অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ফেলানী

ফেলানী হ'ল অৰূপা পটংগীয়া কলিতাই লিখা এখন অসমীয়া উপন্যাস। এই উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে জাতি-ধৰ্মীয় মাজত ভেদ-বিচাৰ নকৰি মানুহৰ মাজত একতা স্থাপন কৰা। উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে মালতী, যি এগৰাকী অপ্ৰতিৰোধ্য নাৰী।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ফেলানী হ'ল অৰূপা পটংগীয়া কলিতাই লিখা এখন অসমীয়া উপন্যাস। এই উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে জাতি-ধৰ্মীয় মাজত ভেদ-বিচাৰ নকৰি মানুহৰ মাজত একতা স্থাপন কৰা। উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে মালতী, যি এগৰাকী অপ্ৰতিৰোধ্য নাৰী। মালতীৰ জীৱনৰ কাহিনীয়ে দেখুৱাইছে যে মানুহে নিজৰ জাতি বা ধৰ্মৰ বাবে বিভেদ নকৰি সকলোৰে সৈতে একতা স্থাপন কৰিব পাৰে। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৩ চনত।১

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: অৰূপা পটংগীয়া কলিতা

অৰূপা পটংগীয়া কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।২৩ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত (গ্ৰন্থ), জছনাৰ ঝিটাছ আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল৷

চৰিত্ৰসমূহ

ফেলানী, মালতী, কিনাৰাম, ৰত্নমালা, বড়ো, নবীন, যুতিমালা, ক্ষিতীশ ঘোষ, লম্বোদৰ কোঁচ, মণি, আৰতি, মিনতি, মীৰা, বুলেন, জগুৰ ঘৈণীয়েক, লাতুৰ মাক, মীৰাৰ মাক, ৰত্না ইত্যাদি।১

উপন্যাসৰ সাৰাংশ

অৰূপা পটংগীয়া কলিতাৰ "ফেলানী" উপন্যাসখন এটি নিম্নবৰ্গীয়া লোকৰ জীৱনসংগ্ৰামৰ এক শক্তিশালী আৱেদন। উপন্যাসখনত ফেলানীৰ জীৱন, কষ্ট, আৰু প্ৰতিবাদৰ কথা বৰ্ণনা কৰা হৈছে। ফেলানীয়ে জাতি-বৰ্ণ নিৰ্বিশেষে মানৱতাৰ ধ্বজা উৰুওৱা মালতীৰ কল্পনাতীত জীৱনৰ কাহিনী উপস্থাপন কৰে।

এই উপন্যাস অসমীয়া সাহিত্যত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ইয়াত ফেলানীৰ জীৱনত বিভিন্ন সংকট, জাতিগত বৈষম্য, আৰু সামাজিক অবিচাৰৰ সন্মুখীন হোৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ফেলানীয়ে বিভিন্ন প্ৰতিবাদৰ জৰিয়তে নিজৰ অস্তিত্বৰ বাবে যুঁজিছে, আৰু এই উপন্যাসত নিম্নবৰ্গীয় লোকৰ চেতনাৰ এক শক্তিশালী প্ৰতিচ্ছবি প্ৰকাশিত হৈছে।১

ফেলানী উপন্যাসটি নিম্নবৰ্গীয় লোকৰ জীৱনত ঘটিয়া নানা ঘটনা, কষ্ট, আৰু সংগ্ৰামৰ এক বাস্তৱিক চিত্ৰ। অৰূপা পটংগীয়া কলিতাই ফেলানীৰ জৰিয়তে জাতি-বৰ্ণ নিৰ্বিশেষে মানৱতাৰ এক গভীৰ বাৰ্তা প্ৰকাশ কৰিছে, যাৰ ফলত উপন্যাসটি অসমীয়া সাহিত্যত এক বিশেষ স্থান লাভ কৰিছে।১

তথ্যসূত্ৰ

  1. ↑ (৮ নৱেম্বৰ ২০২১). ফেলানী আৰু নিম্নবৰ্গীয়. কিশলয়
  2. ↑ Arupa Patangia Kalita. Samanvayindianlanguagesfestival.org
  3. ↑ Women's Writing. Womenswriting.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেলানী” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৬৪ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।