অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ফ্ৰা আফাই মণি

ফ্ৰা আফাই মণি (ইংৰাজী: Phra Aphai Mani) থাই কবি ছানথৰ্ন ফুৰ (থাই: สุนทรภู่) দ্বাৰা ৰচিত ৪৮,৭০০ শাৰীৰ এটা মহাকাব্যিক কবিতা৷ ছানথৰ্ন ফুক "ৰত্তানাকোচিন কবি" (থাই: กวีเอกแห่งกรุงรัตนโกสินทร์) বুলি জনা যায়। এই কবিতাক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ফ্ৰা আফাই মণি (ইংৰাজী: Phra Aphai Mani) থাই কবি ছানথৰ্ন ফুৰ (থাই: สุนทรภู่) দ্বাৰা ৰচিত ৪৮,৭০০ শাৰীৰ এটা মহাকাব্যিক কবিতা৷ ছানথৰ্ন ফুক "ৰত্তানাকোচিন কবি" (থাই: กวีเอกแห่งกรุงรัตนโกสินทร์) বুলি জনা যায়। এই কবিতাক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়। ৪৮,৬৮৬ টা দ্বৈত কবিতাৰ সৈতে ইয়াক থাই ভাষাৰ আটাইতকৈ দীঘল একক কবিতা হিচাপে তালিকাভুক্ত কৰা হৈছে। ১৮২২ চনত ছানথৰ্ন ফুৱে এই মহাকাব্যৰ ৰচনাৰ কাম আৰম্ভ কৰে আৰু ১৮৪৪ চনত ইয়াক সমাপ্ত কৰে৷ এই কাব্যখন ৰচনা কৰোঁতে তেওঁক প্ৰায় ২২ বছৰ সময় লাগিল। ইয়াৰ উপৰিও ই থাই লোককথাসমূহৰ ভিতৰত অন্যতম কিংবদন্তি যাক ছবি আৰু কমিকছৰ ৰূপত বহু পৰিমাণে অভিযোজিত কৰা হৈছে। কাব্যখনৰ মূল নায়ক হৈছে ৰাজকুমাৰ আফাই মণি, জলপৰী আৰু ফিচুইয়া সমুত নামৰ এগৰাকী মহিলা অগ্ৰেছ বা ৰাক্ষসী যিয়ে নিজকে এগৰাকী ধুনীয়া ছোৱালীলৈ ৰূপান্তৰিত কৰিব পাৰে।

যদিও ফ্ৰা আফাই মণিত বহুতো পৌৰাণিক জীৱ আৰু অতিপ্ৰাকৃতিক নায়কৰ বিষয়ে বৰ্ণনা কৰা হৈছে, তথাপিও ইয়াৰ আন থাই মহাকাব্যৰ পৰা প্ৰধান পাৰ্থক্য হ’ল যে ই খুন চেং খুন ফায়েনৰ দৰে সুপৰিচিত লোককথাৰ আধাৰত নিৰ্মিত মহাকাব্যৰ দৰে নহয়, এই মহাকাব্যখন মূলতঃ ছানথৰ্ন ফুৱে নিজেই সৃষ্টি কৰিছে। তদুপৰি দক্ষিণ-পূব এছিয়াৰ পশ্চিমীয়া উপনিবেশিকৰণৰ সময়ছোৱাত ফ্ৰা আফাই মণিৰ ৰচনা কৰা হৈছিল আৰু ফলস্বৰূপে কাহিনীটোৰ বহু অংশত ভাড়াতীয়া সৈনিকৰ পৰা আৰম্ভ কৰি জলদস্যুলৈকে ইউৰোপীয় বংশৰ চৰিত্ৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। থাইলেণ্ডৰ কিছুমান সাহিত্য সমালোচকে বিশ্বাস কৰে যে ছানথৰ্ন ফুৱে ফ্ৰা আফাই মণিক ফেণ্টাচি দুঃসাহসিক অভিযানমূলক কাহিনীৰ ৰূপত ঔপনিৱেশিকতাবাদ বিৰোধী কাহিনী হিচাপে ৰচনা কৰিছিল।১

কাহিনী

ফ্ৰা আফাই মণি মহাকাব্যৰ মূল কাহিনী অনুসৰি ৰত্তনা ৰাজ্যৰ ৰাজকুমাৰ ফ্ৰা আফাই মণিক তেওঁৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ পিছত সিংহাসনত আৰোহণ কৰাৰ যোগ্যতা অৰ্জন কৰাৰ উদ্দেশ্যেৰে বিদেশত অধ্যয়ন কৰিবলৈ পঠিয়াইছিল। সাগৰ যাত্ৰাত তেওঁ ফিচুইয়া সমুত নামৰ এগৰাকী চদ্মবেশী ইয়াৰ বিয়া কৰাবলৈ বাধ্য হয় আৰু তেওঁলোকৰ চিন সমুদ্ৰা (สินสมุทร) নামৰ এজন পুত্ৰৰ জন্ম হয়। কেই বছৰমানৰ পিছত আফাই আৰু তেওঁৰ পুত্ৰ দুয়ো ফিচুইয়া সমুদ্ৰাক প্ৰবঞ্চনা কৰি পলায়ন কৰে।২ অৱশেষত তেওঁ ফিচুইয়া সমুদ্ৰাক হত্যা কৰে।৩

জনপ্ৰিয় সংস্কৃতিত

এই জনপ্ৰিয় কিংবদন্তিটোৰ ওপৰত আধাৰত দ্য এডভেঞ্চাৰ অৱ চুডছাকৰ্ণ, লিজেণ্ড অৱ চুডছাকৰ্ণ আদিকে ধৰি বহুকেইখন থাই চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও এই জনপ্ৰিয় কাহিনীটোৰ ভিত্তিত আপাইমানী ছাগা নামেৰে এখন থাই কমিক ধাৰাবাহিকো নিৰ্মাণ কৰা হৈছে। থাইলেণ্ডৰ কো ছামেট দ্বীপ আৰু পুয়েক টিয়ান বিলৰ দৰে কিছুমান অঞ্চলত ফ্ৰা আফাই মানিৰ কাহিনীৰ সৈতে জড়িত কিছুমান মূৰ্তিও স্থাপন কৰা হৈছে৷৪৫ হেৰ মানেলিগ (Herr Mannelig) নামৰ ছুইডেন এটা মালিতাত এই ধৰণৰ অনুৰূপ কাহিনী দেখিবলৈ পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ พระอภัยมณีวรรณคดีการเมือง ต่อต้านการล่าเมืองขึ้น. สุจิตต์ วงษ์เทศ
  2. ↑ กราบขอพร "ยักษ์แม่ใหญ่" พระนางสุวรรณอัปสรจอมเทวี วัดนางตะเคียน จ.สมุทรสงคราม. trueid
  3. ↑ แย้มเดช, นิพัทธ์. (2023-01-01). พระอภัยมณีได้นางเงือกเป็นเมีย "รักที่ฉาบฉวยหรือยั่งยืน"?. ศิลปวัฒนธรรม
  4. ↑ Ko Samet Aphai Mani and the mermaid statue
  5. ↑ Water Figure Park, Puek Tian, Cha-am - Phra Apai Mani

সম্পৰ্কিত শ্ৰেণী

মহাকাব্যকিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰা আফাই মণি” প্ৰবন্ধৰ সংশোধন ৪৭৫১৪৫ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।