পল্লৱ লিপি পল্লৱ লিপি বা পল্লৱ গ্ৰন্থ হৈছে দক্ষিণ ভাৰতৰ পল্লৱ ৰাজবংশৰ (তামিলকাম) নামেৰে নামাকৰণ কৰা গ্ৰন্থ লিপিৰ এক শৈলী আৰু এই লিপি চতুৰ্থ শতিকাৰ আছে বুলি প্ৰমাণিত হয়। ভাৰতত পল্লৱ লিপি তামিল-ব্ৰাহ্মীৰ পৰা বিকশিত হৈছিল। ১ গ্ৰন্থ লিপিৰ উৎপত্তি পল্লৱ লিপিৰ পৰা হৈছিল।২
পল্লৱ লিপি দক্ষিণ-পূব এছিয়ালৈও বিয়পি পৰে আৰু বালিনীজ বা বালীৰ ভাষাৰ লিপি৩, বায়বাইন,৪ জাভানীজ৫ বা জাভা ভাষাৰ লিপি,কাৱি,৬ খেমেৰ,৭ লান্না,৮ লাও, টাই লুই, সুন্দেনীজ, আৰু থাই আদি লিপিলৈ বিকশিত হয়। অতীতত তামিল আৰু মালায়ালম লিখিবলৈ ব্যৱহাৰ কৰা ভাটেলুট্টু লিপিৰ ভগ্নী এই লিপিটো হৈছে নতুন ৱেটেলুট্টু লিপিৰ ভগ্নী।
ইতিহাস
পল্লৱসকলৰ শাসনকালত এই লিপি পুৰোহিত, সন্ন্যাসী, পণ্ডিত আৰু ব্যৱসায়ীসকলৰ সৈতে দক্ষিণ-পূব এছিয়ালৈ গৈছিল। পল্লৱসকলে তামিল-ব্ৰাহ্মীৰ ওপৰত আধাৰিত পল্লৱ লিপি বিকশিত কৰিছিল। নতুন লিপিৰ মুখ্য বৈশিষ্ট্যবোৰ হৈছে নান্দনিকভাৱে মিলা আৰু সম্পূৰ্ণ ব্যঞ্জনবৰ্ণ উচ্চাৰণযুক্ত। একেদৰে ইক্ষ্বাকুৰ সময়ত চালুক্য,৯ কাডাম্ব আৰু ভেংগীৰ লিখন প্ৰণালীত দৃশ্যমান। চোল, পাণ্ড্য আৰু চেৰাসকলৰ লিপি ব্ৰাহ্মী লিপিতকৈ অলপ বেলেগ আছিল। পল্লৱ লিপি আছিল ভাৰতৰ ব্ৰাহ্মীৰ প্ৰথম গুৰুত্বপূৰ্ণ বিকাশ, বৃত্তাকাৰ আৰু আয়তাকাৰ বুলনৰ সংমিশ্ৰণ আৰু মুদ্ৰন সংক্ৰান্তীয় প্ৰভাৱ যোগ কৰা আৰু নাগৰিক আৰু ধৰ্মীয় শিলালিপিৰ বাবে উপযুক্ত আছিল। এই লিপি এতিয়াও ইউনিকোডৰ অংশ নহয় কিন্তু ইয়াক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ২০১৮ চনত অংশুমান পাণ্ডেয়ে এইবিষয়ে প্ৰস্তাৱ আগবঢ়াইছিল।১০
বৈশিষ্ট্যসমূহ
ইয়াত দেখুওৱা প্ৰপত্ৰখন সপ্তম শতিকাৰ উদাহৰণৰ ওপৰত আধাৰিত। লেবেল লগোৱা আখৰবোৰৰ শব্দৰ মূল্য অনিশ্চিত। কিয়নো সেইবোৰৰ দক্ষিণ-পূব এছিয়াত খুব কমেইহে দেখা যায়।
ব্যঞ্জনবৰ্ণ
প্ৰতিটো ব্যঞ্জনবৰ্ণৰ এটা অন্তৰ্নিহিত /ক/থাকে, যিটো কোনো স্বৰবৰ্ণ চিহ্ন সংলগ্ন নহ'লে ধ্বনি তৈয়াৰ কৰা হয়। যদি দুটা ব্যঞ্জনে স্বৰবৰ্ণৰ হস্তক্ষেপ নকৰাকৈ ইজনে সিজনক অনুসৰণ কৰে, দ্বিতীয় ব্যঞ্জনবৰ্ণটো এটা উপলিপি ৰূপত নিৰ্মিত হয় আৰু প্ৰথমটোৰ তলত সংলগ্ন কৰা হয়।
স্বাধীন স্বৰবৰ্ণ
তথ্যসূত্ৰ
- ↑ Salomon, Richard. (1998). Indian Epigraphy. পৃ. 40
- ↑ Grantha alphabet
- ↑ Balinese alphabet
- ↑ Tagalog
- ↑ Javanese alphabet
- ↑ Kawi alphabet
- ↑ Khmer
- ↑ Lanna alphabet
- ↑ www.skyknowledge.com/burnell-plate4.gif
- ↑ Pandey, Anshuman. (2018). Preliminary proposal to encode Pallava in Unicode
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল্লৱ লিপি” প্ৰবন্ধৰ সংশোধন ৬৩২৬৯৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।