অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পাত্‌কাইৰ সিপাৰে ন বছৰ

পাত্‌কাইৰ সিপাৰে ন বছৰ পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ পাণ্ডুলিপি স্বাধীনতাৰ পূৰ্বে প্ৰস্তুত কৰা হ’লেও প্ৰথম গ্ৰন্থাকাৰে প্ৰকাশ পায় ১৯৯৩ চনত। প্ৰথম প্ৰকাশক পূৰ্বাঞ্চল তাই সাহিত্য সভা। গ্ৰন্থখন দ্বিতীয় সংস্কৰণ নক্সা প্ৰকাশনৰ পৰা ২০২১ চনত পুনৰ প্ৰকাশ পায়।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

পাত্‌কাইৰ সিপাৰে ন বছৰ পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ পাণ্ডুলিপি স্বাধীনতাৰ পূৰ্বে প্ৰস্তুত কৰা হ’লেও প্ৰথম গ্ৰন্থাকাৰে প্ৰকাশ পায় ১৯৯৩ চনত। প্ৰথম প্ৰকাশক পূৰ্বাঞ্চল তাই সাহিত্য সভা। গ্ৰন্থখন দ্বিতীয় সংস্কৰণ নক্সা প্ৰকাশনৰ পৰা ২০২১ চনত পুনৰ প্ৰকাশ পায়। গ্ৰন্থখনৰ পাণ্ডুলিপি পৰ্যায়ত নাম দিয়া আছিল পূব দেশ ভ্ৰমণ নামেৰে। সুদীৰ্ঘ ৩৫ বছৰৰ পাছত ছপা ৰূপ দিওঁতে সম্পাদক পুস্প গগৈয়ে নামটো সলাই পাত্‌কাইৰ সিপাৰে ন বছৰ কৰি দিয়ে।১

গ্ৰন্থখনৰ বিষয়বস্তু

ৰাজনৈতিক অভিসন্ধি আৰু কূটনীতিৰ অংশস্বৰূপে বিভিন্ন সময়ত মান দেশলৈ বিতাড়িত হৈছিল ত্ৰিছ হাজাৰৰো অধিক অসমীয়া। এইখিনি মানুহক য়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী ব্ৰিটিছ শাসিত অসমৰ জনগণে পাহৰি পেলালে। অসম আৰু অসমীয়াৰ মনৰ আবেগৰ পৰাও সেইখিনি মানুহ বিতাড়িত হৈ পৰিল। তেনেস্থলত পূৰ্ণকান্ত বুঢ়াগোহাঁয়ে নটাকৈ বছৰ (১৯৩৩-১৯৪২) ম্যানমাৰত বিতাড়িত অসমীয়াৰ সন্ধান উলিওৱাটো অতিকে গুৰুত্বপূৰ্ণ। পাত্‌কাইৰ সিপাৰে ন বছৰ গ্ৰন্থখন ম্যানমাৰৰ অসমীয়া মানুহখিনিক বিচাৰি উলিওৱা কাৰ্যৰ প্ৰথম লিখিত অভিলেখ। এক অৰ্থত অসমীয়া সাহিত্যৰ এখন ধ্ৰুপদী ভ্ৰমণ গ্ৰন্থ।

পূৰ্ণকান্ত বুঢ়াগোহাঞিয়ে ম্যানমাৰ, থাইলেণ্ড আৰু চীনৰ য়ুন্নান অঞ্চলৰ বিভিন্ন ঠাইত ব্যৱসায়িক উদ্দেশ্যত ন বছৰ কাল অতিবাহিত কৰিছিল। ম্যানমাৰত অসমৰ মুগা, এড়ি কাপোৰৰ লগতে কাঁহৰ বাচন-বৰ্তনৰ ব্যৱসায় আগ বঢ়োৱাৰ সমান্তৰালভাৱে তাত থকা বিতাড়িত অসমীয়াসকলৰো সন্ধান অব্যাহত ৰাখিছিল। এই দিশটোৱেই গ্ৰন্থখনক এক ঐতিহাসিক মৰ্যাদা প্ৰদান কৰিছে।

এক ৰোমান্সকৰ উপন্যাসোপম বৰ্ণনা পাত্‌কাইৰ সিপাৰে ন বছৰৰ মূল বৈশিষ্ট্য। অসমৰপৰা মানসকলে ধৰি নিয়া মানুহৰ মানদেশত পুনঃসংস্থাপিত অসমীয়া মানুহৰ —গাঁৱৰ বৰ্ণনা আৰু পৰিচয়, অসমীয়া পুথি-পাজিৰ কিছুমান ম্যানমাৰত থকাৰ কথা, মানদেশত থকা ভাৰতীয় মানুহৰ সম্ভেদ, বিভিন্ন ঠাইৰ বৰ্ণনা আৰু বাট-পথৰ পৰিচয়, কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ ম্যানমাৰৰ বৰ্ণনা, বিভিন্ন জন-জাতিৰ পৰিচয়, তাই ভাষাসংস্কৃতিৰ লগত পূৰ্বৰ দেশসমূহৰ সাদৃশ্যৰ এক বৰ্ণনা আৰু দ্বিতীয় মহাযুদ্ধৰ শিহৰণকাৰী এক চাক্ষুষ অভিজ্ঞতাৰে পাত্‌কাইৰ সিপাৰে ন বছৰ গ্ৰন্থখন সমৃদ্ধ হৈ আছে।

তথ্যসূত্ৰ

  1. ↑ চমুৱা, নৱ কুমাৰ. (নৱেম্বৰ, ২০২১). প্ৰাক্‌কথন, পাত্‌কাইৰ সিপাৰে ন বছৰ, নক্সা সংস্কৰণ. নক্সা প্ৰকাশন. ISBN 978-93-5457-485-6

সম্পৰ্কিত শ্ৰেণী

গ্ৰন্থঅসমীয়া গ্ৰন্থঅ-কাহিনীমূলক গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাত্‌কাইৰ সিপাৰে ন বছৰ” প্ৰবন্ধৰ সংশোধন ৪৭৯০৭২ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।