প্ৰতিষ্ঠাপক। ইতিহাস আৰু বিজ্ঞান-দৰ্শনৰ ক্ষেত্ৰখনলৈও তেখেতে অৱদান আগবঢ়াইছে।

অসমীয়ালৈ অনুবাদ কৰা লেখক ঈশান জ্যোতি বৰা এজন বৈদ্যুতিক অভিযন্তা, লেখক আৰু অনুবাদক। লগতে তেওঁ এজন ৱিকিমিডিয়ান। শান্তনু কৌশিক বৰুৱাৰ সংক্ষিপ্ত অসম বিশ্বকোষ গ্ৰন্থখনত তেওঁ প্ৰকল্প সহযোগী হিচাপে কাম কৰিছে।৩

তথ্যসূত্ৰ

  1. ↑ ঈশান জ্যোতি বৰা. (আগষ্ট,২০২২). পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ. বনলতা. ISBN 978-93-91135-32-4
  2. ↑ Resume. www.cpt.univ-mrs.fr
  3. ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ ১. সঞ্জীৱন প্ৰকাশন. ISBN 978 81 950015 4 5

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ” প্ৰবন্ধৰ সংশোধন ৪২৬০৬৫ (১৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।